Genesis 40 (IRVA)
1 এইবোৰ ঘটনাৰ পাছত, মিচৰৰ ৰজাৰ প্রধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান পিঠা প্রস্তুতকাৰীয়ে তেওঁলোকৰ প্ৰভু অর্থাৎ মিচৰৰ ৰজাৰ অহিতে অপৰাধ কৰিলে। 2 ফৰৌণে তেওঁৰ এই প্ৰধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান পিঠা প্রস্তুতকাৰী বিষয়া দুজনৰ ওপৰত ক্রোধিত হৈছিল। 3 তাতে যি কাৰাগাৰত যোচেফ আটকাধীন হৈ আছিল, কাৰাৰক্ষক প্রধানৰ সেই একেটা ঘৰৰ কাৰাগাৰতে তেওঁলোকক বন্দী কৰি থলে। 4 প্রধান কাৰাৰক্ষকে তেওঁলোকক যোচেফৰ পৰিচর্যাৰ অধীনত ৰাখিলে আৰু তেওঁ তেওঁলোকৰ তত্বাৱধান লবলৈ ধৰিলে। এইদৰে তেওঁলোক কিছু দিন সেই কাৰাগাৰত থাকিল। 5 এদিনাখন ৰাতি কাৰাগাৰত আটকাধীন অৱস্থাতে মিচৰৰ ৰজাৰ সেই পান-পাত্ৰ ধৰোঁতা আৰু ৰুটি-প্রস্তুতকাৰী দুয়োৱে এটাকৈ সপোন দেখিলে আৰু প্রত্যেকৰ সপোনৰ নিজস্ব অর্থ আছিল। 6 ৰাতিপুৱা যোচেফে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক মন মাৰি থকা দেখিলে। 7 তেতিয়া তেওঁ তেওঁৰ প্ৰভুৰ ঘৰৰ কাৰাগাৰত নিজৰ সৈতে বন্দী হৈ থকা, ফৰৌণৰ সেই দুজন বিষয়াক সুধিলে, “আজি আপোনালোকক কিয় ইমান মন মাৰি থকা দেখা গৈছে?” 8 তেওঁলোকে ক’লে, “আমি দুয়োজনেই এটাকৈ সপোন দেখিলোঁ; কিন্তু তাৰ অর্থ বুজাবলৈ কোনো নাই।” তেতিয়া যোচেফে তেওঁলোকক ক’লে, “সপোনৰ অর্থ কোৱাৰ ক্ষমতা জানো ঈশ্বৰৰ পৰা নহয়? আপোনালোকে অনুগ্রহ কৰি মোক কওঁকচোন।” 9 তেতিয়া প্ৰধান পান-পাত্ৰ ধৰোঁতাই যোচেফক নিজৰ সপোনৰ কথা ক’লে। তেওঁ ক’লে, “শুনক, সপোনত মই মোৰ সন্মুখত এজোপা দ্ৰাক্ষালতাৰ গছ দেখিলোঁ; 10 সেই গছত তিনিটা ডাল আছিল; সেই ডালত কুঁহি মেলাৰ লগে লগে ফুল ফুলিবলৈ ধৰিলে আৰু থোপে থোপে আঙুৰবোৰ লাগি পকি উঠিল। 11 ফৰৌণৰ পান-পাত্ৰ তেতিয়া মোৰ হাততে আছিল। মই সেই আঙুৰবোৰ লৈ পাত্ৰটোত চেপি ৰস উলিয়াই ফৰৌণৰ হাতত সেই পান-পাত্ৰ দিলোঁগৈ।” 12 যোচেফে তেওঁক ক’লে, “ইয়াৰ অর্থ হৈছে এই; সেই তিনিটা ডালে তিনি দিন বুজায়। 13 তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ মূৰ উচ্চ কৰি আপোনাক পুনৰ আগৰ কার্যত নিযুক্তি দিব; আপুনি আগেয়ে পান-পাত্ৰ ধৰোঁতা হৈ যেনেকৈ ফৰৌণৰ হাতত পান-পাত্ৰ তুলি দিছিলে, তেনেকৈয়ে আকৌ দিব। 14 তেন্তে আপোনাৰ সুদিনৰ সময়ত মোক সুঁৱৰি মোলৈ দয়া কৰি কৃপা দৃষ্টি কৰিব; ফৰৌণৰ আগত মোৰ সম্বন্ধে জনাই মোক এই কাৰাগাৰৰ পৰা উলিয়াই নিব; 15 কিয়নো সত্য কথা কবলৈ হ’লে ইব্ৰীয়াবিলাকৰ দেশৰ পৰা মোক জোৰ কৰি অনা হৈছিল আৰু এই দেশতো মই এনে একো কার্য কৰা নাই যিহৰ কাৰণে তেওঁলোকে মোক এই কাৰাগাৰত ভৰাই থৈছে।” 16 প্রধান ৰুটি-প্রস্তুতকাৰীয়ে যেতিয়া দেখিলে যে, অন্যজনৰ সপোনৰ অর্থটো ভাল, তেতিয়া তেওঁ যোচেফক ক’লে, “মইও এটা সপোন দেখিলোঁ; শুনক, মই সপোনত মোৰ মূৰৰ ওপৰত ৰুটিৰ তিনিটা খৰাহি থকা দেখিলোঁ; 17 তাৰে ওপৰৰ খৰাহিটোত আছিল ফৰৌণৰ কাৰণে বিভিন্ন ধৰণৰ তাও দি সেকা আহাৰ; কিন্তু চৰাইবোৰে আহি মোৰ মূৰৰ ওপৰৰ সেই খৰাহিৰ পৰা সেইবোৰ খালে।” 18 তেতিয়া যোচেফে উত্তৰ দি ক’লে, “আপোনাৰ সপোনৰ অর্থ এই; তিনিটা খৰাহিৰে তিনি দিন বুজায়; 19 তিনি দিনৰ ভিতৰত ফৰৌণে আপোনাৰ পৰা আপোনাৰ মূৰ কাটি লৈ এডাল কাঠত আৰিব; চৰাইবোৰে আহি আপোনাৰ শৰীৰৰ পৰা মঙহ খাবহি।” 20 পাছত তৃতীয় দিনা ফৰৌণৰ জন্ম দিন আছিল। ফৰৌণে তেওঁৰ দাসবোৰৰ কাৰণে এক ভোজৰ আয়োজন কৰিলে। সেইদিনা ফৰৌণে তেওঁৰ অন্যান্য দাসবোৰতকৈ তেওঁৰ প্ৰধান পান-পাত্ৰ ধৰোঁতা আৰু প্রধান ৰুটি-প্রস্তুতকাৰীৰ প্রতি বিশেষ মনোযোগ দিলে। 21 তেওঁ প্ৰধান পান-পাত্ৰ ধৰোঁতাক আগৰ কামত নিযুক্ত কৰিলে আৰু তেওঁ পুনৰ ফৰৌণৰ হাতত পান-পাত্র তুলি দিলে। 22 কিন্তু প্রধান ৰুটি-প্রস্তুতকাৰীক হ’লে তেওঁ আৰি থলে। যোচেফে তেওঁলোকক যেনেকৈ সপোনৰ অর্থ কৈছিল, তেনেকৈয়ে ঘটিল। 23 কিন্তু তথাপিও যোচেফক সহায় কৰিবলৈ প্ৰধান পান-পাত্ৰ ধৰোঁতাৰ মনত নপৰিল; যোচেফৰ কথা তেওঁ একেবাৰে পাহৰি গ’ল।
In Other Versions
Genesis 40 in the ANGEFD
Genesis 40 in the ANTPNG2D
Genesis 40 in the AS21
Genesis 40 in the BAGH
Genesis 40 in the BBPNG
Genesis 40 in the BBT1E
Genesis 40 in the BDS
Genesis 40 in the BEV
Genesis 40 in the BHAD
Genesis 40 in the BIB
Genesis 40 in the BLPT
Genesis 40 in the BNT
Genesis 40 in the BNTABOOT
Genesis 40 in the BNTLV
Genesis 40 in the BOATCB
Genesis 40 in the BOATCB2
Genesis 40 in the BOBCV
Genesis 40 in the BOCNT
Genesis 40 in the BOECS
Genesis 40 in the BOGWICC
Genesis 40 in the BOHCB
Genesis 40 in the BOHCV
Genesis 40 in the BOHLNT
Genesis 40 in the BOHNTLTAL
Genesis 40 in the BOICB
Genesis 40 in the BOILNTAP
Genesis 40 in the BOITCV
Genesis 40 in the BOKCV
Genesis 40 in the BOKCV2
Genesis 40 in the BOKHWOG
Genesis 40 in the BOKSSV
Genesis 40 in the BOLCB
Genesis 40 in the BOLCB2
Genesis 40 in the BOMCV
Genesis 40 in the BONAV
Genesis 40 in the BONCB
Genesis 40 in the BONLT
Genesis 40 in the BONUT2
Genesis 40 in the BOPLNT
Genesis 40 in the BOSCB
Genesis 40 in the BOSNC
Genesis 40 in the BOTLNT
Genesis 40 in the BOVCB
Genesis 40 in the BOYCB
Genesis 40 in the BPBB
Genesis 40 in the BPH
Genesis 40 in the BSB
Genesis 40 in the CCB
Genesis 40 in the CUV
Genesis 40 in the CUVS
Genesis 40 in the DBT
Genesis 40 in the DGDNT
Genesis 40 in the DHNT
Genesis 40 in the DNT
Genesis 40 in the ELBE
Genesis 40 in the EMTV
Genesis 40 in the ESV
Genesis 40 in the FBV
Genesis 40 in the FEB
Genesis 40 in the GGMNT
Genesis 40 in the GNT
Genesis 40 in the HARY
Genesis 40 in the HNT
Genesis 40 in the IRVB
Genesis 40 in the IRVG
Genesis 40 in the IRVH
Genesis 40 in the IRVK
Genesis 40 in the IRVM
Genesis 40 in the IRVM2
Genesis 40 in the IRVO
Genesis 40 in the IRVP
Genesis 40 in the IRVT
Genesis 40 in the IRVT2
Genesis 40 in the IRVU
Genesis 40 in the ISVN
Genesis 40 in the JSNT
Genesis 40 in the KAPI
Genesis 40 in the KBT1ETNIK
Genesis 40 in the KBV
Genesis 40 in the KJV
Genesis 40 in the KNFD
Genesis 40 in the LBA
Genesis 40 in the LBLA
Genesis 40 in the LNT
Genesis 40 in the LSV
Genesis 40 in the MAAL
Genesis 40 in the MBV
Genesis 40 in the MBV2
Genesis 40 in the MHNT
Genesis 40 in the MKNFD
Genesis 40 in the MNG
Genesis 40 in the MNT
Genesis 40 in the MNT2
Genesis 40 in the MRS1T
Genesis 40 in the NAA
Genesis 40 in the NASB
Genesis 40 in the NBLA
Genesis 40 in the NBS
Genesis 40 in the NBVTP
Genesis 40 in the NET2
Genesis 40 in the NIV11
Genesis 40 in the NNT
Genesis 40 in the NNT2
Genesis 40 in the NNT3
Genesis 40 in the PDDPT
Genesis 40 in the PFNT
Genesis 40 in the RMNT
Genesis 40 in the SBIAS
Genesis 40 in the SBIBS
Genesis 40 in the SBIBS2
Genesis 40 in the SBICS
Genesis 40 in the SBIDS
Genesis 40 in the SBIGS
Genesis 40 in the SBIHS
Genesis 40 in the SBIIS
Genesis 40 in the SBIIS2
Genesis 40 in the SBIIS3
Genesis 40 in the SBIKS
Genesis 40 in the SBIKS2
Genesis 40 in the SBIMS
Genesis 40 in the SBIOS
Genesis 40 in the SBIPS
Genesis 40 in the SBISS
Genesis 40 in the SBITS
Genesis 40 in the SBITS2
Genesis 40 in the SBITS3
Genesis 40 in the SBITS4
Genesis 40 in the SBIUS
Genesis 40 in the SBIVS
Genesis 40 in the SBT
Genesis 40 in the SBT1E
Genesis 40 in the SCHL
Genesis 40 in the SNT
Genesis 40 in the SUSU
Genesis 40 in the SUSU2
Genesis 40 in the SYNO
Genesis 40 in the TBIAOTANT
Genesis 40 in the TBT1E
Genesis 40 in the TBT1E2
Genesis 40 in the TFTIP
Genesis 40 in the TFTU
Genesis 40 in the TGNTATF3T
Genesis 40 in the THAI
Genesis 40 in the TNFD
Genesis 40 in the TNT
Genesis 40 in the TNTIK
Genesis 40 in the TNTIL
Genesis 40 in the TNTIN
Genesis 40 in the TNTIP
Genesis 40 in the TNTIZ
Genesis 40 in the TOMA
Genesis 40 in the TTENT
Genesis 40 in the UBG
Genesis 40 in the UGV
Genesis 40 in the UGV2
Genesis 40 in the UGV3
Genesis 40 in the VBL
Genesis 40 in the VDCC
Genesis 40 in the YALU
Genesis 40 in the YAPE
Genesis 40 in the YBVTP
Genesis 40 in the ZBP