Genesis 45 (IRVA)

1 তেতিয়া যোচেফে তেওঁৰ কর্মচাৰীসকলৰ সন্মুখত নিজকে নিয়ন্ত্রণত ৰাখিব নোৱাৰিলে। তেওঁ চিঞঁৰি ক’লে, “মোৰ আগৰ পৰা সকলো গুছি যাওঁক।” সেয়ে ভায়েক-ককায়েকসকলৰ ওচৰত যোচেফে যেতিয়া নিজৰ পৰিচয় দিছিল, তেতিয়া তেওঁৰ কাষত কোনো দাস থিয় হৈ থকা নাছিল। 2 তাৰ পাছত তেওঁ চিঞঁৰি চিঞঁৰি ইমানকৈ কান্দিব ধৰিলে যে, মিচৰীয়সকলে তেওঁৰ কান্দোন শুনা পালে আৰু ফৰৌণৰ ঘৰত থকা লোকসকলেও শুনা পালে। 3 যোচেফে ককায়েকসকলক ক’লে, “মই যোচেফ! মোৰ পিতৃ কি এতিয়াও জীয়াই আছে?” এই কথা শুনি তেওঁৰ ককায়েকসকলে একো উত্তৰ দিব নোৱাৰিলে; কাৰণ যোচেফৰ উপস্থিতিত তেওঁলোক হতবুদ্ধি হ’ল। 4 তেতিয়া যোচেফে তেওঁৰ ভায়েক-ককায়েকসকলক ক’লে, “তোমালোকে অনুগ্রহ কৰি মোৰ ওচৰ চাপি আহাঁ।” তাতে তেওঁলোকে ওচৰ চাপি অহাত তেওঁ ক’লে, “মই যোচেফ, তোমালোকৰ সেই ভাই, যি জনক তোমালোকে মিচৰ দেশলৈ বিক্রী কৰি দিছিলা। 5 কিন্তু তোমালোকে মোক ইয়াত বিক্রী কৰি দিছিলা বুলি এতিয়া বেজাৰ নকৰিবা নাইবা নিজৰ ওপৰত খং নকৰিবা। কিন্তু প্ৰাণ ৰক্ষা কৰিবৰ কাৰণেহে ঈশ্বৰে তোমালোকৰ আগেয়ে মোক ইয়ালৈ পঠিয়ালে। 6 কাৰণ, এই দুবছৰ ধৰি দেশত আকাল হৈছে; এইদৰে আৰু পাঁচ বছৰ কাল চলিব; কোনো খেতি কৰা নহ’ব আৰু শস্য দোৱাও নহ’ব। 7 পৃথিবীত অৱশেষ স্বৰূপে তোমালোকৰ বংশক জীৱিত ৰাখিবৰ কাৰণে আৰু ধ্বংসৰ পৰা উদ্ধাৰ কৰি তোমালোকৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে ঈশ্বৰে তোমালোকৰ আগেয়ে মোক পঠাই দিলে। 8 গতিকে, তোমালোকে মোক ইয়ালৈ পঠোৱা নাই, ঈশ্বৰেহে পঠালে; তেওঁ মোক ফৰৌণৰ এজন পিতৃৰ স্থানত ৰাখিলে আৰু তেওঁৰ গোটেই পৰিয়ালৰ অধিপতি কৰিলে। ইয়াৰোপৰি তেওঁ মোক গোটেই মিচৰ দেশৰ ওপৰত শাসনকৰ্ত্তা পাতিলে।” 9 এতিয়া তোমালোকে অতি শীঘ্রেই পিতাৰ ওচৰলৈ গৈ তেওঁক কোৱাগৈ যে, “আপোনাৰ পুত্র যোচেফে এই কথা কৈছে, ‘ঈশ্বৰে মোক সমুদায় মিচৰ দেশৰ অধিপতি কৰিলে; আপুনি এতিয়া পলম নকৰি মোৰ ওচৰলৈ নামি আহঁক। 10 আপুনি আহি গোচন এলেকাত বাস কৰিব; তাতে আপুনি আৰু আপোনাৰ ল’ৰা-ছোৱালী, আপোনাৰ নাতি-নাতিনী, আপোনাৰ পশু আৰু মেৰ-ছাগৰ জাককে আদি কৰি যি সকলো আপোনাৰ আছে, সেই সকলোবোৰ লৈ মোৰ কাষত থাকিব। 11 আপোনাৰ, আপোনাৰ পৰিয়ালৰ আৰু আপোনাৰ আন লোক সকলৰ যাতে কোনো অভাৱ নহয়, সেইবাবে মই সেই ঠাইতে আপোনালোকৰ বাবে যোগানৰ ব্যৱস্থা কৰিম। কিয়নো আকাল শেষ হ’বলৈ এতিয়াও পাঁচ বছৰ আছে।’ 12 মই যে নিজ মুখেৰে তোমালোকক এইবোৰ কৈছোঁ, ইয়াক তোমালোকে নিজৰ চকুৰে দেখা পাইছা আৰু মোৰ ভাই বিন্যামীনৰ চকুৱেও দেখিছে। 13 মিচৰ দেশত থকা মোৰ ক্ষমতাৰ বিষয়ে আৰু যি সকলোবোৰ দেখিছা, সেইবোৰৰ বিষয়ে মোৰ পিতাৰ ওচৰত গৈ জনাবা। এতিয়া সোনকাল কৰা আৰু পিতাক ইয়ালৈ লৈ আনাগৈ।” 14 তেতিয়া তেওঁ তেওঁৰ ভায়েক বিন্যামীনৰ ডিঙিত ধৰি কান্দিবলৈ ধৰিলে আৰু বিন্যামীনেও তেওঁৰ ডিঙিত ধৰি কান্দিলে। 15 পাছত যোচেফে তেওঁৰ সকলো ভায়েক-ককায়েকক চুমা খালে আৰু তেওঁলোকৰো ডিঙিত ধৰি কান্দিলে; তাৰ পাছতহে তেওঁৰ ককায়েকসকলে তেওঁৰ লগত কথা পাতিলে। 16 যোচেফৰ ভায়েক-ককায়েকসকল অহাৰ বাতৰি যেতিয়া ফৰৌণৰ ঘৰৰ লোকসকলে শুনিবলৈ পালে, তেতিয়া ফৰৌণ আৰু তেওঁৰ কর্মচাৰীসকল অতিশয় আনন্দিত হ’ল। 17 ফৰৌণে যোচেফক ক’লে, “তোমাৰ ভাই-ককাইসকলক ক’বা, ‘তেওঁলোকে যেন এনেদৰে কৰে: তেওঁলোকৰ গাধবোৰত শস্যৰ বোজা লৈ তেওঁলোক কনান দেশলৈ উলটি যাওঁক 18 আৰু তেওঁলোকৰ পিতৃৰ সৈতে সপৰিবাৰক লৈ তেওঁলোক মোৰ ওচৰলৈ আহক।’ ইয়াকো ক’বা যে, ‘মিচৰ দেশৰ উত্তম উত্তম বস্তু মই তেওঁলোকক দিম আৰু দেশৰ ভাল খাদ্য তেওঁলোকে ভোগ কৰিবলৈ পাব।’ 19 এতিয়া তোমাক মই আদেশ দিছো, ‘তুমি তোমাৰ ভাই-ককাইসকলক ক’বা: ‘তোমালোকৰ ল’ৰা-ছোৱালী, ভার্য্যাসকলৰ কাৰণে মিচৰ দেশৰ পৰা কিছুমান পশুৱে টনা গাড়ী লৈ যোৱা আৰু তোমালোকৰ পিতৃক লৈ ঘূৰি আহাঁ। 20 তোমালোকে তোমালোকৰ বস্তুবোৰক লৈ চিন্তা নকৰিবা, কাৰণ সমগ্র মিচৰ দেশৰ উত্তম উত্তম বস্তুবোৰতো তোমালোকৰেই’।” 21 পাছত ইস্ৰায়েলৰ পুত্ৰসকলে তেনেকৈয়ে কৰিলে; ফৰৌণৰ আদেশ অনুসাৰে যোচেফে তেওঁলোকৰ কাৰণে গাড়ী আৰু পথত যোৱাৰ বাবে প্ৰয়োজনীয় বস্তুবোৰো দিলে। 22 তেওঁ তেওঁলোকৰ প্রত্যেককে এযোৰকৈ পোছাক দিলে; কিন্তু বিন্যামীনক হ’লে তেওঁ তিনিশ চেকল ৰূপৰ মুদ্ৰা আৰু পাঁচ যোৰ পোছাক দিলে। 23 তাৰ পাছত তেওঁৰ পিতৃৰ কাৰণে তেওঁ এইখিনি বস্তু পঠালে: দহটা গাধ আৰু দহজনী গাধী। এই দহটা গাধৰ পিঠিত মিচৰ দেশৰ উত্তম উত্তম বস্তুবোৰ বোজাই কৰা আছিল আৰু গাধীবোৰৰ পিঠিত আছিল পিতৃৰ বাটৰ বাবে শস্য, পিঠা অাৰু আন আন খোৱা বস্তু সমূহ। 24 এইদৰে ব্যৱস্থা কৰি তেওঁ নিজৰ ভায়েক-ককায়েকসকলক পঠাই দিলে। বিদায়ৰ সময়ত তেওঁ তেওঁলোকক ক’লে, “সাৱধান, বাটত তোমালোকে কাজিয়া-পেচাল নকৰিবা।” 25 পাছত তেওঁলোকে মিচৰ দেশৰ পৰা গৈ কনান দেশত থকা তেওঁলোকৰ পিতৃ যাকোবৰ ওচৰলৈ গ’ল। 26 তেওঁলোকে তেওঁক ক’লে, “যোচেফ এতিয়াও জীয়াই আছে, আৰু সিয়েই গোটেই মিচৰ দেশৰ শাসনকৰ্তা।” যাকোবে যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ স্তম্ভিত হৈ পৰিল; কিয়নো পুত্রসকলৰ কথাষাৰ তেওঁৰ বিশ্বাসেই হোৱা নাছিল। 27 পাছত যোচেফে তেওঁলোকক যি যি কৈছিল, সেইবোৰ শুনি আৰু তেওঁক লৈ যোৱাৰ কাৰণে যোচেফে যি গাড়ী পঠাইছিল, তাকে দেখি তেওঁলোকৰ পিতৃ যাকোবৰ মন জাগি উঠিল। 28 তেওঁ ক’লে, “মোৰ পুত্ৰ যোচেফ যে এতিয়াও জীয়াই আছে, সেয়াই যথেষ্ট; মৃত্যুৰ আগতে মই গৈ তাক চাম।”

In Other Versions

Genesis 45 in the ANGEFD

Genesis 45 in the ANTPNG2D

Genesis 45 in the AS21

Genesis 45 in the BAGH

Genesis 45 in the BBPNG

Genesis 45 in the BBT1E

Genesis 45 in the BDS

Genesis 45 in the BEV

Genesis 45 in the BHAD

Genesis 45 in the BIB

Genesis 45 in the BLPT

Genesis 45 in the BNT

Genesis 45 in the BNTABOOT

Genesis 45 in the BNTLV

Genesis 45 in the BOATCB

Genesis 45 in the BOATCB2

Genesis 45 in the BOBCV

Genesis 45 in the BOCNT

Genesis 45 in the BOECS

Genesis 45 in the BOGWICC

Genesis 45 in the BOHCB

Genesis 45 in the BOHCV

Genesis 45 in the BOHLNT

Genesis 45 in the BOHNTLTAL

Genesis 45 in the BOICB

Genesis 45 in the BOILNTAP

Genesis 45 in the BOITCV

Genesis 45 in the BOKCV

Genesis 45 in the BOKCV2

Genesis 45 in the BOKHWOG

Genesis 45 in the BOKSSV

Genesis 45 in the BOLCB

Genesis 45 in the BOLCB2

Genesis 45 in the BOMCV

Genesis 45 in the BONAV

Genesis 45 in the BONCB

Genesis 45 in the BONLT

Genesis 45 in the BONUT2

Genesis 45 in the BOPLNT

Genesis 45 in the BOSCB

Genesis 45 in the BOSNC

Genesis 45 in the BOTLNT

Genesis 45 in the BOVCB

Genesis 45 in the BOYCB

Genesis 45 in the BPBB

Genesis 45 in the BPH

Genesis 45 in the BSB

Genesis 45 in the CCB

Genesis 45 in the CUV

Genesis 45 in the CUVS

Genesis 45 in the DBT

Genesis 45 in the DGDNT

Genesis 45 in the DHNT

Genesis 45 in the DNT

Genesis 45 in the ELBE

Genesis 45 in the EMTV

Genesis 45 in the ESV

Genesis 45 in the FBV

Genesis 45 in the FEB

Genesis 45 in the GGMNT

Genesis 45 in the GNT

Genesis 45 in the HARY

Genesis 45 in the HNT

Genesis 45 in the IRVB

Genesis 45 in the IRVG

Genesis 45 in the IRVH

Genesis 45 in the IRVK

Genesis 45 in the IRVM

Genesis 45 in the IRVM2

Genesis 45 in the IRVO

Genesis 45 in the IRVP

Genesis 45 in the IRVT

Genesis 45 in the IRVT2

Genesis 45 in the IRVU

Genesis 45 in the ISVN

Genesis 45 in the JSNT

Genesis 45 in the KAPI

Genesis 45 in the KBT1ETNIK

Genesis 45 in the KBV

Genesis 45 in the KJV

Genesis 45 in the KNFD

Genesis 45 in the LBA

Genesis 45 in the LBLA

Genesis 45 in the LNT

Genesis 45 in the LSV

Genesis 45 in the MAAL

Genesis 45 in the MBV

Genesis 45 in the MBV2

Genesis 45 in the MHNT

Genesis 45 in the MKNFD

Genesis 45 in the MNG

Genesis 45 in the MNT

Genesis 45 in the MNT2

Genesis 45 in the MRS1T

Genesis 45 in the NAA

Genesis 45 in the NASB

Genesis 45 in the NBLA

Genesis 45 in the NBS

Genesis 45 in the NBVTP

Genesis 45 in the NET2

Genesis 45 in the NIV11

Genesis 45 in the NNT

Genesis 45 in the NNT2

Genesis 45 in the NNT3

Genesis 45 in the PDDPT

Genesis 45 in the PFNT

Genesis 45 in the RMNT

Genesis 45 in the SBIAS

Genesis 45 in the SBIBS

Genesis 45 in the SBIBS2

Genesis 45 in the SBICS

Genesis 45 in the SBIDS

Genesis 45 in the SBIGS

Genesis 45 in the SBIHS

Genesis 45 in the SBIIS

Genesis 45 in the SBIIS2

Genesis 45 in the SBIIS3

Genesis 45 in the SBIKS

Genesis 45 in the SBIKS2

Genesis 45 in the SBIMS

Genesis 45 in the SBIOS

Genesis 45 in the SBIPS

Genesis 45 in the SBISS

Genesis 45 in the SBITS

Genesis 45 in the SBITS2

Genesis 45 in the SBITS3

Genesis 45 in the SBITS4

Genesis 45 in the SBIUS

Genesis 45 in the SBIVS

Genesis 45 in the SBT

Genesis 45 in the SBT1E

Genesis 45 in the SCHL

Genesis 45 in the SNT

Genesis 45 in the SUSU

Genesis 45 in the SUSU2

Genesis 45 in the SYNO

Genesis 45 in the TBIAOTANT

Genesis 45 in the TBT1E

Genesis 45 in the TBT1E2

Genesis 45 in the TFTIP

Genesis 45 in the TFTU

Genesis 45 in the TGNTATF3T

Genesis 45 in the THAI

Genesis 45 in the TNFD

Genesis 45 in the TNT

Genesis 45 in the TNTIK

Genesis 45 in the TNTIL

Genesis 45 in the TNTIN

Genesis 45 in the TNTIP

Genesis 45 in the TNTIZ

Genesis 45 in the TOMA

Genesis 45 in the TTENT

Genesis 45 in the UBG

Genesis 45 in the UGV

Genesis 45 in the UGV2

Genesis 45 in the UGV3

Genesis 45 in the VBL

Genesis 45 in the VDCC

Genesis 45 in the YALU

Genesis 45 in the YAPE

Genesis 45 in the YBVTP

Genesis 45 in the ZBP