Jeremiah 27 (IRVA)
1 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণিত যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল, বোলে, 2 “যিহোৱাই মোক ক’লে, তুমি যোঁত-জৰী আৰু যুৱলি সাজি তোমাৰ ডিঙিত লগোৱা। 3 আৰু যিৰূচালেমলৈ যিহূদাৰ চিদিকিয়া ৰজাৰ গুৰিলৈ দূতবোৰৰ হাতত, ইদোমৰ ৰজা, মোৱাবৰ ৰজা, অম্মোনৰ সন্তানসকলৰ ৰজা, তূৰৰ ৰজা, আৰু চীদোনৰ ৰজাৰ ওচৰলৈ সেইবোৰ পঠিয়াই দিয়া। 4 আৰু নিজ নিজ প্ৰভুক ক’বৰ বাবে তেওঁলোকক এই আদেশ দিয়া, ‘ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে: “তোমালোকে নিজ নিজ প্ৰভুক এই এই কথা ক’বা, 5 ‘ময়েই নিজ মহাশক্তিৰে আৰু মেলা বাহুৰে পৃথিৱীক আৰু পৃথিৱীৰ ওপৰত থকা মানুহ আৰু পশুবোৰক সৃষ্ট কৰিলোঁ, আৰু মোৰ দৃষ্টিত যাক ভাল দেখোঁ, তাকে তাক দিওঁ। 6 এই হেতুকে এতিয়া মই এই সকলো দেশ মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ হাতত দিলোঁ, আৰু তেওঁৰ বন্দীকাম কৰিবৰ অৰ্থে বনৰ জন্তুবোৰকো মই তেওঁক দিলোঁ। 7 আৰু তেওঁৰ নিজ দেশৰ সময় শেষ নোহোৱালৈকে সকলো জাতিয়ে তেওঁৰ, তেওঁৰ পুতেকৰ আৰু তেওঁৰ নাতিয়েকৰ বন্দী-কাম কৰিব; সেই সময় হ’লে অনেক জাতি আৰু মহান ৰজাসকলে তেওঁক তেওঁলোকৰ বন্দী-কাম কৰোৱাব। 8 যি জাতি আৰু ৰজাই সেই বাবিলৰ ৰজা নবূখদনেচৰৰ বন্দী-কাম নকৰিব, আৰু বাবিলৰ ৰজাৰ যুৱলিত নিজৰ ডিঙি নাৰাখিব, যিহোৱাই কৈছে, মই তেওঁৰ হাতেৰে এই জাতিক সংহাৰ নকৰালৈকে তৰোৱাল আৰু মহামাৰীৰ দ্বাৰাই দণ্ড দিম। 9 কিন্তু তোমালোকে হ’লে! তোমালোকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিবলৈ নাপাবা, ‘এই বুলি তোমালোকক কোৱা তোমালোকৰ ভাববাদী, মঙ্গলতী, স্বপ্নদৰ্শক, গণক, কি মায়াবীৰ কথা নুশুনিবা।’ 10 কিয়নো তোমালোকৰ দেশৰ পৰা তোমালোকক দূৰ কৰিবৰ কাৰণে আৰু মই তোমালোকক খেদাই দিলে তোমালোক নষ্ট হবলৈ তোমালোকৰ আগত তেওঁলোকে মিছা ভাববাণী প্ৰচাৰ কৰে। 11 কিন্তু যি জাতিয়ে বাবিলৰ ৰজাৰ যুৱলিৰ তলত নিজৰ ডিঙি ৰাখিব, আৰু তেওঁৰ বন্দীকাম কৰিব, যিহোৱাই কৈছে, ‘মই সেই জাতিক নিজ দেশত থাকিবলৈ দিম; তেওঁলোকে তাত কৃষিকাৰ্য্য কৰিব, আৰু তাত বাস কৰিব”’।” 12 পাছত মই সেই সকলো বাক্য অনুসাৰে যিহূদাৰ ৰজা চিদিকিয়াক ক’লোঁ: “তোমালোকে নিজ নিজ ডিঙি বাবিলৰ ৰজাৰ যুৱলিৰ তলত ৰাখি, তেওঁৰ আৰু তেওঁৰ লোকসকলৰ বন্দী-কাম কৰি জীয়াই থাকা। 13 যি জাতিয়ে বাবিলৰ ৰজাৰ বন্দী-কাম নকৰিব, সেই জাতিৰ বিষয়ে যিহোৱাই কোৱাৰ দৰে, তুমি আৰু তোমাৰ প্ৰজাসকল তৰোৱাল, আকাল আৰু মহামাৰীত কিয় মৰিবা? 14 ‘বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব নাপাবা’ বুলি তোমালোকক কোৱা ভাববাদীসকলৰ কথা নুশুনিবা; কিয়নো তেওঁলোকে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে। 15 কাৰণ, যিহোৱাই কৈছে, মই তেওঁলোকক পঠোৱা নাই” কিন্তু মই তোমালোকক খেদাই দিলে তোমালোক আৰু তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা ভাববাদীসকল বিনষ্ট হবৰ কাৰণে, তেওঁলোকে মিছাকৈয়ে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে। 16 পাছে মই পুৰোহিতসকলক আৰু এই সকলো প্ৰজাক ক’লোঁ, “যিহোৱাই এই কথা কৈছে: চোৱা, যিহোৱাৰ গৃহৰ বস্তুবোৰ অলপতে পুনৰায় বাবিলৰ পৰা অনা যাব বুলি তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰা তোমালোকৰ ভাববাদীসকলৰ কথালৈ কাণ নিদিবা; কিয়নো সিহঁতে তোমালোকৰ আগত মিছা ভাববাণী প্ৰচাৰ কৰে। 17 তেওঁলোকৰ কথালৈ কাণ নিদিবা, কিন্তু বাবিলৰ ৰজাৰ বন্দী-কাম কৰি জীয়াই থাকা; এই নগৰ কিয় ধ্বংসস্থান হব? 18 কিন্তু যদি তেওঁলোক ভাববাদী হয়, আৰু যদি যিহোৱাৰ বাক্য তেওঁলোকৰ লগত আছে, তেন্তে যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত আৰু যিৰূচালেমত অৱশিষ্ট থকা বস্তুবোৰ বাবিললৈ নাযাবলৈ বাহিনীসকলৰ যিহোৱাৰ আগত তেওঁলোকে প্ৰাৰ্থনা কৰক। 19 কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে যিহোয়াকীমৰ পুতেক যিহূদাৰ ৰজা যকনিয়ক, আৰু যিহূদাৰ ও যিৰূচালেমৰ প্ৰধান লোকসকলক আৰু যিৰূচালেমৰ পৰা বাহিৰলৈ বন্দী কৰি নিয়া সময়ত, 20 স্তম্ভ কেইটা, সমুদ্ৰ-পাত্ৰটো, আৰু আধাৰবোৰ আদি কৰি এই নগৰৰ অৱশিষ্ট থকা যি যি বস্তু বাবিলত ৰজা নবূখদনেচৰে নিয়া নাছিল, সেইবোৰৰ বিষয়ে যিহোৱাই এইদৰে কৈছে; 21 এনে কি, যিহোৱাৰ গৃহত, যিহূদাৰ ৰাজগৃহত, আৰু যিৰূচালেমত অৱশিষ্ট থকা সেই বস্তুবোৰৰ বিষয়ে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, 22 সেই সকলোকে বাবিললৈ নিয়া হ’ব, আৰু মই সেইবোৰৰ বিচাৰ নকৰা দিনলৈকে সেইবোৰ সেই ঠাইতে থাকিব, ইয়াকে যিহোৱাই কৈছে; সেই দিন উপস্থিত হ’লে, মই সেইবোৰ আনি এই ঠাইত পুনৰাই স্থাপন কৰিম’।”
In Other Versions
Jeremiah 27 in the ANGEFD
Jeremiah 27 in the ANTPNG2D
Jeremiah 27 in the AS21
Jeremiah 27 in the BAGH
Jeremiah 27 in the BBPNG
Jeremiah 27 in the BBT1E
Jeremiah 27 in the BDS
Jeremiah 27 in the BEV
Jeremiah 27 in the BHAD
Jeremiah 27 in the BIB
Jeremiah 27 in the BLPT
Jeremiah 27 in the BNT
Jeremiah 27 in the BNTABOOT
Jeremiah 27 in the BNTLV
Jeremiah 27 in the BOATCB
Jeremiah 27 in the BOATCB2
Jeremiah 27 in the BOBCV
Jeremiah 27 in the BOCNT
Jeremiah 27 in the BOECS
Jeremiah 27 in the BOGWICC
Jeremiah 27 in the BOHCB
Jeremiah 27 in the BOHCV
Jeremiah 27 in the BOHLNT
Jeremiah 27 in the BOHNTLTAL
Jeremiah 27 in the BOICB
Jeremiah 27 in the BOILNTAP
Jeremiah 27 in the BOITCV
Jeremiah 27 in the BOKCV
Jeremiah 27 in the BOKCV2
Jeremiah 27 in the BOKHWOG
Jeremiah 27 in the BOKSSV
Jeremiah 27 in the BOLCB
Jeremiah 27 in the BOLCB2
Jeremiah 27 in the BOMCV
Jeremiah 27 in the BONAV
Jeremiah 27 in the BONCB
Jeremiah 27 in the BONLT
Jeremiah 27 in the BONUT2
Jeremiah 27 in the BOPLNT
Jeremiah 27 in the BOSCB
Jeremiah 27 in the BOSNC
Jeremiah 27 in the BOTLNT
Jeremiah 27 in the BOVCB
Jeremiah 27 in the BOYCB
Jeremiah 27 in the BPBB
Jeremiah 27 in the BPH
Jeremiah 27 in the BSB
Jeremiah 27 in the CCB
Jeremiah 27 in the CUV
Jeremiah 27 in the CUVS
Jeremiah 27 in the DBT
Jeremiah 27 in the DGDNT
Jeremiah 27 in the DHNT
Jeremiah 27 in the DNT
Jeremiah 27 in the ELBE
Jeremiah 27 in the EMTV
Jeremiah 27 in the ESV
Jeremiah 27 in the FBV
Jeremiah 27 in the FEB
Jeremiah 27 in the GGMNT
Jeremiah 27 in the GNT
Jeremiah 27 in the HARY
Jeremiah 27 in the HNT
Jeremiah 27 in the IRVB
Jeremiah 27 in the IRVG
Jeremiah 27 in the IRVH
Jeremiah 27 in the IRVK
Jeremiah 27 in the IRVM
Jeremiah 27 in the IRVM2
Jeremiah 27 in the IRVO
Jeremiah 27 in the IRVP
Jeremiah 27 in the IRVT
Jeremiah 27 in the IRVT2
Jeremiah 27 in the IRVU
Jeremiah 27 in the ISVN
Jeremiah 27 in the JSNT
Jeremiah 27 in the KAPI
Jeremiah 27 in the KBT1ETNIK
Jeremiah 27 in the KBV
Jeremiah 27 in the KJV
Jeremiah 27 in the KNFD
Jeremiah 27 in the LBA
Jeremiah 27 in the LBLA
Jeremiah 27 in the LNT
Jeremiah 27 in the LSV
Jeremiah 27 in the MAAL
Jeremiah 27 in the MBV
Jeremiah 27 in the MBV2
Jeremiah 27 in the MHNT
Jeremiah 27 in the MKNFD
Jeremiah 27 in the MNG
Jeremiah 27 in the MNT
Jeremiah 27 in the MNT2
Jeremiah 27 in the MRS1T
Jeremiah 27 in the NAA
Jeremiah 27 in the NASB
Jeremiah 27 in the NBLA
Jeremiah 27 in the NBS
Jeremiah 27 in the NBVTP
Jeremiah 27 in the NET2
Jeremiah 27 in the NIV11
Jeremiah 27 in the NNT
Jeremiah 27 in the NNT2
Jeremiah 27 in the NNT3
Jeremiah 27 in the PDDPT
Jeremiah 27 in the PFNT
Jeremiah 27 in the RMNT
Jeremiah 27 in the SBIAS
Jeremiah 27 in the SBIBS
Jeremiah 27 in the SBIBS2
Jeremiah 27 in the SBICS
Jeremiah 27 in the SBIDS
Jeremiah 27 in the SBIGS
Jeremiah 27 in the SBIHS
Jeremiah 27 in the SBIIS
Jeremiah 27 in the SBIIS2
Jeremiah 27 in the SBIIS3
Jeremiah 27 in the SBIKS
Jeremiah 27 in the SBIKS2
Jeremiah 27 in the SBIMS
Jeremiah 27 in the SBIOS
Jeremiah 27 in the SBIPS
Jeremiah 27 in the SBISS
Jeremiah 27 in the SBITS
Jeremiah 27 in the SBITS2
Jeremiah 27 in the SBITS3
Jeremiah 27 in the SBITS4
Jeremiah 27 in the SBIUS
Jeremiah 27 in the SBIVS
Jeremiah 27 in the SBT
Jeremiah 27 in the SBT1E
Jeremiah 27 in the SCHL
Jeremiah 27 in the SNT
Jeremiah 27 in the SUSU
Jeremiah 27 in the SUSU2
Jeremiah 27 in the SYNO
Jeremiah 27 in the TBIAOTANT
Jeremiah 27 in the TBT1E
Jeremiah 27 in the TBT1E2
Jeremiah 27 in the TFTIP
Jeremiah 27 in the TFTU
Jeremiah 27 in the TGNTATF3T
Jeremiah 27 in the THAI
Jeremiah 27 in the TNFD
Jeremiah 27 in the TNT
Jeremiah 27 in the TNTIK
Jeremiah 27 in the TNTIL
Jeremiah 27 in the TNTIN
Jeremiah 27 in the TNTIP
Jeremiah 27 in the TNTIZ
Jeremiah 27 in the TOMA
Jeremiah 27 in the TTENT
Jeremiah 27 in the UBG
Jeremiah 27 in the UGV
Jeremiah 27 in the UGV2
Jeremiah 27 in the UGV3
Jeremiah 27 in the VBL
Jeremiah 27 in the VDCC
Jeremiah 27 in the YALU
Jeremiah 27 in the YAPE
Jeremiah 27 in the YBVTP
Jeremiah 27 in the ZBP