Joshua 17 (IRVA)

1 এইদৰে মনচি ফৈদলৈ দেশ ভাগ কৰা হ’ল - সেয়াই মাখিৰলৈও, এওঁ মনচিৰ জেষ্ঠ পুত্র আৰু গিলিয়দৰ পিতৃ আছিল৷ মাখিৰৰ বংশধৰসকললৈ গিলিয়দ আৰু বাচানৰ অঞ্চলবোৰ ভাগ কৰা হ’ল; কিয়নো মাখীৰ এজন যুদ্ধাৰু লোক আছিল৷ 2 মনচিৰ আন ফৈদক যি ভাগ দিয়া হৈছিল, সেয়া তেওঁলোকৰ বংশ অনুসাৰে ভাগ কৰা হ’ল- অবীয়াচক, হেলক, অস্ৰীয়েল, চেখম, হেফৰ আৰু চমীদা৷ এওঁলোক মনচিৰ পুত্ৰ আছিল, আৰু মনচি আছিল যোচেফৰ পুত্ৰ। তেওঁলোকক নিজ নিজ বংশ অনুসাৰে ভাগ দিয়া হৈছিল৷ 3 চলফাদৰৰ কোনো পুত্ৰ নাছিল। চলফাদৰ হেফৰৰ পুত্ৰ, হেফৰ গিলিয়দৰ পুত্ৰ, গিলিয়দ মাখীৰৰ পুত্ৰ, আৰু মাখীৰ মনচিৰ পুত্ৰ আছিল। এওঁৰ কেইজনীমান জীয়েক আছিল; তেওঁৰ জীয়েকসকলৰ নামবোৰ হ’ল মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা। 4 তেওঁলোকে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু অধ্যক্ষসকলৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই মোচিক আমাৰ ভাইসকলৰ সৈতে আমাকো উত্তৰাধিকাৰ দিবলৈ আজ্ঞা কৰিছিল৷” তেতিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে, ইলিয়াজাৰে তেওঁলোকক তেওঁলোকৰ পিতৃৰ ভাইসকলৰ মাজত উত্তৰাধিকাৰৰ ভাগ দিলে। 5 তেতিয়া মনচিক যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দ আৰু বাচানত দহ ভাগ দিয়া হ’ল; 6 কিয়নো পুত্ৰ সন্তান সকলৰ সৈতে মনচিৰ জীয়াৰীসকলকো উত্তৰাধিকাৰ দিয়া হৈছিল; আৰু মনচিৰ আন ফৈদক গিলিয়দ দেশ দিয়া হ’ল। 7 মনচিৰ সেই সীমা আচেৰৰ পৰা মিকমথতলৈকে, যি চিখিমৰ পূব দিশে আছিল; পাছত সেই সীমা দক্ষিণ দিশ হৈ, অয়িন-তপ্পুহ-নিবাসীসকলৰ ওচৰলৈকে গ’ল। 8 তপ্পুহ অঞ্চল মনচিৰ অধিকাৰত আছিল যদিও মনচিৰ সীমাত থকা তপ্পুহ নগৰ ইফ্ৰয়িমৰ ফৈদৰ অধিকাৰত আছিল৷ 9 সেই সীমা তললৈ কান্না জুৰিত নামি গ’ল৷ সেই জুৰিৰ দক্ষিণ ফালে মনচিৰ নগৰবোৰৰ মাজত থকা সেই নগৰবোৰ ইফ্ৰয়িমৰ অধিকাৰত আছিল৷ মনচিৰ সীমা জুৰিৰ উত্তৰ ফালে আছিল আৰু সমুদ্ৰত শেষ হৈছিল৷ 10 দক্ষিণ ফালে থকা অঞ্চল ইফ্ৰয়িমৰ অধীনত আৰু উত্তৰ ফালৰ অঞ্চলটো মনচিৰ অধীনত আছিল; সমুদ্ৰই তাৰ সীমা আছিল৷ উত্তৰ ফালে আচেৰত আৰু পূব ফালে ইচাখৰত উপনীত হ’ব পৰা ব্যৱস্থা আছিল। 11 ইচাখৰত আৰু আচেৰত বৈৎ-চান আৰু তাৰ গাওঁবোৰ, যিব্লিয়ামৰ সৈতে তাৰ গাওঁবোৰ, দোৰ-নিবাসীসকল আৰু তাৰ গাওঁবোৰ, অয়িন দোৰ-নিবাসী আৰু তাৰ গাওঁবোৰ, তানক নিবাসী আৰু তাৰ গাওঁবোৰ আৰু মগিদ্দো নিবাসীসকলৰ সৈতে তাৰ গাওঁবোৰ মনচিৰ অধিকাৰত আছিল; আৰু তৃতীয় নগৰ আছিল নাফেথ৷ 12 তথাপিও মনচিৰ ফৈদে সেই নগৰবোৰক অধিকাৰ কৰিব পৰা নাছিল, কিয়নো কনানীয়া লোকসকলে সেই ঠাইত তেতিয়াও বাস কৰি আছিল। 13 পাছত ইস্ৰায়েলৰ লোকসকল যেতিয়া পৰাক্ৰমী হৈ উঠিল, তেতিয়া তেওঁলোকে কনানীয়াসকলক কঠোৰ কাম কৰি দিবলগীয়া লোক হিচাপে বন্দী কৰিলে, কিন্তু তেওঁলোকক সম্পূর্ণৰূপে দূৰ কৰিব নোৱাৰিলে৷ 14 তেতিয়া যোচেফৰ বংশই যিহোচূৱাৰ আগত নিবেদন কৰি ক’লে, “আপুনি কিয় আমাক কেৱল এই ঠাইৰ এভাগ অধিকাৰ কৰিবলৈ আৰু একাংশৰ উত্তৰাধিকাৰী হ’বলৈ দিলে? যিহেতু আমাৰ সংখ্যাও বেছি আৰু এই কাললৈকে যিহোৱাই আমাক আশীৰ্ব্বাদ কৰি আহিছে৷” 15 তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “আপোনালোকৰ সংখ্যা যদি বেছি, তেনেহ’লে ওপৰৰ বনাঞ্চললৈ উঠি গৈ, পৰিজ্জীয়া আৰু ৰফায়ীয়াসকলৰ অঞ্চলটোৰ গছ-গছনি কাটি, নিজৰ বাবে সেই ঠাই পৰিষ্কাৰ কৰি লওঁক৷ আপোনালোকে এই দৰে কৰক কিয়নো ইফ্ৰয়িম পৰ্ব্বত আপোনালোকৰ বাবে অতি সৰু৷” 16 তাতে যোচেফৰ সন্তান সকলে ক’লে, “পৰ্ব্বতীয়া দেশটোৱে আমাৰ বাবে যথেষ্ট নহয় আৰু উপত্যকাত থকা সকলো কনানীয়াসকলৰ আৰু তেওঁলোকৰ সৈতে বৈৎ-চান আৰু যিজ্ৰিয়েলৰ উপত্যকাত বাস কৰা লোকসকলৰ লোহাৰ ৰথ আছে৷” 17 তেতিয়া যিহোচূৱাই যোচেফৰ বংশক, অৰ্থাৎ ইফ্ৰয়িম আৰু মনচিক ক’লে, “আপোনালোক সংখ্যাত বৃহৎ আৰু অতি শক্তিশালী লোক৷ আপোনালোকক দিয়া কেৱল এক ভাগ অঞ্চল যথেষ্ট নহয়৷ 18 পৰ্ব্বতীয়া দেশটোও আপোনালোকৰ হ’ব৷ যদিও সেই ঠাই বনাঞ্চল, তথাপি আপোনালোকে সেই ঠাই পৰিষ্কাৰ কৰক আৰু তাৰ দূৰ সীমালৈ থকা সকলো অঞ্চলৰ অধিকাৰী হওঁক৷ যদিও কনানীয়াসকলৰ লোহাৰ ৰথ আছে আৰু তেওঁলোক শক্তিশালী, তথাপি আপোনালোকে তেওঁলোকক খেদি পঠিয়াই আতৰ কৰিব পাৰিব৷”

In Other Versions

Joshua 17 in the ANGEFD

Joshua 17 in the ANTPNG2D

Joshua 17 in the AS21

Joshua 17 in the BAGH

Joshua 17 in the BBPNG

Joshua 17 in the BBT1E

Joshua 17 in the BDS

Joshua 17 in the BEV

Joshua 17 in the BHAD

Joshua 17 in the BIB

Joshua 17 in the BLPT

Joshua 17 in the BNT

Joshua 17 in the BNTABOOT

Joshua 17 in the BNTLV

Joshua 17 in the BOATCB

Joshua 17 in the BOATCB2

Joshua 17 in the BOBCV

Joshua 17 in the BOCNT

Joshua 17 in the BOECS

Joshua 17 in the BOGWICC

Joshua 17 in the BOHCB

Joshua 17 in the BOHCV

Joshua 17 in the BOHLNT

Joshua 17 in the BOHNTLTAL

Joshua 17 in the BOICB

Joshua 17 in the BOILNTAP

Joshua 17 in the BOITCV

Joshua 17 in the BOKCV

Joshua 17 in the BOKCV2

Joshua 17 in the BOKHWOG

Joshua 17 in the BOKSSV

Joshua 17 in the BOLCB

Joshua 17 in the BOLCB2

Joshua 17 in the BOMCV

Joshua 17 in the BONAV

Joshua 17 in the BONCB

Joshua 17 in the BONLT

Joshua 17 in the BONUT2

Joshua 17 in the BOPLNT

Joshua 17 in the BOSCB

Joshua 17 in the BOSNC

Joshua 17 in the BOTLNT

Joshua 17 in the BOVCB

Joshua 17 in the BOYCB

Joshua 17 in the BPBB

Joshua 17 in the BPH

Joshua 17 in the BSB

Joshua 17 in the CCB

Joshua 17 in the CUV

Joshua 17 in the CUVS

Joshua 17 in the DBT

Joshua 17 in the DGDNT

Joshua 17 in the DHNT

Joshua 17 in the DNT

Joshua 17 in the ELBE

Joshua 17 in the EMTV

Joshua 17 in the ESV

Joshua 17 in the FBV

Joshua 17 in the FEB

Joshua 17 in the GGMNT

Joshua 17 in the GNT

Joshua 17 in the HARY

Joshua 17 in the HNT

Joshua 17 in the IRVB

Joshua 17 in the IRVG

Joshua 17 in the IRVH

Joshua 17 in the IRVK

Joshua 17 in the IRVM

Joshua 17 in the IRVM2

Joshua 17 in the IRVO

Joshua 17 in the IRVP

Joshua 17 in the IRVT

Joshua 17 in the IRVT2

Joshua 17 in the IRVU

Joshua 17 in the ISVN

Joshua 17 in the JSNT

Joshua 17 in the KAPI

Joshua 17 in the KBT1ETNIK

Joshua 17 in the KBV

Joshua 17 in the KJV

Joshua 17 in the KNFD

Joshua 17 in the LBA

Joshua 17 in the LBLA

Joshua 17 in the LNT

Joshua 17 in the LSV

Joshua 17 in the MAAL

Joshua 17 in the MBV

Joshua 17 in the MBV2

Joshua 17 in the MHNT

Joshua 17 in the MKNFD

Joshua 17 in the MNG

Joshua 17 in the MNT

Joshua 17 in the MNT2

Joshua 17 in the MRS1T

Joshua 17 in the NAA

Joshua 17 in the NASB

Joshua 17 in the NBLA

Joshua 17 in the NBS

Joshua 17 in the NBVTP

Joshua 17 in the NET2

Joshua 17 in the NIV11

Joshua 17 in the NNT

Joshua 17 in the NNT2

Joshua 17 in the NNT3

Joshua 17 in the PDDPT

Joshua 17 in the PFNT

Joshua 17 in the RMNT

Joshua 17 in the SBIAS

Joshua 17 in the SBIBS

Joshua 17 in the SBIBS2

Joshua 17 in the SBICS

Joshua 17 in the SBIDS

Joshua 17 in the SBIGS

Joshua 17 in the SBIHS

Joshua 17 in the SBIIS

Joshua 17 in the SBIIS2

Joshua 17 in the SBIIS3

Joshua 17 in the SBIKS

Joshua 17 in the SBIKS2

Joshua 17 in the SBIMS

Joshua 17 in the SBIOS

Joshua 17 in the SBIPS

Joshua 17 in the SBISS

Joshua 17 in the SBITS

Joshua 17 in the SBITS2

Joshua 17 in the SBITS3

Joshua 17 in the SBITS4

Joshua 17 in the SBIUS

Joshua 17 in the SBIVS

Joshua 17 in the SBT

Joshua 17 in the SBT1E

Joshua 17 in the SCHL

Joshua 17 in the SNT

Joshua 17 in the SUSU

Joshua 17 in the SUSU2

Joshua 17 in the SYNO

Joshua 17 in the TBIAOTANT

Joshua 17 in the TBT1E

Joshua 17 in the TBT1E2

Joshua 17 in the TFTIP

Joshua 17 in the TFTU

Joshua 17 in the TGNTATF3T

Joshua 17 in the THAI

Joshua 17 in the TNFD

Joshua 17 in the TNT

Joshua 17 in the TNTIK

Joshua 17 in the TNTIL

Joshua 17 in the TNTIN

Joshua 17 in the TNTIP

Joshua 17 in the TNTIZ

Joshua 17 in the TOMA

Joshua 17 in the TTENT

Joshua 17 in the UBG

Joshua 17 in the UGV

Joshua 17 in the UGV2

Joshua 17 in the UGV3

Joshua 17 in the VBL

Joshua 17 in the VDCC

Joshua 17 in the YALU

Joshua 17 in the YAPE

Joshua 17 in the YBVTP

Joshua 17 in the ZBP