Leviticus 21 (IRVA)

1 পাছত যিহোৱাই মোচিক ক’লে: “তুমি পুৰোহিতসকলক অৰ্থাৎ হাৰোণৰ পুত্ৰসকলক কোৱা, ‘নিজ লোকসকলৰ মাজৰ কোনো মানুহ মৰিলে, তেওঁৰ বাবে কোনেও নিজকে অশুচি কৰিব নালাগে। 2 কেৱল নিজৰ ওচৰ সম্বন্ধীয়া একে তেজৰ, অৰ্থাৎ নিজৰ মাক, বাপেক, পুতেক, জীয়েক, ককায়েক আৰু ভায়েকৰ বাবে নিজকে অশুচি কৰিব পাৰে। 3 আৰু যি কন্যা ছোৱালী বিয়া হোৱা নাই, এনে ওচৰ সম্বন্ধীয়া নিজৰ বায়েক কি ভনীয়েক মৰিলে, তেওঁৰ বাবেও নিজকে অশুচি কৰিব পাৰে। 4 নিজ লোকসকলৰ মাজত এজন প্ৰধান লোক হোৱাৰ কাৰণে, তেওঁ আন লোকৰ বাবে নিজকে অপবিত্ৰ কৰিবৰ অৰ্থে নিজকে অশুচি কৰিব নোৱাৰে। 5 পুৰোহিতসকলে নিজ নিজ মুৰৰ কোনো ঠাই খুৰাই টকলা নকৰিব, দাড়িৰ চুক নুখুৰাব আৰু নিজ গা কাট-কুট নকৰিব। 6 তেওঁলোক তেওঁলোকৰ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ হ’ব, নিজৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিব। কিয়নো তেওঁলোকে যিহোৱাৰ অগ্নিকৃত উপহাৰ, নিজৰ ঈশ্বৰৰ “ভক্ষ্য” উৎসৰ্গ কৰে, এই হেতুকে তেওঁলোক পবিত্ৰ হ’ব লাগে। 7 পুৰোহিতে বেশ্যা বা ভ্ৰষ্টা মহিলা গ্ৰহণ নকৰিব আৰু স্বামীয়ে ত্যাগ কৰা মহিলা গ্ৰহণ নকৰিব, কিয়নো তেওঁ নিজ ঈশ্বৰৰ উদ্দেশ্যে পবিত্ৰ। 8 এই কাৰণে তুমি তেওঁক পবিত্ৰ কৰি ৰাখিবা; কিয়নো তেওঁ তোমাৰ ঈশ্বৰৰ ‘ভক্ষ্য দ্ৰব্য’ উৎসৰ্গ কৰে। তেওঁ তোমাৰ পক্ষে পবিত্ৰ হ’ব লাগে, কিয়নো তোমালোকক পবিত্ৰ কৰোঁতা যিহোৱা যি মই, মই পবিত্ৰ। 9 কোনো পুৰোহিতৰ জীয়েকে যদি বেশ্যা কৰ্ম কৰি নিজক অপবিত্ৰ কৰে, তেন্তে তাই নিজ বাপেককো অপবিত্ৰ কৰা হয়; তাইক জুইত পোৰা যাব। 10 আৰু নিজ ভাইসকলৰ মাজত যি প্ৰধান পুৰোহিতৰ মুৰত যি অভিষেকাৰ্থক তেল ঢলা গ’ল আৰু পবিত্ৰ বস্তুবোৰ পিন্ধিবৰ কাৰণে নিযুক্ত কৰা হ’ল, তেওঁ নিজৰ মুৰৰ চুলি মুকলিকৈ নাৰাখিব আৰু নিজৰ কাপোৰ নাফালিব। 11 তেওঁ কোনো মৰা শৱৰ ওচৰলৈ নাযাব; নিজ পিতৃ কি মাতৃৰ কাৰণেও তেওঁ নিজকে অশুচি নকৰিব। 12 ধৰ্মধামৰ পৰা বাহিৰ হৈ নাযাব আৰু নিজ ঈশ্বৰৰ ধৰ্মধাম অপবিত্ৰ নকৰিব, কিয়নো নিজ ঈশ্বৰৰ অভিষেকাৰ্থক তেল কিৰীটি স্বৰূপে তেওঁৰ মুৰত আছে। মই যিহোৱা। 13 প্রধান পুৰোহিতে কেৱল পুৰুষে স্পৰ্শ নকৰা ছোৱালীহে বিয়া কৰিব। 14 বিধৱা বা স্বামীয়ে ত্যাগ কৰা, ভ্ৰষ্টা বা বেশ্যা এনে মহিলা তেওঁ বিয়া নকৰিব। কিন্তু নিজ লোকসকলৰ মাজৰ পুৰুষে স্পৰ্শ নকৰা কোনো ছোৱালী বিয়া কৰিব। 15 তেওঁ নিজ লোকসকলৰ মাজত নিজ বংশ অপবিত্ৰ নকৰিব, কিয়নো মই তেওঁক পবিত্ৰ কৰোঁতা যিহোৱা’।” 16 যিহোৱাই মোচিক আৰু ক’লে, বোলে, 17 “তুমি হাৰোণক কোৱা, পুৰুষানুক্ৰমে তোমাৰ বংশৰ মাজত যিজনৰ গাত ঘুণ থাকিব, তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। 18 কিয়নো যিকোনো লোকৰ ঘুণ থাকিব, সি ওচৰ নাচাপিব; যেনে কণা, খোৰা, ফেঁচা-নকা, 19 অধিক অঙ্গ থকা, কি ভৰি ভগা, কি হাত ভগা, 20 কি কুজাঁ, কি বাওনা বা চকুৰ ৰোগী বা খজুলি থকা, কি নিকৰি বন্ধা, কি অণ্ডকোষ কঢ়া। 21 আদি কৰি কোনো ঘুণ থকা যি পুৰুষ হাৰোণ পুৰোহিতৰ বংশৰ মাজত থাকিব, তেওঁ যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। তেওঁৰ ঘুণ আছে; তেওঁ নিজ ঈশ্বৰৰ ‘ভক্ষ্য’ উৎসৰ্গ কৰিবলৈ ওচৰ নাচাপিব। 22 ঈশ্বৰৰ ‘ভক্ষ্য’, অৰ্থাৎ অতি পবিত্ৰ আৰু পবিত্ৰ বস্তু দুয়োকো তেওঁ ভোজন কৰিব পাৰিব। 23 কেৱল প্ৰভেদক বস্ত্ৰৰ ভিতৰলৈ নোসোমাব আৰু যজ্ঞবেদীৰ ওচৰ নাচাপিব, কিয়নো তেওঁৰ ঘুণ আছে; তাতে তেওঁ মোৰ পবিত্ৰ ঠাইবোৰ অপবিত্ৰ নকৰিব। কিয়নো মই সেই সকলোকে পবিত্ৰ কৰোঁতা যিহোৱা’।” 24 এইদৰে মোচিয়ে হাৰোণক, তেওঁৰ পুত্ৰসকলক আৰু ইস্ৰায়েলৰ আটাই সন্তানসকলক এই কথাবোৰ ক’লে।

In Other Versions

Leviticus 21 in the ANGEFD

Leviticus 21 in the ANTPNG2D

Leviticus 21 in the AS21

Leviticus 21 in the BAGH

Leviticus 21 in the BBPNG

Leviticus 21 in the BBT1E

Leviticus 21 in the BDS

Leviticus 21 in the BEV

Leviticus 21 in the BHAD

Leviticus 21 in the BIB

Leviticus 21 in the BLPT

Leviticus 21 in the BNT

Leviticus 21 in the BNTABOOT

Leviticus 21 in the BNTLV

Leviticus 21 in the BOATCB

Leviticus 21 in the BOATCB2

Leviticus 21 in the BOBCV

Leviticus 21 in the BOCNT

Leviticus 21 in the BOECS

Leviticus 21 in the BOGWICC

Leviticus 21 in the BOHCB

Leviticus 21 in the BOHCV

Leviticus 21 in the BOHLNT

Leviticus 21 in the BOHNTLTAL

Leviticus 21 in the BOICB

Leviticus 21 in the BOILNTAP

Leviticus 21 in the BOITCV

Leviticus 21 in the BOKCV

Leviticus 21 in the BOKCV2

Leviticus 21 in the BOKHWOG

Leviticus 21 in the BOKSSV

Leviticus 21 in the BOLCB

Leviticus 21 in the BOLCB2

Leviticus 21 in the BOMCV

Leviticus 21 in the BONAV

Leviticus 21 in the BONCB

Leviticus 21 in the BONLT

Leviticus 21 in the BONUT2

Leviticus 21 in the BOPLNT

Leviticus 21 in the BOSCB

Leviticus 21 in the BOSNC

Leviticus 21 in the BOTLNT

Leviticus 21 in the BOVCB

Leviticus 21 in the BOYCB

Leviticus 21 in the BPBB

Leviticus 21 in the BPH

Leviticus 21 in the BSB

Leviticus 21 in the CCB

Leviticus 21 in the CUV

Leviticus 21 in the CUVS

Leviticus 21 in the DBT

Leviticus 21 in the DGDNT

Leviticus 21 in the DHNT

Leviticus 21 in the DNT

Leviticus 21 in the ELBE

Leviticus 21 in the EMTV

Leviticus 21 in the ESV

Leviticus 21 in the FBV

Leviticus 21 in the FEB

Leviticus 21 in the GGMNT

Leviticus 21 in the GNT

Leviticus 21 in the HARY

Leviticus 21 in the HNT

Leviticus 21 in the IRVB

Leviticus 21 in the IRVG

Leviticus 21 in the IRVH

Leviticus 21 in the IRVK

Leviticus 21 in the IRVM

Leviticus 21 in the IRVM2

Leviticus 21 in the IRVO

Leviticus 21 in the IRVP

Leviticus 21 in the IRVT

Leviticus 21 in the IRVT2

Leviticus 21 in the IRVU

Leviticus 21 in the ISVN

Leviticus 21 in the JSNT

Leviticus 21 in the KAPI

Leviticus 21 in the KBT1ETNIK

Leviticus 21 in the KBV

Leviticus 21 in the KJV

Leviticus 21 in the KNFD

Leviticus 21 in the LBA

Leviticus 21 in the LBLA

Leviticus 21 in the LNT

Leviticus 21 in the LSV

Leviticus 21 in the MAAL

Leviticus 21 in the MBV

Leviticus 21 in the MBV2

Leviticus 21 in the MHNT

Leviticus 21 in the MKNFD

Leviticus 21 in the MNG

Leviticus 21 in the MNT

Leviticus 21 in the MNT2

Leviticus 21 in the MRS1T

Leviticus 21 in the NAA

Leviticus 21 in the NASB

Leviticus 21 in the NBLA

Leviticus 21 in the NBS

Leviticus 21 in the NBVTP

Leviticus 21 in the NET2

Leviticus 21 in the NIV11

Leviticus 21 in the NNT

Leviticus 21 in the NNT2

Leviticus 21 in the NNT3

Leviticus 21 in the PDDPT

Leviticus 21 in the PFNT

Leviticus 21 in the RMNT

Leviticus 21 in the SBIAS

Leviticus 21 in the SBIBS

Leviticus 21 in the SBIBS2

Leviticus 21 in the SBICS

Leviticus 21 in the SBIDS

Leviticus 21 in the SBIGS

Leviticus 21 in the SBIHS

Leviticus 21 in the SBIIS

Leviticus 21 in the SBIIS2

Leviticus 21 in the SBIIS3

Leviticus 21 in the SBIKS

Leviticus 21 in the SBIKS2

Leviticus 21 in the SBIMS

Leviticus 21 in the SBIOS

Leviticus 21 in the SBIPS

Leviticus 21 in the SBISS

Leviticus 21 in the SBITS

Leviticus 21 in the SBITS2

Leviticus 21 in the SBITS3

Leviticus 21 in the SBITS4

Leviticus 21 in the SBIUS

Leviticus 21 in the SBIVS

Leviticus 21 in the SBT

Leviticus 21 in the SBT1E

Leviticus 21 in the SCHL

Leviticus 21 in the SNT

Leviticus 21 in the SUSU

Leviticus 21 in the SUSU2

Leviticus 21 in the SYNO

Leviticus 21 in the TBIAOTANT

Leviticus 21 in the TBT1E

Leviticus 21 in the TBT1E2

Leviticus 21 in the TFTIP

Leviticus 21 in the TFTU

Leviticus 21 in the TGNTATF3T

Leviticus 21 in the THAI

Leviticus 21 in the TNFD

Leviticus 21 in the TNT

Leviticus 21 in the TNTIK

Leviticus 21 in the TNTIL

Leviticus 21 in the TNTIN

Leviticus 21 in the TNTIP

Leviticus 21 in the TNTIZ

Leviticus 21 in the TOMA

Leviticus 21 in the TTENT

Leviticus 21 in the UBG

Leviticus 21 in the UGV

Leviticus 21 in the UGV2

Leviticus 21 in the UGV3

Leviticus 21 in the VBL

Leviticus 21 in the VDCC

Leviticus 21 in the YALU

Leviticus 21 in the YAPE

Leviticus 21 in the YBVTP

Leviticus 21 in the ZBP