Malachi 2 (IRVA)
1 এতিয়া হে পুৰোহিতসকল, তোমালোকৰ প্রতি এই আজ্ঞা। 2 বাহিনীসকলৰ যিহোৱাই কৈছে, “মোৰ নামৰ মহিমা স্বীকাৰ কৰিবৰ কাৰণে তোমালোকে যদি মোৰ কথা নুশুনা আৰু মনোযোগ নিদিয়া, তেন্তে মই তোমালোকৰ ওপৰত এক শাও পঠাম আৰু তোমালোকৰ সকলো আশীৰ্ব্বাদৰ পাত্রক শাওলৈ পৰিণত কৰিম। বাস্তৱিক ইতিমধ্যে মই সকলোকে শাও দিলোঁ; কাৰণ তোমালোকে মোৰ আজ্ঞালৈ মনোযোগ দিয়া নাই। 3 চোৱা, মই তোমালোকৰ কাৰণেই তোমালোকৰ বংশধৰসকলক শাস্তি দিম। তোমালোকৰ মুখত মই উৎসৱৰ উৎসর্গিত পশুৰ বিষ্ঠা লিপি দিম আৰু তাৰেই সৈতে তোমালোকক লৈ যোৱা হ’ব।” 4 “তোমালোকে জানিবা যে, মই তোমালোকৰ ওচৰলৈ এই আজ্ঞা পঠাইছো যাতে লেবীৰ সৈতে স্থাপন কৰা মোৰ ব্যৱস্থা চলি থাকে।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে। 5 “লেবীৰ লগত মই যি ব্যৱস্থা স্থাপন কৰিছিলোঁ, সেয়া জীৱন আৰু শান্তিৰ ব্যৱস্থা; মই তেওঁক সেই দুয়োকো দিছিলোঁ; তেওঁ মোক যাতে ভয় কৰে, ই এক ভয়ৰ ব্যৱস্থাও; তেওঁ মোক সঁচাই ভয় কৰিছিল আৰু মোৰ নামত ভীত হৈছিল। 6 তেওঁৰ মুখত সত্যতাৰ শিক্ষা আছিল আৰু তেওঁৰ ওঁঠত কোনো অধর্ম পোৱা নাছিলো; তেওঁ শান্তিৰে আৰু সত্যতাৰে মোৰ লগত অহাযোৱা কৰিছিল আৰু অনেকক পাপৰ পৰা ঘূৰাইছিল। 7 এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ বাহিনীসকলৰ যিহোৱাৰ বার্তাবাহক। 8 কিন্তু তোমালোকে হ’লে সত্যৰ পথৰ পৰা এফলীয়া হৈ গ’লা; ব্যৱস্থা সম্পর্কীয় শিক্ষাত অনেকক উজুটি খুৱালা। এইদৰে লেবীৰ সৈতে হোৱা মোৰ নিয়মটি তোমালোকে নষ্ট কৰিলা।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে। 9 “সকলো লোকৰ সন্মুখত মই তোমালোকক তুচ্ছ আৰু ঘৃণাৰ পাত্র কৰিলোঁ; কাৰণ মোৰ পথত তোমালোকে চলা নাই, কিন্তু তাৰ পৰিবর্তে ব্যৱস্থাৰ বিষয়ত লোকসকলৰ লগত পক্ষপাতিত্ব কৰিলা।” 10 আমাৰ সকলোৰে পিতৃ এজনা নহয় জানো? এজনা ঈশ্বৰেই জানো আমাক স্ৰজন কৰা নাই? তেন্তে আমি কিয় প্রতিজনে নিজ নিজ ভাইলৈ বিশ্বাসঘাতকতা কৰি আমাৰ পৈতৃক ব্যৱস্থাক অপবিত্ৰ কৰোঁ? 11 যিহূদাই বিশ্বাসঘাতকতা কৰিলে; ইস্ৰায়েল আৰু যিৰূচালেমত ঘিণলগীয়া কাৰ্য কৰা হৈছে; কিয়নো যিহূদাই যিহোৱাৰ সেই পবিত্রস্থান, যাক তেওঁ প্ৰেম কৰে, তাক অপবিত্ৰ কৰিছে; যিহূদাৰ লোকে এজন বিদেশী দেৱতাৰ কন্যাক বিয়া কৰিছে। 12 যি ব্যক্তিয়ে এনেৰূপ কাৰ্য কৰে, তেওঁ যদিও বাহিনীসকলৰ যিহোৱাৰ উদ্দেশ্যে নৈবেদ্য উৎসৰ্গ কৰে, তথাপিও যিহোৱাই যাকোবৰ বংশৰ মাজৰ পৰা তেওঁক উচ্ছন্ন কৰিব। 13 তোমালোকৰ আন এটা অপকর্ম এই; তোমালোকে চকু-লো, ক্ৰন্দন আৰু বিলাপেৰে যিহোৱাৰ যজ্ঞবেদী সম্পূর্ণকৈ তিয়াই পেলাইছা; সেই কাৰণে তোমালোকে যি উৎসৰ্গ কৰে, তাৰ প্রতি তেওঁ দৃষ্টিপাত নকৰে আৰু প্ৰসন্ন হৈ তোমালোকৰ হাতৰ পৰা তাক গ্ৰহণো নকৰে। 14 তোমালোকে কোৱা, “কিয় নকৰে?” ইয়াৰ কাৰণ হৈছে, যিহোৱা তোমালোক প্রত্যেকজন লোক আৰু তেওঁৰ যৌৱনকালৰ ভার্যাৰ বিবাহৰ মাজত সাক্ষী হৈছিল; যদিও তেওঁ তোমাৰ সংগী আৰু বিবাহৰ নিয়মৰ দ্বাৰা হোৱা তোমাৰ ভার্যা, তথাপিও তুমি তেওঁৰ প্রতি বিশ্বাস-ঘাতকতা কৰিছা। 15 যিহোৱাই জানো স্বামী আৰু ভার্যাক নিজৰ আত্মাৰ এক অংশৰে এক কৰা নাই? শৰীৰ আৰু আত্মাত তেওঁলোক তেওঁৰেই। তেওঁ তেওঁলোকক কিয় এক কৰিলে? কাৰণ তেওঁ তেওঁলোকৰ দ্বাৰাই ঈশ্বৰভক্ত বংশ পাবলৈ আশা কৰি আছিল; গতিকে তোমালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হোৱা; যৌৱনকালৰ ভাৰ্য্যাৰ সৈতে কোনেও বিশ্বাস-ঘাতকতা নকৰিব। 16 “কিয়নো মই ভাৰ্য্যা ত্যাগ ঘিণ কৰোঁ” ইয়াক ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে। বাহিনীগণৰ যিহোৱাই কৈছে, “যিজনে নিজৰ বস্ত্র অত্যাচাৰেৰে ঢাকে, তেওঁক মই ঘিণ কৰোঁ;” সেয়ে আপোনালোকে নিজৰ নিজৰ আত্মাৰ বিষয়ে সাৱধান হওঁক, বিশ্বাস-ঘাতকতা নকৰিব। 17 তোমালোকে নিজৰ কথাৰ দ্বাৰাই যিহোৱাক ক্লান্ত কৰি তুলিছা; কিন্তু তোমালোকে কৈছা, “কেনেকৈ আমি তেওঁক ক্লান্ত কৰিছোঁ?” এইদৰে তোমালোকে কৰিছা, কিয়নো তোমালোকে কৈছা, “যিসকলে দুষ্কর্ম কৰে, তেওঁ যিহোৱাৰ দৃষ্টিত উত্তম আৰু তেওঁ তেওঁলোকৰ ওপৰত সন্তুষ্ট,” নাইবা তোমালোকে কৈছা, “ন্যায় বিচাৰ কৰোঁতা সেই ঈশ্বৰ ক’ত আছে?”
In Other Versions
Malachi 2 in the ANGEFD
Malachi 2 in the ANTPNG2D
Malachi 2 in the AS21
Malachi 2 in the BAGH
Malachi 2 in the BBPNG
Malachi 2 in the BBT1E
Malachi 2 in the BDS
Malachi 2 in the BEV
Malachi 2 in the BHAD
Malachi 2 in the BIB
Malachi 2 in the BLPT
Malachi 2 in the BNT
Malachi 2 in the BNTABOOT
Malachi 2 in the BNTLV
Malachi 2 in the BOATCB
Malachi 2 in the BOATCB2
Malachi 2 in the BOBCV
Malachi 2 in the BOCNT
Malachi 2 in the BOECS
Malachi 2 in the BOGWICC
Malachi 2 in the BOHCB
Malachi 2 in the BOHCV
Malachi 2 in the BOHLNT
Malachi 2 in the BOHNTLTAL
Malachi 2 in the BOICB
Malachi 2 in the BOILNTAP
Malachi 2 in the BOITCV
Malachi 2 in the BOKCV
Malachi 2 in the BOKCV2
Malachi 2 in the BOKHWOG
Malachi 2 in the BOKSSV
Malachi 2 in the BOLCB
Malachi 2 in the BOLCB2
Malachi 2 in the BOMCV
Malachi 2 in the BONAV
Malachi 2 in the BONCB
Malachi 2 in the BONLT
Malachi 2 in the BONUT2
Malachi 2 in the BOPLNT
Malachi 2 in the BOSCB
Malachi 2 in the BOSNC
Malachi 2 in the BOTLNT
Malachi 2 in the BOVCB
Malachi 2 in the BOYCB
Malachi 2 in the BPBB
Malachi 2 in the BPH
Malachi 2 in the BSB
Malachi 2 in the CCB
Malachi 2 in the CUV
Malachi 2 in the CUVS
Malachi 2 in the DBT
Malachi 2 in the DGDNT
Malachi 2 in the DHNT
Malachi 2 in the DNT
Malachi 2 in the ELBE
Malachi 2 in the EMTV
Malachi 2 in the ESV
Malachi 2 in the FBV
Malachi 2 in the FEB
Malachi 2 in the GGMNT
Malachi 2 in the GNT
Malachi 2 in the HARY
Malachi 2 in the HNT
Malachi 2 in the IRVB
Malachi 2 in the IRVG
Malachi 2 in the IRVH
Malachi 2 in the IRVK
Malachi 2 in the IRVM
Malachi 2 in the IRVM2
Malachi 2 in the IRVO
Malachi 2 in the IRVP
Malachi 2 in the IRVT
Malachi 2 in the IRVT2
Malachi 2 in the IRVU
Malachi 2 in the ISVN
Malachi 2 in the JSNT
Malachi 2 in the KAPI
Malachi 2 in the KBT1ETNIK
Malachi 2 in the KBV
Malachi 2 in the KJV
Malachi 2 in the KNFD
Malachi 2 in the LBA
Malachi 2 in the LBLA
Malachi 2 in the LNT
Malachi 2 in the LSV
Malachi 2 in the MAAL
Malachi 2 in the MBV
Malachi 2 in the MBV2
Malachi 2 in the MHNT
Malachi 2 in the MKNFD
Malachi 2 in the MNG
Malachi 2 in the MNT
Malachi 2 in the MNT2
Malachi 2 in the MRS1T
Malachi 2 in the NAA
Malachi 2 in the NASB
Malachi 2 in the NBLA
Malachi 2 in the NBS
Malachi 2 in the NBVTP
Malachi 2 in the NET2
Malachi 2 in the NIV11
Malachi 2 in the NNT
Malachi 2 in the NNT2
Malachi 2 in the NNT3
Malachi 2 in the PDDPT
Malachi 2 in the PFNT
Malachi 2 in the RMNT
Malachi 2 in the SBIAS
Malachi 2 in the SBIBS
Malachi 2 in the SBIBS2
Malachi 2 in the SBICS
Malachi 2 in the SBIDS
Malachi 2 in the SBIGS
Malachi 2 in the SBIHS
Malachi 2 in the SBIIS
Malachi 2 in the SBIIS2
Malachi 2 in the SBIIS3
Malachi 2 in the SBIKS
Malachi 2 in the SBIKS2
Malachi 2 in the SBIMS
Malachi 2 in the SBIOS
Malachi 2 in the SBIPS
Malachi 2 in the SBISS
Malachi 2 in the SBITS
Malachi 2 in the SBITS2
Malachi 2 in the SBITS3
Malachi 2 in the SBITS4
Malachi 2 in the SBIUS
Malachi 2 in the SBIVS
Malachi 2 in the SBT
Malachi 2 in the SBT1E
Malachi 2 in the SCHL
Malachi 2 in the SNT
Malachi 2 in the SUSU
Malachi 2 in the SUSU2
Malachi 2 in the SYNO
Malachi 2 in the TBIAOTANT
Malachi 2 in the TBT1E
Malachi 2 in the TBT1E2
Malachi 2 in the TFTIP
Malachi 2 in the TFTU
Malachi 2 in the TGNTATF3T
Malachi 2 in the THAI
Malachi 2 in the TNFD
Malachi 2 in the TNT
Malachi 2 in the TNTIK
Malachi 2 in the TNTIL
Malachi 2 in the TNTIN
Malachi 2 in the TNTIP
Malachi 2 in the TNTIZ
Malachi 2 in the TOMA
Malachi 2 in the TTENT
Malachi 2 in the UBG
Malachi 2 in the UGV
Malachi 2 in the UGV2
Malachi 2 in the UGV3
Malachi 2 in the VBL
Malachi 2 in the VDCC
Malachi 2 in the YALU
Malachi 2 in the YAPE
Malachi 2 in the YBVTP
Malachi 2 in the ZBP