Numbers 2 (IRVA)
1 যিহোৱাই পুনৰায় মোচি আৰু হাৰোণক ক’লে, 2 “ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকৰ নিজ নিজ সৈন্য দলৰ পিতৃ-বংশৰ পতাকাৰ গুৰিৰ চৰিওফালে তম্বু তৰি থাকিব লাগিব। তেওঁলোকৰ তম্বু সাক্ষাৎ কৰা তম্বুলৈ মুখ কৰি থাকিব লাগিব। 3 যিহূদাৰ ছাউনিৰ অধীনত থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে, পূৱদিশে থকা সাক্ষাৎ কৰা তম্বুৰ ফালে অৰ্থাৎ সূৰ্য উদয় হোৱা দিশে তম্বু তৰি যিহূদাৰ পতাকাৰ চাৰিওফালে থাকিব লাগিব। অম্মীনাদবৰ পুত্ৰ নহচোন যিহূদাৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 4 তেওঁৰ সৈন্য সমূহৰ গণিত লোক আছিল চৌসত্তৰ হাজাৰ ছশ জন। 5 তেওঁলোকৰ কাষত ইচাখৰ ফৈদে তম্বু তৰি থাকিব লাগিব। চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 6 নথনেলৰ সৈন্যৰ সংখ্যা আছিল চৌৱন্ন হাজাৰ চাৰিশ। 7 ইচাখৰৰ গোষ্ঠীৰ কাষত জবূলূনৰ গোষ্ঠীয়ে ছাউনি পাতিব লাগিব। হেলোনৰ পুত্ৰ ইলীয়াব জবূলূনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 8 জবূলূনৰ সৈন্যৰ সংখ্যা আছিল সাতাৱন হাজাৰ চাৰিশ। 9 যিহূদাৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ ছয়াশী হাজাৰ চাৰিশ জন। প্ৰথমে তেওঁলোকে ছাউনিৰ পৰা প্ৰস্থান কৰিব। 10 দক্ষিণ দিশে থকা সৈন্যদলবোৰে ৰূবেণৰ ছাউনিৰ পতাকাৰ চাৰিওফালে থাকিব। চদেয়ূৰৰ পুত্ৰ ইলীচূৰ ৰূবেণৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 11 ৰূবেনৰ সৈন্যৰ সংখ্যা আছিল ছয়চল্লিশ হাজাৰ পাঁচশ। 12 তেওঁলোকৰ কাষত চিমিয়োনৰ গোষ্ঠীয়ে তম্বু তৰি থাকিব। চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল চিমিয়োনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 13 চিমিয়োনৰ সৈন্যৰ সংখ্যা আছিল ঊনষাঠি হাজাৰ তিনিশ। 14 তেওঁলোকৰ কাষত গাদৰ ফৈদ থাকিব। ৰূৱেলৰ পুত্ৰ ইলিয়াচফ গাদৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 15 গাদৰ সৈন্যৰ সংখ্যা আছিল পঞ্চল্লিশ হাজাৰ ছশ পঞ্চাশ। 16 ৰূবেণৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ একাৱন্ন হাজাৰ চাৰিশ পঞ্চাশ জন। তেওঁলোকে দ্বিতীয় হৈ ছাউনিৰ পৰা প্ৰস্থান কৰিব। 17 তেওঁলোকৰ সৈন্যদলৰ পাছত ছাউনিবোৰৰ মাজত লেবীয়াসকলৰ ছাউনি ৰাখি, সাক্ষাৎ কৰা তম্বু নিয়া হ’ব; প্ৰতিজনে যি দৰে তম্বু তৰে, সেই দৰে নিজ নিজ শ্ৰেণীত থাকি, নিজ নিজ পতাকাৰ কাষে কাষে প্ৰস্থান কৰিব। 18 সাক্ষাৎ কৰা তম্বুৰ পশ্চিম দিশে, নিজ নিজ সৈন্যদল অনুসাৰে, ইফ্ৰয়িমৰ ফৈদে ছাউনি পাতি থাকিব। অম্মীহূদৰ পুত্ৰ ইলীচামা ইফ্ৰয়িমৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 19 ইফ্ৰয়িমৰ সৈন্যৰ সংখ্যা আছিল চল্লিশ হাজাৰ পাঁচ শ। 20 তেওঁলোকৰ কাষত মনচিৰ ফৈদ থাকিব। পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচিৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 21 মনচিৰ সৈন্যৰ সংখ্যা আছিল বত্ৰিশ হাজাৰ দুশ। 22 তেওঁলোকৰ পাছত আহিব বিন্যামীনৰ ফৈদ। গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীনৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 23 বিন্যামীনৰ সৈন্যৰ সংখ্যা আছিল পঁয়ত্ৰিশ হাজাৰ চাৰিশ। 24 ইফ্ৰয়িমৰ ছাউনিৰ গণিত লোক, নিজ নিজ সৈন্যদল অনুসাৰে, সৰ্ব্বমুঠ আছিল এক লাখ আঠ হাজাৰ এশ জন। তেওঁলোকে তৃতীয় হৈ প্ৰস্থান কৰিব। 25 সাক্ষাৎ কৰা তম্বুৰ উত্তৰ দিশে দানৰ সৈন্যদলে তেওঁলোকৰ পতাকাৰ চাৰিওফালে ছাউনি পাতিব। অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ দানৰ সন্তান সকলৰ অধ্যক্ষ হ’ব। 26 দানৰ সৈন্যৰ সংখ্যা আছিল বাষষ্ঠি হাজাৰ সাতশ। 27 তেওঁলোকৰ কাষতে আচেৰৰ ফৈদে তম্বু তৰি থাকিব। আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰৰ সন্তান সকলৰ অধ্যক্ষ হ’ব; 28 আচেৰৰ সৈন্যৰ সংখ্যা আছিল একচল্লিশ হাজাৰ পাঁচ শ। 29 তেওঁলোকৰ পাছত আহিব নপ্তালীৰ গোষ্ঠী। ঐননৰ পুত্ৰ অহীৰা নপ্তালীৰ সন্তান সকলৰ অধ্যক্ষ হ’ব; 30 নপ্তালীৰ সৈন্যৰ সংখ্যা আছিল তেপন্ন হাজাৰ চাৰিশ। 31 দানৰ ছাউনিৰ গণিত লোক সৰ্ব্বমুঠ আছিল একলাখ সাতাৱন হাজাৰ ছশ জন। তেওঁলোকে ছাউনিৰ পৰা নিজ নিজ পতাকা লৈ, শেষত প্ৰস্থান কৰিব।” 32 ইস্ৰায়েলৰ সন্তান সকলৰ পিতৃ-বংশৰ সৰ্ব্বমুঠ ছয় লাখ তিনি হাজাৰ পাঁচশ পঞ্চাশ জন সৈন্যদল অনুসাৰে ছাউনিবোৰৰ গণিত লোক আছিল। 33 কিন্তু যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে, লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গণনা কৰা নহ’ল। 34 যিহোৱাই মোচিৰ দ্ৱাৰা দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে সেই সকলো কাৰ্য কৰিলে। তেওঁলোকে নিজ নিজ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে নিজ নিজ পতাকাৰ তলত তম্বু তৰিলে আৰু সেই দৰেই প্ৰস্থান কৰিলে।
In Other Versions
Numbers 2 in the ANGEFD
Numbers 2 in the ANTPNG2D
Numbers 2 in the AS21
Numbers 2 in the BAGH
Numbers 2 in the BBPNG
Numbers 2 in the BBT1E
Numbers 2 in the BDS
Numbers 2 in the BEV
Numbers 2 in the BHAD
Numbers 2 in the BIB
Numbers 2 in the BLPT
Numbers 2 in the BNT
Numbers 2 in the BNTABOOT
Numbers 2 in the BNTLV
Numbers 2 in the BOATCB
Numbers 2 in the BOATCB2
Numbers 2 in the BOBCV
Numbers 2 in the BOCNT
Numbers 2 in the BOECS
Numbers 2 in the BOGWICC
Numbers 2 in the BOHCB
Numbers 2 in the BOHCV
Numbers 2 in the BOHLNT
Numbers 2 in the BOHNTLTAL
Numbers 2 in the BOICB
Numbers 2 in the BOILNTAP
Numbers 2 in the BOITCV
Numbers 2 in the BOKCV
Numbers 2 in the BOKCV2
Numbers 2 in the BOKHWOG
Numbers 2 in the BOKSSV
Numbers 2 in the BOLCB
Numbers 2 in the BOLCB2
Numbers 2 in the BOMCV
Numbers 2 in the BONAV
Numbers 2 in the BONCB
Numbers 2 in the BONLT
Numbers 2 in the BONUT2
Numbers 2 in the BOPLNT
Numbers 2 in the BOSCB
Numbers 2 in the BOSNC
Numbers 2 in the BOTLNT
Numbers 2 in the BOVCB
Numbers 2 in the BOYCB
Numbers 2 in the BPBB
Numbers 2 in the BPH
Numbers 2 in the BSB
Numbers 2 in the CCB
Numbers 2 in the CUV
Numbers 2 in the CUVS
Numbers 2 in the DBT
Numbers 2 in the DGDNT
Numbers 2 in the DHNT
Numbers 2 in the DNT
Numbers 2 in the ELBE
Numbers 2 in the EMTV
Numbers 2 in the ESV
Numbers 2 in the FBV
Numbers 2 in the FEB
Numbers 2 in the GGMNT
Numbers 2 in the GNT
Numbers 2 in the HARY
Numbers 2 in the HNT
Numbers 2 in the IRVB
Numbers 2 in the IRVG
Numbers 2 in the IRVH
Numbers 2 in the IRVK
Numbers 2 in the IRVM
Numbers 2 in the IRVM2
Numbers 2 in the IRVO
Numbers 2 in the IRVP
Numbers 2 in the IRVT
Numbers 2 in the IRVT2
Numbers 2 in the IRVU
Numbers 2 in the ISVN
Numbers 2 in the JSNT
Numbers 2 in the KAPI
Numbers 2 in the KBT1ETNIK
Numbers 2 in the KBV
Numbers 2 in the KJV
Numbers 2 in the KNFD
Numbers 2 in the LBA
Numbers 2 in the LBLA
Numbers 2 in the LNT
Numbers 2 in the LSV
Numbers 2 in the MAAL
Numbers 2 in the MBV
Numbers 2 in the MBV2
Numbers 2 in the MHNT
Numbers 2 in the MKNFD
Numbers 2 in the MNG
Numbers 2 in the MNT
Numbers 2 in the MNT2
Numbers 2 in the MRS1T
Numbers 2 in the NAA
Numbers 2 in the NASB
Numbers 2 in the NBLA
Numbers 2 in the NBS
Numbers 2 in the NBVTP
Numbers 2 in the NET2
Numbers 2 in the NIV11
Numbers 2 in the NNT
Numbers 2 in the NNT2
Numbers 2 in the NNT3
Numbers 2 in the PDDPT
Numbers 2 in the PFNT
Numbers 2 in the RMNT
Numbers 2 in the SBIAS
Numbers 2 in the SBIBS
Numbers 2 in the SBIBS2
Numbers 2 in the SBICS
Numbers 2 in the SBIDS
Numbers 2 in the SBIGS
Numbers 2 in the SBIHS
Numbers 2 in the SBIIS
Numbers 2 in the SBIIS2
Numbers 2 in the SBIIS3
Numbers 2 in the SBIKS
Numbers 2 in the SBIKS2
Numbers 2 in the SBIMS
Numbers 2 in the SBIOS
Numbers 2 in the SBIPS
Numbers 2 in the SBISS
Numbers 2 in the SBITS
Numbers 2 in the SBITS2
Numbers 2 in the SBITS3
Numbers 2 in the SBITS4
Numbers 2 in the SBIUS
Numbers 2 in the SBIVS
Numbers 2 in the SBT
Numbers 2 in the SBT1E
Numbers 2 in the SCHL
Numbers 2 in the SNT
Numbers 2 in the SUSU
Numbers 2 in the SUSU2
Numbers 2 in the SYNO
Numbers 2 in the TBIAOTANT
Numbers 2 in the TBT1E
Numbers 2 in the TBT1E2
Numbers 2 in the TFTIP
Numbers 2 in the TFTU
Numbers 2 in the TGNTATF3T
Numbers 2 in the THAI
Numbers 2 in the TNFD
Numbers 2 in the TNT
Numbers 2 in the TNTIK
Numbers 2 in the TNTIL
Numbers 2 in the TNTIN
Numbers 2 in the TNTIP
Numbers 2 in the TNTIZ
Numbers 2 in the TOMA
Numbers 2 in the TTENT
Numbers 2 in the UBG
Numbers 2 in the UGV
Numbers 2 in the UGV2
Numbers 2 in the UGV3
Numbers 2 in the VBL
Numbers 2 in the VDCC
Numbers 2 in the YALU
Numbers 2 in the YAPE
Numbers 2 in the YBVTP
Numbers 2 in the ZBP