Numbers 8 (IRVA)
1 যিহোৱাই মোচিক ক’লে, 2 “তুমি হাৰোণক কোৱা বোলে, ‘যেতিয়া তুমি প্ৰদীপবোৰ জ্বলাবা, তেতিয়া সেই সাতোটা প্ৰদীপ দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ ৰাখিবা’।” 3 তেতিয়া হাৰোণে সেইদৰে কৰিলে। মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰেই দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ তেওঁ প্ৰদীপবোৰ জ্বলালে। 4 সেই দীপাধাৰ এইদৰে সজা হৈছিল: দীপাধাৰটো তলৰ পৰা ওপৰলৈ সোণৰে পিটাই সজা হৈছিল আৰু তাৰ ওপৰটো ফুলৰ আকৃতিত সজা হৈছিল; যিহোৱাই মোচিক এইদৰেই দীপাধাৰটো সাজিবলৈ কৈছিল। 5 যিহোৱাই মোচিক পুনৰায় ক’লে, 6 “তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক লৈ, তেওঁলোকক শুচি কৰা। 7 তেওঁলোকক শুচি কৰিবলৈ, তেওঁলোকলৈ এই কাম কৰা; তেওঁলোকৰ ওপৰত পাপ নাশক জল ছটিওৱা, আৰু তেওঁলোকৰ প্রতিজনে নিজ গোটেই গাৰ চুলি ক্ষুৰাই আৰু কাপোৰ ধুই নিজকে শুচি কৰক। 8 তাৰ পাছত তেওঁলোকে এটা দমৰা ষাঁড়-গৰু আৰু তেল মিহলোৱা মিহি আটাগুড়িৰে যুগুত কৰক তাৰ ভক্ষ্য নৈবেদ্য আনক; আৰু পাপাৰ্থক বলিৰ কাৰণে আৰু এটা দমৰা গৰু লওঁক। 9 তুমি লেবীয়াসকলক সাক্ষাৎ কৰা তন্বুৰ আগত উপস্থিত কৰাবা, আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীক একত্রিত কৰাবা। 10 তাৰ পাছত লেবীয়াসকলক মোৰ আগত উপস্থিত কৰাবা। ইস্ৰায়েলৰ সন্তান সকলে লেবীয়াসকলৰ গাত হাত দিব লাগিব। 11 ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হাৰোণে মোৰ আগত লেবীয়াসকলক উৎসৰ্গ কৰিব যাতে তেওঁলোক মোৰ সেৱাৰ কাৰ্যত নিযুক্ত হ’ব। 12 পাছত লেবীয়াসকলে সেই দুটা দমৰা ষাঁড়-গৰুৰ মূৰত হাত দিব; আৰু তুমি লেবীয়াসকলক প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা দমৰা ষাঁড়-গৰু পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা। 13 এইদৰে তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আগত লেবীয়াসকলক উপস্থিত কৰাবা আৰু তেওঁলোকক মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা। 14 এইদৰে তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক পৃথক কৰিবা; আৰু লেবীয়াসকল মোৰেই হ’ব। 15 তাৰ পাছত লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ সেই ঠাইত সোমাব। এইদৰে তুমি তেওঁলোকক শুচি কৰিবা আৰু মোলৈ তেওঁলোকক উৎসৰ্গ কৰিবা। 16 তুমি ইয়াকে কৰিবা কিয়নো তেওঁলোকক সম্পূৰ্ণৰূপে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা মোক দিয়া হ’ল। তেওঁলোকে ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ গৰ্ভ ভেদ কৰি সকলো প্ৰথমে জন্মাসকলৰ সলনি তেওঁলোকক মোৰ কাৰণে গ্ৰহণ কৰিলোঁ। 17 কাৰণ মানুহেই হওঁক বা পশুৱেই হওঁক, ইস্ৰায়েলৰ মাজত প্ৰথমে জন্মা সকলো মোৰেই; যিদিনা মই মিচৰ দেশৰ পৰা প্ৰথমে জন্মা সকলোকে মাৰিলোঁ, সেই দিনা মোৰ কাৰণে তেওঁলোকক পবিত্ৰ কৰিছিলোঁ।। 18 এই কাৰণে ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা সকলো সন্তান সকলৰ সলনি মই লেবীয়াসকলক গ্ৰহণ কৰিলোঁ। 19 আৰু সাক্ষাৎ কৰা তম্বুত ইস্ৰায়েলৰ সন্তান সকলে কৰিবলগীয়া কাৰ্য কৰিবলৈ আৰু ইস্ৰায়েলৰ সন্তান সকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দানস্বৰূপে দিলোঁ; যাতে ইস্ৰায়েলৰ সন্তান সকলে পবিত্ৰ স্থানৰ ওচৰ চাপিলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত কোনো আপদ নঘটিব।” 20 মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে লেবীয়াসকললৈ এই দৰে কৰিলে। যিহোৱাই লেবীয়াসকলৰ বিষয়ে মোচিক দিয়া সকলো আদেশ অনুসাৰেই, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে। 21 লেবীয়াসকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে; আৰু হাৰোণে তেওঁলোকক যিহোৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক শুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়শ্চিত্ত কৰিলে। 22 তেতিয়াৰে পৰা লেবীয়াসকলে হাৰোণৰ আগত আৰু তেওঁৰ পুত্ৰসকলৰ আগত সাক্ষাৎ কৰা তম্বুত নিজ নিজ কাৰ্য কৰিবলৈ সোমাল। লেবীয়াসকলৰ বিষয়ে যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰেই তেওঁলোকে সেইদৰেই তেওঁলোকলৈ কাৰ্য কৰিলে। 23 পাছত যিহোৱাই পুনৰায় মোচিক কলে, 24 “লেবীয়াসকলৰ বিষয়ে এই নিয়ম - পঁচিশ বছৰ বয়সৰে পৰা লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুত কাম কৰিবলৈ কৰ্মকাৰীসকলৰ শ্ৰেণীত সোমাব। 25 আৰু পঞ্চাশ বছৰ বয়স হ’লে, সেই কৰ্মকাৰীসকলৰ শ্ৰেণীৰ পৰা ওলাব আৰু সেই কাম বন্ধ কৰিব। 26 তেওঁলোকে সাক্ষাৎ কৰা তম্বুত বস্তুৰ বুজ-বিচাৰ লৈ নিজৰ ভাইসকলৰ সহায় কৰোঁতা হ’ব কিন্তু সেৱাকৰ্ম আৰু নকৰিব। লেবীয়াসকলে কৰিবলগীয়া কাৰ্যৰ বিষয়ে তুমি তেওঁলোকলৈ এইদৰে কৰিবা।”
In Other Versions
Numbers 8 in the ANGEFD
Numbers 8 in the ANTPNG2D
Numbers 8 in the AS21
Numbers 8 in the BAGH
Numbers 8 in the BBPNG
Numbers 8 in the BBT1E
Numbers 8 in the BDS
Numbers 8 in the BEV
Numbers 8 in the BHAD
Numbers 8 in the BIB
Numbers 8 in the BLPT
Numbers 8 in the BNT
Numbers 8 in the BNTABOOT
Numbers 8 in the BNTLV
Numbers 8 in the BOATCB
Numbers 8 in the BOATCB2
Numbers 8 in the BOBCV
Numbers 8 in the BOCNT
Numbers 8 in the BOECS
Numbers 8 in the BOGWICC
Numbers 8 in the BOHCB
Numbers 8 in the BOHCV
Numbers 8 in the BOHLNT
Numbers 8 in the BOHNTLTAL
Numbers 8 in the BOICB
Numbers 8 in the BOILNTAP
Numbers 8 in the BOITCV
Numbers 8 in the BOKCV
Numbers 8 in the BOKCV2
Numbers 8 in the BOKHWOG
Numbers 8 in the BOKSSV
Numbers 8 in the BOLCB
Numbers 8 in the BOLCB2
Numbers 8 in the BOMCV
Numbers 8 in the BONAV
Numbers 8 in the BONCB
Numbers 8 in the BONLT
Numbers 8 in the BONUT2
Numbers 8 in the BOPLNT
Numbers 8 in the BOSCB
Numbers 8 in the BOSNC
Numbers 8 in the BOTLNT
Numbers 8 in the BOVCB
Numbers 8 in the BOYCB
Numbers 8 in the BPBB
Numbers 8 in the BPH
Numbers 8 in the BSB
Numbers 8 in the CCB
Numbers 8 in the CUV
Numbers 8 in the CUVS
Numbers 8 in the DBT
Numbers 8 in the DGDNT
Numbers 8 in the DHNT
Numbers 8 in the DNT
Numbers 8 in the ELBE
Numbers 8 in the EMTV
Numbers 8 in the ESV
Numbers 8 in the FBV
Numbers 8 in the FEB
Numbers 8 in the GGMNT
Numbers 8 in the GNT
Numbers 8 in the HARY
Numbers 8 in the HNT
Numbers 8 in the IRVB
Numbers 8 in the IRVG
Numbers 8 in the IRVH
Numbers 8 in the IRVK
Numbers 8 in the IRVM
Numbers 8 in the IRVM2
Numbers 8 in the IRVO
Numbers 8 in the IRVP
Numbers 8 in the IRVT
Numbers 8 in the IRVT2
Numbers 8 in the IRVU
Numbers 8 in the ISVN
Numbers 8 in the JSNT
Numbers 8 in the KAPI
Numbers 8 in the KBT1ETNIK
Numbers 8 in the KBV
Numbers 8 in the KJV
Numbers 8 in the KNFD
Numbers 8 in the LBA
Numbers 8 in the LBLA
Numbers 8 in the LNT
Numbers 8 in the LSV
Numbers 8 in the MAAL
Numbers 8 in the MBV
Numbers 8 in the MBV2
Numbers 8 in the MHNT
Numbers 8 in the MKNFD
Numbers 8 in the MNG
Numbers 8 in the MNT
Numbers 8 in the MNT2
Numbers 8 in the MRS1T
Numbers 8 in the NAA
Numbers 8 in the NASB
Numbers 8 in the NBLA
Numbers 8 in the NBS
Numbers 8 in the NBVTP
Numbers 8 in the NET2
Numbers 8 in the NIV11
Numbers 8 in the NNT
Numbers 8 in the NNT2
Numbers 8 in the NNT3
Numbers 8 in the PDDPT
Numbers 8 in the PFNT
Numbers 8 in the RMNT
Numbers 8 in the SBIAS
Numbers 8 in the SBIBS
Numbers 8 in the SBIBS2
Numbers 8 in the SBICS
Numbers 8 in the SBIDS
Numbers 8 in the SBIGS
Numbers 8 in the SBIHS
Numbers 8 in the SBIIS
Numbers 8 in the SBIIS2
Numbers 8 in the SBIIS3
Numbers 8 in the SBIKS
Numbers 8 in the SBIKS2
Numbers 8 in the SBIMS
Numbers 8 in the SBIOS
Numbers 8 in the SBIPS
Numbers 8 in the SBISS
Numbers 8 in the SBITS
Numbers 8 in the SBITS2
Numbers 8 in the SBITS3
Numbers 8 in the SBITS4
Numbers 8 in the SBIUS
Numbers 8 in the SBIVS
Numbers 8 in the SBT
Numbers 8 in the SBT1E
Numbers 8 in the SCHL
Numbers 8 in the SNT
Numbers 8 in the SUSU
Numbers 8 in the SUSU2
Numbers 8 in the SYNO
Numbers 8 in the TBIAOTANT
Numbers 8 in the TBT1E
Numbers 8 in the TBT1E2
Numbers 8 in the TFTIP
Numbers 8 in the TFTU
Numbers 8 in the TGNTATF3T
Numbers 8 in the THAI
Numbers 8 in the TNFD
Numbers 8 in the TNT
Numbers 8 in the TNTIK
Numbers 8 in the TNTIL
Numbers 8 in the TNTIN
Numbers 8 in the TNTIP
Numbers 8 in the TNTIZ
Numbers 8 in the TOMA
Numbers 8 in the TTENT
Numbers 8 in the UBG
Numbers 8 in the UGV
Numbers 8 in the UGV2
Numbers 8 in the UGV3
Numbers 8 in the VBL
Numbers 8 in the VDCC
Numbers 8 in the YALU
Numbers 8 in the YAPE
Numbers 8 in the YBVTP
Numbers 8 in the ZBP