Philemon 1 (IRVA)

1 আমাৰ প্ৰিয় ভাই আৰু সহকৰ্মী ফিলীমনৰ প্রতি, খ্ৰীষ্ট যীচুৰ বন্দীয়াৰ পৌল আৰু আমাৰ ভাই তীমথিয়; 2 আৰু আমাৰ ভনী আপ্পিয়া, সহসেনা আর্খিপ্প আৰু তোমাৰ ঘৰত গোট খোৱা মণ্ডলীৰ প্রতি, 3 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অনুগ্রহ আৰু শান্তি কামনা কৰিলোঁ। 4 মোৰ প্ৰাৰ্থনাত মই তোমাৰ নাম উল্লেখ কৰি, সদায় মোৰ ঈশ্বৰৰ ধন্যবাদ দিওঁ, 5 প্রভু যীচুৰ প্রতি তোমাৰ বিশ্বাস আৰু ঈশ্বৰৰ সকলো পবিত্র লোকৰ প্রতি থকা তোমাৰ প্রেমৰ কথা শুনিবলৈ পালোঁ। 6 তোমাৰ বিশ্বাসৰ সহভাগিতা যেন আমাৰ লগত থকা সকলো উত্তম বিষয়ৰ জ্ঞানত খ্ৰীষ্টৰ অৰ্থে কাৰ্যসাধক হয়, এনে প্ৰাৰ্থনা কৰোঁ। 7 হে ভাই, তোমাৰ প্রেমত মই অতি আনন্দ আৰু সান্ত্বনা পালোঁ, কিয়নো তোমাৰ দ্বাৰা ঈশ্বৰৰ পবিত্র লোক সকলৰ হৃদয় পুনৰাই সজীৱ কৰা হ’ল। 8 গতিকে যি উচিত সেইটো কৰিবৰ বাবে তোমাক আজ্ঞা দিবলৈ যীচু খ্রীষ্টত মোৰ সাহস আছে, 9 তথাপি মই তোমাক, তোমাৰ প্ৰেমৰ কাৰণে ইয়াৰ পৰিৱর্তে অনুৰোধ কৰোঁ। মই পৌল, বৃদ্ধ হৈছোঁ আৰু এতিয়া খ্রীষ্ট যীচুৰ কাৰণে মই বন্দী। 10 মোৰ বন্দী অৱস্থাত জন্মা পুত্র ওনীচিমৰ প্রসংগত মই তোমাক অনুৰোধ কৰোঁ; 11 তেওঁ আগেয়ে তোমাৰ অনুপকাৰী আছিল কিন্তু এতিয়া তোমাৰ আৰু মোৰ বাবেও উপকাৰী হ’ল। 12 যি জন মোৰ প্ৰাণৰ প্ৰিয়, তেওঁকেই মই তোমাৰ ওচৰলৈ উভতাই পঠালোঁ। 13 শুভবাৰ্তাৰ কাৰণে হোৱা মোৰ বন্ধনত, তোমাৰ সলনি তেওঁ যেন মোৰ পৰিচৰ্যা কৰে, এই কাৰণে মই তেওঁক লগত ৰাখিব খুজিছিলোঁ৷ 14 কিন্তু তোমাৰ অনুমতি অবিহনে মই একো কৰিবলৈ আৱশ্যক নেদেখিলোঁ, সেয়েহে তোমাৰ সৎ গুণ উপায়ন্তৰ হৈ কৰা নহওক, কিন্তু স্ব-ইচ্ছাৰে হওক। 15 সম্ভৱত: তেওঁক চিৰকাল পাবৰ বাবে, তোমাৰ পৰা কিছু সময়ৰ কাৰণে পৃথক কৰা হৈছিল। 16 এজন দাসৰ দৰে নহয় কিন্তু দাসতকৈ শ্রেষ্ঠ, বিশেষকৈ মোৰ বাবে এজন প্রিয় ভাইৰ দৰে; মাংস আৰু প্রভু উভয়তে তোমালৈ অধিক প্রিয়। 17 যদি তুমি মোক সহভাগী বুলি গণ্য কৰা তেনেহলে মোৰ তুল্য বুলি তেওঁক গ্ৰহণ কৰিবা। 18 আৰু তেওঁ যদি তোমাক কিবা অন্যায় কৰিলে বা ধৰুৱা হৈছে, তেনেহলে তাক মোৰ বুলিয়েই গণনা কৰিবা। 19 মই পৌল, নিজ মনৰ সৈতে নিজ হাতে লিখিলোঁ, মই পৰিশোধ কৰিম। তোমাৰ জীৱনৰ কাৰণে তুমি যে মোৰ ওচৰত ঋণী, সেই বিষয়ে মই নকওঁ। 20 হয় ভাই, প্রভুত মোক আনন্দিত হবলৈ দিয়া আৰু খ্রীষ্টত মোৰ প্ৰাণ পুনৰ সতেজ কৰা। 21 তোমাৰ আনুগত্যতাত আত্মবিশ্বাস আছে, সেয়েহে মই তোমালৈ লিখিলোঁ, তুমি মই কোৱাতকৈও অধিক কৰিবা বুলি জানিছোঁ। 22 কিন্তু সেই একে সময়তে, মোলৈ এটা থকা ঠাই যুগুত কৰি ৰাখিবা; মই আশা কৰোঁ তোমালোকৰ প্ৰাৰ্থনাৰ দ্বাৰাই মই তোমালোকৰ ওচৰলৈ আহিবলৈ অনুমতি পালোঁ। 23 খ্ৰীষ্ট যীচুৰ সম্বন্ধে মোৰ লগৰ বন্দীয়াৰ ইপাফ্ৰাই তোমাক মঙ্গলবাদ কৰিছে; 24 আৰু মাৰ্ক, আৰিষ্টাৰ্খ, দীমা আৰু লূক, মোৰ এই সহকাৰী সকলেও মঙ্গলবাদ কৰিছে। 25 আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক। আমেন।

In Other Versions

Philemon 1 in the ANGEFD

Philemon 1 in the ANTPNG2D

Philemon 1 in the AS21

Philemon 1 in the BAGH

Philemon 1 in the BBPNG

Philemon 1 in the BBT1E

Philemon 1 in the BDS

Philemon 1 in the BEV

Philemon 1 in the BHAD

Philemon 1 in the BIB

Philemon 1 in the BLPT

Philemon 1 in the BNT

Philemon 1 in the BNTABOOT

Philemon 1 in the BNTLV

Philemon 1 in the BOATCB

Philemon 1 in the BOATCB2

Philemon 1 in the BOBCV

Philemon 1 in the BOCNT

Philemon 1 in the BOECS

Philemon 1 in the BOGWICC

Philemon 1 in the BOHCB

Philemon 1 in the BOHCV

Philemon 1 in the BOHLNT

Philemon 1 in the BOHNTLTAL

Philemon 1 in the BOICB

Philemon 1 in the BOILNTAP

Philemon 1 in the BOITCV

Philemon 1 in the BOKCV

Philemon 1 in the BOKCV2

Philemon 1 in the BOKHWOG

Philemon 1 in the BOKSSV

Philemon 1 in the BOLCB

Philemon 1 in the BOLCB2

Philemon 1 in the BOMCV

Philemon 1 in the BONAV

Philemon 1 in the BONCB

Philemon 1 in the BONLT

Philemon 1 in the BONUT2

Philemon 1 in the BOPLNT

Philemon 1 in the BOSCB

Philemon 1 in the BOSNC

Philemon 1 in the BOTLNT

Philemon 1 in the BOVCB

Philemon 1 in the BOYCB

Philemon 1 in the BPBB

Philemon 1 in the BPH

Philemon 1 in the BSB

Philemon 1 in the CCB

Philemon 1 in the CUV

Philemon 1 in the CUVS

Philemon 1 in the DBT

Philemon 1 in the DGDNT

Philemon 1 in the DHNT

Philemon 1 in the DNT

Philemon 1 in the ELBE

Philemon 1 in the EMTV

Philemon 1 in the ESV

Philemon 1 in the FBV

Philemon 1 in the FEB

Philemon 1 in the GGMNT

Philemon 1 in the GNT

Philemon 1 in the HARY

Philemon 1 in the HNT

Philemon 1 in the IRVB

Philemon 1 in the IRVG

Philemon 1 in the IRVH

Philemon 1 in the IRVK

Philemon 1 in the IRVM

Philemon 1 in the IRVM2

Philemon 1 in the IRVO

Philemon 1 in the IRVP

Philemon 1 in the IRVT

Philemon 1 in the IRVT2

Philemon 1 in the IRVU

Philemon 1 in the ISVN

Philemon 1 in the JSNT

Philemon 1 in the KAPI

Philemon 1 in the KBT1ETNIK

Philemon 1 in the KBV

Philemon 1 in the KJV

Philemon 1 in the KNFD

Philemon 1 in the LBA

Philemon 1 in the LBLA

Philemon 1 in the LNT

Philemon 1 in the LSV

Philemon 1 in the MAAL

Philemon 1 in the MBV

Philemon 1 in the MBV2

Philemon 1 in the MHNT

Philemon 1 in the MKNFD

Philemon 1 in the MNG

Philemon 1 in the MNT

Philemon 1 in the MNT2

Philemon 1 in the MRS1T

Philemon 1 in the NAA

Philemon 1 in the NASB

Philemon 1 in the NBLA

Philemon 1 in the NBS

Philemon 1 in the NBVTP

Philemon 1 in the NET2

Philemon 1 in the NIV11

Philemon 1 in the NNT

Philemon 1 in the NNT2

Philemon 1 in the NNT3

Philemon 1 in the PDDPT

Philemon 1 in the PFNT

Philemon 1 in the RMNT

Philemon 1 in the SBIAS

Philemon 1 in the SBIBS

Philemon 1 in the SBIBS2

Philemon 1 in the SBICS

Philemon 1 in the SBIDS

Philemon 1 in the SBIGS

Philemon 1 in the SBIHS

Philemon 1 in the SBIIS

Philemon 1 in the SBIIS2

Philemon 1 in the SBIIS3

Philemon 1 in the SBIKS

Philemon 1 in the SBIKS2

Philemon 1 in the SBIMS

Philemon 1 in the SBIOS

Philemon 1 in the SBIPS

Philemon 1 in the SBISS

Philemon 1 in the SBITS

Philemon 1 in the SBITS2

Philemon 1 in the SBITS3

Philemon 1 in the SBITS4

Philemon 1 in the SBIUS

Philemon 1 in the SBIVS

Philemon 1 in the SBT

Philemon 1 in the SBT1E

Philemon 1 in the SCHL

Philemon 1 in the SNT

Philemon 1 in the SUSU

Philemon 1 in the SUSU2

Philemon 1 in the SYNO

Philemon 1 in the TBIAOTANT

Philemon 1 in the TBT1E

Philemon 1 in the TBT1E2

Philemon 1 in the TFTIP

Philemon 1 in the TFTU

Philemon 1 in the TGNTATF3T

Philemon 1 in the THAI

Philemon 1 in the TNFD

Philemon 1 in the TNT

Philemon 1 in the TNTIK

Philemon 1 in the TNTIL

Philemon 1 in the TNTIN

Philemon 1 in the TNTIP

Philemon 1 in the TNTIZ

Philemon 1 in the TOMA

Philemon 1 in the TTENT

Philemon 1 in the UBG

Philemon 1 in the UGV

Philemon 1 in the UGV2

Philemon 1 in the UGV3

Philemon 1 in the VBL

Philemon 1 in the VDCC

Philemon 1 in the YALU

Philemon 1 in the YAPE

Philemon 1 in the YBVTP

Philemon 1 in the ZBP