Psalms 47 (IRVA)
1 হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া;আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা। 2 সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক;সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা। 3 তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে,জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে। 4 তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে;সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা) 5 ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে;যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে। 6 তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,প্ৰশংসাৰ গান কৰা;তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা,প্রশংসাৰ গান কৰা। 7 কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা;তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা। 8 সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে;তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে। 9 জাতি সমূহৰ ৰাজপুত্রসকল গোট খাইছে;অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে;কিয়নো পৃথিবীৰ ঢালবোৰ ঈশ্বৰৰ;তেৱেঁই সবাতোকৈ মহান।