2 Chronicles 18 (IRVA)

1 সেই সময়ত যিহোচাফটে অধিক ধন আৰু সন্মান লাভ কৰিলে; আৰু তেওঁ আহাবৰ লগত মিতিৰ পাতিলে। 2 কেইবছৰ মানৰ পাছত তেওঁ চমৰিয়ালৈ আহাবৰ ওচৰলৈ নামি গ’ল৷ আহাবে তেওঁৰ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে অনেক ভেড়া, ছাগলী আৰু গৰু মাৰিলে৷ আনকি আহাবে তেওঁৰ লগত ৰামোৎ-গিলিয়দ আটক কৰিবলৈ তেওঁক ৰাজী কৰালে। 3 ইস্ৰায়েলৰ আহাব ৰজাই যিহূদাৰ ৰজা যিহোচাফটক ক’লে, “আপুনি ৰামোৎ-গিলিয়দলৈ মোৰ লগত যাব নে?” তাতে যিহোচাফতে উত্তৰ দি ক’লে, “আপুনি যেনে ময়ো তেনে আৰু মোৰ প্ৰজা যেনে আপোনাৰ প্ৰজাও তেনে; সেই যুদ্ধত আমি আপোনাৰ লগত উপস্থিত থাকিম।” 4 যিহোচাফটে ইস্ৰায়েল ৰজাৰ আগত পুনৰ ক’লে, “মই বিনয় কৰোঁ, যিহোৱাৰ বাক্য কি, সেই বিষয়ে তেওঁক সোধক৷” 5 তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “আমি ৰামোৎ-গিলিয়দলৈ যুদ্ধ কৰিবলৈ যাম নে, নে মই ক্ষান্ত হৈ থাকিম?” তাতে তেওঁলোকে ক’লে, “যাওঁক, কিয়নো ঈশ্বৰে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।” 6 কিন্তু যিহোচাফটে ক’লে, “আমি উপদেশ বিচৰা অর্থে যিহোৱাৰ এনে কোনো ভাববাদী ইয়াত আছে নে?” 7 তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “আমি যাৰ দ্বাৰাই যিহোৱাক সুধিব পাৰোঁ, এনে এজন লোক আছে; কিন্তু মই তেওঁক ঘিণ কৰোঁ কিয়নো তেওঁ মোৰ বিষয়ে কেতিয়াও মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, সদায় কেৱল অমঙ্গলহে প্ৰচাৰ কৰে; তেওঁ যিম্লাৰ পুত্ৰ মীখায়া।” তেতিয়া যিহোচাফতে ক’লে, “মহাৰাজে যেন তেনে কথা নকওঁক।” 8 তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁৰ এজন নপুংসকক আজ্ঞা দি ক’লে, “যিম্লাৰ পুত্ৰ মীখায়াক বেগাই আনাগৈ।” 9 সেই সময়ত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ যিহোচাফট ৰজাই নিজ নিজ ৰাজবস্ত্ৰ পিন্ধি, চমৰিয়াৰ প্ৰবেশ স্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল আৰু আটাই ভাববাদীসকলে তেওঁলোকৰ আগত ভাববাণী প্ৰচাৰ কৰি আছিল। 10 কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ বাবে লোহাৰ শিং এযোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে:ইয়াৰ দ্বাৰাই আপুনি অৰামীয়াসকলক সংহাৰ নকৰালৈকে খুচি থাকিব।” 11 তাতে আন সকলো ভাববাদীসকলেও সেই দৰে ভাববাণী প্ৰচাৰ কৰি ক’লে, “আপুনি ৰামোৎ-গিলিয়দ আক্ৰমণ কৰক, তাতে আপুনি জয়ী হ’ব কিয়নো যিহোৱাই তাক মহাৰাজৰ হাতত শোধাই দিলে।” 12 পাছত যি দূতজনে মীখায়াক মাতিবলৈ গৈছিল তেওঁ তেওঁক ক’লে, “চাওঁক, ভাববাদীসকলে একে মুখেৰে ৰজাৰ আগত মঙ্গলৰ কথা কৈছে, মই বিনয় কৰোঁ, আপোনাৰ বাক্যও তেওঁলোকৰ এজনৰ বাক্যৰ নিচিনা হওঁক; আপুনিও যেন মঙ্গলৰ বাক্য কয়৷”। 13 তেতিয়া মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, মোৰ ঈশ্বৰে মোক যি ক’ব, মই সেয়ে হে ক’ম।” 14 যেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহিল তেতিয়া ৰজাই তেওঁক সুধিলে, “হে মীখায়া, আমি যুদ্ধ কৰিবলৈ ৰামোৎ-গিলিয়দলৈ যাম নে? নে মই ক্ষান্ত হ’ম?” তাতে তেওঁ ক’লে, “যাওঁক, আৰু আপোনালোক জয়ী হওঁক! তেওঁলোকক আপোনালোকৰ হাতত সমৰ্পণ কৰা হ’ব।” 15 তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি যিহোৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক’বলৈ, মই তোমাক কিমানবাৰ শপত খুৱাম?” 16 তেতিয়া তেওঁ ক’লে, “মই গোটেই ইস্ৰায়েলক ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনাকৈ পৰ্বতবোৰৰ ওপৰত ছিন্ন-ভিন্ন হৈ থকা দেখিলোঁ আৰু যিহোৱাই ক’লে, ‘তেওঁলোকৰ গৰাকী নাই৷ প্ৰতি জনে নিজ নিজ ঘৰলৈ শান্তিৰে ঘূৰি যাওঁক’।” 17 তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰি কেৱল অমঙ্গল হে প্ৰচাৰ কৰিব, সেই বিষয়ে জানো মই পূৰ্বেই আপোনাৰ আগত কোৱা নাই?” 18 তাতে মীখায়াই ক’লে, “বাৰু, তোমালোক সকলোৱে যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ আৰু তেওঁৰ সোঁফালে আৰু বাওঁফালে স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল। 19 তেতিয়া যিহোৱাই ক’লে, ‘ইস্ৰায়েলৰ আহাব ৰজা গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক প্ৰলোভিত কৰিব?’ তেতিয়া কোনোৱে এক ভাবে আৰু আন কোনোৱে আন ভাবে উত্তৰ দিলে। 20 তেতিয়া এক আত্মাই আগলৈ ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক প্ৰলোভিত কৰিম।’ তাতে যিহোৱাই ক’লে, ‘কেনেকৈ?’ 21 তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’ 22 এই হেতুকে, চোৱা, যিহোৱাই তোমাৰ এই সকলো ভাববাদীসলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু যিহোৱাই তোমাৰ বিষয়ে অমঙ্গলৰ কথা ক’লে। 23 তেতিয়া কনানাৰ পুত্ৰ চিদিকিয়াই মীখায়াৰ ওচৰলৈ আহি তেওঁৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা কোন পথেদি গ’ল?” 24 তাতে মীখায়াই ক’লে, “চোৱা, যি দিনা তুমি লুকাবৰ কাৰণে ভিতৰ কোঠালিলৈ সোমাই যাবা, সেই দিনাই সেই বিষয়ে জানিবা।” 25 পাছত ইস্ৰায়েলৰ ৰজাই তেওঁৰ কিছুমান দাসক আজ্ঞা কৰিলে বোলে, “মীখায়াক ধৰি নগৰৰ অধ্যক্ষ অমোনৰ আৰু মোৰ পুত্ৰ ৰাজকোঁৱৰ যোৱাচৰ ওচৰলৈ লৈ যোৱা৷ 26 আৰু ক’বা, ‘ৰজাই এইদৰে কৈছে, এই জন ব্যক্তিক বন্দীশালত বন্ধ কৰি থ’বা আৰু মই নিৰাপদে ঘূৰি নহালৈকে তেওঁক খাবৰ বাবে সামান্য অন্ন আৰু সামান্য জল দিবা’৷” 27 মীখায়াই ক’লে, “তুমি যদি নিৰাপদে ঘূৰি আহা, তেনেহ’লে যিহোৱাই মোৰ দ্ৱাৰাই এই বাক্য কোৱা নাই।” তেওঁ পুনৰ ক’লে, “এই বিষয়ে সকলোৱে শুনা।” 28 তাৰ পাছত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে উঠিল। 29 ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “মই অন্য বেশ ধৰি যুদ্ধত যাম কিন্তু আপুনি হ’লে আপোনাৰ ৰাজ বস্ত্ৰ পিন্ধি থাকক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই অন্য বেশ ধৰিলে আৰু তেওঁলোক যুদ্ধ কৰিবলৈ গ’ল। 30 কিন্তু অৰামৰ ৰজাই তেওঁৰ ৰথৰ অধ্যক্ষসকলক এই আজ্ঞা দিছিল বোলে, তোমালোকে ইস্ৰায়েলৰ ৰজাৰ সৰু কি বৰ আন কাৰোঁ লগত যুদ্ধ নকৰিবা। কেৱল ইস্ৰায়েলৰ ৰজাক হে আটক কৰিবা৷ 31 এই হেতুকে ৰথৰ অধ্যক্ষসকলে যিহোচাফটক দেখি, “এৱেই ইস্ৰায়েলৰ ৰজা”, এই বুলি, তেওঁৰ লগত যুদ্ধ কৰিবলৈ এফলীয়া হৈ গ’ল; তাতে যিহোচাফটে আটাহ পাৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁক সহায় কৰিলে আৰু তেওঁৰ ওচৰৰ পৰা আঁতৰ হৈ যাবলৈ তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে। 32 তেতিয়া ৰথৰ অধ্যক্ষসকলে তেওঁক ইস্ৰায়েলৰ ৰজা নহয় বুলি জানি, তেওঁৰ পাছত খেদি যাবলৈ এৰিলে। 33 কিন্তু কোনো এজন লোকে তেওঁৰ ধনুৰ জোঁৰ টানি দৈবক্ৰমে ইস্ৰায়েলৰ ৰজাৰ কৱচ আৰু উদৰ-ৰক্ষাৰ জোৰতে কাড় মাৰিলে; তেতিয়া তেওঁ সাৰথিক ক’লে, “তোমাৰ হাত ঘূৰোৱা আৰু মোক এই সৈন্যৰ মাজৰ পৰা উলিয়াই লৈ যোৱা; কিয়নো মই বৰকৈ আহত হ’লো। 34 সেই দিনা বৰ যুদ্ধ হ’ল আৰু গধূলি নহোৱালৈকে অৰামীয়াসকলৰ আগত ইস্ৰায়েলৰ ৰজাক ৰথত থিয়কৈ ৰখাই হ’ল; আৰু প্ৰায় সূৰ্য মাৰ যোৱা সময়ত তেওঁৰ মৃত্যু হ’ল।

In Other Versions

2 Chronicles 18 in the ANGEFD

2 Chronicles 18 in the ANTPNG2D

2 Chronicles 18 in the AS21

2 Chronicles 18 in the BAGH

2 Chronicles 18 in the BBPNG

2 Chronicles 18 in the BBT1E

2 Chronicles 18 in the BDS

2 Chronicles 18 in the BEV

2 Chronicles 18 in the BHAD

2 Chronicles 18 in the BIB

2 Chronicles 18 in the BLPT

2 Chronicles 18 in the BNT

2 Chronicles 18 in the BNTABOOT

2 Chronicles 18 in the BNTLV

2 Chronicles 18 in the BOATCB

2 Chronicles 18 in the BOATCB2

2 Chronicles 18 in the BOBCV

2 Chronicles 18 in the BOCNT

2 Chronicles 18 in the BOECS

2 Chronicles 18 in the BOGWICC

2 Chronicles 18 in the BOHCB

2 Chronicles 18 in the BOHCV

2 Chronicles 18 in the BOHLNT

2 Chronicles 18 in the BOHNTLTAL

2 Chronicles 18 in the BOICB

2 Chronicles 18 in the BOILNTAP

2 Chronicles 18 in the BOITCV

2 Chronicles 18 in the BOKCV

2 Chronicles 18 in the BOKCV2

2 Chronicles 18 in the BOKHWOG

2 Chronicles 18 in the BOKSSV

2 Chronicles 18 in the BOLCB

2 Chronicles 18 in the BOLCB2

2 Chronicles 18 in the BOMCV

2 Chronicles 18 in the BONAV

2 Chronicles 18 in the BONCB

2 Chronicles 18 in the BONLT

2 Chronicles 18 in the BONUT2

2 Chronicles 18 in the BOPLNT

2 Chronicles 18 in the BOSCB

2 Chronicles 18 in the BOSNC

2 Chronicles 18 in the BOTLNT

2 Chronicles 18 in the BOVCB

2 Chronicles 18 in the BOYCB

2 Chronicles 18 in the BPBB

2 Chronicles 18 in the BPH

2 Chronicles 18 in the BSB

2 Chronicles 18 in the CCB

2 Chronicles 18 in the CUV

2 Chronicles 18 in the CUVS

2 Chronicles 18 in the DBT

2 Chronicles 18 in the DGDNT

2 Chronicles 18 in the DHNT

2 Chronicles 18 in the DNT

2 Chronicles 18 in the ELBE

2 Chronicles 18 in the EMTV

2 Chronicles 18 in the ESV

2 Chronicles 18 in the FBV

2 Chronicles 18 in the FEB

2 Chronicles 18 in the GGMNT

2 Chronicles 18 in the GNT

2 Chronicles 18 in the HARY

2 Chronicles 18 in the HNT

2 Chronicles 18 in the IRVB

2 Chronicles 18 in the IRVG

2 Chronicles 18 in the IRVH

2 Chronicles 18 in the IRVK

2 Chronicles 18 in the IRVM

2 Chronicles 18 in the IRVM2

2 Chronicles 18 in the IRVO

2 Chronicles 18 in the IRVP

2 Chronicles 18 in the IRVT

2 Chronicles 18 in the IRVT2

2 Chronicles 18 in the IRVU

2 Chronicles 18 in the ISVN

2 Chronicles 18 in the JSNT

2 Chronicles 18 in the KAPI

2 Chronicles 18 in the KBT1ETNIK

2 Chronicles 18 in the KBV

2 Chronicles 18 in the KJV

2 Chronicles 18 in the KNFD

2 Chronicles 18 in the LBA

2 Chronicles 18 in the LBLA

2 Chronicles 18 in the LNT

2 Chronicles 18 in the LSV

2 Chronicles 18 in the MAAL

2 Chronicles 18 in the MBV

2 Chronicles 18 in the MBV2

2 Chronicles 18 in the MHNT

2 Chronicles 18 in the MKNFD

2 Chronicles 18 in the MNG

2 Chronicles 18 in the MNT

2 Chronicles 18 in the MNT2

2 Chronicles 18 in the MRS1T

2 Chronicles 18 in the NAA

2 Chronicles 18 in the NASB

2 Chronicles 18 in the NBLA

2 Chronicles 18 in the NBS

2 Chronicles 18 in the NBVTP

2 Chronicles 18 in the NET2

2 Chronicles 18 in the NIV11

2 Chronicles 18 in the NNT

2 Chronicles 18 in the NNT2

2 Chronicles 18 in the NNT3

2 Chronicles 18 in the PDDPT

2 Chronicles 18 in the PFNT

2 Chronicles 18 in the RMNT

2 Chronicles 18 in the SBIAS

2 Chronicles 18 in the SBIBS

2 Chronicles 18 in the SBIBS2

2 Chronicles 18 in the SBICS

2 Chronicles 18 in the SBIDS

2 Chronicles 18 in the SBIGS

2 Chronicles 18 in the SBIHS

2 Chronicles 18 in the SBIIS

2 Chronicles 18 in the SBIIS2

2 Chronicles 18 in the SBIIS3

2 Chronicles 18 in the SBIKS

2 Chronicles 18 in the SBIKS2

2 Chronicles 18 in the SBIMS

2 Chronicles 18 in the SBIOS

2 Chronicles 18 in the SBIPS

2 Chronicles 18 in the SBISS

2 Chronicles 18 in the SBITS

2 Chronicles 18 in the SBITS2

2 Chronicles 18 in the SBITS3

2 Chronicles 18 in the SBITS4

2 Chronicles 18 in the SBIUS

2 Chronicles 18 in the SBIVS

2 Chronicles 18 in the SBT

2 Chronicles 18 in the SBT1E

2 Chronicles 18 in the SCHL

2 Chronicles 18 in the SNT

2 Chronicles 18 in the SUSU

2 Chronicles 18 in the SUSU2

2 Chronicles 18 in the SYNO

2 Chronicles 18 in the TBIAOTANT

2 Chronicles 18 in the TBT1E

2 Chronicles 18 in the TBT1E2

2 Chronicles 18 in the TFTIP

2 Chronicles 18 in the TFTU

2 Chronicles 18 in the TGNTATF3T

2 Chronicles 18 in the THAI

2 Chronicles 18 in the TNFD

2 Chronicles 18 in the TNT

2 Chronicles 18 in the TNTIK

2 Chronicles 18 in the TNTIL

2 Chronicles 18 in the TNTIN

2 Chronicles 18 in the TNTIP

2 Chronicles 18 in the TNTIZ

2 Chronicles 18 in the TOMA

2 Chronicles 18 in the TTENT

2 Chronicles 18 in the UBG

2 Chronicles 18 in the UGV

2 Chronicles 18 in the UGV2

2 Chronicles 18 in the UGV3

2 Chronicles 18 in the VBL

2 Chronicles 18 in the VDCC

2 Chronicles 18 in the YALU

2 Chronicles 18 in the YAPE

2 Chronicles 18 in the YBVTP

2 Chronicles 18 in the ZBP