Acts 8 (IRVA)

1 স্তিফানক বধ কৰা কথাত চৌলৰো সন্মতি আছিল।সেই সময়ত যিৰূচালেমত থকা মণ্ডলীৰ বিৰুদ্ধে বৰ তাড়না হৈছিল আৰু পাঁচনি সকলৰ বাহিৰে আন বিশ্বাসী সকল সমগ্র যিহূদা আৰু চমৰীয়া দেশৰ ঠায়ে ঠায়ে সিচঁৰিত হৈ গ’ল। 2 ভক্ত লোক সকলে স্তিফানক মৈদাম দিলে আৰু তেওঁৰ কাৰণে বৰকৈ ক্রন্দন কৰিলে। 3 কিন্তু চৌলে ঘৰে ঘৰে গৈ পুৰুষ আৰু মহিলাক বলেৰে ধৰি আনি বন্দীশালত থৈ মণ্ডলীত উৎপাত কৰিব ধৰিলে। 4 কিন্তু, যি সকল বিশ্বাসী সিচঁৰিত হৈ গ’ল, তেওঁলোকে সকলো ঠাইতে শুভবার্তাৰ বাক্য প্রচাৰ কৰিলে। 5 ফিলিপে চমৰীয়া নগৰলৈ গৈ খ্ৰীষ্টৰ কথা ঘোষণা কৰিবলৈ ধৰিলে। 6 তাতে ফিলিপে কৰা আচৰিত কৰ্মবোৰ শুনি আৰু দেখি লোক সকলে একান্ত মনেৰে তেওঁৰ কথা শুনিব ধৰিলে। 7 কিয়নো অশুচি আত্মাই ধৰা অনেক মানুহৰ পৰা ভূতবোৰে আটাহ পাৰি ওলাই গল; বহুতো পক্ষাঘাত ৰোগী আৰু খোৰা লোক সকলক সুস্থ কৰা হল। 8 তাতে সেই নগৰত মহা আনন্দ হ’ল। 9 সেই নগৰতে আগেয়ে মায়াকর্ম্ম অভ্যাস কৰা চিমোন নামেৰে এজন মানুহ আছিল। সেই মানুহ জনে চমৰীয়া বাসীৰ আগত নিজকে বৰ এজন লোক বুলি দাবী কৰি চমক লগাইছিল। 10 সৰুৰ পৰা ডাঙৰলৈকে সকলো চমৰীয়া বাসীয়ে তেওঁৰ কথাত মনোযোগ দিছিল; তেওঁলোকে কৈছিল, “এই জন ঈশ্বৰৰ মহান শক্তিশালী ব্যক্তি”। 11 তেওঁ ভালেমান দিন ধৰি মায়াকর্ম্মৰে চমক দেখুৱাৰ কাৰণে মানুহবোৰে তেওঁক মানিছিল। 12 কিন্তু ফিলিপে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা ঘোষণা কৰাত তেওঁলোকে বিশ্বাস কৰিলে আৰু বিশ্বাস কৰা সকলো পুৰুষ আৰু মহিলাক যীচু খ্ৰীষ্টৰ নামত বাপ্তিস্ম দিয়া হ’ল। 13 পাছত সেই চিমোনে নিজেও বিশ্বাস কৰি বাপ্তিস্ম ল’লে; তাৰ পাছত তেওঁ ফিলিপৰ লগত থাকি আচৰিত চিন আৰু কার্যবোৰ সিদ্ধ হোৱা দেখি বিস্ময় মানিলে। 14 চমৰীয়া বাসীয়ে এনেদৰে ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা শুনি যিৰূচালেমত থকা পাঁচনি সকলে পিতৰ আৰু যোহনক তেওঁলোকৰ ওচৰলৈ পঠিয়াই দিলে। 15 পিতৰ আৰু যোহনে সেই ঠাইলৈ আহি তাত থকা লোক সকলে যেন পবিত্ৰ আত্মা পায়, তাৰ বাবে প্ৰাৰ্থনা কৰিলে। 16 কিয়নো তেতিয়ালৈকে তেওঁলোকৰ ওপৰত পবিত্ৰ আত্মা অহা নাছিল; কেৱল তেওঁলোকক প্ৰভু যীচুৰ নামত বাপ্তিস্মহে দিয়া হৈছিল৷ 17 পাছত পাঁচনি সকলে লোক সকলৰ ওপৰত হাত থলে আৰু তেওঁলোকে তেতিয়া পবিত্ৰ আত্মা পালে। 18 চিমোনে যেতিয়া দেখিলে যে পাঁচনি সকলে হাত দিয়াত পবিত্ৰ আত্মা দান কৰা হৈছে, তেতিয়া তেওঁ পাঁচনি সকলক ধন যাচি কলে, 19 “এই শক্তি মোকো দিয়ক, ময়ো যেন যি জনৰ ওপৰতে হাত ৰাখো, তেওঁ যেন পবিত্ৰ আত্মা পায়।” 20 কিন্তু পিতৰে চিমোনক ক’লে, “তুমি আৰু তোমাৰ ধন ধ্বংস হওক; কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়। 21 আমাৰ এই কামত তোমাৰ কোনো ভাগ বা অংশ নাই, যিহেতু ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়। 22 তুমি এই দুষ্টতাৰ পৰা মন-পালটন কৰা আৰু প্রভুৰ ওচৰত প্রার্থনা কৰা; হয়তো তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমাও কৰিব পাৰে। 23 কিয়নো মই দেখিছোঁ, তোমাৰ মন তিতা পিত্তৰ নিচিনা আৰু তুমি পাপৰ বন্ধনত আছা।” 24 তেতিয়া চিমোনে উত্তৰ দিলে, “আপোনালোকে যি কৈছে, তাৰ কোনো কথাই মোৰ জীৱনত যেন নঘটে, এই কাৰণে আপোনালোকেই মোৰ বাবে প্রার্থনা কৰক।” 25 এইদৰে পিতৰ আৰু যোহনে প্রভুৰ বিষয়ে সাক্ষ্য দি বাক্য প্রচাৰ কৰি যিৰূচালেমলৈ উলটি আহিল; বাটত তেওঁলোকে চমৰীয়া সকলৰ বিভিন্ন গাৱঁত শুভবার্তা প্রচাৰ কৰিলে। 26 পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক কলে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা” (এই পথটো মৰুভূমিৰ মাজত আছিল) ৷ 27 তেতিয়া ফিলিপে প্রস্তুত হৈ সেই বাটেদি গ’ল। বাটত ইথিওপিয়া দেশৰ এজন মানুহক লগ পালে; তেওঁ ইথিওপিয়াৰ ৰাণী কান্দাকীৰ সকলো ধন-সম্পদ চোৱা-চিতা কৰিবলৈ ক্ষমতা পোৱা নপুংসক ৰাজকর্মচাৰী আছিল। ঈশ্বৰৰ ভজনা কৰিবলৈ তেওঁ যিৰূচালেমলৈ আহিছিল। 28 তেওঁ নিজৰ ৰথত বহি উভটি গৈ থাকোতে যিচয়া ভাববাদীৰ পুস্তক পঢ়ি গৈছিল। 29 এনে সময়তে আত্মাই ফিলিপক কলে, “তুমি কাষলৈ গৈ সেই ৰথৰ লগে লগে যোৱা।” 30 তেতিয়া ফিলিপে ওচৰলৈ লৰি গৈ, তেওঁ যিচয়া ভাববাদীৰ পুস্তক পঢ়া শুনি সুধিলে, “আপুনি যি পঢ়িছে, সেই বিষয়ৰ অর্থ জানো বুজি পাইছে?” 31 তেওঁ ক’লে- “কোনোবাই মোক বুজাই নিদিলে, মই কেনেকৈ বুজি পাম?” তাতে তেওঁ ফিলিপক ৰথত উঠি তেওঁৰ সৈতে বহিবলৈ অনুৰোধ কৰিলে। 32 ধৰ্মশাস্ত্ৰৰ যি অংশটো তেওঁ পঢ়িছিল, সেয়া এই-“মাৰিবলৈ নিয়া মেৰ-পোৱালিৰ নিচিনাকৈ তেওঁক আনিলে আৰু নোম কটীয়াৰ আগত মেৰ-পোৱালি নিজম হৈ থকাৰ দৰে তেওঁ নিজৰ মুখ নেমেলিলে। 33 তেওঁ অপমানিত হোৱা কালত, ন্যায়-বিচাৰ কৰা নহ’ল,তেওঁৰ বংশৰ কথা কোনে কব? কিয়নো পৃথিৱীৰ পৰা তেওঁৰ জীৱন লৈ যোৱা হ’ল।” 34 এই কথা পঢ়ি নপুংসকে ফিলিপক সুধিলে, “অনুৰোধ কৰিছোঁ, ভাববাদীয়ে কাৰ বিষয়ে এই কথা কৈছে, ক’ব নে? নিজৰ বিষয়ে নে অন্য কাৰোবাৰ বিষয়ে কৈছে?” 35 তেতিয়া ফিলিপে মাত লগাই যিচয়া পুস্তকৰ এই শাস্ত্রাংশৰ পৰা আৰম্ভ কৰি তেওঁৰ আগত যীচুৰ শুভবার্তা প্রচাৰ কৰিলে। 36 এইদৰে বাটত যাওঁতে যাওঁতে এডোখৰ জলাশয়ৰ ওচৰ পোৱাত নপুংসকে কলে, “চাওক, ইয়াতে পানী আছে; গতিকে বাপ্তিস্ম লোৱাত এতিয়া মোৰ কি বাধা আছে?” 37 ফিলিপে কলে, “যদি সমস্ত মনেৰে বিশ্বাস কৰিছা, তেনেহলে বাধা নাই।” তেতিয়া বিষয়াজনে কলে, “যীচু খ্ৰীষ্ট ঈশ্বৰৰ পুত্ৰ, ইয়াক মই বিশ্বাস কৰিছোঁ।” 38 তাতে বিষয়াজনে ৰথ ৰাখিবলৈ আজ্ঞা কৰিলে৷ ফিলিপ আৰু নপুংসক বিষয়াজন পানীত নামিল; ফিলিপে তেওঁক বাপ্তিস্ম দিলে। 39 যেতিয়া তেওঁলোক পানীৰ পৰা উঠিল, প্রভুৰ আত্মাই ফিলিপক কাঢ়ি লৈ গল; তাতে নপুংসকে তেওঁক পুনৰ দেখা নাপালে৷ তেওঁ আনন্দ মনেৰে নিজ বাটে গুছি গ’ল। 40 কিন্তু ফিলিপ পুনৰ আচদোদ নগৰত উপস্থিত হ’ল আৰু সেই অঞ্চলৰ সকলো নগৰে নগৰে গৈ শুভবার্তা প্রচাৰ কৰি চীজাৰিয়া পালে।

In Other Versions

Acts 8 in the ANGEFD

Acts 8 in the ANTPNG2D

Acts 8 in the AS21

Acts 8 in the BAGH

Acts 8 in the BBPNG

Acts 8 in the BBT1E

Acts 8 in the BDS

Acts 8 in the BEV

Acts 8 in the BHAD

Acts 8 in the BIB

Acts 8 in the BLPT

Acts 8 in the BNT

Acts 8 in the BNTABOOT

Acts 8 in the BNTLV

Acts 8 in the BOATCB

Acts 8 in the BOATCB2

Acts 8 in the BOBCV

Acts 8 in the BOCNT

Acts 8 in the BOECS

Acts 8 in the BOGWICC

Acts 8 in the BOHCB

Acts 8 in the BOHCV

Acts 8 in the BOHLNT

Acts 8 in the BOHNTLTAL

Acts 8 in the BOICB

Acts 8 in the BOILNTAP

Acts 8 in the BOITCV

Acts 8 in the BOKCV

Acts 8 in the BOKCV2

Acts 8 in the BOKHWOG

Acts 8 in the BOKSSV

Acts 8 in the BOLCB

Acts 8 in the BOLCB2

Acts 8 in the BOMCV

Acts 8 in the BONAV

Acts 8 in the BONCB

Acts 8 in the BONLT

Acts 8 in the BONUT2

Acts 8 in the BOPLNT

Acts 8 in the BOSCB

Acts 8 in the BOSNC

Acts 8 in the BOTLNT

Acts 8 in the BOVCB

Acts 8 in the BOYCB

Acts 8 in the BPBB

Acts 8 in the BPH

Acts 8 in the BSB

Acts 8 in the CCB

Acts 8 in the CUV

Acts 8 in the CUVS

Acts 8 in the DBT

Acts 8 in the DGDNT

Acts 8 in the DHNT

Acts 8 in the DNT

Acts 8 in the ELBE

Acts 8 in the EMTV

Acts 8 in the ESV

Acts 8 in the FBV

Acts 8 in the FEB

Acts 8 in the GGMNT

Acts 8 in the GNT

Acts 8 in the HARY

Acts 8 in the HNT

Acts 8 in the IRVB

Acts 8 in the IRVG

Acts 8 in the IRVH

Acts 8 in the IRVK

Acts 8 in the IRVM

Acts 8 in the IRVM2

Acts 8 in the IRVO

Acts 8 in the IRVP

Acts 8 in the IRVT

Acts 8 in the IRVT2

Acts 8 in the IRVU

Acts 8 in the ISVN

Acts 8 in the JSNT

Acts 8 in the KAPI

Acts 8 in the KBT1ETNIK

Acts 8 in the KBV

Acts 8 in the KJV

Acts 8 in the KNFD

Acts 8 in the LBA

Acts 8 in the LBLA

Acts 8 in the LNT

Acts 8 in the LSV

Acts 8 in the MAAL

Acts 8 in the MBV

Acts 8 in the MBV2

Acts 8 in the MHNT

Acts 8 in the MKNFD

Acts 8 in the MNG

Acts 8 in the MNT

Acts 8 in the MNT2

Acts 8 in the MRS1T

Acts 8 in the NAA

Acts 8 in the NASB

Acts 8 in the NBLA

Acts 8 in the NBS

Acts 8 in the NBVTP

Acts 8 in the NET2

Acts 8 in the NIV11

Acts 8 in the NNT

Acts 8 in the NNT2

Acts 8 in the NNT3

Acts 8 in the PDDPT

Acts 8 in the PFNT

Acts 8 in the RMNT

Acts 8 in the SBIAS

Acts 8 in the SBIBS

Acts 8 in the SBIBS2

Acts 8 in the SBICS

Acts 8 in the SBIDS

Acts 8 in the SBIGS

Acts 8 in the SBIHS

Acts 8 in the SBIIS

Acts 8 in the SBIIS2

Acts 8 in the SBIIS3

Acts 8 in the SBIKS

Acts 8 in the SBIKS2

Acts 8 in the SBIMS

Acts 8 in the SBIOS

Acts 8 in the SBIPS

Acts 8 in the SBISS

Acts 8 in the SBITS

Acts 8 in the SBITS2

Acts 8 in the SBITS3

Acts 8 in the SBITS4

Acts 8 in the SBIUS

Acts 8 in the SBIVS

Acts 8 in the SBT

Acts 8 in the SBT1E

Acts 8 in the SCHL

Acts 8 in the SNT

Acts 8 in the SUSU

Acts 8 in the SUSU2

Acts 8 in the SYNO

Acts 8 in the TBIAOTANT

Acts 8 in the TBT1E

Acts 8 in the TBT1E2

Acts 8 in the TFTIP

Acts 8 in the TFTU

Acts 8 in the TGNTATF3T

Acts 8 in the THAI

Acts 8 in the TNFD

Acts 8 in the TNT

Acts 8 in the TNTIK

Acts 8 in the TNTIL

Acts 8 in the TNTIN

Acts 8 in the TNTIP

Acts 8 in the TNTIZ

Acts 8 in the TOMA

Acts 8 in the TTENT

Acts 8 in the UBG

Acts 8 in the UGV

Acts 8 in the UGV2

Acts 8 in the UGV3

Acts 8 in the VBL

Acts 8 in the VDCC

Acts 8 in the YALU

Acts 8 in the YAPE

Acts 8 in the YBVTP

Acts 8 in the ZBP