Colossians 3 (IRVA)

1 এতেকে আপুনি যদি খ্ৰীষ্টৰ সৈতে তোলা হ’ল; তেনেহলে য’ত ঈশ্ৱৰৰ সোঁ হাতে খ্ৰীষ্ট বহি আছে, সেই ঠাইৰ বিষয়ে অনুসন্ধান কৰক৷ 2 ওপৰৰ বিষয়বোৰ ভাবক, কিন্তু পৃথিৱীত যি আছে সেই বিষয়ে নাভাবিব; 3 কিয়নো আপোনালোকৰ মৃত্যু হ’ল আৰু ঈশ্ৱৰে আপোনালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে গুপ্ত ৰাখিছে। 4 আমাৰ জীৱন স্বৰূপ খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হ’ব, তেতিয়া তেওঁৰ সৈতে আপোনালোকো প্ৰতাপত প্ৰকাশিত হ’ব। 5 এতেকে আপোনালোকে, পৃথিৱীত থকা এই সকলোকে মাৰি পেলাওঁক; নিজ নিজ অঙ্গ-প্ৰত্যঙ্গ স্বৰূপ যি ব্যভিচাৰ, অশুচিতা, কামাভিলাষ, কু-অভিলাষ আৰু লোভ, যেনে মূৰ্তিপূজা৷ 6 এইবোৰৰ কাৰণে ঈশ্বৰৰ ক্ৰোধ অবাধ্যতাৰ সন্তান সকলৰ ওপৰলৈ আহে; 7 পূৰ্বতে আপোনালোকে যেতিয়া এইবোৰত জীয়াই আছিল, তেতিয়া আপোনালোকেও এইবোৰত চলিছিল। 8 কিন্তু এতিয়া ক্ৰোধ, খং, কু-অভিলাষ, নিন্দা আৰু মুখৰ পৰা ওলোৱা অবচনীয় বচন, এইবোৰ দূৰ কৰক৷ 9 ইজনে সিজনক মিছা কথা নক’ব; কিয়নো আপোনালোকে তাৰ কর্মৰ সৈতে সেই আগৰ পুৰুষক ফটা বস্ত্ৰ স্বৰূপে সোলোকাই পেলালে; 10 আৰু যি নিজ সৃষ্টিকৰ্ত্তাৰ প্ৰতিমূৰ্তিৰ দৰে, তত্ব জ্ঞানৰ কাৰণে নতুন কৰোঁৱা হৈ আছে, সেই নতুন পুৰুষক বস্ত্ৰ স্ৱৰূপে পিন্ধিলে৷ 11 এই জ্ঞানত কোনো গ্ৰীক বা ইহুদী, চুন্নৎ বা অচুন্নৎ, অসভ্য লোক, স্কুথীয়া, দাস, স্বাধীন, এনে কোনো থাকিব নোৱাৰে; কিন্তু খ্ৰীষ্টই সকলো বিষয় আৰু সকলোতে থাকে৷ 12 এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, নম্ৰতা, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক; 13 আপোনালোক পৰস্পৰ সহনীয় হওক; ইজনে সিজনৰ প্ৰতি দয়ালু হওক; আৰু যদি কাৰোবাৰ বিৰুদ্ধে কাৰোবাৰ দোষ দিয়াৰ কাৰণ থাকে, তেনেহলে পৰস্পৰে ক্ষমা কৰক; কিয়নো প্ৰভুৱে যেনেকৈ আপোনালোকক ক্ষমা কৰিলে, আপোনালোকেও তেনেকৈ ক্ষমা কৰক৷ 14 এই সকলোৰে ওপৰত প্ৰেমত থাকক; ই সৰ্ব্বসিদ্ধিৰ বান্ধনি। 15 এতিয়া আপোনালোকৰ সকলোৰে হৃদয়ত খ্ৰীষ্টৰ শান্তিয়ে কৰ্ত্তৃত্ব কৰক; আপোনালোক তাৰ কাৰণেই এক শৰীৰত আমন্ত্ৰিত হ’ল; আৰু কৃতজ্ঞ হওক। 16 খ্ৰীষ্টৰ বাক্যৰ জ্ঞান আপোনালোকৰ সৈতে বাহুল্যৰূপে বাস কৰক। ধৰ্মগীত, স্তুতি-গীত আৰু আত্মিক গানেৰে পৰস্পৰে শিক্ষা আৰু চেতনা দি, অনুগ্ৰহৰ কথাত কৃতজ্ঞতাৰে নিজ নিজ হৃদয়ত ঈশ্বৰৰ উদ্দেশ্যে গান কৰক। 17 আৰু আপোনালোকে যি কৰিব পাৰে, সেইবোৰ বাক্যতে হওক বা কাৰ্যতে হওক, সকলোকে প্ৰভু যীচুৰ নামত কৰক; আৰু তেওঁৰ দ্বাৰাই পিতৃ ঈশ্বৰৰ ধন্যবাদ কৰক। 18 হে ভাৰ্যা সকল, আপোনালোক নিজ নিজ স্বামীৰ বশীভূত হওক কিয়নো এয়ে প্ৰভুৰ মতে উচিত। 19 হে পুৰুষ সকল, আপোনালোকে নিজ নিজ ভাৰ্যাক প্ৰেম কৰক আৰু তেওঁলোকলৈ তিতা ব্যৱহাৰ নকৰিব। 20 হে সন্তান সকল, আপোনালোকে সকলো বিষয়তে পিতৃ-মাতৃৰ আজ্ঞাধীন হওক; কিয়নো প্ৰভুত সেয়ে সন্তোষজনক। 21 হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলক প্ৰৰোচিত কৰি নাথাকিব, তাতে তেওঁলোক যেন নিৰাশ নহয়। 22 হে দাস সকল, আপোনালোকে সকলো বিষয়তে মাংস-সম্বন্ধীয় নিজ নিজ প্ৰভু সকলৰ আজ্ঞাধীন হওক। আপোনালোকৰ চকুৰ সন্মুখত, মানুহৰ সন্তোষজনক নহৈ কিন্তু আন্তৰিকতাৰে প্ৰভুলৈ ভয় ৰাখি, তেওঁলোকৰ সেৱা কৰক৷ 23 আপোনালোকে যি কৰে, সেইবোৰ মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যেৰে মনে চিত্তে সৈতে কৰক; 24 আপোনালোকে প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ প্ৰতিদান পাব বুলি আপোনালোকে জানে৷ আপোনালোকে প্ৰভু খ্ৰীষ্টৰ কাৰণে সেৱাকৰ্ম কৰক। 25 কিয়নো যি জনে অন্যায় কৰে, তেওঁ নিজে কৰা অন্যায়ৰ প্ৰতিফল পাব আৰু তাত পক্ষপাতীত্ব নাই।

In Other Versions

Colossians 3 in the ANGEFD

Colossians 3 in the ANTPNG2D

Colossians 3 in the AS21

Colossians 3 in the BAGH

Colossians 3 in the BBPNG

Colossians 3 in the BBT1E

Colossians 3 in the BDS

Colossians 3 in the BEV

Colossians 3 in the BHAD

Colossians 3 in the BIB

Colossians 3 in the BLPT

Colossians 3 in the BNT

Colossians 3 in the BNTABOOT

Colossians 3 in the BNTLV

Colossians 3 in the BOATCB

Colossians 3 in the BOATCB2

Colossians 3 in the BOBCV

Colossians 3 in the BOCNT

Colossians 3 in the BOECS

Colossians 3 in the BOGWICC

Colossians 3 in the BOHCB

Colossians 3 in the BOHCV

Colossians 3 in the BOHLNT

Colossians 3 in the BOHNTLTAL

Colossians 3 in the BOICB

Colossians 3 in the BOILNTAP

Colossians 3 in the BOITCV

Colossians 3 in the BOKCV

Colossians 3 in the BOKCV2

Colossians 3 in the BOKHWOG

Colossians 3 in the BOKSSV

Colossians 3 in the BOLCB

Colossians 3 in the BOLCB2

Colossians 3 in the BOMCV

Colossians 3 in the BONAV

Colossians 3 in the BONCB

Colossians 3 in the BONLT

Colossians 3 in the BONUT2

Colossians 3 in the BOPLNT

Colossians 3 in the BOSCB

Colossians 3 in the BOSNC

Colossians 3 in the BOTLNT

Colossians 3 in the BOVCB

Colossians 3 in the BOYCB

Colossians 3 in the BPBB

Colossians 3 in the BPH

Colossians 3 in the BSB

Colossians 3 in the CCB

Colossians 3 in the CUV

Colossians 3 in the CUVS

Colossians 3 in the DBT

Colossians 3 in the DGDNT

Colossians 3 in the DHNT

Colossians 3 in the DNT

Colossians 3 in the ELBE

Colossians 3 in the EMTV

Colossians 3 in the ESV

Colossians 3 in the FBV

Colossians 3 in the FEB

Colossians 3 in the GGMNT

Colossians 3 in the GNT

Colossians 3 in the HARY

Colossians 3 in the HNT

Colossians 3 in the IRVB

Colossians 3 in the IRVG

Colossians 3 in the IRVH

Colossians 3 in the IRVK

Colossians 3 in the IRVM

Colossians 3 in the IRVM2

Colossians 3 in the IRVO

Colossians 3 in the IRVP

Colossians 3 in the IRVT

Colossians 3 in the IRVT2

Colossians 3 in the IRVU

Colossians 3 in the ISVN

Colossians 3 in the JSNT

Colossians 3 in the KAPI

Colossians 3 in the KBT1ETNIK

Colossians 3 in the KBV

Colossians 3 in the KJV

Colossians 3 in the KNFD

Colossians 3 in the LBA

Colossians 3 in the LBLA

Colossians 3 in the LNT

Colossians 3 in the LSV

Colossians 3 in the MAAL

Colossians 3 in the MBV

Colossians 3 in the MBV2

Colossians 3 in the MHNT

Colossians 3 in the MKNFD

Colossians 3 in the MNG

Colossians 3 in the MNT

Colossians 3 in the MNT2

Colossians 3 in the MRS1T

Colossians 3 in the NAA

Colossians 3 in the NASB

Colossians 3 in the NBLA

Colossians 3 in the NBS

Colossians 3 in the NBVTP

Colossians 3 in the NET2

Colossians 3 in the NIV11

Colossians 3 in the NNT

Colossians 3 in the NNT2

Colossians 3 in the NNT3

Colossians 3 in the PDDPT

Colossians 3 in the PFNT

Colossians 3 in the RMNT

Colossians 3 in the SBIAS

Colossians 3 in the SBIBS

Colossians 3 in the SBIBS2

Colossians 3 in the SBICS

Colossians 3 in the SBIDS

Colossians 3 in the SBIGS

Colossians 3 in the SBIHS

Colossians 3 in the SBIIS

Colossians 3 in the SBIIS2

Colossians 3 in the SBIIS3

Colossians 3 in the SBIKS

Colossians 3 in the SBIKS2

Colossians 3 in the SBIMS

Colossians 3 in the SBIOS

Colossians 3 in the SBIPS

Colossians 3 in the SBISS

Colossians 3 in the SBITS

Colossians 3 in the SBITS2

Colossians 3 in the SBITS3

Colossians 3 in the SBITS4

Colossians 3 in the SBIUS

Colossians 3 in the SBIVS

Colossians 3 in the SBT

Colossians 3 in the SBT1E

Colossians 3 in the SCHL

Colossians 3 in the SNT

Colossians 3 in the SUSU

Colossians 3 in the SUSU2

Colossians 3 in the SYNO

Colossians 3 in the TBIAOTANT

Colossians 3 in the TBT1E

Colossians 3 in the TBT1E2

Colossians 3 in the TFTIP

Colossians 3 in the TFTU

Colossians 3 in the TGNTATF3T

Colossians 3 in the THAI

Colossians 3 in the TNFD

Colossians 3 in the TNT

Colossians 3 in the TNTIK

Colossians 3 in the TNTIL

Colossians 3 in the TNTIN

Colossians 3 in the TNTIP

Colossians 3 in the TNTIZ

Colossians 3 in the TOMA

Colossians 3 in the TTENT

Colossians 3 in the UBG

Colossians 3 in the UGV

Colossians 3 in the UGV2

Colossians 3 in the UGV3

Colossians 3 in the VBL

Colossians 3 in the VDCC

Colossians 3 in the YALU

Colossians 3 in the YAPE

Colossians 3 in the YBVTP

Colossians 3 in the ZBP