Deuteronomy 24 (IRVA)

1 কোনো পুৰুষে কোনো যুৱতীক বিয়া কৰাৰ পাছত, যদি তাইত কোনো দোষ পোৱাৰ কাৰণে, তাই তেওঁৰ দৃষ্টিত অনুগ্ৰহ নাপায়, তেন্তে সেই পুৰুষে এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দিব আৰু তাইক নিজ ঘৰৰ পৰা বিদায় দিব পাৰিব। 2 সেই মহিলাই তেওঁৰ ঘৰৰ পৰা ওলাই গৈ, আন পুৰুষৰে সৈতে বিয়া হ’ব পাৰিব। 3 কিন্তু পাছত দ্বিতীয় স্বামীয়েও যদি তাইক পছন্দ নকৰে আৰু এখন ত্যাগ-পত্ৰ লিখি তাইৰ হাতত দি, নিজৰ ঘৰৰ পৰা তাইক বিদায় দিয়ে বা সেই দ্বিতীয় স্বামীৰ যদি মৃত্যু হয়, 4 তেন্তে তাইৰ প্রথম স্বামী, যি জনে তাইক বিদায় দিছিল তেওঁ তাইক পুনৰ ভার্যা কৰি ল’ব নোৱাৰিব। কাৰণ তাই অশুচি হ’ল। এই ধৰণৰ বিয়া যিহোৱাৰ দৃষ্টিত ঘিণলগীয়া। আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিব, আপোনালোকে এইভাৱে সেই দেশক পাপত নেপেলাব। 5 অলপতে বিয়া কৰা পুৰুষে সৈন্য সমূহৰ লগত যুদ্ধলৈ ওলাই নাযাব নাইবা তেওঁৰ ওপৰত কোনো কামৰ ভাৰ দিয়া নাযাব। তেওঁ যাক বিয়া কৰি আনিছে, তাইৰ আনন্দৰ কাৰণে এবছৰলৈকে এই সকলো কামৰ পৰা ৰেহাই দি তেওঁক স্বচ্ছন্দে নিজ ঘৰত থাকিব দিব লাগিব। 6 ঋণৰ বন্ধক হিচাবে কাৰো জাঁত শিল বা তাৰ ওপৰৰ পাথৰটো নলব। তেনে কৰিলে মানুহজনৰ জীয়াই থকাৰ উপায়কে বন্ধক লোৱা হয়। 7 কোনো মানুহে যদি ইস্ৰায়েলীয়া নিজ ভাইসকলৰ মাজত কোনোক চুৰ কৰি নি দাস হিচাবে ব্যৱহাৰ কৰে বা বিক্রী কৰি দিয়ে, তেন্তে সেই চোৰৰ মৃত্যুদণ্ড হ’ব। এইদৰে আপোনালোকৰ মাজৰ পৰা আপোনালোকে দুষ্টতা দূৰ কৰিব লাগিব। 8 চর্মৰোগে দেখা দিলে আপোনালোক সতর্ক হ’ব লাগিব আৰু লেবীয়া পুৰোহিতসকলে যি নির্দেশ দিব, সেই সকলোকে যত্ন সহকাৰে পালন কৰিব লাগিব; মই তেওঁলোকক যি যি আজ্ঞা দিছিলোঁ, তাক পালন কৰি আপোনালোকে সেই মতে কাৰ্য কৰিব। 9 মিচৰ দেশৰ পৰা আপোনালোক ওলাই অহাৰ সময়ত বাটত আপোনালোকৰ ঈশ্বৰ যিহোৱাই মিৰিয়মলৈ কি ব্যৱস্থা কৰিছিল তাক সোঁৱৰণ কৰিব। 10 ওচৰ-চুবুৰীয়াক আপোনালোকে কিবা ধাৰ দিলে, বন্ধক হিচাবে কিবা বস্তু আনিবৰ কাৰণে আপোনালোক তেওঁৰ ঘৰৰ ভিতৰত নোসোমাবা। 11 বাহিৰত থিয় হৈ থাকিব আৰু যি জনক ধাৰ দিয়ে, তেওঁকেই বন্ধকী বস্তু উলিয়াই আপোনালোকৰ ওচৰলৈ আনিব দিয়ক। 12 মানুহজন যদি দুখীয়া হয়, তেন্তে তেওঁৰ বন্ধকী বস্তু নিজৰ ওচৰত ৰাখি নিদ্ৰা নাযাব। 13 সূৰ্য মাৰ যোৱাৰ সময়ত তেওঁৰ সেই বন্ধকী বস্তু অৱশ্যেই ওলোটাই দিব যাতে তেওঁ নিজৰ কাপোৰ গাত লৈ টোপনি যাব পাৰে। তাতে আপোনালোকক আশীৰ্ব্বাদ দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত সেই ঘূৰাই দিয়া কার্যই ধাৰ্মিকতা হ’ব। 14 আপোনালোকে ভাড়ালৈ অনা কোনো দুখীয়া আৰু অভাৱী দাসৰ প্রতি অন্যায় নকৰিব - তেওঁ আপোনালোকৰ কোনো ইস্রায়েলীয়া ভাইয়ে হওক, বা আপোনালোকৰ দেশত নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীয়েই হওক। 15 প্রতিদিনে আপোনালোকে তেওঁৰ মজুৰি দিব। সূৰ্য মাৰ যোৱাৰ আগেয়ে তাক আপোনালোকে পৰিশোধ কৰিব। কিয়নো তেওঁ দুখীয়া আৰু সেই মজুৰিৰ ওপৰতে তেওঁ ভাৰসা কৰে। আপোনালোকে এই কার্য কৰিব যাতে তেওঁ আপোনাৰ অহিতে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আপোনালোকৰ পাপ হ’ব। 16 সন্তানৰ পাপৰ কাৰণে পিতৃ-মাতৃক বা পিতৃ-মাতৃৰ পাপৰ কাৰণে সন্তানক প্ৰাণ দণ্ড দিয়া নহ’ব; প্ৰতিজনে নিজ নিজ পাপৰ কাৰণে প্ৰাণদণ্ড ভোগ কৰিব লাগিব। 17 বিদেশী বা পিতৃহীনৰ প্রতি অন্যায় বিচাৰ নকৰিব আৰু কোনো বিধৱাৰ কাপোৰ বন্ধক স্বৰূপে নল’ব। 18 মনত ৰাখিব, মিচৰ দেশত আপোনালোক দাস আছিল আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰা আপোনালোকক মুক্ত কৰি আনিলে। এইবাবেই মই আপোনালোকক এই সকলো কাৰ্য কৰিবলৈ আজ্ঞা দিছোঁ। 19 আপোনালোকৰ খেতিৰ শস্য দোৱাৰ সময়ত যদি শস্যৰ কোনো মুঠি লগত আনিবলৈ পাহৰি যায়, তেন্তে তাক আনিবলৈ উলটি নাযাব; সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে হ’ব। তাতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কাৰ্যতে আপোনালোকক আশীৰ্ব্বাদ কৰিব। 20 জিত পৰাৰ সময়ত আপোনালোকে একেবোৰ ডালৰ পৰা দুবাৰ ফল পাৰিবলৈ নাযাব। যি থাকি যাব সেয়ে বিদেশী, পিতৃহীন আৰু বিধৱাসকলৰ বাবে ৰাখিব। 21 আপোনালোকে দ্ৰাক্ষাবাৰীৰ পৰা আঙুৰ চপোৱাৰ সময়ত, একেডাল ডালৰ পৰা দুবাৰ আঙুৰ নিছিঙিব। যি থাকি যাব, সেয়ে বিদেশী, পিতৃহীন, আৰু বিধৱাসকলৰ বাবে ৰাখিব। 22 পাহৰি নাযাব যে আপোনালোকো মিচৰ দেশত দাস আছিল। সেইবাবেই মই আপোনালোকক এই সকলো কৰিবলৈ আজ্ঞা দিছোঁ।

In Other Versions

Deuteronomy 24 in the ANGEFD

Deuteronomy 24 in the ANTPNG2D

Deuteronomy 24 in the AS21

Deuteronomy 24 in the BAGH

Deuteronomy 24 in the BBPNG

Deuteronomy 24 in the BBT1E

Deuteronomy 24 in the BDS

Deuteronomy 24 in the BEV

Deuteronomy 24 in the BHAD

Deuteronomy 24 in the BIB

Deuteronomy 24 in the BLPT

Deuteronomy 24 in the BNT

Deuteronomy 24 in the BNTABOOT

Deuteronomy 24 in the BNTLV

Deuteronomy 24 in the BOATCB

Deuteronomy 24 in the BOATCB2

Deuteronomy 24 in the BOBCV

Deuteronomy 24 in the BOCNT

Deuteronomy 24 in the BOECS

Deuteronomy 24 in the BOGWICC

Deuteronomy 24 in the BOHCB

Deuteronomy 24 in the BOHCV

Deuteronomy 24 in the BOHLNT

Deuteronomy 24 in the BOHNTLTAL

Deuteronomy 24 in the BOICB

Deuteronomy 24 in the BOILNTAP

Deuteronomy 24 in the BOITCV

Deuteronomy 24 in the BOKCV

Deuteronomy 24 in the BOKCV2

Deuteronomy 24 in the BOKHWOG

Deuteronomy 24 in the BOKSSV

Deuteronomy 24 in the BOLCB

Deuteronomy 24 in the BOLCB2

Deuteronomy 24 in the BOMCV

Deuteronomy 24 in the BONAV

Deuteronomy 24 in the BONCB

Deuteronomy 24 in the BONLT

Deuteronomy 24 in the BONUT2

Deuteronomy 24 in the BOPLNT

Deuteronomy 24 in the BOSCB

Deuteronomy 24 in the BOSNC

Deuteronomy 24 in the BOTLNT

Deuteronomy 24 in the BOVCB

Deuteronomy 24 in the BOYCB

Deuteronomy 24 in the BPBB

Deuteronomy 24 in the BPH

Deuteronomy 24 in the BSB

Deuteronomy 24 in the CCB

Deuteronomy 24 in the CUV

Deuteronomy 24 in the CUVS

Deuteronomy 24 in the DBT

Deuteronomy 24 in the DGDNT

Deuteronomy 24 in the DHNT

Deuteronomy 24 in the DNT

Deuteronomy 24 in the ELBE

Deuteronomy 24 in the EMTV

Deuteronomy 24 in the ESV

Deuteronomy 24 in the FBV

Deuteronomy 24 in the FEB

Deuteronomy 24 in the GGMNT

Deuteronomy 24 in the GNT

Deuteronomy 24 in the HARY

Deuteronomy 24 in the HNT

Deuteronomy 24 in the IRVB

Deuteronomy 24 in the IRVG

Deuteronomy 24 in the IRVH

Deuteronomy 24 in the IRVK

Deuteronomy 24 in the IRVM

Deuteronomy 24 in the IRVM2

Deuteronomy 24 in the IRVO

Deuteronomy 24 in the IRVP

Deuteronomy 24 in the IRVT

Deuteronomy 24 in the IRVT2

Deuteronomy 24 in the IRVU

Deuteronomy 24 in the ISVN

Deuteronomy 24 in the JSNT

Deuteronomy 24 in the KAPI

Deuteronomy 24 in the KBT1ETNIK

Deuteronomy 24 in the KBV

Deuteronomy 24 in the KJV

Deuteronomy 24 in the KNFD

Deuteronomy 24 in the LBA

Deuteronomy 24 in the LBLA

Deuteronomy 24 in the LNT

Deuteronomy 24 in the LSV

Deuteronomy 24 in the MAAL

Deuteronomy 24 in the MBV

Deuteronomy 24 in the MBV2

Deuteronomy 24 in the MHNT

Deuteronomy 24 in the MKNFD

Deuteronomy 24 in the MNG

Deuteronomy 24 in the MNT

Deuteronomy 24 in the MNT2

Deuteronomy 24 in the MRS1T

Deuteronomy 24 in the NAA

Deuteronomy 24 in the NASB

Deuteronomy 24 in the NBLA

Deuteronomy 24 in the NBS

Deuteronomy 24 in the NBVTP

Deuteronomy 24 in the NET2

Deuteronomy 24 in the NIV11

Deuteronomy 24 in the NNT

Deuteronomy 24 in the NNT2

Deuteronomy 24 in the NNT3

Deuteronomy 24 in the PDDPT

Deuteronomy 24 in the PFNT

Deuteronomy 24 in the RMNT

Deuteronomy 24 in the SBIAS

Deuteronomy 24 in the SBIBS

Deuteronomy 24 in the SBIBS2

Deuteronomy 24 in the SBICS

Deuteronomy 24 in the SBIDS

Deuteronomy 24 in the SBIGS

Deuteronomy 24 in the SBIHS

Deuteronomy 24 in the SBIIS

Deuteronomy 24 in the SBIIS2

Deuteronomy 24 in the SBIIS3

Deuteronomy 24 in the SBIKS

Deuteronomy 24 in the SBIKS2

Deuteronomy 24 in the SBIMS

Deuteronomy 24 in the SBIOS

Deuteronomy 24 in the SBIPS

Deuteronomy 24 in the SBISS

Deuteronomy 24 in the SBITS

Deuteronomy 24 in the SBITS2

Deuteronomy 24 in the SBITS3

Deuteronomy 24 in the SBITS4

Deuteronomy 24 in the SBIUS

Deuteronomy 24 in the SBIVS

Deuteronomy 24 in the SBT

Deuteronomy 24 in the SBT1E

Deuteronomy 24 in the SCHL

Deuteronomy 24 in the SNT

Deuteronomy 24 in the SUSU

Deuteronomy 24 in the SUSU2

Deuteronomy 24 in the SYNO

Deuteronomy 24 in the TBIAOTANT

Deuteronomy 24 in the TBT1E

Deuteronomy 24 in the TBT1E2

Deuteronomy 24 in the TFTIP

Deuteronomy 24 in the TFTU

Deuteronomy 24 in the TGNTATF3T

Deuteronomy 24 in the THAI

Deuteronomy 24 in the TNFD

Deuteronomy 24 in the TNT

Deuteronomy 24 in the TNTIK

Deuteronomy 24 in the TNTIL

Deuteronomy 24 in the TNTIN

Deuteronomy 24 in the TNTIP

Deuteronomy 24 in the TNTIZ

Deuteronomy 24 in the TOMA

Deuteronomy 24 in the TTENT

Deuteronomy 24 in the UBG

Deuteronomy 24 in the UGV

Deuteronomy 24 in the UGV2

Deuteronomy 24 in the UGV3

Deuteronomy 24 in the VBL

Deuteronomy 24 in the VDCC

Deuteronomy 24 in the YALU

Deuteronomy 24 in the YAPE

Deuteronomy 24 in the YBVTP

Deuteronomy 24 in the ZBP