Deuteronomy 25 (IRVA)
1 যদি লোকসকলৰ মাজত বিবাদ হয় আৰু সেই বিবাদ আদালতলৈ নিয়া হয়, তেন্তে বিচাৰকসকলে বিচাৰ কৰি তেওঁলোকৰ নিৰ্দোষীক নিৰ্দোষ আৰু দোষীক দোষী কৰিব; 2 সেই বিচাৰত যদি দোষী প্ৰহাৰৰ যোগ্য হয়, তেন্তে বিচাৰকে তেওঁক মাটিত শুৱাই লৈ তাৰ দোষ অনুসাৰে হিচাপ কৰি নিজৰ সন্মুখতে তেওঁক কোবোৱাব। 3 বিচাৰকে তেওঁক চল্লিশ কোবৰ অধিক মৰাব নোৱাৰিব; তাৰ অধিক মাৰিলে এজন ইস্রায়েলীয়া ভাইক অাপোনালোকৰ আগত নীহ কৰা হ’ব। 4 শস্য মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিব। 5 যদি ককাই-ভাইসকল একেলগে থাকে আৰু তেওঁলোকৰ মাজৰ এজন ভাই পুত্রহীন হৈ মৰে, তেন্তে সেই মৃতকৰ ভাৰ্য্যাই বাহিৰৰ আন পুৰুষক বিয়া কৰিব নোৱাৰিব; দেওৰেক বা বৰ-জনাই তাইক বিয়া কৰি কৰিব আৰু তাইৰ প্রতি দেওৰেক বা বৰ-জনাৰ কৰিবলগীয়া কর্তব্য পালন কৰিব। 6 পাছত সেই মহিলাৰ ঔৰসত যি প্ৰথম সন্তান জন্ম হ’ব, তেওঁ সেই মৃত ভাইৰ নাম ৰক্ষা হ’ব আৰু সেই মৃত ভাইৰ নাম ইস্ৰায়েলৰ মাজৰ পৰা লুপ্ত হৈ নাযাব। 7 কিন্তু সেই পুৰুষে যদি নিজ ভায়েক বা ককায়েকৰ তিৰোতাক গ্ৰহণ কৰিব নোখোজে, তেন্তে তাৰ ককায়েক বা ভায়েকৰ সেই তিৰোতাই নগৰৰ দুৱাৰ মুখলৈ বৃদ্ধ লোকসকলৰ ওচৰলৈ গৈ ক’ব, “মোৰ দেওৰ বা বৰজনাই ইস্ৰায়েলৰ মাজত নিজ ককায়েক বা ভায়েকৰ নাম ৰাখিবলৈ অসন্মত হৈছে; মোৰ প্রতি মোৰ দেওৰ বা বৰজনাই কৰিবলগীয়া কর্তব্য পালন কৰিবলৈ ইচ্ছুক নহয়।” 8 তেতিয়া সেই নগৰৰ বৃদ্ধ লোকসকলে সেই পুৰুষক মাতি আনি বুজাব; ইয়াৰ পাছতো যদি তেওঁ দৃঢ়তাৰে কয় যে, “তাইক লবলৈ মোৰ ইচ্ছা নাই,” 9 তেতিয়া তেওঁৰ ককায়েক বা ভায়েকৰ ভাৰ্য্যাই বৃদ্ধ লোকসকলৰ সাক্ষাতে দেওৰেক বা বৰজনাৰ গুৰিলৈ গৈ তেওঁৰ ভৰিৰ পৰা জোতা খুলি ল’ব আৰু তেওঁৰ মুখত থু পেলাই ক’ব, “নিজ ককাই বা ভাইৰ বংশ যি জনে ৰক্ষা কৰিবলৈ নিবিচাৰে, তেওঁৰ প্রতি এনে ব্যৱহাৰকে কৰা হয়।” 10 ইস্ৰায়েলৰ মাজত সেই লোকৰ বংশ ‘জোতা-খোলা পুৰুষৰ বংশ’ বুলি প্ৰখ্যাত হ’ব। 11 দুজন লোকৰ মাজত কাজিয়া কৰাৰ সময়ত যদি এজনৰ ভাৰ্য্যাই তেওঁৰ স্বামীক আঘাত কৰা আন জনৰ হাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যেৰে ওচৰলৈ আহে আৰু হাত মেলি আন লোকজনৰ গুপুত অঙ্গ ধৰে, 12 তেতিয়া অাপোনালোকে তাইৰ হাত কাটি পেলাব; তাইলৈ আপোনালোকে কোনো দয়া নেদেখুৱাব। 13 আপোনালোকৰ মোনাত যেন সৰু আৰু ডাঙৰ দুই ৰকমৰ দগা নাথাকে। 14 আপোনালোকৰ ঘৰত সৰু আৰু ডাঙৰ দুই ধৰণৰ জোখৰ পাত্র যেন নাথাকে। 15 আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিব, সেই দেশত আপোনালোকৰ আয়ুস দীঘল হ’বৰ কাৰণে আপোনালোকে সঠিক আৰু ন্যায় দগা, সঠিক আৰু ন্যায় জোখৰ পাত্র ৰাখিব লাগিব। 16 কাৰণ, যেয়ে এই সকলো কাৰ্য কৰে অর্থাৎ সকলো ধৰণৰ অধার্মিক কার্য কৰে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তেওঁক ঘৃণা কৰে। 17 আপোনালোক মিচৰ দেশৰ পৰা ওলাই আহোঁতে বাটত অমালেকীয়াসকলে আপোনালোকৰ সৈতে যি কৰিছিল, তাক সোঁৱৰণ কৰক। 18 আপোনালোক শ্রান্ত আৰু ক্লান্ত হৈ থকা অৱস্থাত যি দুর্বল লোকসকল পাছত গৈ আছিল, কেনেকৈ তেওঁলোকে বাটত লগ পাই আক্রমণ কৰিছিল, তাক সোঁৱৰণ কৰক। তেওঁলোকে ঈশ্বৰক ভয় কৰা নকৰিছিল। 19 এই হেতুকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ স্বৰূপে অধিকাৰ কৰিবলৈ আপোনালোকক দিবলৈ গৈছে, সেই দেশত আপোনালোকৰ চাৰিওফালে থকা সকলো শত্রুবোৰৰ পৰা তেওঁ যেতিয়া আপোনালোকক বিশ্ৰাম দিব, তেতিয়া আকাশৰ তলৰ পৰা অমালেকীয়াসকলৰ চিন আপোনালোকে একেবাৰে মছি পেলাব লাগিব। এই কথা আপোনালোকে নাপাহৰিবা।
In Other Versions
Deuteronomy 25 in the ANGEFD
Deuteronomy 25 in the ANTPNG2D
Deuteronomy 25 in the AS21
Deuteronomy 25 in the BAGH
Deuteronomy 25 in the BBPNG
Deuteronomy 25 in the BBT1E
Deuteronomy 25 in the BDS
Deuteronomy 25 in the BEV
Deuteronomy 25 in the BHAD
Deuteronomy 25 in the BIB
Deuteronomy 25 in the BLPT
Deuteronomy 25 in the BNT
Deuteronomy 25 in the BNTABOOT
Deuteronomy 25 in the BNTLV
Deuteronomy 25 in the BOATCB
Deuteronomy 25 in the BOATCB2
Deuteronomy 25 in the BOBCV
Deuteronomy 25 in the BOCNT
Deuteronomy 25 in the BOECS
Deuteronomy 25 in the BOGWICC
Deuteronomy 25 in the BOHCB
Deuteronomy 25 in the BOHCV
Deuteronomy 25 in the BOHLNT
Deuteronomy 25 in the BOHNTLTAL
Deuteronomy 25 in the BOICB
Deuteronomy 25 in the BOILNTAP
Deuteronomy 25 in the BOITCV
Deuteronomy 25 in the BOKCV
Deuteronomy 25 in the BOKCV2
Deuteronomy 25 in the BOKHWOG
Deuteronomy 25 in the BOKSSV
Deuteronomy 25 in the BOLCB
Deuteronomy 25 in the BOLCB2
Deuteronomy 25 in the BOMCV
Deuteronomy 25 in the BONAV
Deuteronomy 25 in the BONCB
Deuteronomy 25 in the BONLT
Deuteronomy 25 in the BONUT2
Deuteronomy 25 in the BOPLNT
Deuteronomy 25 in the BOSCB
Deuteronomy 25 in the BOSNC
Deuteronomy 25 in the BOTLNT
Deuteronomy 25 in the BOVCB
Deuteronomy 25 in the BOYCB
Deuteronomy 25 in the BPBB
Deuteronomy 25 in the BPH
Deuteronomy 25 in the BSB
Deuteronomy 25 in the CCB
Deuteronomy 25 in the CUV
Deuteronomy 25 in the CUVS
Deuteronomy 25 in the DBT
Deuteronomy 25 in the DGDNT
Deuteronomy 25 in the DHNT
Deuteronomy 25 in the DNT
Deuteronomy 25 in the ELBE
Deuteronomy 25 in the EMTV
Deuteronomy 25 in the ESV
Deuteronomy 25 in the FBV
Deuteronomy 25 in the FEB
Deuteronomy 25 in the GGMNT
Deuteronomy 25 in the GNT
Deuteronomy 25 in the HARY
Deuteronomy 25 in the HNT
Deuteronomy 25 in the IRVB
Deuteronomy 25 in the IRVG
Deuteronomy 25 in the IRVH
Deuteronomy 25 in the IRVK
Deuteronomy 25 in the IRVM
Deuteronomy 25 in the IRVM2
Deuteronomy 25 in the IRVO
Deuteronomy 25 in the IRVP
Deuteronomy 25 in the IRVT
Deuteronomy 25 in the IRVT2
Deuteronomy 25 in the IRVU
Deuteronomy 25 in the ISVN
Deuteronomy 25 in the JSNT
Deuteronomy 25 in the KAPI
Deuteronomy 25 in the KBT1ETNIK
Deuteronomy 25 in the KBV
Deuteronomy 25 in the KJV
Deuteronomy 25 in the KNFD
Deuteronomy 25 in the LBA
Deuteronomy 25 in the LBLA
Deuteronomy 25 in the LNT
Deuteronomy 25 in the LSV
Deuteronomy 25 in the MAAL
Deuteronomy 25 in the MBV
Deuteronomy 25 in the MBV2
Deuteronomy 25 in the MHNT
Deuteronomy 25 in the MKNFD
Deuteronomy 25 in the MNG
Deuteronomy 25 in the MNT
Deuteronomy 25 in the MNT2
Deuteronomy 25 in the MRS1T
Deuteronomy 25 in the NAA
Deuteronomy 25 in the NASB
Deuteronomy 25 in the NBLA
Deuteronomy 25 in the NBS
Deuteronomy 25 in the NBVTP
Deuteronomy 25 in the NET2
Deuteronomy 25 in the NIV11
Deuteronomy 25 in the NNT
Deuteronomy 25 in the NNT2
Deuteronomy 25 in the NNT3
Deuteronomy 25 in the PDDPT
Deuteronomy 25 in the PFNT
Deuteronomy 25 in the RMNT
Deuteronomy 25 in the SBIAS
Deuteronomy 25 in the SBIBS
Deuteronomy 25 in the SBIBS2
Deuteronomy 25 in the SBICS
Deuteronomy 25 in the SBIDS
Deuteronomy 25 in the SBIGS
Deuteronomy 25 in the SBIHS
Deuteronomy 25 in the SBIIS
Deuteronomy 25 in the SBIIS2
Deuteronomy 25 in the SBIIS3
Deuteronomy 25 in the SBIKS
Deuteronomy 25 in the SBIKS2
Deuteronomy 25 in the SBIMS
Deuteronomy 25 in the SBIOS
Deuteronomy 25 in the SBIPS
Deuteronomy 25 in the SBISS
Deuteronomy 25 in the SBITS
Deuteronomy 25 in the SBITS2
Deuteronomy 25 in the SBITS3
Deuteronomy 25 in the SBITS4
Deuteronomy 25 in the SBIUS
Deuteronomy 25 in the SBIVS
Deuteronomy 25 in the SBT
Deuteronomy 25 in the SBT1E
Deuteronomy 25 in the SCHL
Deuteronomy 25 in the SNT
Deuteronomy 25 in the SUSU
Deuteronomy 25 in the SUSU2
Deuteronomy 25 in the SYNO
Deuteronomy 25 in the TBIAOTANT
Deuteronomy 25 in the TBT1E
Deuteronomy 25 in the TBT1E2
Deuteronomy 25 in the TFTIP
Deuteronomy 25 in the TFTU
Deuteronomy 25 in the TGNTATF3T
Deuteronomy 25 in the THAI
Deuteronomy 25 in the TNFD
Deuteronomy 25 in the TNT
Deuteronomy 25 in the TNTIK
Deuteronomy 25 in the TNTIL
Deuteronomy 25 in the TNTIN
Deuteronomy 25 in the TNTIP
Deuteronomy 25 in the TNTIZ
Deuteronomy 25 in the TOMA
Deuteronomy 25 in the TTENT
Deuteronomy 25 in the UBG
Deuteronomy 25 in the UGV
Deuteronomy 25 in the UGV2
Deuteronomy 25 in the UGV3
Deuteronomy 25 in the VBL
Deuteronomy 25 in the VDCC
Deuteronomy 25 in the YALU
Deuteronomy 25 in the YAPE
Deuteronomy 25 in the YBVTP
Deuteronomy 25 in the ZBP