Isaiah 37 (IRVA)

1 সেই কথা শুনা মাত্ৰে ৰজা হিষ্কিয়াই নিজৰ বস্ত্ৰ ফালি চট কাপোৰ পিন্ধিলে, আৰু যিহোৱাৰ গৃহলৈ গ’ল। 2 চট কাপোৰ পিন্ধা ৰজাৰ ঘৰগিৰী ইলিয়াকীম, ৰাজলিখক চেবনা, আৰু পুৰোহিতসকলৰ বৃদ্ধ লোকক আমোচৰ পুত্ৰ যিচয়া ভাববাদী ওচৰলৈ পঠাই দিলে। 3 তেওঁলোকে তেওঁক ক’লে, ‘যিদৰে এটি সন্তানৰ প্ৰসৱৰ সময় হয়, কিন্তু মাতৃৰ সন্তান প্ৰসৱ কৰাৰ শক্তি নাথাকে সেইদৰেই আজি সঙ্কট, তাড়না, আৰু অপমানৰ দিন হয়। 4 যি ৰবচাকিক নিজৰ প্ৰভু ৰজা অচুৰীয়াৰ জীৱন্ত ঈশ্বৰক ধিক্কাৰ দিবলৈ পঠাইছিল, আপোনাৰ ঈশ্বৰ যিহোৱাই সেই ৰবচাকিৰ কথা শুনিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাই নিজে শুনা কথাৰ বাবে হয়তু দণ্ড দিব; সেয়ে এতিয়া অৱশিষ্ট থকা ভাগৰ বাবে আপুনি প্রাৰ্থনা উৎসৰ্গ কৰক। 5 সেয়ে ৰজা হিষ্কিয়াৰ দাসবোৰ যিচয়াৰ ওচৰলৈ আহিল, 6 যিচয়াই তেওঁলোকক ক’লে, “তোমালোকৰ গৰাকীক কোৱা, যিহোৱাই কৈছে, “তুমি যি বাক্য শুনিলা, আৰু যিহৰ দ্বাৰাই ৰজা অচূৰীয়াৰ দাসবোৰে মোক নিন্দা কৰিলে, এই সকলো কথালৈ ভয় নকৰিবা। 7 চোৱা, মই তেওঁৰ অন্তৰত এক আত্মা স্থাপন কৰিম, আৰু তেওঁ বিশেষ সম্বাদ শুনি নিজৰ দেশলৈ উভটি যাব; মই তেওঁৰ দেশত তেওঁক তৰোৱালে নিপাত কৰিম। 8 তাৰ পাছত ৰবচাকিয়ে উভটি গৈ ৰজা অচূৰীয়াই লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰি থকা পালে; কাৰণ তেওঁ শুনিলে যে, ৰজা লাখীচৰ পৰা আঁতৰি গ’ল। 9 তেতিয়া ৰজা অচৰীয়াই শুনিলে যে, কুচ আৰু মিচৰীয়া দেশৰ ৰজা তিৰ্হাকাই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্য সমবেত কৰিছে; সেয়ে তেওঁ বাৰ্ত্তাৰে সৈতে বাৰ্ত্তাবাহকক হিষ্কিয়াৰ ওচৰলৈ পঠিয়ালে। 10 যিহূদাৰ ৰজা হিষ্কিয়াক কোৱা, যি ঈশ্বৰত তুমি ভাৰসা কৰিছা, “ৰজা অচূৰীয়াৰ হাতত যিৰূচালেমক শোধাই দিয়া নহ’ব বুলি” তোমাৰ সেই ঈশ্বৰে তোমাক নুভুলাওক। 11 চোৱা, ৰজা অচূৰীয়াই সকলো দেশ সম্পূৰ্ণকৈ ধ্বংস কৰি কি কৰিছিল, সেই বিষয়ে তুমি শুনিবলৈ পালা, সেয়ে তুমি জানো ৰক্ষা পাবা? 12 মোৰ পূর্বপুৰুষসকলে ধ্বংস কৰা দেশবাসী গোজন, হাৰণ, ৰেচফ, আৰু তলচ্ছাৰত থকা এদনৰ সন্তানসকলক তেওঁলোকৰ দেৱতাবোৰে জানো তেওঁলোকক ৰক্ষা কৰিছে’?” 13 হমাতৰ ৰজা, অৰ্পদৰ ৰজা, চফৰ্বয়িম নগৰৰ ৰজা, হেনাৰ আৰু ইব্বাৰ ৰজা সকল ক’ত আছে? 14 হিষ্কিয়াই বাৰ্ত্তাবাহকসকলৰ পৰা পত্ৰখন গ্রহণ কৰিলে আৰু পাঢ়িলে। তাৰ পাছত তেওঁ যিহোৱাৰ গৃহলৈ গৈ যিহোৱাৰ সন্মুখত পত্রখন মেলি দিলে। 15 হিষ্কিয়াই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, 16 “হে কৰূব দুটাৰ মাজত বাস কৰা ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, আপুনি ঈশ্বৰ, পৃথিবীৰ সকলো ৰাজ্যৰ মাজত কেৱল আপুনিয়েই ঈশ্বৰ, আপুনিয়েই আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। 17 হে যিহোৱা কাণ পাতি শুনক; হে যিহোৱা আপোনাৰ চকু মেলি দৃষ্টি কৰক আৰু জীৱন্ত ঈশ্বৰক নিন্দা কৰিবলৈ চনহেৰীবে কৈ পঠোৱা সকলো কথা শুনক। 18 হে যিহোৱা এইটো সত্য যে, অচূৰীয়াৰ ৰজাসকলে সকলো দেশীবাসী আৰু তেওঁলোকৰ দেশ ধ্বংস কৰিলে। 19 তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰক জুইত পেলালে; কিয়নো সেইবোৰ দেৱতা নহয়, কিন্তু মনুষ্যৰ হাতৰ কাৰ্যহে, সেইবোৰ কাঠ আৰু শিল মাথোন, সেয়ে অচূৰীয়াসকলে সেইবোৰ বিনষ্ট কৰিলে। 20 এই হেতুকে হে আমাৰ ঈশ্বৰ যিহোৱা, অকল আপুনিয়েই যে যিহোৱা ইয়াক পৃথিবীৰ সকলো ৰাজ্যৰ লোকসকলে জানিবৰ বাবে আপুনি তেওঁৰ হাতৰ পৰা আমাক নিস্তাৰ কৰক।” 21 তাৰ পাছত আমোচৰ পুত্ৰ যিচয়াই হিষ্কিয়াৰ ওচৰলৈ বাৰ্ত্তা পঠিয়াই ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, কাৰণ তুমি অচূৰৰ ৰজা চনহেৰীবৰ বিষয়ে মোৰ আগত প্ৰাৰ্থনা কৰিলা; 22 তেওঁৰ বিষয়ে যিহোৱাই কোৱা কথা এই:কুমাৰী চিয়োন-জীয়াৰীয়ে তোমাক হেয়জ্ঞান কৰিছে, আৰু তোমাক হাঁহিছে;যিৰূচালেম জীয়াৰীয়ে তোমালৈ মুৰ জোকাৰিলা। 23 তুমি কাক উপেক্ষা আৰু অপমান কৰিলা? আৰু কাৰ বিৰুদ্ধে উচ্চ স্বৰেৰে কথা কৈছা,আৰু অহঙ্কাৰেৰে কাৰ ওপৰত দৃষ্টি কৰিলা? ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ বিৰুদ্ধেই কৰিলা। 24 তুমি তোমাৰ দাসবোৰৰ দ্বাৰাই প্ৰভুক উপেক্ষা কৰিলা, আৰু ক’লা, মোৰ অধিক ৰথে সৈতেওখ পৰ্ব্বতবোৰৰ টিঙলৈকে, লিবানোনৰ ওখ স্থানলৈ উঠি গলোঁ।আৰু মই তাৰ ওখ ওখ দেৱদাৰু আৰু তাৰ উত্তম ডিমৰু গছবোৰ কাটি পেলাম,আৰু তাৰ অন্ত ভাগৰ ওখ ঠাইত তাৰ ফলৱতী উদ্যানত সোমাম। 25 মই কুঁৱা খানিলোঁ আৰু বিদেশী পানী খালোঁ,আৰু মই মোৰ ভৰিৰ তলুৱাৰে মিচৰৰ সকলো নদীবোৰ শুকুৱাম। 26 বহুকালৰে পৰা মই তাক কেনেকৈ স্থিৰ কৰিলোঁ,আৰু প্ৰাচীন কালত মই তাক কেনেকৈ কাৰ্যকাৰী কৰিলোঁ, সেই বিষয়ে তুমি শুনা নাই নে? মই এতিয়া তাক বৈ যাব দিম।আপুনি দুর্ভেদ্য নগৰবোৰ হ্রাস কৰি উচ্ছন্ন ভগ্ন ৰাশি কৰিবলৈ ইয়াত আছে। 27 তাৰ নিবাসীসকল দুৰ্বল আছিল; তেওঁলোক চূৰ্ণবিচূৰ্ণ হৈ লজ্জিত হৈছিল।তেওঁলোকে পথাৰত সেউজীয়া ঘাঁহ ৰুইছিল,পূবদিশৰ বতাহৰ আগত।ঘৰৰ চালত বা পথাৰত গজা ঘাঁহৰ দৰে। 28 কিন্তু তুমি বহা, তুমি বাহিৰলৈ আৰু ভিতৰলৈ অহা যোৱা কৰা, আৰু মোৰ বিৰুদ্ধে তুমি কৰা ক্রোধ, এই সকলোকে মই জানিছোঁ। 29 তুমি মোৰ বিৰুদ্ধে কৰা ক্রোধৰ কাৰণে, আৰু তোমাৰ অহঙ্কাৰৰ কথা মোৰ কাণত পৰাৰ কাৰণেমই তোমাৰ নাকত মোৰ হাঁকোটা, আৰু তোমাৰ মুখত মোৰ লাগাম লগাম,আৰু যি বাটেদি তুমি আহিলা, সেই বাটেদিয়েই তোমাক উভটাই পঠাম। 30 তোমাৰ বাবে এইয়ে এক চিন হ’ব, যে,এই বছৰত নিজে উৎপন্ন হোৱা শস্য, আৰু দ্বিতীয় বছৰত তাৰ পৰা উৎপন্ন হোৱা শস্য তোমালোকে ভোজন কৰিবা;কিন্তু তৃতীয় বছৰত তোমালোকে নিশ্চয়কৈ কঠিয়া সিচিঁ শস্য দাবা, আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিবা। 31 যিহূদা বংশৰ ৰক্ষা পোৱা অবশিষ্ট লোকে পুনৰাই পুখা মেলিব, আৰু ফলৱান হ’ব। 32 কাৰণ যিৰূচালেমৰ পৰা অবশিষ্ট লোক আৰু চিয়োন পৰ্ব্বতৰ পৰা ৰক্ষা পোৱা লোক ওলাই আহিব;বাহিনীসকলৰ যিহোৱাৰ উৎসাহে ইয়াক সিদ্ধ কৰিব। 33 এই হেতুকে ৰজা অচূৰীয়াৰ বিষয়ে যিহোৱাই এই কথা কৈছে:তেওঁ এই নগৰলৈ নাহিব, ইয়ালৈ এপাত কাঁড়ো নামাৰিব,ইয়াৰ সন্মুখলৈ ঢাল লৈ নাহিব, আৰু ইয়াৰ বিৰুদ্ধে হাদাম নাবান্ধিব। 34 যিহোৱাই কৈছে যে, তেওঁ যি বাটেদি আহিল, সেই বাটেদিয়েই উভটি যাব, তেওঁ এই নগৰত নোহোমাব। 35 মই নিজৰ আৰু মোৰ দাস দায়ূদৰ কাৰণে এই নগৰ ৰক্ষা আৰু উদ্ধাৰ কৰিম।” 36 তাৰ পাছত যিহোৱাৰ দূতবোৰে ওলাই গৈ অচূৰীয়াসকলৰ চাউনিত আক্রমণ কৰিলে, আৰু এক লাখ পঁচাশী হাজাৰ লোকক মাৰিলে। তাতে লোকসকলে ৰাতিপুৱা উঠি তেওঁলোকৰ চাৰিওফালে মৰা শৱ পৰি থকা দেখিলে। 37 সেই বাবে অচূৰৰ ৰজা চনহেৰীবে ইস্রায়েল ত্যাগ কৰি ঘৰলৈ উভটি গৈ নীনবিত বাস কৰিলে। 38 তাৰ পাছত তেওঁ নিজৰ নিষ্ৰোক নামেৰে দেৱতাৰ গৃহত প্ৰণিপাত কৰোঁতে, অদ্ৰমেলক আৰু চৰেচ নামৰ তেওঁৰ পুত্র দুজনে তেওঁক তৰোৱালেৰে বধ কৰিলে। তাৰ পাছত তেওঁলোক অৰাৰট দেশলৈ পলাই গ’ল। পাছত তেওঁৰ পুত্ৰ এচৰ-হদ্দোনে তেওঁৰ পাছত ৰাজত্ব কৰিলে।

In Other Versions

Isaiah 37 in the ANGEFD

Isaiah 37 in the ANTPNG2D

Isaiah 37 in the AS21

Isaiah 37 in the BAGH

Isaiah 37 in the BBPNG

Isaiah 37 in the BBT1E

Isaiah 37 in the BDS

Isaiah 37 in the BEV

Isaiah 37 in the BHAD

Isaiah 37 in the BIB

Isaiah 37 in the BLPT

Isaiah 37 in the BNT

Isaiah 37 in the BNTABOOT

Isaiah 37 in the BNTLV

Isaiah 37 in the BOATCB

Isaiah 37 in the BOATCB2

Isaiah 37 in the BOBCV

Isaiah 37 in the BOCNT

Isaiah 37 in the BOECS

Isaiah 37 in the BOGWICC

Isaiah 37 in the BOHCB

Isaiah 37 in the BOHCV

Isaiah 37 in the BOHLNT

Isaiah 37 in the BOHNTLTAL

Isaiah 37 in the BOICB

Isaiah 37 in the BOILNTAP

Isaiah 37 in the BOITCV

Isaiah 37 in the BOKCV

Isaiah 37 in the BOKCV2

Isaiah 37 in the BOKHWOG

Isaiah 37 in the BOKSSV

Isaiah 37 in the BOLCB

Isaiah 37 in the BOLCB2

Isaiah 37 in the BOMCV

Isaiah 37 in the BONAV

Isaiah 37 in the BONCB

Isaiah 37 in the BONLT

Isaiah 37 in the BONUT2

Isaiah 37 in the BOPLNT

Isaiah 37 in the BOSCB

Isaiah 37 in the BOSNC

Isaiah 37 in the BOTLNT

Isaiah 37 in the BOVCB

Isaiah 37 in the BOYCB

Isaiah 37 in the BPBB

Isaiah 37 in the BPH

Isaiah 37 in the BSB

Isaiah 37 in the CCB

Isaiah 37 in the CUV

Isaiah 37 in the CUVS

Isaiah 37 in the DBT

Isaiah 37 in the DGDNT

Isaiah 37 in the DHNT

Isaiah 37 in the DNT

Isaiah 37 in the ELBE

Isaiah 37 in the EMTV

Isaiah 37 in the ESV

Isaiah 37 in the FBV

Isaiah 37 in the FEB

Isaiah 37 in the GGMNT

Isaiah 37 in the GNT

Isaiah 37 in the HARY

Isaiah 37 in the HNT

Isaiah 37 in the IRVB

Isaiah 37 in the IRVG

Isaiah 37 in the IRVH

Isaiah 37 in the IRVK

Isaiah 37 in the IRVM

Isaiah 37 in the IRVM2

Isaiah 37 in the IRVO

Isaiah 37 in the IRVP

Isaiah 37 in the IRVT

Isaiah 37 in the IRVT2

Isaiah 37 in the IRVU

Isaiah 37 in the ISVN

Isaiah 37 in the JSNT

Isaiah 37 in the KAPI

Isaiah 37 in the KBT1ETNIK

Isaiah 37 in the KBV

Isaiah 37 in the KJV

Isaiah 37 in the KNFD

Isaiah 37 in the LBA

Isaiah 37 in the LBLA

Isaiah 37 in the LNT

Isaiah 37 in the LSV

Isaiah 37 in the MAAL

Isaiah 37 in the MBV

Isaiah 37 in the MBV2

Isaiah 37 in the MHNT

Isaiah 37 in the MKNFD

Isaiah 37 in the MNG

Isaiah 37 in the MNT

Isaiah 37 in the MNT2

Isaiah 37 in the MRS1T

Isaiah 37 in the NAA

Isaiah 37 in the NASB

Isaiah 37 in the NBLA

Isaiah 37 in the NBS

Isaiah 37 in the NBVTP

Isaiah 37 in the NET2

Isaiah 37 in the NIV11

Isaiah 37 in the NNT

Isaiah 37 in the NNT2

Isaiah 37 in the NNT3

Isaiah 37 in the PDDPT

Isaiah 37 in the PFNT

Isaiah 37 in the RMNT

Isaiah 37 in the SBIAS

Isaiah 37 in the SBIBS

Isaiah 37 in the SBIBS2

Isaiah 37 in the SBICS

Isaiah 37 in the SBIDS

Isaiah 37 in the SBIGS

Isaiah 37 in the SBIHS

Isaiah 37 in the SBIIS

Isaiah 37 in the SBIIS2

Isaiah 37 in the SBIIS3

Isaiah 37 in the SBIKS

Isaiah 37 in the SBIKS2

Isaiah 37 in the SBIMS

Isaiah 37 in the SBIOS

Isaiah 37 in the SBIPS

Isaiah 37 in the SBISS

Isaiah 37 in the SBITS

Isaiah 37 in the SBITS2

Isaiah 37 in the SBITS3

Isaiah 37 in the SBITS4

Isaiah 37 in the SBIUS

Isaiah 37 in the SBIVS

Isaiah 37 in the SBT

Isaiah 37 in the SBT1E

Isaiah 37 in the SCHL

Isaiah 37 in the SNT

Isaiah 37 in the SUSU

Isaiah 37 in the SUSU2

Isaiah 37 in the SYNO

Isaiah 37 in the TBIAOTANT

Isaiah 37 in the TBT1E

Isaiah 37 in the TBT1E2

Isaiah 37 in the TFTIP

Isaiah 37 in the TFTU

Isaiah 37 in the TGNTATF3T

Isaiah 37 in the THAI

Isaiah 37 in the TNFD

Isaiah 37 in the TNT

Isaiah 37 in the TNTIK

Isaiah 37 in the TNTIL

Isaiah 37 in the TNTIN

Isaiah 37 in the TNTIP

Isaiah 37 in the TNTIZ

Isaiah 37 in the TOMA

Isaiah 37 in the TTENT

Isaiah 37 in the UBG

Isaiah 37 in the UGV

Isaiah 37 in the UGV2

Isaiah 37 in the UGV3

Isaiah 37 in the VBL

Isaiah 37 in the VDCC

Isaiah 37 in the YALU

Isaiah 37 in the YAPE

Isaiah 37 in the YBVTP

Isaiah 37 in the ZBP