Luke 11 (IRVA)

1 এদিন যীচুৱে এঠাইত প্ৰাৰ্থনা কৰি আছিল৷ প্ৰার্থনা শেষ হোৱাৰ পাছত তেওঁৰ এজন শিষ্যই ওচৰলৈ আহি ক’লে, “হে প্ৰভু, যোহনে যেনেকৈ তেওঁৰ শিষ্য সকলক প্ৰার্থনা কৰিবলৈ শিকালে; তেনেকৈ আপুনিও আমাক শিকাওঁক।” 2 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে প্ৰাৰ্থনা কৰা সময়ত এইদৰে ক’বা, ‘হে পিতৃ, তোমাৰ নাম পূজনীয় হওক; তোমাৰ ৰাজ্য হওক; 3 আমাৰ প্ৰয়োজনীয় দৈনিক আহাৰ আমাক প্ৰতিদিনে দিয়া। 4 আমাৰ পাপ ক্ষমা কৰা কিয়নো আমিও নিজৰ নিজৰ ধৰুৱাক ক্ষমা কৰিলোঁ। আৰু আমাক পৰীক্ষালৈ নিনিবা’।” 5 ইয়াৰ পাছত যীচুৱে তেওঁলোকক ক’লে, “ধৰা হওক, তোমালোকৰ মাজৰ কোনো এজনৰ বন্ধু আছে৷ তুমি যদি মাজনিশা বন্ধু জনৰ ওচৰত গৈ কোৱা, ‘হে বন্ধু, মোক তিনিটা পিঠা ধাৰে দিয়া; 6 কিয়নো এইমাত্ৰ মোৰ ঘৰলৈ এজন পঠিক বন্ধু আহিছে৷ তেওঁক আহাৰ দিবলৈ মোৰ একো আহাৰ নাই৷’ 7 তেতিয়া সেই বন্ধু জনে ভিতৰৰ পৰা উত্তৰ দি কব পাৰে ‘মোক বিৰক্ত নকৰিবা৷ এতিয়া দুৱাৰ বন্ধ আৰু মোৰ সন্তান সকল শুই আছে৷ তোমাক পিঠা দিবলৈ উঠিব নোৱাৰো৷’ 8 কিন্তু মই তোমালোকক কওঁ, বন্ধু হোৱা হেতুকে তেওঁ উঠি আহি নিদিলেও তুমি বাৰে বাৰে খুজি থকাত, এটা সময়ত তেওঁ উঠি আহি তোমাৰ যিমান প্ৰয়োজন সিমানেই পিঠা তোমাক দিব। 9 মই তোমালোকক পুনৰ কওঁ, খোজা তেতিয়া তোমালোকক দিয়া হ’ব, বিচাৰা তেতিয়া পাবা, টুকুৰিওৱা তেতিয়া তোমালোকৰ বাবে দুৱাৰ মুকলি কৰা হ’ব। 10 কিয়নো খোজা লোকে পায়, বিচৰা জনে দেখে আৰু যি জনে টুকুৰিয়াই, তেওঁলৈ দুৱাৰ মুকলি কৰা হয়। 11 তোমালোকৰ মাজত কোন জন পিতৃয়ে পুত্ৰই পিঠা খুজিলে, শিল দিব? বা মাছ খুজিলে, মাছৰ সলনি সাপ দিব? 12 নাইবা কণী খুজিলে তাক কেঁকোৰা-বিছা দিব? 13 এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?” 14 এক সময়ত যীচুৱে এজন বোবা মানুহৰ পৰা এটা ভূত খেদাইছিল আৰু ভূতটো বাহিৰ হৈ যোৱাত, সেই বোবা মানুহ জনে কথা ক’বলৈ ধৰিলে৷ তাকে দেখি লোক সকলে বিস্ময় মানিলে। 15 কিন্তু কিছুমান লোকে কলে, “ভূতৰ ৰজা বেলচবূব ৰ সহায়তহে এওঁ ভূতবোৰক এনেদৰে খেদায়।” 16 আন কিছুমানে তেওঁক পৰীক্ষা কৰিবলৈ স্বৰ্গৰ পৰা কোনো পৰাক্ৰম কাৰ্যৰ চিন বিচাৰিলে। 17 কিন্তু যীচুৱে তেওঁলোকৰ মনৰ ভাব বুজি পায় ক’লে, “যদি কোনো ৰাজ্য নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে সেই ৰাজ্য উছন্ন হয় আৰু এখন ঘৰত যদি নিজৰ ভিতৰতে বিভেদ জন্মে, সেই ঘৰ খনো বিনষ্ট হয়৷ 18 চয়তান যদি নিজৰ বিৰুদ্ধে ভিন ভিন হয়, তেনেহলে তাৰ ৰাজ্য কেনেকৈ থাকিব? কাৰণ তোমালোকে কৈছা যে, মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও৷ 19 যদি মই বেলচবূব ৰ দ্বাৰাই ভূতবোৰক খেদাও, তেনেহলে তোমালোকৰ অনুগামী সকলে কাৰ দ্বাৰাই খেদায়? এই কাৰণে তেওঁলোক তোমালোকৰ বিচাৰক হব। 20 কিন্তু মই যদি ঈশ্বৰৰ আঙুলিৰে ভূতবোৰক খেদাও, তেনেহলে ঈশ্বৰৰ ৰাজ্য অৱশ্যে তোমালোকৰ মাজলৈ আহিল। 21 যেতিয়া এজন বলৱান লোকে অস্ত্ৰ-শস্ত্ৰৰে ভালকৈ সুসজ্জিত হৈ নিজৰ ঘৰ খন পহৰা দিয়ে, তেতিয়া তেওঁৰ সম্পত্তি সুৰক্ষিত হৈ থাকে; 22 কিন্তু যেতিয়া তেওঁতকৈ আন এজন বলৱান লোক আহি তেওঁক পৰাজয় কৰে, তেতিয়া সেই বলৱান লোক জনে তেওঁৰ পৰা অস্ত্ৰ-শস্ত্ৰবোৰৰ সৈতে তেওঁৰ সকলো সম্পত্তি লুণ্ঠন কৰে। 23 যি ব্যক্তি মোৰ ফলীয়া নহয়, তেওঁ মোৰ বিপক্ষ আৰু যি কোনোৱে মোৰে সৈতে নচপায়, তেওঁ সিচিঁ পেলায়। 24 যেতিয়া এটা অশুচি আত্মা কোনো মানুহৰ পৰা ওলাই যায়, তেতিয়া সি পানী নথকা ঠাইবোৰত ঘূৰি ফুৰি জিৰণি বিচাৰে আৰু এনে কোনো ঠাই বিচাৰি নাপালে সি কয়, ‘মই যি ঘৰৰ পৰা ওলাই আহিলোঁ সেই ঘৰলৈকে উভতি যাম’। 25 পাছত উভতি আহি সি যেতিয়া সেই ঘৰ খন সৰা পোচা আৰু সজোৱা-পৰোৱা দেখে, 26 তেতিয়া সি গৈ নিজতকৈ দুষ্ট আন সাতোটা ভূতৰ আত্মা লগত লৈ আহে, আৰু তাতে সোমাই নিবাস কৰে আৰু সেই মানুহ জনৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈও বেয়া হৈ যায়।” 27 এই কথা কৈ থাকোতে এজনী তিৰোতাই লোক সকলৰ মাজৰ পৰা বৰ মাতেৰে তেওঁক ক’লে, “আপোনাক যি গর্ভই ধাৰণ কৰিলে আৰু যাৰ স্তন আপুনি পান কৰিলে তেওঁ ধন্য।” 28 কিন্তু তেওঁ ক’লে, “হয়, তথাপি যি সকলে ঈশ্বৰৰ বাক্য শুনি পালন কৰে তেওঁলোকহে ধন্য।” 29 এনেদৰে অনেক লোক তেওঁৰ ওচৰত গোট খোৱাত, তেওঁ ক’বলৈ ধৰিলে, “এই কালৰ মানুহ, দুর্জন মানুহ৷ ইহতে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে কিন্তু যোনাৰ চিনৰ বাহিৰে আন কোনো চিন ইহতক দিয়া নহব। 30 কিয়নো যোনা যেনেকৈ নীনবিৰ লোকলৈ চিন হৈছিল, তেনেকৈ এই কালৰ লোকৰ ওচৰত মানুহৰ পুত্ৰই চিন হব। 31 দক্ষিণ দেশৰ ৰাণীয়ে মহা-বিচাৰত এই কালৰ মানুহবোৰৰ সৈতে উঠি তেওঁলোকক দোষী কৰিব কিয়নো তেওঁ চলোমনৰ জ্ঞানৰ কথা শুনিবলৈ পৃথিৱীৰ সীমাৰ পৰা আহিছিল৷ কিন্তু চোৱা, চলোমনতকৈয়ো মহান এজন ইয়াতে আছে। 32 মহা-বিচাৰত নীনবি নগৰৰ লোক সকল এই কালৰ লোক সকলৰ সৈতে থিয় হৈ ইহতক দোষী কৰিব; কিয়নো তেওঁলোকে যোনাৰ ঘোষণাত মন-পালটন কৰিলে, কিন্তু চোৱা যোনাতকৈয়ো মহান এজন ইয়াত আছে। 33 কোনো লোকে চাকি জ্ৱলাই কোনেও গুপুত ঠাইত বা দোণৰ তলত নথয় কিন্তু ভিতৰলৈ সোমোৱাই অহা সকলক পোহৰ দিবলৈ গছাৰ ওপৰতহে থয়। 34 তোমাৰ চকুৱেই শৰীৰৰ প্ৰদীপ; যেতিয়া তোমাৰ চকু ভালে থাকে, তেতিয়া তোমাৰ গোটেই শৰীৰ দিপ্তীময় হয়৷ কিন্তু যেতিয়া বেয়া থাকে, তেতিয়া তোমাৰ শৰীৰ অন্ধকাৰময় হয়। 35 এতেকে তোমাৰ ভিতৰত থকা পোহৰটো যেন অন্ধকাৰ হৈ নপৰে, সেই বিষয়ে মন কৰিবা। 36 এতেকে যদি তোমাৰ গোটেই শৰীৰ দিপ্তীময় আৰু তাৰ কোনো ভাগ অন্ধকাৰময় নহয়, তেনেহলে প্ৰদীপৰ উজ্বল ৰশ্মি তোমাক দিলে যি ৰূপ হয়, সেই ৰূপেই তোমাৰ সকলো শৰীৰে ধাৰণ কৰিব৷” 37 এই কথা কোৱাৰ পাছত এজন ফৰীচীয়ে তেওঁৰ লগত ভোজন কৰিবলৈ তেওঁক অনুৰোধ কৰিলে; তাতে তেওঁ ভিতৰলৈ সোমাই ভোজনত বহিল; 38 আৰু তেওঁক ভোজনৰ আগেয়ে নিজকে ধুই লোৱা নেদেখি, সেই ফৰীচীয়ে বিস্ময় মানিলে। 39 তেতিয়া প্ৰভুৱে তেওঁক ক’লে, “আপোনালোক ফৰীচী সকলে বাটি কাঁহিৰ বাহিৰফাল পৰিষ্কাৰ কৰে, কিন্তু আপোনালোকৰ ভিতৰফাল অপহৰণ আৰু দুষ্টতাৰে পৰিপূর্ণ। 40 হে নির্ব্বোধ সকল! যি জনে বাহিৰফাল নির্মাণ কৰিলে সেই জনে ভিতৰফালো নির্মাণ নকৰিলে নে? 41 ভিতৰত যি আছে, সেইখিনিকে দান কৰা; তেতিয়া সকলো বস্তু তোমালোকলৈ শুচি হব। 42 কিন্তু হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ আপোনালোকে পদিনা, আৰুদ আৰু বাগিছাত হোৱা শাক-পাচলিৰ দশম ভাগ দান কৰে কিন্তু ন্যায়-বিচাৰ আৰু ঈশ্বৰৰ প্ৰেম ত্যাগ কৰে৷ আচলতে অন্যান্য বিষয় সমূহৰ লগতে ন্যায়-বিচাৰ আৰু ঈশ্ৱৰৰ প্ৰেমকো পালন কৰা আপোনালোকৰ প্ৰয়োজন আছিল৷ 43 হায় হায় ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে নাম-ঘৰত প্ৰধান আসন আৰু হাট-বজাৰত সন্মানপূর্ণ সম্ভাষণবোৰক প্ৰেম কৰে। 44 হায় হায়! আপোনালোক সন্তাপৰ পাত্ৰ কিয়নো যি অদৃশ্য মৈদামৰ ওপৰত মানুহবোৰে নজনাকৈ খোজ দিয়ে, এনে মৈদামৰ নিচিনা আপোনালোক।” 45 সেই সময়ত বিধান পণ্ডিত এজনে উত্তৰ দি যীচুক ক’লে, “হে গুৰু আপুনি যিবোৰ কথা কৈছে সেই কথাবোৰে আমাক অপমান কৰে।” 46 তেতিয়া যীচুৱে ক’লে, “হায় হায় বিধান পণ্ডিত সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে মানুহৰ ওপৰত অসহনীয় ভাৰৰ বোজা দিয়ে, কিন্তু নিজৰ এটা আঙুলিৰেও সেই ভাৰ নুচুৱে। 47 হায় হায়! আপোনালোক সন্তাপৰ পাত্ৰ, কিয়নো আপোনালোকে ভাববাদী সকলৰ স্মৃতিৰ বাবে মৈদাম নির্মাণ কৰিছে কিন্তু আপোনালোকৰ পূর্বপুৰুষ সকলে তেওঁলোকক বধ কৰিছিল। 48 সেয়েহে ইয়াত আপোনালোক সাক্ষী হৈছে আৰু নিজ পূর্বপুৰুষ সকলৰ কর্মত সন্মতিও জনাইছে, কিয়নো তেখেত সকলে প্ৰকৃততে ভাববাদী সকলক বধ কৰিছিল, সেই কাৰণে এতিয়া আপোনালোকে মৈদাম সাজিছে। 49 ইয়াৰ কাৰণে ঈশ্বৰৰ জ্ঞানেও কলে, “মই তেওঁলোকলৈ ভাববাদী আৰু পাঁচনি সকলক পঠিয়াম আৰু তেওঁলোকে মই পঠিয়োৱা সকলৰ কোনো জনক তাড়না কৰিব আৰু কোনো জনক বধ কৰিব৷ 50 সেই কাৰণে জগত সৃষ্টিৰ আৰম্ভণিৰে পৰা আজিলৈকে যিমান ভাববাদী হত্যা কৰা হৈছে, তেখেত সকলৰ ৰক্তপাতৰ কাৰণে এই সময়ৰ লোক সকল দায়ী৷ 51 হয়, মই আপোনালোকক কওঁ- হেবলৰ ৰক্তপাতৰ পৰা আৰম্ভ কৰি যি জখৰিয়াক যজ্ঞবেদি আৰু মন্দিৰৰ মধ্য স্থানত হত্যা কৰা হৈছিল, সেই জখৰিয়াৰ হত্যা পর্যন্ত সমস্ত ৰক্তপাতৰ বাবে এই কালৰ লোক সকল দায়ী হব৷ 52 হায় হায় বিধানৰ অধ্যাপক সকল! আপোনালোক সন্তাপৰ পাত্ৰ৷ কিয়নো আপোনালোকে জ্ঞানৰ চাবি ধৰি আছে, কিন্তু তাতে প্ৰৱেশ নকৰিলে আৰু প্ৰৱেশ কৰিবলৈ ধৰা সকলকো বাধা দিছে।” 53 যীচুৱে সেই ঠাই এৰি যোৱাৰ পাছত, বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে তেওঁৰ কথাত প্ৰতিৰোধ কৰিলে আৰু তেওঁক লৈ বহু কথাত বিতর্ক কৰি, 54 তেওঁ কোৱা কথাৰেই তেওঁক ফান্দত পেলাব বিচাৰিলে৷

In Other Versions

Luke 11 in the ANGEFD

Luke 11 in the ANTPNG2D

Luke 11 in the AS21

Luke 11 in the BAGH

Luke 11 in the BBPNG

Luke 11 in the BBT1E

Luke 11 in the BDS

Luke 11 in the BEV

Luke 11 in the BHAD

Luke 11 in the BIB

Luke 11 in the BLPT

Luke 11 in the BNT

Luke 11 in the BNTABOOT

Luke 11 in the BNTLV

Luke 11 in the BOATCB

Luke 11 in the BOATCB2

Luke 11 in the BOBCV

Luke 11 in the BOCNT

Luke 11 in the BOECS

Luke 11 in the BOGWICC

Luke 11 in the BOHCB

Luke 11 in the BOHCV

Luke 11 in the BOHLNT

Luke 11 in the BOHNTLTAL

Luke 11 in the BOICB

Luke 11 in the BOILNTAP

Luke 11 in the BOITCV

Luke 11 in the BOKCV

Luke 11 in the BOKCV2

Luke 11 in the BOKHWOG

Luke 11 in the BOKSSV

Luke 11 in the BOLCB

Luke 11 in the BOLCB2

Luke 11 in the BOMCV

Luke 11 in the BONAV

Luke 11 in the BONCB

Luke 11 in the BONLT

Luke 11 in the BONUT2

Luke 11 in the BOPLNT

Luke 11 in the BOSCB

Luke 11 in the BOSNC

Luke 11 in the BOTLNT

Luke 11 in the BOVCB

Luke 11 in the BOYCB

Luke 11 in the BPBB

Luke 11 in the BPH

Luke 11 in the BSB

Luke 11 in the CCB

Luke 11 in the CUV

Luke 11 in the CUVS

Luke 11 in the DBT

Luke 11 in the DGDNT

Luke 11 in the DHNT

Luke 11 in the DNT

Luke 11 in the ELBE

Luke 11 in the EMTV

Luke 11 in the ESV

Luke 11 in the FBV

Luke 11 in the FEB

Luke 11 in the GGMNT

Luke 11 in the GNT

Luke 11 in the HARY

Luke 11 in the HNT

Luke 11 in the IRVB

Luke 11 in the IRVG

Luke 11 in the IRVH

Luke 11 in the IRVK

Luke 11 in the IRVM

Luke 11 in the IRVM2

Luke 11 in the IRVO

Luke 11 in the IRVP

Luke 11 in the IRVT

Luke 11 in the IRVT2

Luke 11 in the IRVU

Luke 11 in the ISVN

Luke 11 in the JSNT

Luke 11 in the KAPI

Luke 11 in the KBT1ETNIK

Luke 11 in the KBV

Luke 11 in the KJV

Luke 11 in the KNFD

Luke 11 in the LBA

Luke 11 in the LBLA

Luke 11 in the LNT

Luke 11 in the LSV

Luke 11 in the MAAL

Luke 11 in the MBV

Luke 11 in the MBV2

Luke 11 in the MHNT

Luke 11 in the MKNFD

Luke 11 in the MNG

Luke 11 in the MNT

Luke 11 in the MNT2

Luke 11 in the MRS1T

Luke 11 in the NAA

Luke 11 in the NASB

Luke 11 in the NBLA

Luke 11 in the NBS

Luke 11 in the NBVTP

Luke 11 in the NET2

Luke 11 in the NIV11

Luke 11 in the NNT

Luke 11 in the NNT2

Luke 11 in the NNT3

Luke 11 in the PDDPT

Luke 11 in the PFNT

Luke 11 in the RMNT

Luke 11 in the SBIAS

Luke 11 in the SBIBS

Luke 11 in the SBIBS2

Luke 11 in the SBICS

Luke 11 in the SBIDS

Luke 11 in the SBIGS

Luke 11 in the SBIHS

Luke 11 in the SBIIS

Luke 11 in the SBIIS2

Luke 11 in the SBIIS3

Luke 11 in the SBIKS

Luke 11 in the SBIKS2

Luke 11 in the SBIMS

Luke 11 in the SBIOS

Luke 11 in the SBIPS

Luke 11 in the SBISS

Luke 11 in the SBITS

Luke 11 in the SBITS2

Luke 11 in the SBITS3

Luke 11 in the SBITS4

Luke 11 in the SBIUS

Luke 11 in the SBIVS

Luke 11 in the SBT

Luke 11 in the SBT1E

Luke 11 in the SCHL

Luke 11 in the SNT

Luke 11 in the SUSU

Luke 11 in the SUSU2

Luke 11 in the SYNO

Luke 11 in the TBIAOTANT

Luke 11 in the TBT1E

Luke 11 in the TBT1E2

Luke 11 in the TFTIP

Luke 11 in the TFTU

Luke 11 in the TGNTATF3T

Luke 11 in the THAI

Luke 11 in the TNFD

Luke 11 in the TNT

Luke 11 in the TNTIK

Luke 11 in the TNTIL

Luke 11 in the TNTIN

Luke 11 in the TNTIP

Luke 11 in the TNTIZ

Luke 11 in the TOMA

Luke 11 in the TTENT

Luke 11 in the UBG

Luke 11 in the UGV

Luke 11 in the UGV2

Luke 11 in the UGV3

Luke 11 in the VBL

Luke 11 in the VDCC

Luke 11 in the YALU

Luke 11 in the YAPE

Luke 11 in the YBVTP

Luke 11 in the ZBP