Numbers 10 (IRVA)

1 পাছত যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে, 2 “তুমি ৰূপৰ দুটা তূৰী সাজা। সেই ৰূপক পিতাই গঢ়াবা। লোকসকলক মাতিবলৈ আৰু ছাউনিবোৰ উঠি যাবৰ বাবে তুমি তাক ব্যৱহাৰ কৰিবা। 3 সেই দুটা তূৰী বজালে, গোটেই লোকসকলে সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমাৰ গুৰিত গোট খাব। 4 কিন্তু এটা তূৰী বজালে, অধ্যক্ষসকল ইস্ৰায়েলৰ সন্তান সকলৰ গোষ্ঠীসকলৰ মূল মানুহ তোমাৰ গুৰিত গোট খাব। 5 আৰু তোমালোকে ৰণত বজোৱাৰ দৰে তূৰী বজালে, পূৱফালে থকা ছাউনিবোৰ উঠি যাব। 6 আৰু দ্বিতীয়বাৰ ৰণত বজোৱাৰ দৰে তূৰী বজালে, দক্ষিণফালে থকা ছাউনিবোৰ উঠি যাব। এইক্ৰমে তেওঁবিলাকে উঠি যাবলৈ ৰণৰ দৰে তূৰী বজাব লাগিব। 7 লোকসকল গোট খাবৰ হলেও, তোমালোকে তূৰী বজাবা, কিন্তু ৰণত বজোৱাৰ দৰে নবজাবা। 8 হাৰোণৰ পুত্ৰ পুৰোহিত সকলে সেই দুটা তূৰী বজাব। তোমালোকৰ পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিৰ কাৰণে তোমালোকে তাক ৰাখিবা। 9 আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোঁতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তূৰী ৰণত বজোৱাৰ দৰে বজাবা। তেতিয়া মই, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকক তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা। 10 আৰু আমোদৰ দিনতো, পৰ্ব্বৰ দিনত আৰু মাহৰ আৰম্ভণত, তোমালোকৰ হোম-বলিৰ আৰু মঙ্গলাৰ্থক বলিৰ কাষত তোমালোকে সেই তূৰী বজাবা; তাতে সেয়ে তোমালোকৰ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ সোঁৱৰণৰ উপায় হ’ব। মই তোমালোকৰ ঈশ্বৰ যিহোৱা।” 11 পাছত দ্বিতীয় বছৰৰ দ্বিতীয় মাহৰ বিশ দিনৰ দিনা সেই মেঘ সাক্ষ্য-ফলি থকা আবাসৰ ওপৰৰ পৰা নিয়া হ’ল। 12 তাতে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰাৰ নিয়ম অনুসাৰে চীনয় অৰণ্যৰ পৰা প্ৰস্থান কৰিলে; পাছত সেই মেঘ পাৰণ মৰুভুমিত ৰ’ল। 13 মোচিৰ যোগেদি যিহোৱাই আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে এই প্ৰথম বাৰ যাত্ৰা কৰিলে। 14 প্ৰথমে যিহূদাৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্য দল অনুসাৰে প্ৰস্থান কৰিলে। আৰু অম্মীনাদবৰ পুত্ৰ নহচোন তেওঁলোকৰ সেনাপতি আছিল। 15 আৰু চূৱাৰৰ পুত্ৰ নথনেলে ইচাখৰ ফৈদৰ সেনাপতি আছিল। 16 আৰু হেলোনৰ পুত্ৰ ইলীয়াব জবূলূন ফৈদৰ সেনাপতি আছিল। 17 পাছে আবাস ভঙা হ’ল, আৰু গেৰ্চোনৰ সন্তান সকলে আৰু মৰাৰীৰ সন্তান সকলে সেই আবাস ভাৰ বৈ প্ৰস্থান কৰিলে। 18 তাৰ পাছত ৰূবেণৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে। আৰু চদেয়ূৰৰ পুত্ৰ ইলীচূৰ তেওঁলোকৰ সেনাপতি আছিল। 19 আৰু চূৰীচদ্দয়ৰ পুত্ৰ চলমীয়েল চিমিয়োন ফৈদৰ সেনাপতি আছিল। 20 আৰু দুৱেলৰ পুত্ৰ ইলিয়াচফ গাদ ফৈদৰ সেনাপতি আছিল। 21 পাছে পবিত্ৰ স্থানৰ বস্তু ভাৰ বওঁতা কহাতীয়া লোকসকলে প্ৰস্থান কৰিলে। আৰু তেওঁলোকে গৈ নৌ পাওঁতেই, আন লোকসকলে আবাস স্থাপন কৰিলে। 22 পাছে ইফ্ৰয়িমৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে নিজ নিজ সৈন্যদল অনুসাৰে প্ৰস্থান কৰিলে; আৰু অম্মীহূদৰ পুত্ৰ ইলীচামা তেওঁলোকৰ সেনাপতি আছিল। 23 আৰু পদাচূৰৰ পুত্ৰ গম্লীয়েল মনচি ফৈদৰ সেনাপতি আছিল। 24 আৰু গিদিয়োনীৰ পুত্ৰ অবীদান বিন্যামীন ফৈদৰ সেনাপতি আছিল। 25 পাছে সকলো ছাউনিৰ পাছত, নিজ নিজ সৈন্যদল অনুসাৰে দানৰ সন্তান সকলৰ ছাউনিৰ পতাকাৰ অধীনে থকা লোকসকলে প্ৰস্থান কৰিলে; আৰু অম্মীচদ্দয়ৰ পুত্ৰ অহীয়েজৰ তেওঁলোকৰ সেনাপতি আছিল। 26 আৰু আক্ৰণৰ পুত্ৰ পগীয়েল আচেৰ ফৈদৰ সেনাপতি আছিল। 27 আৰু ঐননৰ পুত্ৰ অহীৰা নপ্তালী ফৈদৰ সেনাপতি আছিল। 28 প্ৰস্থান কৰা সময়ত ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ সৈন্যদল অনুসাৰে এইদৰে প্ৰস্থান কৰিলে। 29 পাছে মোচিয়ে তেওঁৰ শহুৰেক মিদিয়ন দেশৰ ৰূৱেলৰ পুত্ৰ হোববক ক’লে, “যিহোৱাই আমাক যি দেশ দিম বুলি কৈছে, আমি সেই দেশলৈ যাত্ৰা কৰিছোঁ। যিহোৱাই ক’লে, ‘এই দেশ মই তোমাক দিম’। তুমিও আমাৰ লগত ব’লা, তাতে আমি তোমাৰ মঙ্গল কৰিম; কিয়নো যিহোৱাই ইস্ৰায়েলৰ মঙ্গল কৰিবলৈ প্রতিজ্ঞা কৰিছে।” 30 কিন্তু হোবাবে মোচিক ক’লে, “মই তোমাৰ লগত নাযাওঁ। মই নিজ দেশৰ জ্ঞাতিসকলৰ ওচৰলৈ যাম।” 31 মোচিয়ে আকৌ ক’লে, “মিনতি কৰিছোঁ, তুমি আমাক নেৰিবা; কিয়নো মৰুভুমিত মাজত কোন ঠাইত আমাৰ ছাউনি স্থাপন কৰিব লগা হ’ব, তাক তুমি জানা। এই কাৰণে তুমি আমাৰ চকুস্বৰূপ হ’বা। 32 আৰু যদি তুমি আমাৰ লগত যোৱা, তেনেহলে, যিহোৱাই আমাৰ যি মঙ্গল কৰিব, আমি তোমাকো সেই মঙ্গল ভোগ কৰাম।” 33 পাছত তেওঁলোকে যিহোৱাৰ পৰ্ব্বতৰ পৰা তিনদিনৰ বাট প্ৰস্থান কৰিলে; আৰু যিহোৱাৰ নিয়ম চন্দুক তেওঁলোকৰ কাৰণে বিশ্ৰামৰ ঠাই বিচাৰি বিচাৰি তিন দিনৰ বাট তেওঁলোকৰ আগে আগে গ’ল। 34 আৰু ছাউনি ভাঙি প্ৰস্থান কৰা সময়ত যিহোৱাৰ মেঘ দিনত তেওঁলোকৰ ওপৰত থাকিছিল। 35 আৰু চন্দুক যোৱা সময়ত মোচিয়ে কয়, “হে যিহোৱা উঠা, তোমাৰ শত্ৰুবোৰ ছিন্ন ভিন্ন হওঁক আৰু তোমাক ঘিণ কৰোঁতাসকল তোমাৰ আগৰ পৰা পলাই যাওঁক।” 36 আৰু যেতিয়াই নিযম-পুস্তকটি ৰৈ যায়, তেতিয়া মোচিয়ে কয়, “হে যিহোৱা তুমি ইস্ৰায়েলৰ হাজাৰ হাজাৰ গোষ্ঠীৰ ওচৰলৈ উলটি আহা।”

In Other Versions

Numbers 10 in the ANGEFD

Numbers 10 in the ANTPNG2D

Numbers 10 in the AS21

Numbers 10 in the BAGH

Numbers 10 in the BBPNG

Numbers 10 in the BBT1E

Numbers 10 in the BDS

Numbers 10 in the BEV

Numbers 10 in the BHAD

Numbers 10 in the BIB

Numbers 10 in the BLPT

Numbers 10 in the BNT

Numbers 10 in the BNTABOOT

Numbers 10 in the BNTLV

Numbers 10 in the BOATCB

Numbers 10 in the BOATCB2

Numbers 10 in the BOBCV

Numbers 10 in the BOCNT

Numbers 10 in the BOECS

Numbers 10 in the BOGWICC

Numbers 10 in the BOHCB

Numbers 10 in the BOHCV

Numbers 10 in the BOHLNT

Numbers 10 in the BOHNTLTAL

Numbers 10 in the BOICB

Numbers 10 in the BOILNTAP

Numbers 10 in the BOITCV

Numbers 10 in the BOKCV

Numbers 10 in the BOKCV2

Numbers 10 in the BOKHWOG

Numbers 10 in the BOKSSV

Numbers 10 in the BOLCB

Numbers 10 in the BOLCB2

Numbers 10 in the BOMCV

Numbers 10 in the BONAV

Numbers 10 in the BONCB

Numbers 10 in the BONLT

Numbers 10 in the BONUT2

Numbers 10 in the BOPLNT

Numbers 10 in the BOSCB

Numbers 10 in the BOSNC

Numbers 10 in the BOTLNT

Numbers 10 in the BOVCB

Numbers 10 in the BOYCB

Numbers 10 in the BPBB

Numbers 10 in the BPH

Numbers 10 in the BSB

Numbers 10 in the CCB

Numbers 10 in the CUV

Numbers 10 in the CUVS

Numbers 10 in the DBT

Numbers 10 in the DGDNT

Numbers 10 in the DHNT

Numbers 10 in the DNT

Numbers 10 in the ELBE

Numbers 10 in the EMTV

Numbers 10 in the ESV

Numbers 10 in the FBV

Numbers 10 in the FEB

Numbers 10 in the GGMNT

Numbers 10 in the GNT

Numbers 10 in the HARY

Numbers 10 in the HNT

Numbers 10 in the IRVB

Numbers 10 in the IRVG

Numbers 10 in the IRVH

Numbers 10 in the IRVK

Numbers 10 in the IRVM

Numbers 10 in the IRVM2

Numbers 10 in the IRVO

Numbers 10 in the IRVP

Numbers 10 in the IRVT

Numbers 10 in the IRVT2

Numbers 10 in the IRVU

Numbers 10 in the ISVN

Numbers 10 in the JSNT

Numbers 10 in the KAPI

Numbers 10 in the KBT1ETNIK

Numbers 10 in the KBV

Numbers 10 in the KJV

Numbers 10 in the KNFD

Numbers 10 in the LBA

Numbers 10 in the LBLA

Numbers 10 in the LNT

Numbers 10 in the LSV

Numbers 10 in the MAAL

Numbers 10 in the MBV

Numbers 10 in the MBV2

Numbers 10 in the MHNT

Numbers 10 in the MKNFD

Numbers 10 in the MNG

Numbers 10 in the MNT

Numbers 10 in the MNT2

Numbers 10 in the MRS1T

Numbers 10 in the NAA

Numbers 10 in the NASB

Numbers 10 in the NBLA

Numbers 10 in the NBS

Numbers 10 in the NBVTP

Numbers 10 in the NET2

Numbers 10 in the NIV11

Numbers 10 in the NNT

Numbers 10 in the NNT2

Numbers 10 in the NNT3

Numbers 10 in the PDDPT

Numbers 10 in the PFNT

Numbers 10 in the RMNT

Numbers 10 in the SBIAS

Numbers 10 in the SBIBS

Numbers 10 in the SBIBS2

Numbers 10 in the SBICS

Numbers 10 in the SBIDS

Numbers 10 in the SBIGS

Numbers 10 in the SBIHS

Numbers 10 in the SBIIS

Numbers 10 in the SBIIS2

Numbers 10 in the SBIIS3

Numbers 10 in the SBIKS

Numbers 10 in the SBIKS2

Numbers 10 in the SBIMS

Numbers 10 in the SBIOS

Numbers 10 in the SBIPS

Numbers 10 in the SBISS

Numbers 10 in the SBITS

Numbers 10 in the SBITS2

Numbers 10 in the SBITS3

Numbers 10 in the SBITS4

Numbers 10 in the SBIUS

Numbers 10 in the SBIVS

Numbers 10 in the SBT

Numbers 10 in the SBT1E

Numbers 10 in the SCHL

Numbers 10 in the SNT

Numbers 10 in the SUSU

Numbers 10 in the SUSU2

Numbers 10 in the SYNO

Numbers 10 in the TBIAOTANT

Numbers 10 in the TBT1E

Numbers 10 in the TBT1E2

Numbers 10 in the TFTIP

Numbers 10 in the TFTU

Numbers 10 in the TGNTATF3T

Numbers 10 in the THAI

Numbers 10 in the TNFD

Numbers 10 in the TNT

Numbers 10 in the TNTIK

Numbers 10 in the TNTIL

Numbers 10 in the TNTIN

Numbers 10 in the TNTIP

Numbers 10 in the TNTIZ

Numbers 10 in the TOMA

Numbers 10 in the TTENT

Numbers 10 in the UBG

Numbers 10 in the UGV

Numbers 10 in the UGV2

Numbers 10 in the UGV3

Numbers 10 in the VBL

Numbers 10 in the VDCC

Numbers 10 in the YALU

Numbers 10 in the YAPE

Numbers 10 in the YBVTP

Numbers 10 in the ZBP