Psalms 110 (IRVA)
1 যিহোৱাই মোৰ প্ৰভুক ক’লে,“যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ভৰি-পীৰা নকৰোঁ,তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।” 2 যিহোৱাই চিয়োনৰ পৰা তোমাৰ শক্তিশালী ৰাজদণ্ড প্রেৰণ কৰিব,তেওঁ ক’ব, “তোমাৰ শত্ৰুবোৰৰ মাজত ৰাজত্ব কৰা।” 3 যুদ্ধৰ দিনত তোমাৰ সৈন্য-সামন্তবোৰক তুমি লৈ যাওঁতে,পবিত্র পর্বতবোৰৰ ওপৰত তোমাৰ লোকসকলে স্ব-ইচ্ছাৰে নিজকে উৎসর্গ কৰিব;ৰাতিপুৱাৰ গৰ্ভস্থলৰ পৰা ওলোৱা নিয়ৰৰ নিচিনা তোমাৰ যুবকসকল তোমাৰ কাষলৈ আহিব। 4 “তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা।”যিহোৱাই এই শপত খালে;তেওঁ নিজৰ মন সলনি নকৰিব। 5 যিহোৱা তোমাৰ সোঁহাতে আছে;ক্ৰোধৰ দিনত তেওঁ ৰজাসকলক চূর্ণ কৰিব। 6 তেওঁ জাতি সমূহৰ মাজত বিচাৰ নিষ্পত্তি কৰিব,তেওঁ মৰা শৱেৰে দেশ পৰিপূৰ্ণ কৰিব;তেওঁ বিশাল পৃথিৱীত ৰজাসকলৰ মূৰ গুড়ি কৰিব। 7 তেওঁ পথৰ দাঁতিত থকা জুৰিৰ জল পান কৰিব;তাতে সতেজ হৈ শেষত বিজয়ৰ শিৰ তুলি ধৰিব।