Psalms 124 (IRVA)
1 ইস্ৰায়েলে ইয়াকে কওঁক, “যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন, 2 শত্রুবোৰে যেতিয়া আমাক আক্রমণ কৰিছিল,তেতিয়া যদি যিহোৱা আমাৰ পক্ষত নাথাকিলহেঁতেন, 3 তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন, 4 তেতিয়া জল সমূহে আমাক উটুৱাই লৈ গ’লহেতেঁন, আমাৰ ওপৰেদি জলৰ সোঁত বৈ গ’লহেতেঁন; 5 ওফন্দি উঠা জল সমূহ আমাৰ ওপৰেদি বৈ গ’লহেতেঁন। 6 ধন্য যিহোৱা,যি জনাই আমাক চিকাৰ স্বৰূপেতেওঁলোকৰ দাঁতত পেলাই নিদিলে। 7 আমাৰ প্রাণ ব্যাধৰ ফান্দৰ পৰা ৰক্ষা পোৱা পক্ষীৰ নিচিনাকৈ ৰক্ষা পৰিল;ফান্দ ছিঙি গ’ল আৰু আমি ৰক্ষা পালোঁ। 8 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে,সেই যিহোৱাৰ নামত আমি সহায় পাওঁ।