1 Chronicles 29 (IRVA)

1 দায়ুদ ৰজাই গোটেই সমাজক ক’লে, “ঈশ্বৰে মোৰ পুত্ৰ চলোমনক মনোনীত কৰিছে, তাৰ বয়স এতিয়াও ক’ম আৰু অভিজ্ঞতাহীন, আৰু এই কাৰ্য অতি গুৰুত্বপূৰ্ণ। কাৰণ এই ৰাজপ্রসাদ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মানুহৰ বাবে নহয়। 2 মোৰ ঈশ্বৰৰ মন্দিৰৰ অৰ্থে যি উত্তম, সেয়ে মই কৰিলোঁ। সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, পিতলৰ বস্তু প্রস্তুত কৰিবলৈ পিতল, লোহাৰ বস্তু প্রস্তুত কৰিবলৈ লোহা, কাঠৰ বস্তু প্রস্তুত কৰিবলৈ কাঠ মই দিছোঁ। ৰক্তৰাগ পাথৰ, লগাবৰ কাৰণে পাথৰ, মণি-মুকুতাৰ কামৰ বাবে নানা বৰণীয়া পাথৰ, সকলো বিধৰ বহুমূলীয়া পাথৰ আৰু মাৰ্বল পাথৰো মই প্রচুৰ পৰিমাণে দিছোঁ। 3 মোৰ ঈশ্বৰৰ গৃহৰ কাৰণে মই আনন্দিত হ’লো, আৰু মোৰ ব্যক্তিগত ভঁৰালৰ পৰা সোণ, ৰূপ ইয়াৰ বাবে দান দিছোঁ। ইয়াৰ উপৰিও পবিত্র মন্দিৰৰ কাৰণে মই সকলো কৰিবলৈ প্রস্তুত। 4 তিনি হাজাৰ কিক্কৰ ওফীৰৰ সোণ, আৰু সাত হাজাৰ কিক্কৰ শুদ্ধ ৰূপ গৃহৰ দেৱালত আৱৰণ দিবলৈ দিলোঁ। 5 সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, আৰু শিল্পকৰ্ম কৰোঁতা সকলে কৰা সকলো ধৰণৰ কামৰ কাৰণে মই সকলো বস্তু দান কৰিলোঁ। আজি কোনে যিহোৱালৈ বৰঙণি দিব আৰু নিজকে তেওঁলৈ উৎসৰ্গ কৰিব? 6 তাৰ পাছত তেওঁলোকৰ পৰিয়ালৰ পূৰ্ব-পুৰুষৰ প্রধান লোকসকল, ইস্ৰায়েল জাতিৰ প্রধান লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, লগতে ৰজাৰ কাৰ্যত থকা কৰ্মচাৰীসকল একেলগে ইচ্ছাকৃত দান দিলে। 7 তেওঁলোকে ঈশ্বৰৰ গৃহৰ কাৰ্য কাৰণে পাঁচ হাজাৰ কিক্কৰ সোণ, অদৰ্কোণ নামেৰে দহ হাজাৰ সোণৰ মোহৰ, দহ হাজাৰ কিক্কৰ ৰূপ, ওঠৰ হাজাৰ কিক্কৰ ৰূপ পিতল, আৰু এক লাখ কিক্কৰ লোহা দিলে। 8 যিসকলৰ বহুমুলীয়া বাখৰ আছিল, তেওঁলোকে গেৰ্চোনীয়াৰ বংশধৰ যিহীয়েলৰ নিৰীক্ষণত যিহোৱাৰ গৃহৰ ভঁৰালত তাক দিলে। 9 তেওঁলোকে নিজ ইচ্ছাৰে আৰু সকলো হৃদয়েৰে যিহোৱাৰ উদ্দেশ্যে দান দিয়াৰ কাৰণে প্ৰজাসকলে আনন্দ কৰিলে। ৰজা দায়ূদেও মহা-আনন্দ কৰিলে। 10 দায়ূদে গোটেই সমাজৰ আগতে যিহোৱাৰ ধন্যবাদ কৰিলে। দায়ূদে ক’লে, “হে আমাৰ পিতৃ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা আপুনি যুগে যুগে চিৰকাললৈকে ধন্য। 11 হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ। 12 আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে। 13 সেয়ে, হে আমাৰ ঈশ্বৰ, আমি আপোনাৰ ধন্যবাদ কৰোঁ, আৰু আপোনাৰ নামৰ গৌৰৱ ও প্ৰশংসা কৰোঁ। 14 কিন্তু মই নো কোন, আৰু মোৰ লোকসকল নো কোন, যে, আমি এইদৰে নিজ ইচ্ছাৰে দান দিবলৈ আগবাঢ়িব পাৰিছোঁ? কিয়নো সকলো বস্তু আপোনাৰ পৰাই আহে, আৰু আপোনাৰ যি তাকে আমি অনন্দমনেৰে আপোনাক দিছোঁ। 15 কাৰণ আমাৰ সকলো পূৰ্ব-পুৰুষ সকলৰ দৰে আমিও আপোনাৰ আগত অচিনাকি আৰু ভ্রমণকাৰী লোক। পৃথিৱীত আমাৰ দিনবোৰ ছাঁ স্বৰূপ আৰু এই পৃথিৱীত আমাৰ একো আশা নাই। 16 হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ, পবিত্ৰ নামৰ উদ্দেশে আপোনাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আমি এই যি সকলো সম্পতি সংগ্রহ কৰিলোঁ, এই সকলো আপোনাৰেই আৰু আপোনাৰ পৰাই অহা। 17 হে মোৰ ঈশ্বৰ, মই এইয়াও জানো যে, আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তোষ পায়। মই হ’লে মোৰ মনৰ সৰলতাতহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশে দান দিয়া দেখি মই আনন্দিত হৈছোঁ। 18 আমাৰ পূৰ্ব-পুৰুষ অব্ৰাহাম, ইচহাক, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ লোকসকলৰ মনত এই চিন্তাধাৰা সদায় ৰাখক। তেওঁলোকৰ হৃদয় আপোনাতেই মনোনিবেশ কৰক। 19 আপোনাৰ আজ্ঞা, সাক্ষ্য, আৰু বিধিবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিবলৈ, আৰু এই সকলো কাৰ্য কৰিবলৈ, আৰু মই যি গৃহৰ বাবে ব্যৱস্থা কৰি থৈছোঁ, তাক নিৰ্মাণ কৰিবলৈ মোৰ পুত্ৰ চলোমনক সিদ্ধ মন দিয়ক।” 20 দায়ূদে গোটেই সমাজক ক’লে, “এতিয়া তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰা।” গোটেই সমাজে তেওঁলোকৰ পূৰ্ব-পুৰুষৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে, আৰু মুৰ দোঁৱাই যিহোৱাৰ প্রশংসা কৰিলে আৰু ৰজাৰ আগত প্ৰণিপাত কৰিলে। 21 তাৰ পাছ দিনা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে, আৰু যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিলে। তেওঁলোকে এক হাজাৰ ষাঁড়-গৰু, এক হাজাৰ মতা মেৰ-ছাগ, আৰু এক হাজাৰ মেৰ-ছাগ পোৱালি, আৰু ইয়াৰে সৈতে গোটেই ইস্ৰায়েলৰ কাৰণে পেয় নৈবেদ্য আৰু বলিদান উৎসৰ্গ কৰিলে। 22 সেই দিনা অতি আনন্দেৰে যিহোৱাৰ আগত ভোজন-পান কৰিলে।তেওঁলোকে দায়ূদৰ পুত্ৰ চলোমনক দ্বিতীয়বাৰ ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে শাসনকর্তা হবলৈ তেওঁ অভিষেক কৰিলে। তেওঁলোকে পুৰোহিত হবলৈ চাদোককো যিহোৱাৰ উদ্দেশ্যে অভিষেক কৰিলে। 23 তাৰ পাছত চলোমন তেওঁৰ পিতৃ দায়ুদৰ পৰিৱৰ্তে ৰজাহৈ যিহোৱাৰ সিংহাসনত বহিল। তেওঁ কৃতকাৰ্য্য হ’ল, আৰু গোটেই ইস্ৰায়েলে তেওঁৰ আজ্ঞা মানিলে। 24 সকলো নেতাসকল, সৈন্যসকল, আৰু দায়ুদ ৰজাৰ পুত্ৰসকল চলোমন ৰজাৰ অধীন হ’ল। 25 যিহোৱাই সকলো ইস্ৰায়েলৰ আগত চলোমনক সন্মান প্রদান কৰিলে আৰু যিহোৱাই তেওঁক যি ক্ষমতা দিলে, তেনে ক্ষমতা তেওঁৰ পূৰ্বে ইস্ৰায়েলৰ কোনো ৰজাক দিয়া নাছিল। 26 যিচয়ৰ পুত্ৰ দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিছিল। 27 তেওঁ চল্লিশ বছৰ ইস্রায়েলৰ ৰজা আছিল। তেওঁ সাত বছৰ হিব্ৰোণত আৰু তেত্ৰিশ বছৰ যিৰূচালেমত ৰাজত্ৱ কৰিছিল। 28 তেওঁ সম্পূৰ্ণ বয়স পায়, দীঘলীয়া জীৱন সা-সম্পতি আৰু সন্মান উপভোগ কৰি বৃদ্ধ অৱস্থাত তেওঁৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ চলোমন তেওঁৰ পদত ৰজা হ’ল। 29 দায়ুদ ৰজাই তেওঁৰ জীৱনত কৰা সকলো কাৰ্য ভাববাদী চমূৱেল, ভাববাদী নাথন আৰু ভাববাদী গাদৰ ইতিহাস-পুস্তকসমূহত বৰ্ণনা কৰা হৈছে। 30 এই পুস্তকসমূহত ইস্ৰায়েলক ৰাজত্ৱ কৰা সময়ত দায়ূদে যিবোৰ কাৰ্য কৰিছিল, সেই সকলো ইয়াতে উল্লেখ আছে। লিখকসকলে ইস্রায়েল আৰু তাৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ, দায়ূদৰ ক্ষমতা আৰু তেওঁৰ জীৱনৰ সকলো ঘটনা লিখিলে।

In Other Versions

1 Chronicles 29 in the ANGEFD

1 Chronicles 29 in the ANTPNG2D

1 Chronicles 29 in the AS21

1 Chronicles 29 in the BAGH

1 Chronicles 29 in the BBPNG

1 Chronicles 29 in the BBT1E

1 Chronicles 29 in the BDS

1 Chronicles 29 in the BEV

1 Chronicles 29 in the BHAD

1 Chronicles 29 in the BIB

1 Chronicles 29 in the BLPT

1 Chronicles 29 in the BNT

1 Chronicles 29 in the BNTABOOT

1 Chronicles 29 in the BNTLV

1 Chronicles 29 in the BOATCB

1 Chronicles 29 in the BOATCB2

1 Chronicles 29 in the BOBCV

1 Chronicles 29 in the BOCNT

1 Chronicles 29 in the BOECS

1 Chronicles 29 in the BOGWICC

1 Chronicles 29 in the BOHCB

1 Chronicles 29 in the BOHCV

1 Chronicles 29 in the BOHLNT

1 Chronicles 29 in the BOHNTLTAL

1 Chronicles 29 in the BOICB

1 Chronicles 29 in the BOILNTAP

1 Chronicles 29 in the BOITCV

1 Chronicles 29 in the BOKCV

1 Chronicles 29 in the BOKCV2

1 Chronicles 29 in the BOKHWOG

1 Chronicles 29 in the BOKSSV

1 Chronicles 29 in the BOLCB

1 Chronicles 29 in the BOLCB2

1 Chronicles 29 in the BOMCV

1 Chronicles 29 in the BONAV

1 Chronicles 29 in the BONCB

1 Chronicles 29 in the BONLT

1 Chronicles 29 in the BONUT2

1 Chronicles 29 in the BOPLNT

1 Chronicles 29 in the BOSCB

1 Chronicles 29 in the BOSNC

1 Chronicles 29 in the BOTLNT

1 Chronicles 29 in the BOVCB

1 Chronicles 29 in the BOYCB

1 Chronicles 29 in the BPBB

1 Chronicles 29 in the BPH

1 Chronicles 29 in the BSB

1 Chronicles 29 in the CCB

1 Chronicles 29 in the CUV

1 Chronicles 29 in the CUVS

1 Chronicles 29 in the DBT

1 Chronicles 29 in the DGDNT

1 Chronicles 29 in the DHNT

1 Chronicles 29 in the DNT

1 Chronicles 29 in the ELBE

1 Chronicles 29 in the EMTV

1 Chronicles 29 in the ESV

1 Chronicles 29 in the FBV

1 Chronicles 29 in the FEB

1 Chronicles 29 in the GGMNT

1 Chronicles 29 in the GNT

1 Chronicles 29 in the HARY

1 Chronicles 29 in the HNT

1 Chronicles 29 in the IRVB

1 Chronicles 29 in the IRVG

1 Chronicles 29 in the IRVH

1 Chronicles 29 in the IRVK

1 Chronicles 29 in the IRVM

1 Chronicles 29 in the IRVM2

1 Chronicles 29 in the IRVO

1 Chronicles 29 in the IRVP

1 Chronicles 29 in the IRVT

1 Chronicles 29 in the IRVT2

1 Chronicles 29 in the IRVU

1 Chronicles 29 in the ISVN

1 Chronicles 29 in the JSNT

1 Chronicles 29 in the KAPI

1 Chronicles 29 in the KBT1ETNIK

1 Chronicles 29 in the KBV

1 Chronicles 29 in the KJV

1 Chronicles 29 in the KNFD

1 Chronicles 29 in the LBA

1 Chronicles 29 in the LBLA

1 Chronicles 29 in the LNT

1 Chronicles 29 in the LSV

1 Chronicles 29 in the MAAL

1 Chronicles 29 in the MBV

1 Chronicles 29 in the MBV2

1 Chronicles 29 in the MHNT

1 Chronicles 29 in the MKNFD

1 Chronicles 29 in the MNG

1 Chronicles 29 in the MNT

1 Chronicles 29 in the MNT2

1 Chronicles 29 in the MRS1T

1 Chronicles 29 in the NAA

1 Chronicles 29 in the NASB

1 Chronicles 29 in the NBLA

1 Chronicles 29 in the NBS

1 Chronicles 29 in the NBVTP

1 Chronicles 29 in the NET2

1 Chronicles 29 in the NIV11

1 Chronicles 29 in the NNT

1 Chronicles 29 in the NNT2

1 Chronicles 29 in the NNT3

1 Chronicles 29 in the PDDPT

1 Chronicles 29 in the PFNT

1 Chronicles 29 in the RMNT

1 Chronicles 29 in the SBIAS

1 Chronicles 29 in the SBIBS

1 Chronicles 29 in the SBIBS2

1 Chronicles 29 in the SBICS

1 Chronicles 29 in the SBIDS

1 Chronicles 29 in the SBIGS

1 Chronicles 29 in the SBIHS

1 Chronicles 29 in the SBIIS

1 Chronicles 29 in the SBIIS2

1 Chronicles 29 in the SBIIS3

1 Chronicles 29 in the SBIKS

1 Chronicles 29 in the SBIKS2

1 Chronicles 29 in the SBIMS

1 Chronicles 29 in the SBIOS

1 Chronicles 29 in the SBIPS

1 Chronicles 29 in the SBISS

1 Chronicles 29 in the SBITS

1 Chronicles 29 in the SBITS2

1 Chronicles 29 in the SBITS3

1 Chronicles 29 in the SBITS4

1 Chronicles 29 in the SBIUS

1 Chronicles 29 in the SBIVS

1 Chronicles 29 in the SBT

1 Chronicles 29 in the SBT1E

1 Chronicles 29 in the SCHL

1 Chronicles 29 in the SNT

1 Chronicles 29 in the SUSU

1 Chronicles 29 in the SUSU2

1 Chronicles 29 in the SYNO

1 Chronicles 29 in the TBIAOTANT

1 Chronicles 29 in the TBT1E

1 Chronicles 29 in the TBT1E2

1 Chronicles 29 in the TFTIP

1 Chronicles 29 in the TFTU

1 Chronicles 29 in the TGNTATF3T

1 Chronicles 29 in the THAI

1 Chronicles 29 in the TNFD

1 Chronicles 29 in the TNT

1 Chronicles 29 in the TNTIK

1 Chronicles 29 in the TNTIL

1 Chronicles 29 in the TNTIN

1 Chronicles 29 in the TNTIP

1 Chronicles 29 in the TNTIZ

1 Chronicles 29 in the TOMA

1 Chronicles 29 in the TTENT

1 Chronicles 29 in the UBG

1 Chronicles 29 in the UGV

1 Chronicles 29 in the UGV2

1 Chronicles 29 in the UGV3

1 Chronicles 29 in the VBL

1 Chronicles 29 in the VDCC

1 Chronicles 29 in the YALU

1 Chronicles 29 in the YAPE

1 Chronicles 29 in the YBVTP

1 Chronicles 29 in the ZBP