2 Kings 16 (IRVA)

1 ইস্রায়েলত ৰমলিয়াৰ পুত্ৰ পেকহৰ সোঁতৰ বছৰ বয়সৰ সময়ত, যিহূদাত যোথমৰ পুত্ৰ আহজে ৰাজত্ব আৰম্ভ কৰিছিল। 2 আহজ বিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ ধৰি তেওঁ যিৰূচালেমত ৰাজত্ব কৰিছিল; পূর্বপুৰুষ দায়ুদে যেনেকৈ তেওঁৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ভাল কার্য কৰিছিল, ৰজা আহজে তেনে কার্য কৰা নাছিল। 3 কিন্তু তাৰ পৰিবর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; এনেকি যিহোৱাই যি সকলোক জাতিক ইস্ৰায়েলীয়াসকলৰ পৰা দূৰ কৰিছিল, তেওঁলোকৰ ঘিণলগীয়া ৰীতিবোৰৰ দৰে তেৱোঁ নিজৰ পুত্ৰক হোমবলি উৎসর্গ কৰিছিল। 4 তেওঁ পূজাৰ ওখ ঠাইবোৰত, পাহাৰৰ ওপৰত আৰু প্ৰত্যেক সেউজীয়া ডাল-পাতৰ গছৰ তলত বলি উৎসর্গ কৰিছিল আৰু ধূপ জ্বলাইছিল। 5 অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ ইস্ৰায়েলৰ ৰজা পেকহে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যিৰূচালেমলৈকে আহিল আৰু ৰজা আহজৰ সৈতে নগৰখন বেৰি ধৰিলে; কিন্তু আহজক জয় কৰিব নোৱাৰিলে। 6 সেই সময়ত অৰামৰ ৰজা ৰচীনে এলৎ নগৰৰ পৰা যিহুদী লোকসকলক খেদাই দি এলৎ নগৰ পুণৰায় অৰামৰ অধীনলৈ আনিলে। তাৰ পাছত ইদোমীয়াসকলে এলতলৈ আহি বাস কৰিবলৈ ধৰিলে আৰু আজিলৈকে তেওঁলোকে তাত নিবাস কৰি আছে। 7 পাছত আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচৰ ওচৰলৈ এই কথা ক’বলৈ মানুহ পঠিয়াই দিলে, “মই আপোনাৰ দাস আৰু আপোনাৰ পুত্ৰ হওঁ; অৰামৰ ৰজা আৰু ইস্ৰায়েলৰ ৰজাই মোক আক্রমণ কৰিছে। আপুনি আহি তেওঁলোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰক।” 8 আহজে যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালত পোৱা সোণ আৰু ৰূপ লৈ উপহাৰ হিচাবে অচূৰৰ ৰজাৰ ওচৰলৈ পঠিয়াই দিলে। 9 তেতিয়া অচূৰৰ ৰজাই তেওঁৰ কথাত মান্তি হ’ল আৰু দম্মেচকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি তাক জয় কৰিলে। সেই ঠাইৰ লোকসকলক বন্দী কৰি কীৰলৈ লৈ গ’ল আৰু অৰামৰ ৰজা ৰচীনক বধ কৰিলে। 10 পাছত ৰজা আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচক সাক্ষাৎ কৰিবলৈ দম্মেচকলৈ গ’ল; তেওঁ দম্মেচকত এটা যজ্ঞবেদী দেখি তাৰ নক্সা, নমুনাৰ লগতে সেইটো তৈয়াৰ কৰাৰ সম্পূর্ণ পৰিকল্পনা ঊৰিয়া পুৰোহিতৰ ওচৰলৈ পঠাই দিলে। 11 সেয়ে দম্মেচকৰ পৰা ৰজা আহজে পঠোৱা সকলো পৰিকল্পনাৰ দৰেই ঊৰিয়া পুৰোহিতে এটা যজ্ঞবেদী নির্ম্মাণ কৰিলে আৰু ৰজা আহজ দম্মেচকলৈ উলটি অহাৰ আগেয়ে, সেই কাম কৰি‍ শেষ কৰিলে। 12 দম্মেচকৰ পৰা ঘূৰি আহি ৰজাই সেই যজ্ঞবেদী দেখিলে আৰু ওচৰলৈ গৈ তাৰ ওপৰত বলি উৎসর্গ কৰিলে। 13 তেওঁ সেই যজ্ঞবেদীৰ ওপৰত নিজৰ হোমবলি, শস্য উৎসর্গ আৰু নিজৰ পেয় উৎসর্গ ঢালিলে; নিজৰ সমজুৱা বলিৰ তেজো ছটিয়াই দিলে। 14 তেওঁ যিহোৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদীটো তেওঁ মন্দিৰৰ আগৰ পৰা, অৰ্থাৎ যিহোৱাৰ গৃহ আৰু নতুন বেদীৰ মাজ ঠাইৰ পৰা আঁতৰাই আনি নতুন বেদীৰ উত্তৰ ফালে স্থাপন কৰিলে। 15 পাছত আহজ ৰজাই ঊৰিয়া পুৰোহিতক এই নির্দেশ দিলে যে, “ডাঙৰ বেদীটোৰ ওপৰত ৰাতিপুৱাৰ হোমবলি আৰু সন্ধিয়া শস্য উৎসর্গ কৰিব; তাৰ উপৰি ৰজাৰ হোমবলি আৰু শস্য উৎসর্গ, দেশৰ সকলো লোকৰ হোমবলি, তেওঁলোকৰ শস্য আৰু পেয় উৎসর্গ কৰিব; সকলো হোমবলি আৰু আন আন সকলো বলি উৎসর্গৰ তেজ আপুনি সেই যজ্ঞবেদীৰ ওপৰত ছটিয়াই দিব। কিন্তু পিতলৰ যজ্ঞবেদীটো ঈশ্বৰৰ সহায় লাভৰ অর্থে মই ব্যৱহাৰ কৰিম।” 16 ঊৰিয়া পুৰোহিতে আহজ ৰজাৰ নির্দেশ অনুসাৰে সকলো কাম কৰিলে। 17 তাৰ পাছত ৰজা আহজে পাত্র থোৱা আধাৰবোৰৰ খলাপা আৰু প্রক্ষালন পাত্রবোৰ আধাৰবোৰৰ পৰা আতৰালে। তেওঁ পিতলেৰে তৈয়াৰী ষাঁড়বোৰৰ ওপৰত যি ডাঙৰ সমুদ্র পাত্রটো বহোৱা আছিল, সেইটোও তেওঁ নমাই আনিলে আৰু এটা শিলৰ ভিত্তিৰ ওপৰত বহুৱালে। 18 যিহোৱাৰ গৃহত বিশ্ৰাম দিনৰ উদ্দেশ্যে মন্দিৰত চালি দি তেওঁলোকে যি ঠাই তৈয়াৰ কৰিছিল, অচূৰৰ ৰজাৰ ভয়ত ৰজা আহজে সেই চালি খুলি পেলালে আৰু যিহোৱাৰ গৃহৰ বাহিৰৰ ফালে ৰজা সোমাবৰ কাৰণে যি বিশেষ প্রৱেশদ্বাৰ কৰা হৈছিল, তাকো বন্ধ কৰি দিলে। 19 ৰজা আহজৰ অন্যান্য সকলো কাৰ্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই? 20 পাছত ৰজা আহজ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পদত তেওঁৰ পুত্ৰ হিষ্কিয়া ৰজা হ’ল।

In Other Versions

2 Kings 16 in the ANGEFD

2 Kings 16 in the ANTPNG2D

2 Kings 16 in the AS21

2 Kings 16 in the BAGH

2 Kings 16 in the BBPNG

2 Kings 16 in the BBT1E

2 Kings 16 in the BDS

2 Kings 16 in the BEV

2 Kings 16 in the BHAD

2 Kings 16 in the BIB

2 Kings 16 in the BLPT

2 Kings 16 in the BNT

2 Kings 16 in the BNTABOOT

2 Kings 16 in the BNTLV

2 Kings 16 in the BOATCB

2 Kings 16 in the BOATCB2

2 Kings 16 in the BOBCV

2 Kings 16 in the BOCNT

2 Kings 16 in the BOECS

2 Kings 16 in the BOGWICC

2 Kings 16 in the BOHCB

2 Kings 16 in the BOHCV

2 Kings 16 in the BOHLNT

2 Kings 16 in the BOHNTLTAL

2 Kings 16 in the BOICB

2 Kings 16 in the BOILNTAP

2 Kings 16 in the BOITCV

2 Kings 16 in the BOKCV

2 Kings 16 in the BOKCV2

2 Kings 16 in the BOKHWOG

2 Kings 16 in the BOKSSV

2 Kings 16 in the BOLCB

2 Kings 16 in the BOLCB2

2 Kings 16 in the BOMCV

2 Kings 16 in the BONAV

2 Kings 16 in the BONCB

2 Kings 16 in the BONLT

2 Kings 16 in the BONUT2

2 Kings 16 in the BOPLNT

2 Kings 16 in the BOSCB

2 Kings 16 in the BOSNC

2 Kings 16 in the BOTLNT

2 Kings 16 in the BOVCB

2 Kings 16 in the BOYCB

2 Kings 16 in the BPBB

2 Kings 16 in the BPH

2 Kings 16 in the BSB

2 Kings 16 in the CCB

2 Kings 16 in the CUV

2 Kings 16 in the CUVS

2 Kings 16 in the DBT

2 Kings 16 in the DGDNT

2 Kings 16 in the DHNT

2 Kings 16 in the DNT

2 Kings 16 in the ELBE

2 Kings 16 in the EMTV

2 Kings 16 in the ESV

2 Kings 16 in the FBV

2 Kings 16 in the FEB

2 Kings 16 in the GGMNT

2 Kings 16 in the GNT

2 Kings 16 in the HARY

2 Kings 16 in the HNT

2 Kings 16 in the IRVB

2 Kings 16 in the IRVG

2 Kings 16 in the IRVH

2 Kings 16 in the IRVK

2 Kings 16 in the IRVM

2 Kings 16 in the IRVM2

2 Kings 16 in the IRVO

2 Kings 16 in the IRVP

2 Kings 16 in the IRVT

2 Kings 16 in the IRVT2

2 Kings 16 in the IRVU

2 Kings 16 in the ISVN

2 Kings 16 in the JSNT

2 Kings 16 in the KAPI

2 Kings 16 in the KBT1ETNIK

2 Kings 16 in the KBV

2 Kings 16 in the KJV

2 Kings 16 in the KNFD

2 Kings 16 in the LBA

2 Kings 16 in the LBLA

2 Kings 16 in the LNT

2 Kings 16 in the LSV

2 Kings 16 in the MAAL

2 Kings 16 in the MBV

2 Kings 16 in the MBV2

2 Kings 16 in the MHNT

2 Kings 16 in the MKNFD

2 Kings 16 in the MNG

2 Kings 16 in the MNT

2 Kings 16 in the MNT2

2 Kings 16 in the MRS1T

2 Kings 16 in the NAA

2 Kings 16 in the NASB

2 Kings 16 in the NBLA

2 Kings 16 in the NBS

2 Kings 16 in the NBVTP

2 Kings 16 in the NET2

2 Kings 16 in the NIV11

2 Kings 16 in the NNT

2 Kings 16 in the NNT2

2 Kings 16 in the NNT3

2 Kings 16 in the PDDPT

2 Kings 16 in the PFNT

2 Kings 16 in the RMNT

2 Kings 16 in the SBIAS

2 Kings 16 in the SBIBS

2 Kings 16 in the SBIBS2

2 Kings 16 in the SBICS

2 Kings 16 in the SBIDS

2 Kings 16 in the SBIGS

2 Kings 16 in the SBIHS

2 Kings 16 in the SBIIS

2 Kings 16 in the SBIIS2

2 Kings 16 in the SBIIS3

2 Kings 16 in the SBIKS

2 Kings 16 in the SBIKS2

2 Kings 16 in the SBIMS

2 Kings 16 in the SBIOS

2 Kings 16 in the SBIPS

2 Kings 16 in the SBISS

2 Kings 16 in the SBITS

2 Kings 16 in the SBITS2

2 Kings 16 in the SBITS3

2 Kings 16 in the SBITS4

2 Kings 16 in the SBIUS

2 Kings 16 in the SBIVS

2 Kings 16 in the SBT

2 Kings 16 in the SBT1E

2 Kings 16 in the SCHL

2 Kings 16 in the SNT

2 Kings 16 in the SUSU

2 Kings 16 in the SUSU2

2 Kings 16 in the SYNO

2 Kings 16 in the TBIAOTANT

2 Kings 16 in the TBT1E

2 Kings 16 in the TBT1E2

2 Kings 16 in the TFTIP

2 Kings 16 in the TFTU

2 Kings 16 in the TGNTATF3T

2 Kings 16 in the THAI

2 Kings 16 in the TNFD

2 Kings 16 in the TNT

2 Kings 16 in the TNTIK

2 Kings 16 in the TNTIL

2 Kings 16 in the TNTIN

2 Kings 16 in the TNTIP

2 Kings 16 in the TNTIZ

2 Kings 16 in the TOMA

2 Kings 16 in the TTENT

2 Kings 16 in the UBG

2 Kings 16 in the UGV

2 Kings 16 in the UGV2

2 Kings 16 in the UGV3

2 Kings 16 in the VBL

2 Kings 16 in the VDCC

2 Kings 16 in the YALU

2 Kings 16 in the YAPE

2 Kings 16 in the YBVTP

2 Kings 16 in the ZBP