Deuteronomy 23 (IRVA)
1 যি পুৰুষৰ অণ্ডকোষ চূর্ণ বা গুপুত অঙ্গ কটা হৈছে, তেওঁ যিহোৱাৰ সমাজত সোমাব নোৱাৰিব। 2 কোনো জাৰজ সন্তান যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব। 3 কোনো অম্মোনীয়া বা মোৱাবীয়া লোক যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব। 4 কিয়নো মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত আপোনালোকৰ যাত্রা পথত তেওঁলোকে অন্ন আৰু জল লৈ অহা নাছিল, বৰং আপোনালোকক শাও দিবলৈ তেওঁলোকে অৰাম-নহৰয়িম দেশৰ পথোৰ নগৰৰ পৰা বিয়োৰৰ পুতেক বিলিয়মক ধন দি আনিছিল। 5 কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিলিয়মৰ কথা নুশুনিলে; আপোনালোকক প্ৰেম কৰাৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনালোকৰ পক্ষে সেই শাও আশীৰ্ব্বাদত পৰিণত কৰিলে। 6 আপোনালোক জীয়াই থাকেমানে কেতিয়াও তেওঁলোকৰ মঙ্গল কি উন্নতিৰ চেষ্টা নকৰিব। 7 কোনো ইদোমীয়া লোকক আপোনালোকে ঘৃণা নকৰিব; কিয়নো তেওঁ আপোনালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক আপোনালোকে ঘৃণা নকৰিব, কাৰণ আপোনালোক তেওঁৰ দেশত বিদেশী হৈ আছিল। 8 আপোনালোকৰ মাজত বাস কৰাৰ পাছত তৃতীয় পুৰুষৰ পৰা তেওঁলোক যিহোৱাৰ সমাজত সোমাব পাৰিব। 9 শত্রুসকলৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি ওলাই যোৱা সময়ত, সকলো মন্দৰ পৰা আপোনালোকে নিজক দূৰৈত ৰাখিব। 10 আপোনালোকৰ মাজত যদি কোনো পুৰুষ ৰাতি ঘটা ঘটনাৰ কাৰণে অশুচি হয়, তেন্তে সি ছাউনিৰ বাহিৰলৈ যাব লাগিব; ছাউনিৰ ভিতৰলৈ ঘূৰি নাহিব। 11 সন্ধিয়া হৈ আহিলে তেওঁ নিজে পানীত গা ধুব। সূৰ্য মাৰ যোৱাৰ পাছত তেওঁ ছাউনিলৈ ঘূৰি যাব পাৰিব। 12 পায়খানাৰ কাৰণে আপোনালোকে ছাউনিৰ বাহিৰত এটা ঠাই ঠিক কৰি ল’ব লাগিব। 13 আপোনালোৰ সা-সামগ্রীৰ মাজত মাটি খান্দিবলৈ এখন খন্তি থাকিব। পায়খানা কৰাৰ আগতে আপোনালোকে তাৰে গাত কৰি মলখিনি আকৌ মাটিৰে ঢাকি দিব। 14 আপোনালোকক ৰক্ষা কৰিবলৈ, আৰু আপোনালোকৰ শত্রুবোৰক আপোনালোকৰ হাতত তুলি দিবলৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ছাউনিৰ মাজত অহা-যোৱা কৰে। সেই কাৰণে, আপোনালোকে ছাউনি পবিত্ৰ কৰি ৰাখিব লাগিব যাতে আপোনালোকৰ মাজত কোনো অশুচি বস্তু দেখি তেওঁ আপোনালোকৰ পৰা বিমুখ হৈ নাযায়। 15 কোনো দাসে যদি নিজৰ গৰাকীৰ পৰা পলাই আহি আপোনালোকৰ ওচৰত আশ্রয় লয়, আপোনালোকে তাক তাৰ গৰাকীৰ হাতত শোধাই নিদিব। 16 সেই দাসে যি কোনো এখন নগৰত আপোনালোকৰ মাজত, য’তে বাস কৰিব বিচাৰে, তাতে বাস কৰিবলৈ দিব। তাক উপদ্ৰৱ নকৰিব। 17 ইস্ৰায়েলৰ যুৱতীসকলৰ মাজত যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়; ইস্ৰায়েলীয়া পুৰুষৰ মাজতো যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়। 18 পুৰষ হওঁক বা মহিলাই হওঁক, যি জনে বেশ্যাৰ জীৱন কটায়, তেওঁৰ উপার্জনৰ ধন কোনো সঙ্কল্প-সিদ্ধিৰ অৰ্থে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ নানিব; কাৰণ সেই ধৰণৰ পুৰুষ আৰু মহিলাক আপোনালোকৰ ঈশ্বৰ যিহোৱাই ঘৃণা কৰে। 19 আপোনালোকে কোনো ইস্রায়েলীয়া ভাইক সুদ লৈ ধাৰ নিদিব - সেই সুদ ধনৰ ওপৰতে হওঁক বা খোৱা-বস্তুৰ ওপৰতে হওঁক নাইবা অন্য যি কোনো বস্তুৰ ওপৰতে হওঁক। 20 অন্য জাতিৰ লোকসকলৰ পৰা আপোনালোকে ধাৰ দি সুদ ল’ব পাৰে, কিন্তু, কোনো ইস্রায়েলীয়া ভাইৰ পৰা নোৱাৰে। এইদৰে চলিলে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, সেই দেশত আপোনালোকে যিহতে হাত দিব, সকলো কাৰ্যতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব। 21 আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যদি আপোনালোকে কোনো সঙ্কল্প কৰে, তেন্তে তাক পূৰণ কৰিবলৈ পলম নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পৰা তাক নিশ্চয়ে আদায় কৰিব; তাক পূৰণ নকৰিলে আপোনালোকৰ পাপ হ’ব। 22 কিন্তু সঙ্কল্প নকৰিলে, তাত কোনো পাপ নহ’ব। 23 আপোনালোকৰ মুখৰ পৰা যি সঙ্কল্পৰ কথা ক’ব, তাক আপোনালোকে পূৰণ কৰিবই লাগিব, কাৰণ আপোনালোকে স্ব-ইচ্ছাৰে নিজ মুখেৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত সেই প্ৰতিজ্ঞা কৰিছে। 24 আনৰ দ্ৰাক্ষাবাৰীলৈ গৈ আপোনালোকে ইচ্ছামতে হেঁপাহ পলুৱাই আঙুৰ খাব পাৰিব, কিন্তু লৈ যোৱাৰ বাবে আপোনালোকৰ পাত্ৰত অলপো নল’ব। 25 অন্যৰ শস্যক্ষেত্রত গৈ আপোনালোকে নিজ হাতেৰে থোক ছিঙিব পাৰিব, কিন্তু শস্যত কাচি লগাব নোৱাৰিব।
In Other Versions
Deuteronomy 23 in the ANGEFD
Deuteronomy 23 in the ANTPNG2D
Deuteronomy 23 in the AS21
Deuteronomy 23 in the BAGH
Deuteronomy 23 in the BBPNG
Deuteronomy 23 in the BBT1E
Deuteronomy 23 in the BDS
Deuteronomy 23 in the BEV
Deuteronomy 23 in the BHAD
Deuteronomy 23 in the BIB
Deuteronomy 23 in the BLPT
Deuteronomy 23 in the BNT
Deuteronomy 23 in the BNTABOOT
Deuteronomy 23 in the BNTLV
Deuteronomy 23 in the BOATCB
Deuteronomy 23 in the BOATCB2
Deuteronomy 23 in the BOBCV
Deuteronomy 23 in the BOCNT
Deuteronomy 23 in the BOECS
Deuteronomy 23 in the BOGWICC
Deuteronomy 23 in the BOHCB
Deuteronomy 23 in the BOHCV
Deuteronomy 23 in the BOHLNT
Deuteronomy 23 in the BOHNTLTAL
Deuteronomy 23 in the BOICB
Deuteronomy 23 in the BOILNTAP
Deuteronomy 23 in the BOITCV
Deuteronomy 23 in the BOKCV
Deuteronomy 23 in the BOKCV2
Deuteronomy 23 in the BOKHWOG
Deuteronomy 23 in the BOKSSV
Deuteronomy 23 in the BOLCB
Deuteronomy 23 in the BOLCB2
Deuteronomy 23 in the BOMCV
Deuteronomy 23 in the BONAV
Deuteronomy 23 in the BONCB
Deuteronomy 23 in the BONLT
Deuteronomy 23 in the BONUT2
Deuteronomy 23 in the BOPLNT
Deuteronomy 23 in the BOSCB
Deuteronomy 23 in the BOSNC
Deuteronomy 23 in the BOTLNT
Deuteronomy 23 in the BOVCB
Deuteronomy 23 in the BOYCB
Deuteronomy 23 in the BPBB
Deuteronomy 23 in the BPH
Deuteronomy 23 in the BSB
Deuteronomy 23 in the CCB
Deuteronomy 23 in the CUV
Deuteronomy 23 in the CUVS
Deuteronomy 23 in the DBT
Deuteronomy 23 in the DGDNT
Deuteronomy 23 in the DHNT
Deuteronomy 23 in the DNT
Deuteronomy 23 in the ELBE
Deuteronomy 23 in the EMTV
Deuteronomy 23 in the ESV
Deuteronomy 23 in the FBV
Deuteronomy 23 in the FEB
Deuteronomy 23 in the GGMNT
Deuteronomy 23 in the GNT
Deuteronomy 23 in the HARY
Deuteronomy 23 in the HNT
Deuteronomy 23 in the IRVB
Deuteronomy 23 in the IRVG
Deuteronomy 23 in the IRVH
Deuteronomy 23 in the IRVK
Deuteronomy 23 in the IRVM
Deuteronomy 23 in the IRVM2
Deuteronomy 23 in the IRVO
Deuteronomy 23 in the IRVP
Deuteronomy 23 in the IRVT
Deuteronomy 23 in the IRVT2
Deuteronomy 23 in the IRVU
Deuteronomy 23 in the ISVN
Deuteronomy 23 in the JSNT
Deuteronomy 23 in the KAPI
Deuteronomy 23 in the KBT1ETNIK
Deuteronomy 23 in the KBV
Deuteronomy 23 in the KJV
Deuteronomy 23 in the KNFD
Deuteronomy 23 in the LBA
Deuteronomy 23 in the LBLA
Deuteronomy 23 in the LNT
Deuteronomy 23 in the LSV
Deuteronomy 23 in the MAAL
Deuteronomy 23 in the MBV
Deuteronomy 23 in the MBV2
Deuteronomy 23 in the MHNT
Deuteronomy 23 in the MKNFD
Deuteronomy 23 in the MNG
Deuteronomy 23 in the MNT
Deuteronomy 23 in the MNT2
Deuteronomy 23 in the MRS1T
Deuteronomy 23 in the NAA
Deuteronomy 23 in the NASB
Deuteronomy 23 in the NBLA
Deuteronomy 23 in the NBS
Deuteronomy 23 in the NBVTP
Deuteronomy 23 in the NET2
Deuteronomy 23 in the NIV11
Deuteronomy 23 in the NNT
Deuteronomy 23 in the NNT2
Deuteronomy 23 in the NNT3
Deuteronomy 23 in the PDDPT
Deuteronomy 23 in the PFNT
Deuteronomy 23 in the RMNT
Deuteronomy 23 in the SBIAS
Deuteronomy 23 in the SBIBS
Deuteronomy 23 in the SBIBS2
Deuteronomy 23 in the SBICS
Deuteronomy 23 in the SBIDS
Deuteronomy 23 in the SBIGS
Deuteronomy 23 in the SBIHS
Deuteronomy 23 in the SBIIS
Deuteronomy 23 in the SBIIS2
Deuteronomy 23 in the SBIIS3
Deuteronomy 23 in the SBIKS
Deuteronomy 23 in the SBIKS2
Deuteronomy 23 in the SBIMS
Deuteronomy 23 in the SBIOS
Deuteronomy 23 in the SBIPS
Deuteronomy 23 in the SBISS
Deuteronomy 23 in the SBITS
Deuteronomy 23 in the SBITS2
Deuteronomy 23 in the SBITS3
Deuteronomy 23 in the SBITS4
Deuteronomy 23 in the SBIUS
Deuteronomy 23 in the SBIVS
Deuteronomy 23 in the SBT
Deuteronomy 23 in the SBT1E
Deuteronomy 23 in the SCHL
Deuteronomy 23 in the SNT
Deuteronomy 23 in the SUSU
Deuteronomy 23 in the SUSU2
Deuteronomy 23 in the SYNO
Deuteronomy 23 in the TBIAOTANT
Deuteronomy 23 in the TBT1E
Deuteronomy 23 in the TBT1E2
Deuteronomy 23 in the TFTIP
Deuteronomy 23 in the TFTU
Deuteronomy 23 in the TGNTATF3T
Deuteronomy 23 in the THAI
Deuteronomy 23 in the TNFD
Deuteronomy 23 in the TNT
Deuteronomy 23 in the TNTIK
Deuteronomy 23 in the TNTIL
Deuteronomy 23 in the TNTIN
Deuteronomy 23 in the TNTIP
Deuteronomy 23 in the TNTIZ
Deuteronomy 23 in the TOMA
Deuteronomy 23 in the TTENT
Deuteronomy 23 in the UBG
Deuteronomy 23 in the UGV
Deuteronomy 23 in the UGV2
Deuteronomy 23 in the UGV3
Deuteronomy 23 in the VBL
Deuteronomy 23 in the VDCC
Deuteronomy 23 in the YALU
Deuteronomy 23 in the YAPE
Deuteronomy 23 in the YBVTP
Deuteronomy 23 in the ZBP