Deuteronomy 30 (IRVA)

1 মই আপোনালোকৰ আগত আশীৰ্ব্বাদ আৰু শাওৰ বিষয়ে যি যি কথা কলোঁ, সেইবোৰ আপোনালোকৰ ওপৰলৈ আহিব। তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি সকলো জাতিবোৰৰ মাজত আপোনালোকক উলিয়াই পঠিয়াব, সেই জাতিবোৰৰ মাজত থাকোতে এইবোৰ কথা আপোনালোকে সোঁৱৰণ কৰিব। 2 সেই সময়ত আপোনালোক আৰু আপোনালোকৰ সন্তান সকলে যদি সকলো মনেৰে আৰু সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱালৈ ঘূৰি আহে আৰু আজি মই আপোনালোকক যিসকলো আজ্ঞা দিছো সেই সকলো পালন কৰে, 3 তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ বন্দী-অৱস্থা সলনি কৰিব, আৰু আপোনালোকক কৃপা কৰিব আৰু যি জাতিবোৰৰ মাজত তেওঁ আপোনালোকক সিচঁৰিত কৰিব, সেইসকল জাতিৰ মাজৰ পৰা পুনৰায় আপোনালোকক আনি গোটাব। 4 এনেকি দেশান্তৰিত হোৱা আপোনালোকৰ কোনো আকাশৰ তলত দূৰৈৰ শেষ সীমাতো যদি থাকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই তাৰ পৰাও আপোনালোকক গোটাই আনিব; তাৰ পৰাও তেওঁ আপোনালোকক লৈ আনিব। 5 আপোনালোকৰ পূর্ব-পুৰুষসকলৰ দেশলৈকে তেওঁ আপোনালোকক ঘূৰাই আনিব আৰু আপোনালোকে তাক পুনৰ অধিকাৰ কৰিব। তেওঁ আপোনালোকৰ মঙ্গল কৰিব আৰু পূর্বপুৰুষসকলতকৈও আপোনালোকৰ জনসংখ্যা বৃদ্ধি কৰিব। 6 আপোনালোকে যাতে আপোনালোকৰ সকলো মন ও সকলো প্ৰাণেৰে নিজ ঈশ্বৰ যিহোৱাক প্ৰেম কৰি জীয়াই থাকে, সেইবাবেই তেওঁ আপোনালোকৰ আৰু আপোনালোকৰ বংশধৰসকলৰ হৃদয়ৰ চুন্নত কৰিব। 7 যিসকলে আপোনালোকক ঘৃণা আৰু তাড়না কৰিব, এই সকলো শাও যিহোৱাই আপোনালোকৰ সেই শত্রুবোৰৰ ওপৰত আনিব 8 তেতিয়া আপোনালোকে পুনৰ উলটি আহি যিহোৱাৰ বাধ্য হৈ চলিব আৰু তেওঁৰ যি সকলো আজ্ঞা আজি মই আপোনালোকক দিছো, সেইবোৰ পালন কৰিব। 9 আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ হাতে কৰা সকলো কার্যতে প্রচুৰ আশীর্বাদ কৰিব। আপোনালোকৰ গর্ভফল, পশুধনৰ গর্ভফল আৰু ভূমিৰ শস্য বৃদ্ধি কৰি আপোনালোকক ঐশ্বর্যশালী কৰিব। কিয়নো আপোনালোকৰ পূর্বপুৰুষসকলক লৈ যিহোৱাই যি আনন্দ কৰিছিল, আপোনালোকৰ ঐশ্বর্যৰ বাবে তেওঁ পুনৰ আপোনালোকক লৈ আনন্দ কৰিব। 10 অৱশ্যে তেওঁ এইদৰে কৰিব, যদিহে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা আৰু নিয়মবোৰ পালন কৰে; সকলো মন আৰু সকলো প্রাণেৰে সৈতে আপোনালোকৰ ঈশ্বৰ যিহোৱালৈ ঘূৰে। 11 মই আজি আপোনালোকক যি আজ্ঞা দিছোঁ, তাক পালন কৰাটো আপোনালোকৰ কাৰণে কঠিন নহয় বা আপোনালোকৰ সাধ্যৰ বাহিৰতো নহয়। 12 এই আজ্ঞা স্বর্গতো ৰখা হোৱা নাই যে, আপোনালোকে ক’ব, “কোনে স্বর্গলৈ গৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ?” 13 এই আজ্ঞা সমুদ্রৰ সিপাৰেও নাই যে আপোনালোকে ক’ব, “কোনে সমুদ্র পাৰ হৈ আমাৰ কাৰণে তাক আনি শুনাব যাতে আমি তাক পালন কৰিব পাৰোঁ?” 14 কিন্তু বাক্য আপোনালোকৰ নিচেই ওচৰতে আছে; আপোনালোকৰ মুখত আৰু হৃদয়তে আছে যাতে আপোনালোকে তাক পালন কৰিব পাৰে। 15 শুনক, মই আজি আপোনালোকৰ আগত জীৱন আৰু মৃত্যু, মঙ্গল আৰু অমঙ্গল ৰাখিছোঁ। 16 আজি আপোনালোকৰ ওচৰত মোৰ আজ্ঞা এই যে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰিব, তেওঁৰ পথত চলিব, আৰু তেওঁৰ আজ্ঞা, বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিব। তেনে কৰিলে আপোনালোক জীয়াই থাকিব আৰু সংখ্যাত বৃদ্ধি পাব; যি দেশ আপোনালোকে অধিকাৰ কৰিবলৈ গৈ আছে, সেই দেশত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব। 17 কিন্তু যদি আপোনালোকৰ অন্তৰ প্রভুৰ পৰা আঁতৰি যায় আৰু আপোনালোক তেওঁৰ অবাধ্য হয়; যদি আপোনালোকে আন দেৱ-দেৱীৰ প্রতি আকৰ্ষিত হৈ সেইবোৰৰ আগত প্ৰণিপাত কৰি সেৱা পূজা কৰে, 18 তেন্তে আজি মই আপোনালোকক জনাইছোঁ যে, আপোনালোক নিশ্চয়ে ধ্বংস হৈ যাব। যৰ্দ্দন নদী পাৰ হৈ যি দেশ আপোনালোকে আধিপত্যৰ অৰ্থে গৈ আছে, সেই দেশত আপোনালোক দীৰ্ঘজীৱি নহ’ব। 19 মই আপোনালোকৰ বিৰুদ্ধে আকাশ-মণ্ডল আৰু পৃথিবীক সাক্ষী কৰি কৈছোঁ যে, আজি মই আপোনালোকৰ সন্মুখত জীৱন আৰু মৃত্যু, আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ; সেয়ে, আপোনালোক আৰু আপোনালোকৰ ভাবীবংশ যেন জীয়াই থাকিব পাৰে আপোনালোকে জীৱনক মনোনীত কৰক। 20 আপোনালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰক, তেওঁৰ বাক্যলৈ কাণ দিয়ক আৰু তেওঁতেই আসক্ত হৈ থাকক। কাৰণ প্রভুৱেই আপোনালোকৰ জীৱন আৰু তেঁৱেই আপোনালোকক দীর্ঘজীৱি কৰিব। আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবক যি দেশ দিম বুলি তেওঁলোকৰ আগত যিহোৱাই প্রতিজ্ঞা কৰিছিল, সেই দেশত বাস কৰিবৰ অৰ্থে আপোনালোকে জীৱনক মনোনীত কৰক।

In Other Versions

Deuteronomy 30 in the ANGEFD

Deuteronomy 30 in the ANTPNG2D

Deuteronomy 30 in the AS21

Deuteronomy 30 in the BAGH

Deuteronomy 30 in the BBPNG

Deuteronomy 30 in the BBT1E

Deuteronomy 30 in the BDS

Deuteronomy 30 in the BEV

Deuteronomy 30 in the BHAD

Deuteronomy 30 in the BIB

Deuteronomy 30 in the BLPT

Deuteronomy 30 in the BNT

Deuteronomy 30 in the BNTABOOT

Deuteronomy 30 in the BNTLV

Deuteronomy 30 in the BOATCB

Deuteronomy 30 in the BOATCB2

Deuteronomy 30 in the BOBCV

Deuteronomy 30 in the BOCNT

Deuteronomy 30 in the BOECS

Deuteronomy 30 in the BOGWICC

Deuteronomy 30 in the BOHCB

Deuteronomy 30 in the BOHCV

Deuteronomy 30 in the BOHLNT

Deuteronomy 30 in the BOHNTLTAL

Deuteronomy 30 in the BOICB

Deuteronomy 30 in the BOILNTAP

Deuteronomy 30 in the BOITCV

Deuteronomy 30 in the BOKCV

Deuteronomy 30 in the BOKCV2

Deuteronomy 30 in the BOKHWOG

Deuteronomy 30 in the BOKSSV

Deuteronomy 30 in the BOLCB

Deuteronomy 30 in the BOLCB2

Deuteronomy 30 in the BOMCV

Deuteronomy 30 in the BONAV

Deuteronomy 30 in the BONCB

Deuteronomy 30 in the BONLT

Deuteronomy 30 in the BONUT2

Deuteronomy 30 in the BOPLNT

Deuteronomy 30 in the BOSCB

Deuteronomy 30 in the BOSNC

Deuteronomy 30 in the BOTLNT

Deuteronomy 30 in the BOVCB

Deuteronomy 30 in the BOYCB

Deuteronomy 30 in the BPBB

Deuteronomy 30 in the BPH

Deuteronomy 30 in the BSB

Deuteronomy 30 in the CCB

Deuteronomy 30 in the CUV

Deuteronomy 30 in the CUVS

Deuteronomy 30 in the DBT

Deuteronomy 30 in the DGDNT

Deuteronomy 30 in the DHNT

Deuteronomy 30 in the DNT

Deuteronomy 30 in the ELBE

Deuteronomy 30 in the EMTV

Deuteronomy 30 in the ESV

Deuteronomy 30 in the FBV

Deuteronomy 30 in the FEB

Deuteronomy 30 in the GGMNT

Deuteronomy 30 in the GNT

Deuteronomy 30 in the HARY

Deuteronomy 30 in the HNT

Deuteronomy 30 in the IRVB

Deuteronomy 30 in the IRVG

Deuteronomy 30 in the IRVH

Deuteronomy 30 in the IRVK

Deuteronomy 30 in the IRVM

Deuteronomy 30 in the IRVM2

Deuteronomy 30 in the IRVO

Deuteronomy 30 in the IRVP

Deuteronomy 30 in the IRVT

Deuteronomy 30 in the IRVT2

Deuteronomy 30 in the IRVU

Deuteronomy 30 in the ISVN

Deuteronomy 30 in the JSNT

Deuteronomy 30 in the KAPI

Deuteronomy 30 in the KBT1ETNIK

Deuteronomy 30 in the KBV

Deuteronomy 30 in the KJV

Deuteronomy 30 in the KNFD

Deuteronomy 30 in the LBA

Deuteronomy 30 in the LBLA

Deuteronomy 30 in the LNT

Deuteronomy 30 in the LSV

Deuteronomy 30 in the MAAL

Deuteronomy 30 in the MBV

Deuteronomy 30 in the MBV2

Deuteronomy 30 in the MHNT

Deuteronomy 30 in the MKNFD

Deuteronomy 30 in the MNG

Deuteronomy 30 in the MNT

Deuteronomy 30 in the MNT2

Deuteronomy 30 in the MRS1T

Deuteronomy 30 in the NAA

Deuteronomy 30 in the NASB

Deuteronomy 30 in the NBLA

Deuteronomy 30 in the NBS

Deuteronomy 30 in the NBVTP

Deuteronomy 30 in the NET2

Deuteronomy 30 in the NIV11

Deuteronomy 30 in the NNT

Deuteronomy 30 in the NNT2

Deuteronomy 30 in the NNT3

Deuteronomy 30 in the PDDPT

Deuteronomy 30 in the PFNT

Deuteronomy 30 in the RMNT

Deuteronomy 30 in the SBIAS

Deuteronomy 30 in the SBIBS

Deuteronomy 30 in the SBIBS2

Deuteronomy 30 in the SBICS

Deuteronomy 30 in the SBIDS

Deuteronomy 30 in the SBIGS

Deuteronomy 30 in the SBIHS

Deuteronomy 30 in the SBIIS

Deuteronomy 30 in the SBIIS2

Deuteronomy 30 in the SBIIS3

Deuteronomy 30 in the SBIKS

Deuteronomy 30 in the SBIKS2

Deuteronomy 30 in the SBIMS

Deuteronomy 30 in the SBIOS

Deuteronomy 30 in the SBIPS

Deuteronomy 30 in the SBISS

Deuteronomy 30 in the SBITS

Deuteronomy 30 in the SBITS2

Deuteronomy 30 in the SBITS3

Deuteronomy 30 in the SBITS4

Deuteronomy 30 in the SBIUS

Deuteronomy 30 in the SBIVS

Deuteronomy 30 in the SBT

Deuteronomy 30 in the SBT1E

Deuteronomy 30 in the SCHL

Deuteronomy 30 in the SNT

Deuteronomy 30 in the SUSU

Deuteronomy 30 in the SUSU2

Deuteronomy 30 in the SYNO

Deuteronomy 30 in the TBIAOTANT

Deuteronomy 30 in the TBT1E

Deuteronomy 30 in the TBT1E2

Deuteronomy 30 in the TFTIP

Deuteronomy 30 in the TFTU

Deuteronomy 30 in the TGNTATF3T

Deuteronomy 30 in the THAI

Deuteronomy 30 in the TNFD

Deuteronomy 30 in the TNT

Deuteronomy 30 in the TNTIK

Deuteronomy 30 in the TNTIL

Deuteronomy 30 in the TNTIN

Deuteronomy 30 in the TNTIP

Deuteronomy 30 in the TNTIZ

Deuteronomy 30 in the TOMA

Deuteronomy 30 in the TTENT

Deuteronomy 30 in the UBG

Deuteronomy 30 in the UGV

Deuteronomy 30 in the UGV2

Deuteronomy 30 in the UGV3

Deuteronomy 30 in the VBL

Deuteronomy 30 in the VDCC

Deuteronomy 30 in the YALU

Deuteronomy 30 in the YAPE

Deuteronomy 30 in the YBVTP

Deuteronomy 30 in the ZBP