Jeremiah 2 (IRVA)

1 যিহোৱাই আৰু এটি বাক্য মোক দিলে, 2 যেন, কাণে শুনাকৈ যিৰূচালেমৰ প্রতিজনলৈ এই কথা প্ৰচাৰ কৰা হয়। আৰু তেওঁ কৈছিল যে, মই যেন এই কথা তেওঁলোকক কওঁ:“মই, যিহোৱাৰ, অতি পুৰ্বে তুমি মোক মানি চলা আৰু আমাৰ অংগীকাৰত বিশ্বাস কৰা সেই সকলো কথা মোৰ মনত আছে। বাগ্দান কৰা কালত কন্যাই দৰাক কৰাৰ দৰে মোক আনন্দিত কৰিছিলা;তুমি মোক প্রেম কৰিছিলা, আৰু মৰুভূমিৰ মাজেৰে মোৰ পাছে পাছে তুমি গমন কৰিছিলা; 3 সেই কালত তুমি ইস্রায়েল মোলৈ নিলগে আছিলা; শস্যৰ প্ৰথমে পকা ফলৰ গৰাকি হোৱাৰ দৰে তোমালোক মোৰ আছিলা।যিসকলে মোৰ লোকসকলক অনিষ্ট কৰিছিল, তেওঁলোকৰ প্রতি দণ্ডাজ্ঞা দিবলৈ আৰু দুৰ্যোগ পঠিয়াবলৈ মই প্রতিজ্ঞা কৰিছিলোঁ। মই, যিহোৱাই কৈছিলোঁ যে, এইবোৰ ঘটিব, ঠিক তেনেদৰেই এইবোৰ অমঙ্গল ঘটিব।” 4 হে যাকোবৰ বংশ, হে ইস্রায়েলৰ আটাই লোকসকল, 5 যিহোৱাই কি কৈছে, সেই বাক্য শুনা: “যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষসকলে কি অন্যায় পালে, যে, তেওঁলোক মোৰ পৰা আঁতৰ হৈ গৈ,অসাৰৰ পাছত চলি অসাৰ হল? 6 তেওঁলোকে নকলে, যে, যি জনাই মিচৰ দেশৰ পৰা আমাক উলিয়াই আনিছিল, যি জনাই মৰুভূমিৰ মাজেদি, বালুকাময় আৰু গুহাময় দেশৰ মাজেদি,খৰাং আৰু মৃত্যুচ্ছায়াস্বৰূপ দেশৰ মাজেদি পথিক নচলা আৰু নিবাসী নথকা দেশৰ মাজেদি আমাক লৈ আহিছিল, সেই যিহোৱা ক’ত? 7 মই তোমালোকক এখন উদ্যানময় দেশলৈ, তাৰ ফল আৰু উত্তম উত্তম বস্তু ভোজন কৰিবলৈ আনিছিলোঁ,কিন্তু যেতিয়া তোমালোকে সোমালা, তেতিয়া তোমালোকে মোৰ দেশ অশুচি কৰিলা আৰু মোৰ আধিপত্য ঘিণলগীয়া কৰিলা। 8 ‘এতিয়া যিহোৱা ক’ত’ বুলি তোমালোকৰ পুৰোহিতসকলে নক’লে, আৰু ব্যৱস্থাত পাৰ্গতলোকে মোক নাজানিলে,আৰু তোমালোককৰ পালকসকলেও মোৰ বিৰুদ্ধে অধৰ্ম-আচৰণ কৰিলে, আৰু ভাববাদীসকলেও বালৰ নামেৰে ভাববাণী প্ৰচাৰ কৰিলে আৰু অনুপকাৰী বস্তুৰ পাছত চলিলে।” 9 এই হেতুকে, যিহোৱাই কৈছে, মই তোমালোকৰ লগত আৰু প্ৰতিবাদ কৰিম, আৰু তোমালোকৰ পো-নাতিসকলৰ সৈতেও প্ৰতিবাদ কৰিম। 10 কিয়নো, তোমালোকে কিত্তীম দ্বীপবোৰলৈ পাৰ হৈ গৈ চোৱা, আৰু কেদৰলৈ মানুহ পঠোৱা, তাত এনেকুৱা কথা কৈছে নে নাই তাক চোৱাভালকৈ বিবেচনা কৰা, তেওঁলোকৰ দেশৰ কোনো লোকে এনে কাম কৰা নাই, যিবিলাক তোমালোকৰ লোকসকলে কৰিলে! 11 যিবোৰ ঈশ্বৰ নহয়, এনে দেৱতাবোৰক কোনো এক জাতিয়ে জানো সলনি কৰিছিল?কিন্তু মোৰ প্ৰজাসকলে উপকাৰ নকৰা বস্তুৰ লগত নিজৰ গৌৰৱ সলনি কৰিলে। 12 যিহোৱাই কৈছে, হে আকাশ-মণ্ডল, ইয়াত বিস্ময় মানা, ভয়ত নোম শিয়ৰোৱা, অতিশয় তধা লগা। 13 কিয়নো মোৰ প্ৰজাসকলে দুটা দোষ কৰিলে; তেওঁলোকে জীৱন্ত জলৰ ভুমুকস্বৰূপ মোক ত্যাগ কৰিলে,আৰু তেওঁলোকে নিজৰ কাৰণে জলাধাৰ, পানী ৰাখিব নোৱাৰা ভগা জলাধাৰ খানিলে। 14 ইস্ৰায়েল জানো বন্দী? বা তেওঁলোক জানো ঘৰ-ওপজা বন্দী? 15 তেন্তে তেওঁলোকে কিয় লুটদ্ৰব্য হৈছে? ডেকা সিংহবোৰে তাৰ ওপৰত গৰ্জ্জিছে, গৰ্জ্জন কৰিছে; সিহঁতে তাৰ দেশ উচ্ছন্ন কৰিলে।তাৰ নগৰবোৰ দগ্ধ হৈ নিবাসীহীন হৈছে। 16 নোফৰ আৰু তহ্পন্হেচৰ সন্তান সকলেও তোমালোকৰ মূৰৰ তালু টকলা কৰিলে। 17 তোমাৰ ঈশ্বৰে তোমাক পথেদি লৈ যোৱা সময়ত তোমাৰ ঈশ্বৰ যিহোৱাক তুমি পৰিত্যাগ কৰাত, তুমি জানো নিজে নিজক ইয়াক ঘটোৱা নাই? 18 আৰু এতিয়া চীহোৰৰ জল পান কৰিবলৈ মিচৰৰ বাটত তোমাৰ কি কাম আছে?আৰু ফৰাৎ নদীৰ জল পান কৰিবলৈ অচুৰৰ বাটত তোমাৰ কি কাম আছে? 19 তোমাৰ নিজ দুষ্টতাই তোমাক শাস্তি দিব, আৰু তোমাৰ অপথে যোৱাই তোমাক ধমকি দিব।এই হেতুকে তুমি ঈশ্বৰ যিহোৱাক ত্যাগ কৰা আৰু অন্তৰত মোৰ ভয় নৰখা যে বেয়া আৰু তিতা,ইয়াক জ্ঞাত হৈ বুজা, এয়ে প্ৰভু বাহিনীসকলৰ যিহোৱাৰ বচন। 20 কিয়নো বহুকাল হ’ল, তুমি তোমাৰ যুৱলি ভাঙিলা;আৰু যোঁত-জৰী চিঙি ক’লা, “মই পৰাধীন নহম,” কাৰণ তুমি প্ৰত্যেক ওখ পৰ্ব্বতত, আৰু কেঁচাপতীয়া গছৰ তলত মূৰ দোৱাই বেশ্যাকৰ্ম কৰিলা। 21 তথাপি মই তোমাক উত্তম দ্ৰাক্ষালতা বুলি, সকলোভাবে প্ৰকৃত গুটি বুলি ৰুইছিলোঁ;তেন্তে তুমি কেনেকৈ মোৰ গুৰিত বিজাতীয় দ্ৰাক্ষালতাৰ নৰম ডালত পৰিবৰ্ত্তন হলা? 22 কিয়নো যদিও খাৰেৰে নিজৰ গা ধোৱা, আৰু অনেক চাবোন লগোৱা, তথাপি মোৰ দৃষ্টিত তোমাৰ অপৰাধ দাগস্বৰূপ হৈ থাকিব,এয়েই সত্য, কিয়নো ইয়াক প্ৰভু যিহোৱাই কৈছে। 23 তুমি কেনেকৈ কব পৰা, যে, মই অশুচি নহওঁ, বালদেৱতাবোৰৰ পাছত চলা নাই?উপত্যকাত কৰা তোমাৰ আচাৰ-ব্যৱহাৰ চোৱা, তুমি কি কৰিলা, তাক জ্ঞাত হোৱা; তুমি তোমাৰ পথত পকোৱা-পকিকৈ ভ্ৰমি ফুৰোঁতা এজনী বেগীউটৰ নিচিনা। 24 তুমি নিজ অভিলাষত বায়ু সুঙি ফুৰা অৰণ্যত অভ্যাস হোৱা এজনী বনৰীয়া গাধৰ নিচিনা; তাই কামাতুৰ হোৱা সময়ত কোনে তাইক ওলোটাব পাৰে?তাইলৈ অভিলাষ কৰি বিচৰাবোৰে ভাগৰ নাপাব, তাইৰ নিয়মিত মাহত তাইক পাব। 25 তুমি তোমাৰ ভৰি পইজাৰ নোহোৱা হবলৈ, আৰু ডিঙিৰ নলী শুকান হবলৈ নিদিবা।কিন্তু তুমি কৈছা, “ইয়াত আশা নাই, সমূলি নাই; কিয়নো মই বিদেশীসকলক প্ৰেম কৰোঁ, তেওঁলোকৰেই পাছত চলিম!” 26 চোৰ ধৰা পৰিলে যেনেকৈ সি লাজত পৰে, তেনেকৈ ইস্ৰায়েল বংশই লাজ পাইছে। তেওঁলোক, তেওঁলোকৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু ভাববাদীসকলে লাজ পাইছে। 27 তেওঁবিলাক প্ৰতিজনে এডোখৰ কাঠক, ‘তুমি মোৰ পিতৃ!’ এইবুলি, আৰু এটা শিলক, তুমি মোক উৎপন্ন কৰিলা ‘তুমি মোৰ মাতৃ!’ এইবুলি কয়;কিয়নো তেওঁলোকে মোৰ ফালে মূৰ নকৰি পিঠিহে দিলে; কিন্তু আপদৰ দিনত তেওঁলোকে কব, তুমি উঠি আমাক উদ্ধাৰ কৰা! 28 তুমি নিজৰ কাৰণে যি দেৱতাবোৰ সাজিলা, তোমাৰ সেই দেৱতাবোৰ ক’ত? সেইবোৰেই উঠি, যদি পাৰে, তেন্তে আপদৰ সময়ত তোমাক নিস্তাৰ কৰক;কিয়নো হে যিহূদা, তোমাৰ যিমান নগৰ, সিমান তোমাৰ দেৱতা আছে। 29 যিহোৱাই কৈছে, তোমালোকে কিয় মোৰ লগত প্ৰতিবাদ কৰিছা? তোমালোক সকলোৱেই মোলৈ বিদ্রোহ আচৰণ কৰিছা? 30 মই তোমালোকৰ সন্তান সকলক বৃথা প্ৰহাৰ কৰিলোঁ; তেওঁলোকে শাস্তি নুবুজিলে;বৰং তোমালোকৰ নিজৰ তৰোৱালেই বিনাশক সিংহৰ দৰেই তোমালোকৰ ভাববাদীসকলক গ্ৰাস কৰিলে। 31 তেন্তে হে বৰ্ত্তমান কালৰ লোকসকল, তোমালোকে যিহোৱাৰ বাক্য আলোচনা কৰা।ইস্ৰায়েলৰ পক্ষে মই জানো অৰণ্য বা অন্ধকাৰময় দেশস্বৰূপ? তেন্তে মোৰ প্ৰজাসকলে কিয় কয় যে, আমি মুকলি হ’লো, আমি তোমাৰ ওচৰলৈ আৰু নাযাওঁ?’ 32 যুৱতীয়ে জানো নিজৰ অলঙ্কাৰ বা কন্যাই জানো নিজৰ পিন্ধা সাজ পাহৰিব পাৰে?কিন্তু মোৰ প্ৰজাসকলে অসংখ্য দিন মোক পাহৰি আছে। 33 তুমি প্ৰেম বিচাৰিবলৈ কেনে সুন্দৰৰূপে নিজ পথ যুগুত কৰিছা।এই কাৰণে দুষ্ট স্ত্রীসকলকো তুমি নিজ পথ শিকালা। 34 তোমাৰ বস্ত্ৰৰ আঁচলতে নিৰ্দ্দোষী দৰিদ্ৰ প্ৰাণীবোৰৰ তেজ পোৱা গৈছে;মই বৰকৈ বিচাৰি বিচাৰি যে তাক পালোঁ, এনে নহয়, কিন্তু সেই সকলোৰে ওপৰত তাক পালোঁ। 35 তথপি তুমি কৈছা, মই নিৰ্দ্দোষী, অৱশ্যে মোৰ পৰা তেওঁৰ ক্ৰোধ ঘূৰিল।চোৱা, মই পাপ কৰা নাই, তুমি এই কথা কোৱাৰ কাৰণে, মই তোমাৰে সৈতে বিচাৰস্থানত সোমাম। 36 তুমি তোমাৰ পথ সলনি কৰিবৰ মনেৰে কিয় ইমানকৈ ভ্ৰমণ কৰিছা?তুমি অচুৰৰ পৰা যেনেকৈ লাজ পাইছিলা, তেনেকৈ মিচৰৰ পৰাও লাজ পাবা। 37 অৱশ্যে তাৰ ওচৰৰ পৰাও মূৰত হাত দি গুচি যাবা;কিয়নো যিহোৱাই তোমাৰ আশ্ৰয়স্থানবোৰ অগ্ৰাহ্য কৰিলে; সেইবোৰত তোমাৰ কুশল নহব।”

In Other Versions

Jeremiah 2 in the ANGEFD

Jeremiah 2 in the ANTPNG2D

Jeremiah 2 in the AS21

Jeremiah 2 in the BAGH

Jeremiah 2 in the BBPNG

Jeremiah 2 in the BBT1E

Jeremiah 2 in the BDS

Jeremiah 2 in the BEV

Jeremiah 2 in the BHAD

Jeremiah 2 in the BIB

Jeremiah 2 in the BLPT

Jeremiah 2 in the BNT

Jeremiah 2 in the BNTABOOT

Jeremiah 2 in the BNTLV

Jeremiah 2 in the BOATCB

Jeremiah 2 in the BOATCB2

Jeremiah 2 in the BOBCV

Jeremiah 2 in the BOCNT

Jeremiah 2 in the BOECS

Jeremiah 2 in the BOGWICC

Jeremiah 2 in the BOHCB

Jeremiah 2 in the BOHCV

Jeremiah 2 in the BOHLNT

Jeremiah 2 in the BOHNTLTAL

Jeremiah 2 in the BOICB

Jeremiah 2 in the BOILNTAP

Jeremiah 2 in the BOITCV

Jeremiah 2 in the BOKCV

Jeremiah 2 in the BOKCV2

Jeremiah 2 in the BOKHWOG

Jeremiah 2 in the BOKSSV

Jeremiah 2 in the BOLCB

Jeremiah 2 in the BOLCB2

Jeremiah 2 in the BOMCV

Jeremiah 2 in the BONAV

Jeremiah 2 in the BONCB

Jeremiah 2 in the BONLT

Jeremiah 2 in the BONUT2

Jeremiah 2 in the BOPLNT

Jeremiah 2 in the BOSCB

Jeremiah 2 in the BOSNC

Jeremiah 2 in the BOTLNT

Jeremiah 2 in the BOVCB

Jeremiah 2 in the BOYCB

Jeremiah 2 in the BPBB

Jeremiah 2 in the BPH

Jeremiah 2 in the BSB

Jeremiah 2 in the CCB

Jeremiah 2 in the CUV

Jeremiah 2 in the CUVS

Jeremiah 2 in the DBT

Jeremiah 2 in the DGDNT

Jeremiah 2 in the DHNT

Jeremiah 2 in the DNT

Jeremiah 2 in the ELBE

Jeremiah 2 in the EMTV

Jeremiah 2 in the ESV

Jeremiah 2 in the FBV

Jeremiah 2 in the FEB

Jeremiah 2 in the GGMNT

Jeremiah 2 in the GNT

Jeremiah 2 in the HARY

Jeremiah 2 in the HNT

Jeremiah 2 in the IRVB

Jeremiah 2 in the IRVG

Jeremiah 2 in the IRVH

Jeremiah 2 in the IRVK

Jeremiah 2 in the IRVM

Jeremiah 2 in the IRVM2

Jeremiah 2 in the IRVO

Jeremiah 2 in the IRVP

Jeremiah 2 in the IRVT

Jeremiah 2 in the IRVT2

Jeremiah 2 in the IRVU

Jeremiah 2 in the ISVN

Jeremiah 2 in the JSNT

Jeremiah 2 in the KAPI

Jeremiah 2 in the KBT1ETNIK

Jeremiah 2 in the KBV

Jeremiah 2 in the KJV

Jeremiah 2 in the KNFD

Jeremiah 2 in the LBA

Jeremiah 2 in the LBLA

Jeremiah 2 in the LNT

Jeremiah 2 in the LSV

Jeremiah 2 in the MAAL

Jeremiah 2 in the MBV

Jeremiah 2 in the MBV2

Jeremiah 2 in the MHNT

Jeremiah 2 in the MKNFD

Jeremiah 2 in the MNG

Jeremiah 2 in the MNT

Jeremiah 2 in the MNT2

Jeremiah 2 in the MRS1T

Jeremiah 2 in the NAA

Jeremiah 2 in the NASB

Jeremiah 2 in the NBLA

Jeremiah 2 in the NBS

Jeremiah 2 in the NBVTP

Jeremiah 2 in the NET2

Jeremiah 2 in the NIV11

Jeremiah 2 in the NNT

Jeremiah 2 in the NNT2

Jeremiah 2 in the NNT3

Jeremiah 2 in the PDDPT

Jeremiah 2 in the PFNT

Jeremiah 2 in the RMNT

Jeremiah 2 in the SBIAS

Jeremiah 2 in the SBIBS

Jeremiah 2 in the SBIBS2

Jeremiah 2 in the SBICS

Jeremiah 2 in the SBIDS

Jeremiah 2 in the SBIGS

Jeremiah 2 in the SBIHS

Jeremiah 2 in the SBIIS

Jeremiah 2 in the SBIIS2

Jeremiah 2 in the SBIIS3

Jeremiah 2 in the SBIKS

Jeremiah 2 in the SBIKS2

Jeremiah 2 in the SBIMS

Jeremiah 2 in the SBIOS

Jeremiah 2 in the SBIPS

Jeremiah 2 in the SBISS

Jeremiah 2 in the SBITS

Jeremiah 2 in the SBITS2

Jeremiah 2 in the SBITS3

Jeremiah 2 in the SBITS4

Jeremiah 2 in the SBIUS

Jeremiah 2 in the SBIVS

Jeremiah 2 in the SBT

Jeremiah 2 in the SBT1E

Jeremiah 2 in the SCHL

Jeremiah 2 in the SNT

Jeremiah 2 in the SUSU

Jeremiah 2 in the SUSU2

Jeremiah 2 in the SYNO

Jeremiah 2 in the TBIAOTANT

Jeremiah 2 in the TBT1E

Jeremiah 2 in the TBT1E2

Jeremiah 2 in the TFTIP

Jeremiah 2 in the TFTU

Jeremiah 2 in the TGNTATF3T

Jeremiah 2 in the THAI

Jeremiah 2 in the TNFD

Jeremiah 2 in the TNT

Jeremiah 2 in the TNTIK

Jeremiah 2 in the TNTIL

Jeremiah 2 in the TNTIN

Jeremiah 2 in the TNTIP

Jeremiah 2 in the TNTIZ

Jeremiah 2 in the TOMA

Jeremiah 2 in the TTENT

Jeremiah 2 in the UBG

Jeremiah 2 in the UGV

Jeremiah 2 in the UGV2

Jeremiah 2 in the UGV3

Jeremiah 2 in the VBL

Jeremiah 2 in the VDCC

Jeremiah 2 in the YALU

Jeremiah 2 in the YAPE

Jeremiah 2 in the YBVTP

Jeremiah 2 in the ZBP