Jeremiah 26 (IRVA)
1 যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ আৰম্ভণিত যিহোৱাৰ পৰা এই বাক্য আহিল আৰু ক’লে, 2 বোলে, “যিহোৱাই এইদৰে কৈছে: তুমি যিহোৱাৰ গৃহৰ চোতালত থিয় হোৱা, আৰু যিহোৱাৰ গৃহত প্ৰণিপাত কৰিবলৈ অহা যিহূদাৰ সকলো নগৰৰ লোকসকলক, মই তোওঁলোকক ক’বলৈ তোমাক আজ্ঞা দিয়া সকলো বাক্য কোৱা, এটি কথাও নোকোৱাকৈ নাথাকিবা। 3 কিজানি তেওঁলোকে শুনি নিজ নিজ কু-পথৰ পৰা উলটিব; সেয়ে হ’লে, তেওঁলোকৰ দুষ্টতাৰ বাবে মই তেওঁলোকলৈ কৰিব খোজা অমঙ্গলৰ পৰা থামিম। 4 তুমি তেওঁলোকক কোৱা, ‘যিহোৱাই এই কথা কৈছে, যি ভাববাদীসকলক মই প্ৰভাতে উঠি তোমালোকৰ ওচৰলৈ পঠিয়াই থাকোঁ, কিন্তু তোমালোকে যদি নুশুনা, 5 মোৰ দাস সেই ভাববাদীসকলৰ বাক্য শুনিবলৈ, তোমালোকৰ আগত মই স্থাপন কৰা মোৰ ব্যৱস্থামতে চলিবলৈ, যদি তোমালোকে মোলৈ কাণ নিদিয়া, 6 তেনেহ’লে মই এই গৃহক চীলোৰ দৰে কৰিম, আৰু এই নগৰক পৃথিৱীৰ আটাই জাতিৰ শাওৰ বিষয় কৰিম। 7 যেতিয়া যিৰিমিয়াই যিহোৱাৰ গৃহত এই সকলো বাক্য কোৱাত ভাববাদী আৰু আটাই প্ৰজাসকলে শুনিলে। 8 আৰু যিৰিমিয়াই সকলো লোকৰ আগত, যিহোৱাই আজ্ঞা কৰা সকলো কথা কৈ এটোৱাৰ পাছত, পুৰোহিত, ভাববাদী আৰু আটাই প্ৰজাসকলে তেওঁক ধৰি ক’লে, “তুমি নিশ্চয়ে মৰিবা! 9 এই গৃহ চীলোৰ দৰে হ’ব আৰু এই নগৰ উচ্ছন্ন হৈ নিবাসী-শূন্য হ’ব বুলি কৈ, তুমি যিহোৱাৰ নামেৰে কিয় ভাববাণী প্ৰচাৰ কৰিছা?” সেই কাৰণে সকলো প্ৰজাই যিহোৱাৰ গৃহত যিৰিমিয়াৰ আগত গোট খালে। 10 তেতিয়া যিহূদাৰ প্ৰধান লোকসকলে এই কথা শুনি ৰাজ গৃহৰ পৰা যিহোৱাৰ গৃহলৈ আহিল, আৰু তেওঁলোক যিহোৱাৰ গৃহত নতুন দুৱাৰৰ সোমোৱা ঠাইত বহিল। 11 পাছে পুৰোহিত আৰু ভাববাদীসকলে প্ৰধান লোকসকলক আৰু আটাই প্ৰজাসকলৰ আগত ক’লে, “এই মানুহ প্রাণদণ্ডৰ যোগ্য; কিয়নো তেওঁ এই নগৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিলে, তাক তোমালোকে নিজ কাণে শুনিলা!” 12 তেতিয়া যিৰিমিয়াই সকলো প্ৰধান লোক আৰু আটাই প্ৰজাৰ আগত ক’লে, “এই গৃহ আৰু নগৰৰ বিৰুদ্ধে তোমালোকে শুনা আটাইবোৰ ভাববাণী প্ৰচাৰ কৰিবলৈ যিহোৱাই মোক পঠিয়ালে। 13 এই হেতুকে এতিয়া তোমালোকে নিজ নিজ আচৰণ আৰু কৰ্ম শুদ্ধ কৰা, আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য পালন কৰা; তাতে যিহোৱাই তোমালোকৰ অহিতে কৰিব খোজা অমঙ্গলৰ পৰা থামিব। 14 কিন্তু চোৱা! মই হ’লে তোমালোকৰ হাততে আছোঁ। তোমালোকৰ দৃষ্টিত যি ভাল আৰু ন্যায়, তাকে মোলৈ কৰা। 15 কিন্তু তোমালোকে নিশ্চয়ে জানিবা, যে, যদি তোমালোকে মোক বধ কৰা, তেন্তে তোমালোকৰ নিজৰ নিজৰ, এই নগৰৰ, আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত নিৰ্দ্দোষীৰ ৰক্তপাতৰ দোষ ঘটোৱাব। কিয়নো সঁচাকৈ সেই সকলো কথা তোমালোকৰ কাণত ক’বলৈ যিহোৱাই মোক তোমালোকৰ গুৰিলৈ পঠিয়ালে।” 16 তেতিয়া প্ৰধান লোকসকল আৰু আটাই প্ৰজাই পুৰোহিত আৰু ভাববাদীসকলক ক’লে, “এই মানুহ প্ৰাণদণ্ডৰ যোগ্য নহয়; কিয়নো এওঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামেৰে আমাক কথা ক’লে।” 17 তাৰ পাছত দেশৰ বৃদ্ধসকলৰ মাজৰ কিছু লোকে উঠি প্ৰজাসকলৰ গোটেই সমাজক ক’লে। 18 তেওঁলোকে ক’লে, “যিহূদাৰ হিষ্কিয়া ৰজাৰ ৰাজত্বৰ কালত মোৰেষ্টিয়া মীখায়াই ভাববাণী প্ৰচাৰ কৰিছিল। তেওঁ যিহূদাৰ আটাই লোকক কৈছিল, ‘বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছিল: “চিয়োনক পথাৰৰ দৰে চহোৱা হ’ব, যিৰূচালেম ভগ্নৰাশি হ’ব আৰু গৃহটি থকা পৰ্ব্বতটো কাঠনিৰ ওখ ঠাইৰ দৰে হ’ব।” 19 কোৱাচোন, যিহূদাৰ হিষ্কিয়া ৰজাই আৰু গোটেই যিহূদাই জানো তেওঁক বধ কৰিছিল? হিস্কিয়াই জানো যিহোৱালৈ ভয় কৰা নাছিল? আৰু তেওঁ জানো যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰা নাছিল? তাতে যিহোৱাই তেওঁলোকলৈ কৰিব খোজা অমঙ্গলৰ পৰা জানো নাথামিল? তোমালোকে কোৱাৰ দৰে কৰিলে আৰু নিজ নিজ প্ৰাণৰ অহিতে মহা-অমঙ্গল ঘটাম। 20 যিহোৱাৰ নামেৰে ভাববাণী প্ৰচাৰ কৰা আৰু এজন লোক আছিল, তেওঁ কিৰিয়ৎ-যিয়াৰীম নিবাসী চমৰিয়াৰ পুত্ৰ ঊৰিয়া; তেওঁ যিৰিমিয়াৰ সকলো বাক্যৰ দৰে এই নগৰ আৰু এই দেশৰ অহিতে ভাববাণী প্ৰচাৰ কৰিছিল। 21 কিন্তু যিহোয়াকীম ৰজা, তেওঁৰ বীৰসকলক আৰু সকলো প্ৰধান লোক তেওঁৰ কথা শুনিবলৈ পোৱাত, ৰজাই তেওঁক বধ কৰিবলৈ পুৰুষাৰ্থ কৰিলে; কিন্তু ঊৰিয়াই তাকে শুনি ভয় পাই পলাই মিচৰলৈ গ’ল। 22 তেতিয়া যিহোয়াকীম ৰজাই মিচৰলৈ মানুহ পঠিয়ালে, অৰ্থাৎ অকবোৰৰ পুত্ৰ ইলনাথনক আৰু তেওঁৰ লগত কেইজনমান লোকক মিচৰলৈ পঠিয়ালে। 23 পাছত তেওঁলোকে ঊৰিয়াক মিচৰৰ পৰা উলিয়াই যিহোয়াকীম ৰজাৰ গুৰিলৈ আনিলত, ৰজাই তৰোৱালৰ দ্বাৰাই তেওঁক বধ কৰি সামান্য লোকৰ মৈদামত তেওঁৰ শৱ পেলাই দিলে। 24 কিন্তু চাফনৰ পুত্ৰ অহীকামৰ হাত যিৰিমিয়াৰ পক্ষে থকাত, বধ কৰিবৰ অৰ্থে লোকসকলৰ হাতত তেওঁক শোধাই দিয়া নহ’ল।
In Other Versions
Jeremiah 26 in the ANGEFD
Jeremiah 26 in the ANTPNG2D
Jeremiah 26 in the AS21
Jeremiah 26 in the BAGH
Jeremiah 26 in the BBPNG
Jeremiah 26 in the BBT1E
Jeremiah 26 in the BDS
Jeremiah 26 in the BEV
Jeremiah 26 in the BHAD
Jeremiah 26 in the BIB
Jeremiah 26 in the BLPT
Jeremiah 26 in the BNT
Jeremiah 26 in the BNTABOOT
Jeremiah 26 in the BNTLV
Jeremiah 26 in the BOATCB
Jeremiah 26 in the BOATCB2
Jeremiah 26 in the BOBCV
Jeremiah 26 in the BOCNT
Jeremiah 26 in the BOECS
Jeremiah 26 in the BOGWICC
Jeremiah 26 in the BOHCB
Jeremiah 26 in the BOHCV
Jeremiah 26 in the BOHLNT
Jeremiah 26 in the BOHNTLTAL
Jeremiah 26 in the BOICB
Jeremiah 26 in the BOILNTAP
Jeremiah 26 in the BOITCV
Jeremiah 26 in the BOKCV
Jeremiah 26 in the BOKCV2
Jeremiah 26 in the BOKHWOG
Jeremiah 26 in the BOKSSV
Jeremiah 26 in the BOLCB
Jeremiah 26 in the BOLCB2
Jeremiah 26 in the BOMCV
Jeremiah 26 in the BONAV
Jeremiah 26 in the BONCB
Jeremiah 26 in the BONLT
Jeremiah 26 in the BONUT2
Jeremiah 26 in the BOPLNT
Jeremiah 26 in the BOSCB
Jeremiah 26 in the BOSNC
Jeremiah 26 in the BOTLNT
Jeremiah 26 in the BOVCB
Jeremiah 26 in the BOYCB
Jeremiah 26 in the BPBB
Jeremiah 26 in the BPH
Jeremiah 26 in the BSB
Jeremiah 26 in the CCB
Jeremiah 26 in the CUV
Jeremiah 26 in the CUVS
Jeremiah 26 in the DBT
Jeremiah 26 in the DGDNT
Jeremiah 26 in the DHNT
Jeremiah 26 in the DNT
Jeremiah 26 in the ELBE
Jeremiah 26 in the EMTV
Jeremiah 26 in the ESV
Jeremiah 26 in the FBV
Jeremiah 26 in the FEB
Jeremiah 26 in the GGMNT
Jeremiah 26 in the GNT
Jeremiah 26 in the HARY
Jeremiah 26 in the HNT
Jeremiah 26 in the IRVB
Jeremiah 26 in the IRVG
Jeremiah 26 in the IRVH
Jeremiah 26 in the IRVK
Jeremiah 26 in the IRVM
Jeremiah 26 in the IRVM2
Jeremiah 26 in the IRVO
Jeremiah 26 in the IRVP
Jeremiah 26 in the IRVT
Jeremiah 26 in the IRVT2
Jeremiah 26 in the IRVU
Jeremiah 26 in the ISVN
Jeremiah 26 in the JSNT
Jeremiah 26 in the KAPI
Jeremiah 26 in the KBT1ETNIK
Jeremiah 26 in the KBV
Jeremiah 26 in the KJV
Jeremiah 26 in the KNFD
Jeremiah 26 in the LBA
Jeremiah 26 in the LBLA
Jeremiah 26 in the LNT
Jeremiah 26 in the LSV
Jeremiah 26 in the MAAL
Jeremiah 26 in the MBV
Jeremiah 26 in the MBV2
Jeremiah 26 in the MHNT
Jeremiah 26 in the MKNFD
Jeremiah 26 in the MNG
Jeremiah 26 in the MNT
Jeremiah 26 in the MNT2
Jeremiah 26 in the MRS1T
Jeremiah 26 in the NAA
Jeremiah 26 in the NASB
Jeremiah 26 in the NBLA
Jeremiah 26 in the NBS
Jeremiah 26 in the NBVTP
Jeremiah 26 in the NET2
Jeremiah 26 in the NIV11
Jeremiah 26 in the NNT
Jeremiah 26 in the NNT2
Jeremiah 26 in the NNT3
Jeremiah 26 in the PDDPT
Jeremiah 26 in the PFNT
Jeremiah 26 in the RMNT
Jeremiah 26 in the SBIAS
Jeremiah 26 in the SBIBS
Jeremiah 26 in the SBIBS2
Jeremiah 26 in the SBICS
Jeremiah 26 in the SBIDS
Jeremiah 26 in the SBIGS
Jeremiah 26 in the SBIHS
Jeremiah 26 in the SBIIS
Jeremiah 26 in the SBIIS2
Jeremiah 26 in the SBIIS3
Jeremiah 26 in the SBIKS
Jeremiah 26 in the SBIKS2
Jeremiah 26 in the SBIMS
Jeremiah 26 in the SBIOS
Jeremiah 26 in the SBIPS
Jeremiah 26 in the SBISS
Jeremiah 26 in the SBITS
Jeremiah 26 in the SBITS2
Jeremiah 26 in the SBITS3
Jeremiah 26 in the SBITS4
Jeremiah 26 in the SBIUS
Jeremiah 26 in the SBIVS
Jeremiah 26 in the SBT
Jeremiah 26 in the SBT1E
Jeremiah 26 in the SCHL
Jeremiah 26 in the SNT
Jeremiah 26 in the SUSU
Jeremiah 26 in the SUSU2
Jeremiah 26 in the SYNO
Jeremiah 26 in the TBIAOTANT
Jeremiah 26 in the TBT1E
Jeremiah 26 in the TBT1E2
Jeremiah 26 in the TFTIP
Jeremiah 26 in the TFTU
Jeremiah 26 in the TGNTATF3T
Jeremiah 26 in the THAI
Jeremiah 26 in the TNFD
Jeremiah 26 in the TNT
Jeremiah 26 in the TNTIK
Jeremiah 26 in the TNTIL
Jeremiah 26 in the TNTIN
Jeremiah 26 in the TNTIP
Jeremiah 26 in the TNTIZ
Jeremiah 26 in the TOMA
Jeremiah 26 in the TTENT
Jeremiah 26 in the UBG
Jeremiah 26 in the UGV
Jeremiah 26 in the UGV2
Jeremiah 26 in the UGV3
Jeremiah 26 in the VBL
Jeremiah 26 in the VDCC
Jeremiah 26 in the YALU
Jeremiah 26 in the YAPE
Jeremiah 26 in the YBVTP
Jeremiah 26 in the ZBP