Job 21 (IRVA)

1 তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি ক’লে, 2 তোমালোকে মন দি মোৰ কথা শুনা;আৰু এয়ে তোমালোকৰ শান্ত্বনা হওক। 3 অলপ সহন কৰা, ময়ো কওঁ;মই কোৱাৰ পাছতো তুমি বিদ্ৰূপ কৰি থাকা। 4 মই লোকৰ নামত অভিযোগ কৰিম নে?মই কিয় অসহিষ্ণু নহম? 5 তোমালোকে মোলৈ চাইছা আৰু আচৰিত মানিছা,আৰু নিজৰ মুখত হাত দিছা। 6 যেতিয়া মই মোৰ কষ্টৰ বিষয়ে ভাবো,তেতিয়া মই বিহ্বল হওঁ, আৰু ত্ৰাসতে মোৰ শৰীৰ কঁপে। 7 দুষ্টবোৰ কিয় জীয়াই থাকে?কিয় বৃদ্ধ হয়, আৰু ক্ষমতাশালীও হয়? 8 সিহঁতৰ বংশ সিহঁতৰ সন্মুখত সিহঁতৰ লগত থাকে;সিহঁতৰ সন্তান-সন্ততিবোৰ সিহঁতৰ চকুৰ আগত থিৰে থাকে। 9 সিহঁতৰ ঘৰবোৰ ভয় নোপোৱাকৈ শান্তিৰে থাকে,আৰু সিহঁতৰ ওপৰত ঈশ্বৰৰ দণ্ডৰ আঘাতো নপৰে। 10 সিহঁতৰ ষাঁড় গৰুবোৰে সংগম কৰিলে সেয়ে নিষ্ফল নহয়;সিহঁতৰ গাই জগে, বিনচ নকৰে। 11 সিহঁতে নিজ নিজ শিশুবোৰক মেৰৰ জাকৰ দৰে বাহিৰলৈ উলিয়াই দিয়ে;আৰু সিহঁতৰ সন্তানবোৰে নাচ-গান কৰে। 12 সিহঁতে খঞ্জৰী আৰু বীণা বজাই গান গায়,আৰু বাঁহীৰ শব্দত উল্লাস কৰে। 13 সিহঁতে সুখেৰে নিজ নিজ দিন কটায়;পাছত এক নিমিষতে চিয়োললৈ নামি যায়। 14 তথাপি সিহঁতে ঈশ্বৰক কয়, “তুমি আমাৰ পৰা দূৰ হোৱা;কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ। 15 সৰ্ব্বশক্তিমান জনানো কোন যে, আমি তেওঁৰ সেৱা কৰিম?আৰু তেওঁৰ আগত প্ৰাৰ্থনা কৰিলেই আমাৰ বা কি লাভ হ’ব? 16 চোৱা, সিহঁতৰ মঙ্গল সিহঁতৰ হাতৰ দ্বাৰাই নহয়;দুষ্টবোৰৰ মন্ত্ৰণা মোৰ পৰা দূৰ হওঁক। 17 দুষ্টবোৰৰ প্ৰদীপ নো কিমানবাৰ নুমুউৱা হয়?কিমানবাৰ নো সিহঁতৰ বিপদ সিহঁতলৈ ঘটে?কিমানবাৰ নো ঈশ্বৰে নিজ ক্ৰোধত ক্লেশ বিলাই দিয়ে? 18 কিমানবাৰ সিহঁত বতাহৰ আগত খেৰৰ নিচিনা,আৰু ধুমুহাই উড়াই নিয়া ঘুলাৰ নিচিনা হয়? 19 তোমালোকে কোৱা, “ঈশ্বৰে তাৰ সন্তানবোৰলৈ তাৰ অধৰ্ম সাঁচি থয়”।সেয়ে ভোগ কৰিবৰ কাৰণে তেওঁ তাকেই প্ৰতিফল দিয়ক। 20 তাৰ নিজ চকুৱেই তাৰ সৰ্ব্বনাশ চাওক, আৰুসৰ্ব্বশক্তিমান জনাৰ ক্ৰোধ সিয়েই পান কৰক। 21 কিয়নো, তাৰ মাহ কেইটা ওৰ পৰিলে হ’ল,সি মৰাৰ পাছত, তাৰ ভাবি-বংশৰ লগত তাৰ কি সম্পৰ্ক? 22 যি জনাই উৰ্দ্ধবাসীসকলৰো বিচাৰ কৰে,এনে জনা ঈশ্বৰকেই কোনোবাই জ্ঞান শিক্ষা দিব পাৰে নে? 23 সকলোৱে ভাবে শান্তিৰে আৰু নিশ্চিন্তে থাকিম,কোনোৱে সম্পূৰ্ণ বলত মৰে। 24 তাৰ গাখীৰৰ পাত্ৰবোৰ গাখীৰেৰে পৰিপূৰ্ণ,আৰু তাৰ হাড়বোৰৰ মগজু ৰসযুক্ত। 25 আন কোনোৱে মনত তিতা লাগি মৰে;সি কেতিয়াও মঙ্গলৰ আস্বাদ নাপায়। 26 সিহঁত দুয়ো একেলগে ধুলিত শোৱে,আৰু পোকে সিহঁত দুয়োকো ঢাকে। 27 চোৱা, মই তোমালোকৰ মনৰ ভাব জানিছোঁ;আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ। 28 কিয়নো তোমালোকে কৈছা, “সেই ডাঙৰীয়াৰ ঘৰ ক’ত?আৰু সেই দুৰ্জনবোৰে বাস কৰা তম্বুটো ক’ত? 29 তোমালোকে পথিকবিলাকক সোধা নাই নে? 30 দুষ্টই বিপদৰ দিনত ৰক্ষা পায়, আৰু ক্ৰোধৰ দিনত তাক আঁতৰাই নিয়া হয়,এই বুলি তেওঁলোকে কোৱা বিবৰণ তোমালোকে নাজানা নে? 31 তাৰ আচৰণৰ কথা তাৰ মুখৰ আগত কোনে ক’ব?আৰু তাৰ কৰ্মৰ প্ৰতিফল তাক কোনে দিব? 32 তথাপি তাক মৈদামলৈ নিয়া হ’ব,আৰু লোকে তাৰ মৈদামত পৰ দি থাকিব। 33 আৰু উপত্যকাৰ চপৰাবোৰ তালৈ লঘু যেন বোধ হব;যেনেকৈ তাৰ আগেয়ে অলেখ মানুহ গৈছিল, তেনেকৈ তাৰ পাছতো সকলো মানুহ যাব। 34 তেন্তে তোমালোকে কেনে অনৰ্থক শান্ত্বনা দিছা!তোমালোকৰ উত্তৰবোৰ কেৱল মিছাহে।”

In Other Versions

Job 21 in the ANGEFD

Job 21 in the ANTPNG2D

Job 21 in the AS21

Job 21 in the BAGH

Job 21 in the BBPNG

Job 21 in the BBT1E

Job 21 in the BDS

Job 21 in the BEV

Job 21 in the BHAD

Job 21 in the BIB

Job 21 in the BLPT

Job 21 in the BNT

Job 21 in the BNTABOOT

Job 21 in the BNTLV

Job 21 in the BOATCB

Job 21 in the BOATCB2

Job 21 in the BOBCV

Job 21 in the BOCNT

Job 21 in the BOECS

Job 21 in the BOGWICC

Job 21 in the BOHCB

Job 21 in the BOHCV

Job 21 in the BOHLNT

Job 21 in the BOHNTLTAL

Job 21 in the BOICB

Job 21 in the BOILNTAP

Job 21 in the BOITCV

Job 21 in the BOKCV

Job 21 in the BOKCV2

Job 21 in the BOKHWOG

Job 21 in the BOKSSV

Job 21 in the BOLCB

Job 21 in the BOLCB2

Job 21 in the BOMCV

Job 21 in the BONAV

Job 21 in the BONCB

Job 21 in the BONLT

Job 21 in the BONUT2

Job 21 in the BOPLNT

Job 21 in the BOSCB

Job 21 in the BOSNC

Job 21 in the BOTLNT

Job 21 in the BOVCB

Job 21 in the BOYCB

Job 21 in the BPBB

Job 21 in the BPH

Job 21 in the BSB

Job 21 in the CCB

Job 21 in the CUV

Job 21 in the CUVS

Job 21 in the DBT

Job 21 in the DGDNT

Job 21 in the DHNT

Job 21 in the DNT

Job 21 in the ELBE

Job 21 in the EMTV

Job 21 in the ESV

Job 21 in the FBV

Job 21 in the FEB

Job 21 in the GGMNT

Job 21 in the GNT

Job 21 in the HARY

Job 21 in the HNT

Job 21 in the IRVB

Job 21 in the IRVG

Job 21 in the IRVH

Job 21 in the IRVK

Job 21 in the IRVM

Job 21 in the IRVM2

Job 21 in the IRVO

Job 21 in the IRVP

Job 21 in the IRVT

Job 21 in the IRVT2

Job 21 in the IRVU

Job 21 in the ISVN

Job 21 in the JSNT

Job 21 in the KAPI

Job 21 in the KBT1ETNIK

Job 21 in the KBV

Job 21 in the KJV

Job 21 in the KNFD

Job 21 in the LBA

Job 21 in the LBLA

Job 21 in the LNT

Job 21 in the LSV

Job 21 in the MAAL

Job 21 in the MBV

Job 21 in the MBV2

Job 21 in the MHNT

Job 21 in the MKNFD

Job 21 in the MNG

Job 21 in the MNT

Job 21 in the MNT2

Job 21 in the MRS1T

Job 21 in the NAA

Job 21 in the NASB

Job 21 in the NBLA

Job 21 in the NBS

Job 21 in the NBVTP

Job 21 in the NET2

Job 21 in the NIV11

Job 21 in the NNT

Job 21 in the NNT2

Job 21 in the NNT3

Job 21 in the PDDPT

Job 21 in the PFNT

Job 21 in the RMNT

Job 21 in the SBIAS

Job 21 in the SBIBS

Job 21 in the SBIBS2

Job 21 in the SBICS

Job 21 in the SBIDS

Job 21 in the SBIGS

Job 21 in the SBIHS

Job 21 in the SBIIS

Job 21 in the SBIIS2

Job 21 in the SBIIS3

Job 21 in the SBIKS

Job 21 in the SBIKS2

Job 21 in the SBIMS

Job 21 in the SBIOS

Job 21 in the SBIPS

Job 21 in the SBISS

Job 21 in the SBITS

Job 21 in the SBITS2

Job 21 in the SBITS3

Job 21 in the SBITS4

Job 21 in the SBIUS

Job 21 in the SBIVS

Job 21 in the SBT

Job 21 in the SBT1E

Job 21 in the SCHL

Job 21 in the SNT

Job 21 in the SUSU

Job 21 in the SUSU2

Job 21 in the SYNO

Job 21 in the TBIAOTANT

Job 21 in the TBT1E

Job 21 in the TBT1E2

Job 21 in the TFTIP

Job 21 in the TFTU

Job 21 in the TGNTATF3T

Job 21 in the THAI

Job 21 in the TNFD

Job 21 in the TNT

Job 21 in the TNTIK

Job 21 in the TNTIL

Job 21 in the TNTIN

Job 21 in the TNTIP

Job 21 in the TNTIZ

Job 21 in the TOMA

Job 21 in the TTENT

Job 21 in the UBG

Job 21 in the UGV

Job 21 in the UGV2

Job 21 in the UGV3

Job 21 in the VBL

Job 21 in the VDCC

Job 21 in the YALU

Job 21 in the YAPE

Job 21 in the YBVTP

Job 21 in the ZBP