Leviticus 10 (IRVA)

1 পাছত হাৰোণৰ পুত্ৰ নাদব আৰু অবীহূৱে নিজ নিজ আঙঠা ধৰা লৈ, তাত জুই ৰাখি তাৰ ওপৰত ধূঁপ দি, যিহোৱাই আজ্ঞা নিদিয়া সাধাৰণ জুই যিহোৱাৰ সন্মুখত উৎসৰ্গ কৰিলে। 2 তেতিয়া যিহোৱাৰ সন্মুখৰ পৰা অগ্নি ওলাই তেওঁলোকক গ্ৰাস কৰিলে; তেওঁলোকে যিহোৱাৰ সন্মূখত প্ৰাণত্যাগ কৰিলে। 3 তেতিয়া মোচিয়ে হাৰোণক ক’লে, “যিহোৱাই ইয়াকে কৈছিল, বোলে,‘যি সকলে মোৰ কাষ চাপিব, তেওঁলোকৰ মাজত মোৰ পবিত্ৰতা প্রকাশ কৰিম।আৰু সকলো লোকৰ সাক্ষাতে মই গৌৰৱান্বিত হ’ম।”হাৰোণ হতভম্ব হৈ নিজমে থাকিল। 4 মোচিয়ে হাৰোণৰ দদায়েক উজ্জীয়েলৰ পুত্ৰ মিচায়েল আৰু ইলিচাফনক মাতি নি ক’লে, “ইয়ালৈ আহাঁ আৰু ওচৰলৈ গৈ তোমালোকৰ জ্ঞাতি দুজনক তুলি পবিত্ৰ স্থানৰ সন্মূখৰ পৰা ছাউনিৰ বাহিৰলৈ লৈ যোৱা।” 5 আৰু সেয়ে তেওঁলোকে মোচিৰ আজ্ঞা অনুসাৰে, ওচৰলৈ গৈ, অঙ্গৰক্ষক বস্ত্ৰে সৈতে তেওঁলোকক তুলি ছাউনিৰ বাহিৰলৈ লৈ গ’ল। 6 তেতিয়া মোচিয়ে হাৰোণক আৰু তেওঁৰ পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰক ক’লে, “তোমালোক যেন নমৰা আৰু গোটেই মণ্ডলীলৈ যেন তেওঁৰ ক্ৰোধ প্ৰজ্বলিত নহয়, এই কাৰণে তোমালোকে নিজ নিজ মূৰৰ চুলি মুকলিকৈ নাৰাখিবা আৰু নিজ নিজ কাপোৰ নাফালিবা; কিন্তু যিহোৱাৰ ক্ৰোধাগ্নি জ্বলাৰ বাবে তোমালোকৰ ভাই গোটেই ইস্ৰায়েল বংশই ক্ৰন্দন কৰক। 7 আৰু এই সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ পৰা বাহিৰলৈ নাযাবা, নহ’লে মৰিবা, কিয়নো তোমালোকৰ গাত যিহোৱাৰ অভিষেকাৰ্থক তেল আছে।” তেতিয়া তেওঁলোকে মোচিৰ বাক্য অনুসাৰে সেই দৰে কৰিলে। 8 তেতিয়া যিহোৱাই হাৰোণক ক’লে, 9 “তোমালোক যেন নমৰা, সেই কাৰণে তুমি বা তোমাৰে সৈতে তোমাৰ পুত্ৰসকলে সাক্ষাৎ কৰা তম্বুত সোমোৱা কালত, দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা। এয়ে তোমালোকে পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি, 10 আৰু তোমালোকে যেন পবিত্ৰ আৰু সামান্য বিষয়ৰ আৰু শুচি আৰু অশুচিৰ প্ৰভেদ কৰিব পাৰিবা, 11 আৰু মোচিৰ দ্বাৰাই যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া সকলো বিধিৰ শিক্ষা তোমালোকে যেন তেওঁলোকক দিব পাৰিবা, সেই বাবে এই বিধি তোমোলোকক দিয়া হ’ল।” 12 মোচিয়ে হাৰোণক আৰু তেওঁৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনক ক’লে, “যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ অৱশিষ্ট ভক্ষ্য নৈবেদ্য লৈ গৈ, বেদীৰ কাষত খমীৰ নোহোৱাকৈ ভোজন কৰিবা। কিয়নো সেয়ে অতি পবিত্ৰ। 13 কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিবা; কিয়নো যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে তুমি আৰু তোমাৰ পুত্ৰসকলে পাবলগীয়া ভাগ, কাৰণ মই এই আজ্ঞা পালোঁ। 14 আৰু দোলনীয় উপহাৰ যি সোঁ ফালৰ কৰঙনটো, তাক তুমি তোমাৰ পো-জীসকলেৰে সৈতে কোনো শুচি ঠাইত ভোজন কৰিবা। কিয়নো ইস্ৰায়েলৰ সন্তান সকলৰ মঙ্গলাৰ্থক বলিৰ পৰা তাক তোমাৰ আৰু তোমাৰ সন্তান সকলক পাবলগীয়া ভাগ বুলি দিয়া হ’ল। 15 অগ্নিকৃত উপহাৰৰ অৰ্থে দিয়া তেলখিনিয়ে সৈতে উত্তোলনীয় উপহাৰ যি সোঁ কৰঙন আৰু যিহোৱাৰ সন্মূখত দোলনীয় উপহাৰৰ অৰ্থে দোলাবলৈ দোলনীয় উপহাৰৰ যি আমঠু, এইবোৰ যিহোৱাৰ আজ্ঞাৰ দৰে আনিব লাগিব; সেয়ে তোমাৰ আৰু তোমাৰ সন্তান সকলৰ চিৰস্থায়ী অধিকাৰ হ’ব।” 16 তেতিয়া মোচিয়ে পুৰুষাৰ্থ কৰি, পাপাৰ্থক বলিদানৰ অৰ্থে দিয়া ছাগলীটো বিচাৰোতে দেখিলে যে, তাক পুৰি ভস্ম কৰা হ’ল। গতিকে তেওঁ হাৰোণৰ অৱশিষ্ট পুত্ৰ ইলিয়াজৰ আৰু ঈথামৰ এই দুজনলৈ ক্ৰুদ্ধ হৈ তেওঁলোকক ক’লে, 17 “তোমালোকে সেই পাপাৰ্থক বলি কোনো পবিত্ৰ স্থানত কিয় ভোজন নকৰিলা? কাৰণ সেয়ে অতি পবিত্ৰ আৰু মণ্ডলীৰ অপৰাধ বৈ যিহোৱাৰ সন্মূখত তেওঁলোকক প্ৰায়চিত্ত কৰিবৰ অৰ্থে তাক তোমালোকক দিয়া হ’ল। 18 চোৱা, পবিত্ৰ স্থানৰ ভিতৰলৈ তাৰ তেজ নিয়া নহ’ল; মোৰ আজ্ঞা অনুসাৰে তোমালোকে অৱশ্যে তাক পবিত্ৰ স্থানত ভোজন কৰিব লাগিছিল।” 19 তেতিয়া হাৰোণে মোচিক ক’লে, “চোৱা, এওঁলোক দুজনেই আজি যিহোৱাৰ উদ্দেশ্যে নিজ পাপাৰ্থক বলি আৰু নিজ হোমবলি উৎসৰ্গ কৰিলে, তথাপি মোলৈ এনে ঘটিল; যদি মই আজি পাপাৰ্থক বলি ভোজন কৰিলোঁহেতেন, তেন্তে যিহোৱাই তাত সন্তোষ পালেহেঁতেন নে?” 20 মোচিয়ে ইয়াকে শুনি সন্তুষ্ট হ’ল।

In Other Versions

Leviticus 10 in the ANGEFD

Leviticus 10 in the ANTPNG2D

Leviticus 10 in the AS21

Leviticus 10 in the BAGH

Leviticus 10 in the BBPNG

Leviticus 10 in the BBT1E

Leviticus 10 in the BDS

Leviticus 10 in the BEV

Leviticus 10 in the BHAD

Leviticus 10 in the BIB

Leviticus 10 in the BLPT

Leviticus 10 in the BNT

Leviticus 10 in the BNTABOOT

Leviticus 10 in the BNTLV

Leviticus 10 in the BOATCB

Leviticus 10 in the BOATCB2

Leviticus 10 in the BOBCV

Leviticus 10 in the BOCNT

Leviticus 10 in the BOECS

Leviticus 10 in the BOGWICC

Leviticus 10 in the BOHCB

Leviticus 10 in the BOHCV

Leviticus 10 in the BOHLNT

Leviticus 10 in the BOHNTLTAL

Leviticus 10 in the BOICB

Leviticus 10 in the BOILNTAP

Leviticus 10 in the BOITCV

Leviticus 10 in the BOKCV

Leviticus 10 in the BOKCV2

Leviticus 10 in the BOKHWOG

Leviticus 10 in the BOKSSV

Leviticus 10 in the BOLCB

Leviticus 10 in the BOLCB2

Leviticus 10 in the BOMCV

Leviticus 10 in the BONAV

Leviticus 10 in the BONCB

Leviticus 10 in the BONLT

Leviticus 10 in the BONUT2

Leviticus 10 in the BOPLNT

Leviticus 10 in the BOSCB

Leviticus 10 in the BOSNC

Leviticus 10 in the BOTLNT

Leviticus 10 in the BOVCB

Leviticus 10 in the BOYCB

Leviticus 10 in the BPBB

Leviticus 10 in the BPH

Leviticus 10 in the BSB

Leviticus 10 in the CCB

Leviticus 10 in the CUV

Leviticus 10 in the CUVS

Leviticus 10 in the DBT

Leviticus 10 in the DGDNT

Leviticus 10 in the DHNT

Leviticus 10 in the DNT

Leviticus 10 in the ELBE

Leviticus 10 in the EMTV

Leviticus 10 in the ESV

Leviticus 10 in the FBV

Leviticus 10 in the FEB

Leviticus 10 in the GGMNT

Leviticus 10 in the GNT

Leviticus 10 in the HARY

Leviticus 10 in the HNT

Leviticus 10 in the IRVB

Leviticus 10 in the IRVG

Leviticus 10 in the IRVH

Leviticus 10 in the IRVK

Leviticus 10 in the IRVM

Leviticus 10 in the IRVM2

Leviticus 10 in the IRVO

Leviticus 10 in the IRVP

Leviticus 10 in the IRVT

Leviticus 10 in the IRVT2

Leviticus 10 in the IRVU

Leviticus 10 in the ISVN

Leviticus 10 in the JSNT

Leviticus 10 in the KAPI

Leviticus 10 in the KBT1ETNIK

Leviticus 10 in the KBV

Leviticus 10 in the KJV

Leviticus 10 in the KNFD

Leviticus 10 in the LBA

Leviticus 10 in the LBLA

Leviticus 10 in the LNT

Leviticus 10 in the LSV

Leviticus 10 in the MAAL

Leviticus 10 in the MBV

Leviticus 10 in the MBV2

Leviticus 10 in the MHNT

Leviticus 10 in the MKNFD

Leviticus 10 in the MNG

Leviticus 10 in the MNT

Leviticus 10 in the MNT2

Leviticus 10 in the MRS1T

Leviticus 10 in the NAA

Leviticus 10 in the NASB

Leviticus 10 in the NBLA

Leviticus 10 in the NBS

Leviticus 10 in the NBVTP

Leviticus 10 in the NET2

Leviticus 10 in the NIV11

Leviticus 10 in the NNT

Leviticus 10 in the NNT2

Leviticus 10 in the NNT3

Leviticus 10 in the PDDPT

Leviticus 10 in the PFNT

Leviticus 10 in the RMNT

Leviticus 10 in the SBIAS

Leviticus 10 in the SBIBS

Leviticus 10 in the SBIBS2

Leviticus 10 in the SBICS

Leviticus 10 in the SBIDS

Leviticus 10 in the SBIGS

Leviticus 10 in the SBIHS

Leviticus 10 in the SBIIS

Leviticus 10 in the SBIIS2

Leviticus 10 in the SBIIS3

Leviticus 10 in the SBIKS

Leviticus 10 in the SBIKS2

Leviticus 10 in the SBIMS

Leviticus 10 in the SBIOS

Leviticus 10 in the SBIPS

Leviticus 10 in the SBISS

Leviticus 10 in the SBITS

Leviticus 10 in the SBITS2

Leviticus 10 in the SBITS3

Leviticus 10 in the SBITS4

Leviticus 10 in the SBIUS

Leviticus 10 in the SBIVS

Leviticus 10 in the SBT

Leviticus 10 in the SBT1E

Leviticus 10 in the SCHL

Leviticus 10 in the SNT

Leviticus 10 in the SUSU

Leviticus 10 in the SUSU2

Leviticus 10 in the SYNO

Leviticus 10 in the TBIAOTANT

Leviticus 10 in the TBT1E

Leviticus 10 in the TBT1E2

Leviticus 10 in the TFTIP

Leviticus 10 in the TFTU

Leviticus 10 in the TGNTATF3T

Leviticus 10 in the THAI

Leviticus 10 in the TNFD

Leviticus 10 in the TNT

Leviticus 10 in the TNTIK

Leviticus 10 in the TNTIL

Leviticus 10 in the TNTIN

Leviticus 10 in the TNTIP

Leviticus 10 in the TNTIZ

Leviticus 10 in the TOMA

Leviticus 10 in the TTENT

Leviticus 10 in the UBG

Leviticus 10 in the UGV

Leviticus 10 in the UGV2

Leviticus 10 in the UGV3

Leviticus 10 in the VBL

Leviticus 10 in the VDCC

Leviticus 10 in the YALU

Leviticus 10 in the YAPE

Leviticus 10 in the YBVTP

Leviticus 10 in the ZBP