Luke 18 (IRVA)

1 নিৰাশ নোহোৱাকৈ তেওঁলোকে যেন সকলো সময়তে প্ৰাৰ্থনা কৰা উচিত, এই বিষয়ে বুজি পাবৰ কাৰণে যীচুৱে তেওঁলোকক এই দৃষ্টান্ত দি ক’লে, 2 “এখন নগৰত ঈশ্বৰলৈ ভয় নকৰা, মানুহকো নমনা, এনে এজন বিচাৰক আছিল। 3 সেই নগৰত এজনী বাৰী মহিলাও আছিল; তেওঁ সেই বিচাৰকৰ ওচৰলৈ আহি নিবেদন কৰিলে যে, ‘অন্যায়ৰ প্ৰতিকাৰ কৰি মোৰ বিপক্ষৰ পৰা মোক উদ্ধাৰ কৰক’। 4 তাতে তেওঁ কিছু দিনলৈ সন্মত নহ’ল; কিন্তু পাছত নিজৰ মনতে ক’লে, ‘মই যদিও ঈশ্বৰক ভয় নকৰোঁ, আৰু মানুহকো নামানো, 5 তথাপি এই বিধৱা গৰাকীয়ে মোক বাৰে বাৰে আমনি দিয়াৰ কাৰণে, অন্যায়ৰ প্ৰতিকাৰ কৰি উদ্ধাৰ কৰিম; নহলে তেওঁ পুণৰ আহি মোক আমনি দিব’।” 6 পাছত প্ৰভুৱে ক’লে, “সেই অধাৰ্মিক বিচাৰকে কি কয়, ‘শুনা। 7 তেনেহলে ঈশ্বৰলৈ দিনে-ৰাতিয়ে কাকূতি কৰা তেওঁৰ যি মনোনীত লোকৰ ভালৰ অৰ্থে তেওঁ শত্ৰুক শাস্তি দিবলৈ পলম কৰে, তেওঁ অন্যায়ৰ প্ৰতিকাৰ কৰি সেই লোকক উদ্ধাৰ নকৰিব নে?’ 8 মই তোমালোকক কওঁ, তেওঁ সোনকালে আহিব আৰু অন্যায়ৰ প্ৰতিকাৰ কৰি তেওঁলোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব, তেতিয়া পৃথিৱীত বিশ্বাস পাব নে?” 9 ইয়াৰ পাছত, নিজকে ধাৰ্মিক বুলি ভবা আৰু আন লোকক হেয়জ্ঞান কৰা, এনে কিছুমান লোকৰ উদ্দেশ্যে তেওঁ এই দৃষ্টান্ত দিলে। 10 “দুজন মানুহে মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ গ’ল; তেওঁলোকৰ এজন ফৰীচী, আন জন কৰ সংগ্রহকৰী। 11 ফৰীচীয়ে থিয় হৈ নিজৰ মতে এইদৰে প্ৰাৰ্থনা কৰিলে, ‘হে ঈশ্বৰ, মই আন মানুহৰ নিচিনা অপহাৰক, অন্যায়কাৰী, ব্যভিচাৰী, নাইবা এই কৰ সংগ্রহকাৰী জনৰ নিচিনাও নহওঁ, এই কাৰণে মই তোমাৰ স্তুতি কৰোঁ। 12 মই সপ্তাহত দুবাৰ লঘোন দিওঁ; আৰু মোৰ সকলো আয়ৰ দশম ভাগ দান কৰোঁ’। 13 কিন্তু কৰ সংগ্রহকাৰী সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক’। 14 মই তোমালোকক কওঁ, সেই ব্যক্তি জন ধাৰ্মিক বুলি প্ৰমাণিত নহব, কিন্তু এই জনহে প্ৰমাণিত হৈ নিজৰ ঘৰলৈ গ’ল; কিয়নো যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হ’ব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হ’ব।” 15 এদিন লোক সকলে নিজ নিজ শিশুবোৰক যীচুৱে চুই আশীৰ্বাদ কৰিবৰ কাৰণে তেওঁৰ ওচৰলৈ আনিলে; কিন্তু শিষ্য সকলে এইবোৰ দেখি তেওঁলোকক ডবিয়ালে। 16 তেতিয়া যীচুৱে তেওঁলোকক ওচৰলৈ মাতি ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা: কিয়নো ঈশ্বৰৰ ৰাজ্য এনেকুৱা লোকৰ বাবে।” 17 এই দৃষ্টান্তটো দিয়াৰ পাছত তেওঁ ক’লে, “তোমালোকক স্বৰূপকৈ কওঁ, যি কোনোৱে শিশুবোৰৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে, তেওঁ তাত কোনোমতে সোমাবলৈ নাপাব।” 18 এজন ধনী শাসনকর্তাই সুধিলে, “হে সৎ গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হ’ম?” 19 যীচুৱে ক’লে, “কিয় মোক সৎ বুলি কৈছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই। 20 তুমি ঈশ্বৰৰ আজ্ঞাবোৰ জানা নে, ব্যভিচাৰ নকৰিবা, নৰ-বধ নকৰিবা, চুৰ নকৰিবা, মিছা সাক্ষ্য নিদিবা, তোমাৰ পিতৃ-মাতৃক সন্মান কৰিবা।” 21 তাতে শাসনকর্তাই ক’লে, “ডেকা কালৰে পৰা মই এই সকলোবোৰ পালন কৰি আছোঁ।” 22 যীচুৱে এই কথা শুনি তেওঁক ক’লে, “এতিয়াও এটা বিষয়ত তোমাৰ ক্ৰটি আছে; তোমাৰ যি যি আছে, আটাইবোৰ বেছি দৰিদ্ৰ সকলক বিলাই দিয়া, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হব; তাৰ পাছত মোৰ পাছে পাছে আহা৷” 23 তেওঁ যেতিয়া এই কথা শুনিলে, তেতিয়া তেওঁ শোকাতুৰ হ’ল, কিয়নো তেওঁ বৰ ধনী আছিল। 24 তেতিয়া যীচুৱে তেওঁক দেখি ক’লে, “ধনৱন্ত লোক সকল ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য! 25 কিয়নো ধনী লোক ‘ঈশ্বৰৰ ৰাজ্যত’ সোমোৱাতকৈ, বেজীৰ বিন্ধাৰে উট সৰকি যোৱাই সহজ।” 26 যি সকল লোকে এই কথা শুনিলে তেওঁলোকে ক’লে, “তেনেহলে কোনে পৰিত্ৰাণ পাব?” 27 যীচুৱে উত্তৰ দি ক’লে, “যিবোৰ কথা মানুহৰ দেখাত অসাধ্য, সেইবোৰ কর্ম ঈশ্বৰৰ দৃষ্টিত সাধ্য।” 28 তেতিয়া পিতৰে ক’লে, “চাওক, আমি নিজৰ সকলো এৰি আপোনাৰ পাছে পাছে আহিলোঁ।” 29 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ঈশ্বৰৰ ৰাজ্যৰ কাৰণে যি কোনোৱে ঘৰ, তিৰোতা, ভায়েক, মাক-বাপেক, বা সন্তান সকলক ত্যাগ কৰে, 30 এই পৃথিৱীত তেওঁৰ অধিক গুণ, আৰু পৰকালত ‘অনন্ত জীৱন’ নাপাব, এনে কোনো নাই।” 31 পাছত তেওঁ বাৰ জন পাঁচনিক লগত লৈ তেওঁলোকক ক’লে, “চোৱা, আমি যিৰূচালেমলৈ যাত্ৰা কৰিছোঁ; তাতে ভাববাদী সকলৰ দ্বাৰাই যি যি লিখা আছে, সেই সকলো কথা মানুহৰ পুত্ৰত সিদ্ধ হ’ব। 32 কিয়নো অনা-ইহুদী লোকৰ হাতত তেওঁক শোধাই দিয়া হ’ব; তাতে মানুহে তেওঁক বিদ্রপ কৰিব, অপমান কৰিব, তেওঁৰ গাত থুই পেলাব, 33 আৰু চাবুকেৰে কোবাই তেওঁক বধ কৰিব; পাছত তিনি দিনৰ দিনা তেওঁ আকৌ উঠিব।” 34 কিন্তু এই কথা তেওঁ কিয় ক’লে, সেই বিষয়ে তেওঁলোকে একো নুবুজিলে; তেওঁলোকৰ পৰা এই বাক্য গোপন কৰি ৰখাৰ বাবে, যি বাক্য কোৱা হ’ল; সেই বাক্যৰ বিষয়ে তেওঁলোকে একো নাজানিলে। 35 পাছত তেওঁ যিৰীহোৰ ওচৰ পোৱাত, এজন অন্ধই বাটৰ কাষত বহি ভিক্ষা কৰি অাছিল। 36 তাতে মানুহৰ দল এটাই সেই বাটেদি যোৱা শুনি, তেওঁ তাৰ কাৰণ সুধিলে। 37 তেতিয়া তেওঁলোকে তেওঁক ক’লে, “নাচৰতীয়া যীচু এই বাটেদি গৈ আছে।” 38 তেতিয়া তেওঁ ৰিঙিয়াই ক’লে, “হে যীচু, দায়ুদৰ সন্তান, মোক দয়া কৰক।” 39 তাতে তেওঁক মনে মনে থাকিবৰ বাবে আগে আগে যোৱা মানুহবোৰে আহি তেওঁক ডবিয়ালে; কিন্তু তেওঁ তেতিয়া বেচিকৈ আটাহ পাৰি ক’লে, “হে দায়ুদৰ সন্তান, মোক দয়া কৰক।” 40 তেতিয়া যীচু থমকি ৰ’ল আৰু তেওঁৰ ওচৰলৈ মানুহ জনক আনিবলৈ আজ্ঞা দিলে। 41 পাছত তেওঁ ওচৰলৈ অহাত, যীচুৱে তেওঁক সুধিলে, “মই কি কৰাটো তোমাৰ ইচ্ছা?” তেতিয়া তেওঁ ক’লে, “হে প্ৰভু, মই যেন দেখিবলৈ পাওঁ।” 42 তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমি দৃষ্টি পোৱা; তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।” 43 সেই সময়ত তেওঁ দৃষ্টি পালে আৰু ঈশ্বৰৰ প্ৰশংসা কৰি তেওঁৰ পাছে পাছে গ’ল; মানুহবোৰে এই কার্য দেখা পাই ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।

In Other Versions

Luke 18 in the ANGEFD

Luke 18 in the ANTPNG2D

Luke 18 in the AS21

Luke 18 in the BAGH

Luke 18 in the BBPNG

Luke 18 in the BBT1E

Luke 18 in the BDS

Luke 18 in the BEV

Luke 18 in the BHAD

Luke 18 in the BIB

Luke 18 in the BLPT

Luke 18 in the BNT

Luke 18 in the BNTABOOT

Luke 18 in the BNTLV

Luke 18 in the BOATCB

Luke 18 in the BOATCB2

Luke 18 in the BOBCV

Luke 18 in the BOCNT

Luke 18 in the BOECS

Luke 18 in the BOGWICC

Luke 18 in the BOHCB

Luke 18 in the BOHCV

Luke 18 in the BOHLNT

Luke 18 in the BOHNTLTAL

Luke 18 in the BOICB

Luke 18 in the BOILNTAP

Luke 18 in the BOITCV

Luke 18 in the BOKCV

Luke 18 in the BOKCV2

Luke 18 in the BOKHWOG

Luke 18 in the BOKSSV

Luke 18 in the BOLCB

Luke 18 in the BOLCB2

Luke 18 in the BOMCV

Luke 18 in the BONAV

Luke 18 in the BONCB

Luke 18 in the BONLT

Luke 18 in the BONUT2

Luke 18 in the BOPLNT

Luke 18 in the BOSCB

Luke 18 in the BOSNC

Luke 18 in the BOTLNT

Luke 18 in the BOVCB

Luke 18 in the BOYCB

Luke 18 in the BPBB

Luke 18 in the BPH

Luke 18 in the BSB

Luke 18 in the CCB

Luke 18 in the CUV

Luke 18 in the CUVS

Luke 18 in the DBT

Luke 18 in the DGDNT

Luke 18 in the DHNT

Luke 18 in the DNT

Luke 18 in the ELBE

Luke 18 in the EMTV

Luke 18 in the ESV

Luke 18 in the FBV

Luke 18 in the FEB

Luke 18 in the GGMNT

Luke 18 in the GNT

Luke 18 in the HARY

Luke 18 in the HNT

Luke 18 in the IRVB

Luke 18 in the IRVG

Luke 18 in the IRVH

Luke 18 in the IRVK

Luke 18 in the IRVM

Luke 18 in the IRVM2

Luke 18 in the IRVO

Luke 18 in the IRVP

Luke 18 in the IRVT

Luke 18 in the IRVT2

Luke 18 in the IRVU

Luke 18 in the ISVN

Luke 18 in the JSNT

Luke 18 in the KAPI

Luke 18 in the KBT1ETNIK

Luke 18 in the KBV

Luke 18 in the KJV

Luke 18 in the KNFD

Luke 18 in the LBA

Luke 18 in the LBLA

Luke 18 in the LNT

Luke 18 in the LSV

Luke 18 in the MAAL

Luke 18 in the MBV

Luke 18 in the MBV2

Luke 18 in the MHNT

Luke 18 in the MKNFD

Luke 18 in the MNG

Luke 18 in the MNT

Luke 18 in the MNT2

Luke 18 in the MRS1T

Luke 18 in the NAA

Luke 18 in the NASB

Luke 18 in the NBLA

Luke 18 in the NBS

Luke 18 in the NBVTP

Luke 18 in the NET2

Luke 18 in the NIV11

Luke 18 in the NNT

Luke 18 in the NNT2

Luke 18 in the NNT3

Luke 18 in the PDDPT

Luke 18 in the PFNT

Luke 18 in the RMNT

Luke 18 in the SBIAS

Luke 18 in the SBIBS

Luke 18 in the SBIBS2

Luke 18 in the SBICS

Luke 18 in the SBIDS

Luke 18 in the SBIGS

Luke 18 in the SBIHS

Luke 18 in the SBIIS

Luke 18 in the SBIIS2

Luke 18 in the SBIIS3

Luke 18 in the SBIKS

Luke 18 in the SBIKS2

Luke 18 in the SBIMS

Luke 18 in the SBIOS

Luke 18 in the SBIPS

Luke 18 in the SBISS

Luke 18 in the SBITS

Luke 18 in the SBITS2

Luke 18 in the SBITS3

Luke 18 in the SBITS4

Luke 18 in the SBIUS

Luke 18 in the SBIVS

Luke 18 in the SBT

Luke 18 in the SBT1E

Luke 18 in the SCHL

Luke 18 in the SNT

Luke 18 in the SUSU

Luke 18 in the SUSU2

Luke 18 in the SYNO

Luke 18 in the TBIAOTANT

Luke 18 in the TBT1E

Luke 18 in the TBT1E2

Luke 18 in the TFTIP

Luke 18 in the TFTU

Luke 18 in the TGNTATF3T

Luke 18 in the THAI

Luke 18 in the TNFD

Luke 18 in the TNT

Luke 18 in the TNTIK

Luke 18 in the TNTIL

Luke 18 in the TNTIN

Luke 18 in the TNTIP

Luke 18 in the TNTIZ

Luke 18 in the TOMA

Luke 18 in the TTENT

Luke 18 in the UBG

Luke 18 in the UGV

Luke 18 in the UGV2

Luke 18 in the UGV3

Luke 18 in the VBL

Luke 18 in the VDCC

Luke 18 in the YALU

Luke 18 in the YAPE

Luke 18 in the YBVTP

Luke 18 in the ZBP