Psalms 13 (IRVA)
1 হে যিহোৱা, আৰু কিমান কাল?তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি?মোৰ পৰা কিমান দিনলৈতুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা? 2 কিমান দিনলৈনো মই মোৰ মনৰ মাজত দুখৰ বোজা বহন কৰি প্রতিদিনে অন্তৰত বেদনা লৈ থাকিব লাগিব?কিমান দিনলৈ তুমি মোৰ শত্রুক মোৰ ওপৰত উন্নত কৰি ৰাখিবা? 3 হে মোৰ ঈশ্বৰ যিহোৱা,মোলৈ দৃষ্টি কৰা, মোক উত্তৰ দিয়া!মোৰ দুচকু আলোকিত কৰা, নহলে মই মৃত্যুনিদ্ৰাত টোপনি যাম। 4 মোৰ শত্রুৱে তেতিয়া ক’ব, “মই জয়ী হলোঁ;”মই অস্থিৰ হোৱাত শত্রুবোৰে আনন্দ কৰিব। 5 কিন্তু মই তোমাৰ দৃঢ় প্রেমত ভাৰসা কৰিছোঁ;তুমি মোক পৰিত্রাণ কৰিবা আৰু মোৰ মন আনন্দিত হ’ব। 6 মই যিহোৱাৰ উদেশ্যে গান গাম,কিয়নো তেওঁ মোলৈ মঙ্গল আচৰণ কৰিছে।