Psalms 69 (IRVA)
1 হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা;কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ। 2 মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই;গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে। 3 মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল;মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল। 4 অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক;অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী;মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে। 5 হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা;আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে। 6 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে;হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক। 7 তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে;তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে। 8 মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ;তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে। 9 কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে;আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল। 10 যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ;তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল। 11 যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ;তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ। 12 নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে;মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ। 13 কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা;তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া। 14 বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা;মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা। 15 ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক;আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক। 16 হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম;তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা। 17 তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা;কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া। 18 তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা;মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা। 19 মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা;মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে। 20 তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল;কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ,কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ। 21 তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে;মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে। 22 তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব;আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব। 23 তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক;তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা। 24 তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা;তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক। 25 তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক;তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক। 26 কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা;তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে। 27 তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া;তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক। 28 জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক;আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক। 29 কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো;হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক। 30 মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম;ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম। 31 তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম;নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব। 32 নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব;হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক। 33 কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে;আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে। 34 আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক;সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক। 35 কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব;লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব। 36 তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব;তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।
In Other Versions
Psalms 69 in the ANGEFD
Psalms 69 in the ANTPNG2D
Psalms 69 in the AS21
Psalms 69 in the BAGH
Psalms 69 in the BBPNG
Psalms 69 in the BBT1E
Psalms 69 in the BDS
Psalms 69 in the BEV
Psalms 69 in the BHAD
Psalms 69 in the BIB
Psalms 69 in the BLPT
Psalms 69 in the BNT
Psalms 69 in the BNTABOOT
Psalms 69 in the BNTLV
Psalms 69 in the BOATCB
Psalms 69 in the BOATCB2
Psalms 69 in the BOBCV
Psalms 69 in the BOCNT
Psalms 69 in the BOECS
Psalms 69 in the BOGWICC
Psalms 69 in the BOHCB
Psalms 69 in the BOHCV
Psalms 69 in the BOHLNT
Psalms 69 in the BOHNTLTAL
Psalms 69 in the BOICB
Psalms 69 in the BOILNTAP
Psalms 69 in the BOITCV
Psalms 69 in the BOKCV
Psalms 69 in the BOKCV2
Psalms 69 in the BOKHWOG
Psalms 69 in the BOKSSV
Psalms 69 in the BOLCB
Psalms 69 in the BOLCB2
Psalms 69 in the BOMCV
Psalms 69 in the BONAV
Psalms 69 in the BONCB
Psalms 69 in the BONLT
Psalms 69 in the BONUT2
Psalms 69 in the BOPLNT
Psalms 69 in the BOSCB
Psalms 69 in the BOSNC
Psalms 69 in the BOTLNT
Psalms 69 in the BOVCB
Psalms 69 in the BOYCB
Psalms 69 in the BPBB
Psalms 69 in the BPH
Psalms 69 in the BSB
Psalms 69 in the CCB
Psalms 69 in the CUV
Psalms 69 in the CUVS
Psalms 69 in the DBT
Psalms 69 in the DGDNT
Psalms 69 in the DHNT
Psalms 69 in the DNT
Psalms 69 in the ELBE
Psalms 69 in the EMTV
Psalms 69 in the ESV
Psalms 69 in the FBV
Psalms 69 in the FEB
Psalms 69 in the GGMNT
Psalms 69 in the GNT
Psalms 69 in the HARY
Psalms 69 in the HNT
Psalms 69 in the IRVB
Psalms 69 in the IRVG
Psalms 69 in the IRVH
Psalms 69 in the IRVK
Psalms 69 in the IRVM
Psalms 69 in the IRVM2
Psalms 69 in the IRVO
Psalms 69 in the IRVP
Psalms 69 in the IRVT
Psalms 69 in the IRVT2
Psalms 69 in the IRVU
Psalms 69 in the ISVN
Psalms 69 in the JSNT
Psalms 69 in the KAPI
Psalms 69 in the KBT1ETNIK
Psalms 69 in the KBV
Psalms 69 in the KJV
Psalms 69 in the KNFD
Psalms 69 in the LBA
Psalms 69 in the LBLA
Psalms 69 in the LNT
Psalms 69 in the LSV
Psalms 69 in the MAAL
Psalms 69 in the MBV
Psalms 69 in the MBV2
Psalms 69 in the MHNT
Psalms 69 in the MKNFD
Psalms 69 in the MNG
Psalms 69 in the MNT
Psalms 69 in the MNT2
Psalms 69 in the MRS1T
Psalms 69 in the NAA
Psalms 69 in the NASB
Psalms 69 in the NBLA
Psalms 69 in the NBS
Psalms 69 in the NBVTP
Psalms 69 in the NET2
Psalms 69 in the NIV11
Psalms 69 in the NNT
Psalms 69 in the NNT2
Psalms 69 in the NNT3
Psalms 69 in the PDDPT
Psalms 69 in the PFNT
Psalms 69 in the RMNT
Psalms 69 in the SBIAS
Psalms 69 in the SBIBS
Psalms 69 in the SBIBS2
Psalms 69 in the SBICS
Psalms 69 in the SBIDS
Psalms 69 in the SBIGS
Psalms 69 in the SBIHS
Psalms 69 in the SBIIS
Psalms 69 in the SBIIS2
Psalms 69 in the SBIIS3
Psalms 69 in the SBIKS
Psalms 69 in the SBIKS2
Psalms 69 in the SBIMS
Psalms 69 in the SBIOS
Psalms 69 in the SBIPS
Psalms 69 in the SBISS
Psalms 69 in the SBITS
Psalms 69 in the SBITS2
Psalms 69 in the SBITS3
Psalms 69 in the SBITS4
Psalms 69 in the SBIUS
Psalms 69 in the SBIVS
Psalms 69 in the SBT
Psalms 69 in the SBT1E
Psalms 69 in the SCHL
Psalms 69 in the SNT
Psalms 69 in the SUSU
Psalms 69 in the SUSU2
Psalms 69 in the SYNO
Psalms 69 in the TBIAOTANT
Psalms 69 in the TBT1E
Psalms 69 in the TBT1E2
Psalms 69 in the TFTIP
Psalms 69 in the TFTU
Psalms 69 in the TGNTATF3T
Psalms 69 in the THAI
Psalms 69 in the TNFD
Psalms 69 in the TNT
Psalms 69 in the TNTIK
Psalms 69 in the TNTIL
Psalms 69 in the TNTIN
Psalms 69 in the TNTIP
Psalms 69 in the TNTIZ
Psalms 69 in the TOMA
Psalms 69 in the TTENT
Psalms 69 in the UBG
Psalms 69 in the UGV
Psalms 69 in the UGV2
Psalms 69 in the UGV3
Psalms 69 in the VBL
Psalms 69 in the VDCC
Psalms 69 in the YALU
Psalms 69 in the YAPE
Psalms 69 in the YBVTP
Psalms 69 in the ZBP