1 Corinthians 1 (IRVA)

1 ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা খ্ৰীষ্ট যীচুৰ আমন্ত্রিত পাঁচনি পৌল আৰু আমাৰ ভাই চোন্থিনিৰ পৰা এই পত্র। 2 এই পত্র কৰিন্থত থকা ঈশ্বৰৰ যি মণ্ডলী; খ্রীষ্ট যীচুৱে পবিত্র কৰি যি সকলক পবিত্র লোক হবলৈ আমন্ত্রণ কৰিলে, তেওঁলোকৰ আৰু সকলো ঠাইতে যি সকল লোকে আমাৰ অর্থাৎ তেওঁলোকৰ আৰু আমাৰো প্ৰভু খ্রীষ্ট যীচুৰ নামত প্রার্থনা কৰে, সেই সকলোৰে সমীপলৈ। 3 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক। 4 খ্রীষ্ট যীচুত ঈশ্বৰে যি অনুগ্রহ আপোনালোকক দান কৰিলে, তাৰ কাৰণে মই সদায় মোৰ ঈশ্বৰক ধন্যবাদ দিওঁ। 5 আপোনালোক খ্রীষ্ট যীচুত সকলো বিষয়ত সকলো ধৰণৰ বক্তৃতা দিয়াৰ ক্ষমতাৰে আৰু জ্ঞানত উপচি পৰিছে। 6 তেওঁ আপোনালোকক উপচাই দিছে আৰু এইদৰেই আপোনালোকৰ মাজত খ্রীষ্ট সম্পর্কীয় সাক্ষ্য সত্যৰূপে প্রমাণিত হৈ আছে। 7 সেই কাৰণে আপোনালোকৰ আত্মিক বৰৰ কোনো অভাৱ নাই আৰু আমাৰ প্রভু যীচু খ্রীষ্ট প্রকাশিত হোৱা দিনলৈ আপোনালোকে আগ্রহেৰে অপেক্ষা কৰি আছে। 8 তেওঁ আপোনালোকক শেষলৈকে বলৱন্ত কৰিব, যাতে আমাৰ প্রভু যীচু খ্রীষ্টৰ সেইদিন পর্যন্ত আপোনালোক নিৰ্দোষী, পবিত্ৰ হৈ থাকিব। 9 ঈশ্বৰ বিশ্বাসী; তেৱেঁই আপোনালোকক তেওঁৰ পুত্র, আমাৰ প্রভু যীচু খ্রীষ্টৰ সহভাগিতা লাভৰ কাৰণে আমন্ত্রণ কৰিছে। 10 কিন্তু মোৰ প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্রভু যীচু খ্রীষ্টৰ নামত মই আপোনালোকক বিনয় কৰোঁ যে, আপোনালোকৰ পৰস্পৰৰ মাজত যেন মতৰ মিল থাকে; আপোনালোকৰ মাজত কোনো বিভেদ নাথাকক। আপোনালোক সকলোৰে যেন একে মন আৰু এক উদ্দেশ্য হয়। 11 মোৰ ভাই-ভনী সকল, মই ক্লোয়ীৰ ঘৰৰ লোক সকলৰ পৰা শুনিবলৈ পাইছো যে, আপোনালোকৰ মাজত নানা বাক-বিতণ্ডা হৈ আছে। 12 এতিয়া মই এই কথা কবলৈ বিচাৰিছোঁ যে, আপোনালোক প্রতিজনে কয় “মই পৌলৰ দলৰ” অথবা “মই আপল্লোৰ দলৰ” নাইবা “মই কৈফাৰ” বা “মই খ্রীষ্টৰ দলৰ।” 13 তেনেহলে খ্রীষ্টক ভাগ কৰা হৈছে নেকি? পৌলক জানো আপোনালোকৰ কাৰণে ক্রুচত দিয়া হৈছিল? আপোনালোকে জানো পৌলৰ নামেৰে বাপ্তিস্ম লৈছিল? 14 মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ যে ক্ৰীষ্প আৰু গায়ৰ বাহিৰে আপোনালোকৰ আন কোনো এজনকো মই বাপ্তিস্ম দিয়া নাই। 15 গতিকে কোনেও কব নোৱাৰিব যে আপোনালোকে মোৰ নামেৰে বাপ্তিস্ম লৈছে। 16 অৱশ্যে হয়, স্তিফানাৰ পৰিবাৰৰ লোক সকলকো মই বাপ্তিস্ম দিছোঁ। এওঁলোকৰ বাহিৰে আন কোনো এজনক বাপ্তিস্ম দিছোঁ বুলি মোৰ মনত নপৰে। 17 কিয়নো খ্রীষ্টই মোক বাপ্তিস্ম দিবৰ কাৰণে নহয়, কিন্তু শুভবার্তা প্রচাৰ কৰিবৰ কাৰণেহে পঠাইছে। খ্রীষ্টৰ ক্ৰুচৰ পৰাক্রম যেন বিফল নহয়, সেয়ে তেওঁ মোক এই শুভবার্তা মানুহৰ জ্ঞানেৰেও প্রচাৰ কৰিবলৈ পঠোৱা নাই। 18 বিনাশৰ পথত চলা লোক সকললৈ ক্ৰুচৰ শিক্ষা মূর্খতা। কিন্তু ঈশ্বৰে পৰিত্ৰাণ কৰা যি আমি, আমালৈ ই ঈশ্বৰৰ শক্তিস্বৰূপ। 19 কাৰণ এইদৰে লিখা আছে:“মই জ্ঞানী সকলৰ জ্ঞান নষ্ট কৰিম;মই বুদ্ধিমান সকলৰ বুদ্ধি ব্যর্থ কৰিম” 20 কিন্তু জ্ঞানী লোক ক’ত? পণ্ডিত লোকেই বা ক’ত? এই জগতৰ তার্কিক লোক বা ক’ত? ঈশ্বৰে জানো জগতৰ জ্ঞানক মূর্খতালৈ পৰিণত কৰা নাই? 21 সেয়ে ঈশ্বৰৰ নিজ জ্ঞানত যেতিয়া জনিলে যে জগতে নিজৰ জ্ঞানেৰে ঈশ্বৰক নাজানিলে, তেতিয়া প্রচাৰৰ মূর্খতাৰ দ্বাৰাই যি সকলে বিশ্বাস কৰে, সেই সকলক উদ্ধাৰ কৰাত ঈশ্বৰ সন্তুষ্ট হ’ল। 22 ইহুদী সকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে আৰু গ্রীক সকলে প্রজ্ঞাৰ অন্বেষণ কৰে। 23 কিন্তু আমি হ’লে ক্রুচত হত হোৱা খ্রীষ্টৰ সম্বন্ধেহে প্রচাৰ কৰোঁ। ইহুদী লোক সকললৈ এই কথা এক বিঘিনি স্বৰূপ আৰু গ্রীক সকলৰ ওচৰত মূর্খতাস্বৰূপ। 24 কিন্তু ইহুদী লোকেই হওক বা গ্রীক লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, আমি তেওঁলোকৰ ওচৰত খ্রীষ্টক ঈশ্বৰৰ শক্তি আৰু জ্ঞানস্বৰূপে প্রচাৰ কৰোঁ। 25 কাৰণ ঈশ্বৰৰ যি মূর্খতা, সেয়া মানুহৰ জ্ঞানতকৈ অধিক জ্ঞানসম্পন্ন আৰু ঈশ্বৰৰ যি দুর্বলতা, সেয়া মানুহৰ শক্তিতকৈ অধিক শক্তিশালী। 26 ভাই-ভনী সকল, ঈশ্বৰে যে আপোনালোকক আহ্বান কৰিছে, সেই বিষয়ে অলপ ভাৱি চাওক। মানুহৰ বিচাৰত আপোনালোক বহুতেই জ্ঞানী আছিল, এনে নহয়; ক্ষমতাসম্পন্ন ব্যক্তিও যে আছিল, এনে নহয় নাইবা অনেকে যে অভিজাত বংশত জন্মিছিল, তেনেও নহয়। 27 কিন্তু ঈশ্বৰে জ্ঞানৱন্তক লাজ দিবলৈ জগতৰ মূর্খবোৰক মনোনীত কৰিলে আৰু বলৱন্তক লাজ দিবলৈ ঈশ্বৰে জগতৰ দুর্বলবোৰক মনোনীত কৰিলে। 28 জগতত যি তুচ্ছ আৰু ঘৃণিত, যাৰ কোনো মূল্যই নাই, সেই সকলক ঈশ্বৰে মনোনীত কৰিলে যাতে জগতৰ মূল্যৱান সকলক তেওঁ মূল্যহীন কৰিব পাৰে। 29 ঈশ্বৰে এই কাম কৰিলে যাতে কোনো মানুহে তেওঁৰ ওচৰত অহংকাৰ কৰিব নোৱাৰে। 30 কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, পবিত্রতা আৰু মুক্তি। 31 সেয়েহে শাস্ত্রত লিখা আছে, “যি জনে গর্ব কৰে, তেওঁ প্রভুতেই গর্ব কৰক।”

In Other Versions

1 Corinthians 1 in the ANGEFD

1 Corinthians 1 in the ANTPNG2D

1 Corinthians 1 in the AS21

1 Corinthians 1 in the BAGH

1 Corinthians 1 in the BBPNG

1 Corinthians 1 in the BBT1E

1 Corinthians 1 in the BDS

1 Corinthians 1 in the BEV

1 Corinthians 1 in the BHAD

1 Corinthians 1 in the BIB

1 Corinthians 1 in the BLPT

1 Corinthians 1 in the BNT

1 Corinthians 1 in the BNTABOOT

1 Corinthians 1 in the BNTLV

1 Corinthians 1 in the BOATCB

1 Corinthians 1 in the BOATCB2

1 Corinthians 1 in the BOBCV

1 Corinthians 1 in the BOCNT

1 Corinthians 1 in the BOECS

1 Corinthians 1 in the BOGWICC

1 Corinthians 1 in the BOHCB

1 Corinthians 1 in the BOHCV

1 Corinthians 1 in the BOHLNT

1 Corinthians 1 in the BOHNTLTAL

1 Corinthians 1 in the BOICB

1 Corinthians 1 in the BOILNTAP

1 Corinthians 1 in the BOITCV

1 Corinthians 1 in the BOKCV

1 Corinthians 1 in the BOKCV2

1 Corinthians 1 in the BOKHWOG

1 Corinthians 1 in the BOKSSV

1 Corinthians 1 in the BOLCB

1 Corinthians 1 in the BOLCB2

1 Corinthians 1 in the BOMCV

1 Corinthians 1 in the BONAV

1 Corinthians 1 in the BONCB

1 Corinthians 1 in the BONLT

1 Corinthians 1 in the BONUT2

1 Corinthians 1 in the BOPLNT

1 Corinthians 1 in the BOSCB

1 Corinthians 1 in the BOSNC

1 Corinthians 1 in the BOTLNT

1 Corinthians 1 in the BOVCB

1 Corinthians 1 in the BOYCB

1 Corinthians 1 in the BPBB

1 Corinthians 1 in the BPH

1 Corinthians 1 in the BSB

1 Corinthians 1 in the CCB

1 Corinthians 1 in the CUV

1 Corinthians 1 in the CUVS

1 Corinthians 1 in the DBT

1 Corinthians 1 in the DGDNT

1 Corinthians 1 in the DHNT

1 Corinthians 1 in the DNT

1 Corinthians 1 in the ELBE

1 Corinthians 1 in the EMTV

1 Corinthians 1 in the ESV

1 Corinthians 1 in the FBV

1 Corinthians 1 in the FEB

1 Corinthians 1 in the GGMNT

1 Corinthians 1 in the GNT

1 Corinthians 1 in the HARY

1 Corinthians 1 in the HNT

1 Corinthians 1 in the IRVB

1 Corinthians 1 in the IRVG

1 Corinthians 1 in the IRVH

1 Corinthians 1 in the IRVK

1 Corinthians 1 in the IRVM

1 Corinthians 1 in the IRVM2

1 Corinthians 1 in the IRVO

1 Corinthians 1 in the IRVP

1 Corinthians 1 in the IRVT

1 Corinthians 1 in the IRVT2

1 Corinthians 1 in the IRVU

1 Corinthians 1 in the ISVN

1 Corinthians 1 in the JSNT

1 Corinthians 1 in the KAPI

1 Corinthians 1 in the KBT1ETNIK

1 Corinthians 1 in the KBV

1 Corinthians 1 in the KJV

1 Corinthians 1 in the KNFD

1 Corinthians 1 in the LBA

1 Corinthians 1 in the LBLA

1 Corinthians 1 in the LNT

1 Corinthians 1 in the LSV

1 Corinthians 1 in the MAAL

1 Corinthians 1 in the MBV

1 Corinthians 1 in the MBV2

1 Corinthians 1 in the MHNT

1 Corinthians 1 in the MKNFD

1 Corinthians 1 in the MNG

1 Corinthians 1 in the MNT

1 Corinthians 1 in the MNT2

1 Corinthians 1 in the MRS1T

1 Corinthians 1 in the NAA

1 Corinthians 1 in the NASB

1 Corinthians 1 in the NBLA

1 Corinthians 1 in the NBS

1 Corinthians 1 in the NBVTP

1 Corinthians 1 in the NET2

1 Corinthians 1 in the NIV11

1 Corinthians 1 in the NNT

1 Corinthians 1 in the NNT2

1 Corinthians 1 in the NNT3

1 Corinthians 1 in the PDDPT

1 Corinthians 1 in the PFNT

1 Corinthians 1 in the RMNT

1 Corinthians 1 in the SBIAS

1 Corinthians 1 in the SBIBS

1 Corinthians 1 in the SBIBS2

1 Corinthians 1 in the SBICS

1 Corinthians 1 in the SBIDS

1 Corinthians 1 in the SBIGS

1 Corinthians 1 in the SBIHS

1 Corinthians 1 in the SBIIS

1 Corinthians 1 in the SBIIS2

1 Corinthians 1 in the SBIIS3

1 Corinthians 1 in the SBIKS

1 Corinthians 1 in the SBIKS2

1 Corinthians 1 in the SBIMS

1 Corinthians 1 in the SBIOS

1 Corinthians 1 in the SBIPS

1 Corinthians 1 in the SBISS

1 Corinthians 1 in the SBITS

1 Corinthians 1 in the SBITS2

1 Corinthians 1 in the SBITS3

1 Corinthians 1 in the SBITS4

1 Corinthians 1 in the SBIUS

1 Corinthians 1 in the SBIVS

1 Corinthians 1 in the SBT

1 Corinthians 1 in the SBT1E

1 Corinthians 1 in the SCHL

1 Corinthians 1 in the SNT

1 Corinthians 1 in the SUSU

1 Corinthians 1 in the SUSU2

1 Corinthians 1 in the SYNO

1 Corinthians 1 in the TBIAOTANT

1 Corinthians 1 in the TBT1E

1 Corinthians 1 in the TBT1E2

1 Corinthians 1 in the TFTIP

1 Corinthians 1 in the TFTU

1 Corinthians 1 in the TGNTATF3T

1 Corinthians 1 in the THAI

1 Corinthians 1 in the TNFD

1 Corinthians 1 in the TNT

1 Corinthians 1 in the TNTIK

1 Corinthians 1 in the TNTIL

1 Corinthians 1 in the TNTIN

1 Corinthians 1 in the TNTIP

1 Corinthians 1 in the TNTIZ

1 Corinthians 1 in the TOMA

1 Corinthians 1 in the TTENT

1 Corinthians 1 in the UBG

1 Corinthians 1 in the UGV

1 Corinthians 1 in the UGV2

1 Corinthians 1 in the UGV3

1 Corinthians 1 in the VBL

1 Corinthians 1 in the VDCC

1 Corinthians 1 in the YALU

1 Corinthians 1 in the YAPE

1 Corinthians 1 in the YBVTP

1 Corinthians 1 in the ZBP