Amos 9 (IRVA)

1 মই প্ৰভুক বেদীৰ ওচৰত থিয় হৈ থকা দেখিলোঁ। প্রভুৱে ক’লে, “স্তম্ভবোৰৰ শীর্ষস্থানত আঘাত কৰা যাতে তাৰ ভেঁটিবোৰ কঁপি উঠে।সেই ঠাইৰ সকলো লোকৰ মূৰৰ ওপৰত যাতে সেইবোৰ ডোখৰ ডোখৰকৈ ভাঙি পৰে আৰুযি সকল জীয়াই থাকিব, মই তেওঁলোকক তৰোৱালেৰে বধ কৰিম;তেওঁলোকৰ মাজৰ এজনেও পলাই যাব নোৱাৰিব;তেওঁলোকৰ মাজৰ এজনেও সাৰিব নোৱাৰিব। 2 তেওঁলোকে চিয়োলৰ গভীৰ পর্যন্তলৈ গাত খান্দি গ’লেও,মোৰ হাতে তাৰ পৰা তেওঁলোকক উলিয়াই আনিব।তেওঁলোকে আকাশ পর্যন্ত উঠিলেও, তাৰ পৰা মই তেওঁলোকক নমাই আনিম। 3 তেওঁলোকে কৰ্মিল পাহাৰৰ চূড়াত নিজকে লুকুৱাই ৰাখিলেও,তাৰ পৰা মই তেওঁলোকক বিচাৰি উলিয়াই ধৰি আনিম;তেওঁলোকে মোৰ দৃষ্টিৰ পৰা সাগৰৰ তলত গৈ লুকালেও,সেই ঠাইত তেওঁলোকক দংশন কৰিবলৈ মই নাগক আজ্ঞা দিম,তাতে সি তেওঁলোকক দংশন কৰিব। 4 শত্ৰুবোৰৰ দ্বাৰা তেওঁলোক বন্দী হৈ আন দেশলৈ গলেও,সেই ঠাইতো মই তেওঁলোকক বধ কৰিবলৈ তৰোৱালক আজ্ঞা দিম।মঙ্গলৰ কাৰণে নহয়, কিন্তু অমঙ্গলৰ কাৰণেহে মই তেওঁলোকৰ ওপৰত মোৰ দৃষ্টি ৰাখিম। 5 বাহিনীসকলৰ প্রভু যিহোৱাই দেশখনক চুলে, দেশ পমি যায়;তাত বাস কৰা সকলোৱে শোক কৰে।তেওঁৰ স্পর্শত গোটেই দেশ মিচৰৰ নীল নদীৰ দৰে বন্যাত ওফন্দি উঠে, তাৰ পাছত পুণৰায় নামি যায়। 6 তেওঁ আকাশ-মণ্ডলত নিজৰ উচ্চ কোঁঠালিবোৰ সাজিলে, আৰু পৃথিৱীৰ ওপৰত নিজৰ চন্দ্ৰতাপৰ দৰে আকাশ স্থাপন কৰিলে।তেওঁ সমুদ্ৰৰ জলক আহ্বান কৰি ভুমিৰ ওপৰত ঢালি দিয়ে।যি জনাই এই সকলো কৰে, তেওঁৰ নাম যিহোৱা। 7 যিহোৱাই কৈছে, “হে ইস্ৰায়েলৰ লোকসকল, তোমালোক জানো মোৰ ওচৰত কুচীয়া লোকসকলৰ নিচিনা নোহোৱা?মই জানো মিচৰ দেশৰ পৰা ইস্ৰায়েলক, কপ্তোৰৰ পৰা পলেষ্টীয়াসকলক আৰু কীৰৰ পৰা অৰামীয়াসকলক জানো উলিয়াই অনা নাই? 8 চোৱা, প্ৰভু যিহোৱাৰ দৃষ্টি অৱশ্যেই এই পাপপূৰ্ণ ৰাজ্যৰ ওপৰত আছে। পৃথিৱীৰ পৰা মই তাক উচ্ছন্ন কৰিম।তথাপিও মই যাকোবৰ বংশক সম্পূর্ণকৈ ধ্বংস নকৰিম। 9 মই এক আজ্ঞা দিম,চালনীত যেনেকৈ শস্য চলা হয়, তেনেকৈ সকলো জাতিৰ মাজত মই ইস্রায়েল বংশক চালিম;কিন্তু শস্যৰ এটা ধানো মাটিত নপৰিব। 10 মোৰ প্রজাসকলৰ সকলো পাপীলোকে কয়, “অমঙ্গলে আমাক ঢুকি নাপাব নাইবা আমাৰ ওচৰলৈ নাহিব; তেওঁলোক সকলোৰে মৃত্যু তৰোৱালৰ দ্বাৰাই হ’ব। 11 যিহোৱাই কৈছে, “সেই দিনা মই দায়ুদৰ পৰি যোৱা পঁজাটো পুনৰায় তুলিম;মই তাৰ ভাঙি যোৱা ফাটবোৰ মেৰামতি কৰিম,ধ্বংসস্থানবোৰ ঠিক কৰিম,তাক আগৰ নিচিনাকৈ পুনৰায় গঢ়িম; 12 যাতে ইস্রায়েলে ইদোমৰ বাকী অংশ আৰু মোৰ নামেৰে প্ৰখ্যাত হোৱা সকলো জাতিবোৰৰ দেশ অধিকাৰ কৰিব পাৰে।”যি জনে এই সকলো কার্য কৰে, সেই জন ঈশ্বৰ যিহোৱাই এই কথা ঘোষণা কৰিছে। 13 যিহোৱাই পুনৰ কৈছে, “চোৱা, সেই দিনবোৰ নিশ্চয়ে আহিব,যেতিয়া হালোৱাই শস্য দোৱাজনক অতিক্রম কৰি আগবাঢ়িব;দ্রাক্ষাগুটি গচকাজনে গুটি বোৱাজনক লগ ধৰি অতিক্রম কৰি যাব;পৰ্ব্বতবোৰৰ পৰা মিঠা দ্ৰাক্ষাৰস জৰি জৰি পৰিব,আৰু সেইবোৰে সকলো উপ-পৰ্ব্বতবোৰক ধুই লৈ যাব। 14 বন্দী অৱস্থাত থকা মোৰ লোক ইস্ৰায়েলীয়াসকলক মই পুনৰ ঘূৰাই আনিম;তেওঁলোকৰ ধ্বংস হোৱা নগৰবোৰ পুনৰায় সাজিব আৰু সেইবোৰত বাস কৰিব;তেওঁলোকে আঙুৰ খেতি কৰি দ্রাক্ষাৰস পান কৰিব;তেওঁলোকে বাৰী পাতি তাৰ ফল ভোগ কৰিব; 15 মই ইস্রায়েলীয়া সকলক তেওঁলোকৰ দেশত ৰুম,যি দেশ মই তেওঁলোকক দিছোঁ, তাৰ পৰা তেওঁলোকক কেতিয়াও পুনৰ উঘলা নহব।”এই কথা তোমালোকৰ ঈশ্বৰ যিহোৱাই কৈছে।

In Other Versions

Amos 9 in the ANGEFD

Amos 9 in the ANTPNG2D

Amos 9 in the AS21

Amos 9 in the BAGH

Amos 9 in the BBPNG

Amos 9 in the BBT1E

Amos 9 in the BDS

Amos 9 in the BEV

Amos 9 in the BHAD

Amos 9 in the BIB

Amos 9 in the BLPT

Amos 9 in the BNT

Amos 9 in the BNTABOOT

Amos 9 in the BNTLV

Amos 9 in the BOATCB

Amos 9 in the BOATCB2

Amos 9 in the BOBCV

Amos 9 in the BOCNT

Amos 9 in the BOECS

Amos 9 in the BOGWICC

Amos 9 in the BOHCB

Amos 9 in the BOHCV

Amos 9 in the BOHLNT

Amos 9 in the BOHNTLTAL

Amos 9 in the BOICB

Amos 9 in the BOILNTAP

Amos 9 in the BOITCV

Amos 9 in the BOKCV

Amos 9 in the BOKCV2

Amos 9 in the BOKHWOG

Amos 9 in the BOKSSV

Amos 9 in the BOLCB

Amos 9 in the BOLCB2

Amos 9 in the BOMCV

Amos 9 in the BONAV

Amos 9 in the BONCB

Amos 9 in the BONLT

Amos 9 in the BONUT2

Amos 9 in the BOPLNT

Amos 9 in the BOSCB

Amos 9 in the BOSNC

Amos 9 in the BOTLNT

Amos 9 in the BOVCB

Amos 9 in the BOYCB

Amos 9 in the BPBB

Amos 9 in the BPH

Amos 9 in the BSB

Amos 9 in the CCB

Amos 9 in the CUV

Amos 9 in the CUVS

Amos 9 in the DBT

Amos 9 in the DGDNT

Amos 9 in the DHNT

Amos 9 in the DNT

Amos 9 in the ELBE

Amos 9 in the EMTV

Amos 9 in the ESV

Amos 9 in the FBV

Amos 9 in the FEB

Amos 9 in the GGMNT

Amos 9 in the GNT

Amos 9 in the HARY

Amos 9 in the HNT

Amos 9 in the IRVB

Amos 9 in the IRVG

Amos 9 in the IRVH

Amos 9 in the IRVK

Amos 9 in the IRVM

Amos 9 in the IRVM2

Amos 9 in the IRVO

Amos 9 in the IRVP

Amos 9 in the IRVT

Amos 9 in the IRVT2

Amos 9 in the IRVU

Amos 9 in the ISVN

Amos 9 in the JSNT

Amos 9 in the KAPI

Amos 9 in the KBT1ETNIK

Amos 9 in the KBV

Amos 9 in the KJV

Amos 9 in the KNFD

Amos 9 in the LBA

Amos 9 in the LBLA

Amos 9 in the LNT

Amos 9 in the LSV

Amos 9 in the MAAL

Amos 9 in the MBV

Amos 9 in the MBV2

Amos 9 in the MHNT

Amos 9 in the MKNFD

Amos 9 in the MNG

Amos 9 in the MNT

Amos 9 in the MNT2

Amos 9 in the MRS1T

Amos 9 in the NAA

Amos 9 in the NASB

Amos 9 in the NBLA

Amos 9 in the NBS

Amos 9 in the NBVTP

Amos 9 in the NET2

Amos 9 in the NIV11

Amos 9 in the NNT

Amos 9 in the NNT2

Amos 9 in the NNT3

Amos 9 in the PDDPT

Amos 9 in the PFNT

Amos 9 in the RMNT

Amos 9 in the SBIAS

Amos 9 in the SBIBS

Amos 9 in the SBIBS2

Amos 9 in the SBICS

Amos 9 in the SBIDS

Amos 9 in the SBIGS

Amos 9 in the SBIHS

Amos 9 in the SBIIS

Amos 9 in the SBIIS2

Amos 9 in the SBIIS3

Amos 9 in the SBIKS

Amos 9 in the SBIKS2

Amos 9 in the SBIMS

Amos 9 in the SBIOS

Amos 9 in the SBIPS

Amos 9 in the SBISS

Amos 9 in the SBITS

Amos 9 in the SBITS2

Amos 9 in the SBITS3

Amos 9 in the SBITS4

Amos 9 in the SBIUS

Amos 9 in the SBIVS

Amos 9 in the SBT

Amos 9 in the SBT1E

Amos 9 in the SCHL

Amos 9 in the SNT

Amos 9 in the SUSU

Amos 9 in the SUSU2

Amos 9 in the SYNO

Amos 9 in the TBIAOTANT

Amos 9 in the TBT1E

Amos 9 in the TBT1E2

Amos 9 in the TFTIP

Amos 9 in the TFTU

Amos 9 in the TGNTATF3T

Amos 9 in the THAI

Amos 9 in the TNFD

Amos 9 in the TNT

Amos 9 in the TNTIK

Amos 9 in the TNTIL

Amos 9 in the TNTIN

Amos 9 in the TNTIP

Amos 9 in the TNTIZ

Amos 9 in the TOMA

Amos 9 in the TTENT

Amos 9 in the UBG

Amos 9 in the UGV

Amos 9 in the UGV2

Amos 9 in the UGV3

Amos 9 in the VBL

Amos 9 in the VDCC

Amos 9 in the YALU

Amos 9 in the YAPE

Amos 9 in the YBVTP

Amos 9 in the ZBP