Exodus 35 (IRVA)
1 মোচিয়ে ইস্ৰায়েলৰ লোকসকলক গোট খুৱালে, আৰু তেওঁলোকক ক’লে, “আপোনালোকে পালন কৰিবলৈ যিহোৱাই দিয়া আজ্ঞা এইবোৰ। 2 ছয়দিন কাম কৰিব, কিন্তু সপ্তম দিনা আপোনালোকলৈ পবিত্ৰ দিন হ’ব। সেয়ে যিহোৱাৰ উদ্দেশ্যে সম্পূৰ্ণ বিশ্ৰামৰ বাবে বিশ্ৰাম-দিন হ’ব; যি কোনোৱে সেই দিনা কাম কৰিব, তাৰ নিশ্চয় প্ৰাণদণ্ড হ’ব। 3 বিশ্ৰাম দিনত আপোনালোকৰ কাৰো ঘৰত জুই নজ্বলাব।” 4 মোচিয়ে ইস্ৰায়েলৰ সকলো সমাজক কলে, “যিহোৱাই দিয়া আজ্ঞা এইবোৰ; 5 যিহোৱাৰ বাবে আপোনালোকে উপহাৰ আনক। ইচ্ছাকৃত মনেৰে আনিব বিচাৰা উপহাৰসমূহ এইবোৰ; সোণ, ৰূপ আৰু পিতল; 6 নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা, মিহি শণ সূতা, আৰু ছাগলীৰ নোম। 7 ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, তহচ জন্তুৰ ছাল, আৰু চিটীম কাঠ। 8 প্ৰদীপৰ বাবে তেল, আৰু অভিষেক তেল আৰু সুগন্ধি ধূপৰ বাবে গন্ধদ্ৰব্য। 9 এফোদ আৰু বুকুপতাৰ বাবে গোমেদক আৰু আন বহুমূলীয়া পাথৰ। 10 আপোনালোকৰ মাজৰ প্ৰত্যেক দক্ষতাসম্পন্ন লোক আহক, আৰু যিহোৱাই আজ্ঞা কৰা সকলোকে তৈয়াৰ কৰক। 11 আবাসৰ তম্বু, আবৰণ, হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী। 12 চন্দুক আৰু তাৰ কানমাৰি, পাপাবৰণ আৰু আঁৰ কৰি ৰখা পৰ্দা। 13 তেওঁলোকে মেজৰ সৈতে তাৰ খুটাবোৰ, আৰু তাৰ সকলো সঁজুলি, দৰ্শন-পিঠা; 14 দীপ্তিৰ বাবে দীপাধাৰ আৰু তাৰ প্রয়োজনীয় সামগ্রী, প্ৰদীপবোৰ, আৰু প্ৰদীপৰ বাবে তেল; 15 ধূপ-বেদি আৰু তাৰ খুটাবোৰ, অভিষেকৰ তেল আৰু সুগন্ধি ধূপ, আবাসৰ প্রবেশ দুৱাৰত ওলমাবলৈ পৰ্দা। 16 হোমবলিৰ বাবে বেদি আৰু তাৰ পিতলৰ জালি, খুটাবোৰ আৰু তাৰ সামগ্রী, ডাঙৰ পাত্র আৰু তাৰ ভিত্তি আনিব। 17 তেওঁলোকে চোতালত ওলমাবলৈ তাৰ খুঁটা, চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দাবোৰ, 18 আবাসৰ খুঁটা, চোতালৰ খুটাৰ সৈতে সেইবোৰৰ ৰচি। 19 তেওঁলোকে পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবৰ বাবে বোৱা মিহি বস্ত্ৰ, পুৰোহিতৰ কৰ্ম কৰিবলৈ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ আনিব।” 20 তাৰ পাছত ইস্ৰায়েলৰ জাতিৰ সকলো লোক মোচিৰ আগৰ পৰা আঁতৰি গ’ল। 21 যিসকলৰ হৃদয়ত প্রবৃত্তি আৰু মনত ইচ্ছা জন্মিল তেওঁলোকে যিহোৱাৰ বাবে উপহাৰ আনিলে। তেওঁলোকে সাক্ষাৎ কৰা তম্বুৰ, তম্বুৰ সম্পৰ্কীয় সকলো সামগ্রীৰ, আৰু পবিত্ৰ বস্ত্ৰৰ বাবে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে। 22 পুৰুষ আৰু স্ত্ৰী যিসকল লোকৰ ইচ্ছা জন্মিল, তেওঁলোক সকলোৱে ব্রোচ, কাণফুলি, আঙঠি, আৰু অলঙ্কাৰ, সকলো ধৰণৰ সোণৰ অলঙ্কাৰ আনিলে। তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে সোণৰ উপহাৰ আনিলে। 23 যিসকল লোকৰ নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু মিহি শণ সূতা, ছাগলীৰ নোম, ৰঙা ৰং কৰা মেৰ-ছাগৰ ছাল, আৰু তহচ জন্তুৰ ছাল আছিল, তেওঁলোকে প্ৰতিজনে সেইবোৰ আনিলে। 24 প্রতিজনে যিহোৱাৰ উদ্দেশ্যে ৰূপ বা পিতল উপহাৰস্বৰূপে আনিলে; আৰু যিসকলৰ চিটীম কাঠ আছিল, তেওঁলোক যিকোনো কাৰ্যত ব্যৱহাৰ কৰিবলৈ সেইবোৰ আনিলে। 25 প্রত্যেক দক্ষতাসম্পন্ন মহিলা নিজৰ হাতেৰে সূতা কাটি নীলা, বেঙুনীয়া, ৰঙা বৰণীয়া আৰু মিহি শণ সূতা আনিলে। 26 সকলো মহিলাৰ যিসকলৰ হৃদয়ত উৎসাহ জন্মিছিল তেওঁলোকে ছাগলীৰ নোমৰ সূতা কাটিলে। 27 মূখ্যলোক সকলে এফোদ আৰু বুকুপটাত লগাবলৈ গোমেদ আৰু আন পাথৰ আনিলে। 28 তেওঁলোকে মছলা আৰু প্ৰদীপৰ বাবে তেল, অভিষেকৰ তেল, আৰু সুগন্ধি ধূপৰ বাবে সুগন্ধি দ্ৰব্য আনিলে। 29 ইস্ৰায়েলৰ সকলোলোকে ইচ্ছাকৃত ভাৱে যিহোৱাৰ উদ্দেশ্যে উপহাৰ আনিলে। প্রত্যেক পুৰুষ আৰু মহিলাই ইচ্ছাকৃতভাৱে উপহাৰ প্রদান কৰিলে। যিহোৱাই মোচিক যিসকলো কৰিবলৈ আজ্ঞা কৰিছিল, সেই সকলো উপহাৰ সামগ্রীৰ সহায়ত মোচিয়ে তৈয়াৰ কৰিলে। 30 তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ লোকসকলক ক’লে, “চোৱা, যিহোৱাই যিহূদা ফৈদৰ হূৰৰ পুত্র ঊৰী, ঊৰীৰ পুত্ৰ বচলেলৰ নাম কাঢ়ি মাতিলে। 31 যিহোৱাই বচলেলক তেওঁৰ আত্মাৰে পৰিপূৰ্ণ কৰিলে, তেওঁক জ্ঞান, বুদ্ধি, বিদ্যা, আৰু সকলো প্ৰকাৰ শিল্প কৌশল দিলে। 32 তেওঁ সোণ, ৰূপ, আৰু পিতলৰ সামগ্রী তৈয়াৰ কৰি তাৰ ওপৰত কাৰুকাৰ্য কৰিব। 33 পাথৰ কাটি খটাব পাৰে, আৰু কাঠেৰেও সকলো প্ৰকাৰ শিল্প কৰ্ম কৰিব পাৰে। 34 যিহোৱাই বচলেল আৰু অহলীয়াবক শিক্ষা দান কৰিবলৈ বিশেষ ক্ষমতা দিলে, অহলীয়াব হ’ল দান বংশৰ অহীচামকৰ পুত্ৰ। 35 যিহোৱাই এই দুয়োজনক সকলো প্রকাৰ কাৰ্য কৰিবলৈ বিশেষ দক্ষতা দিলে। তেওঁলোক সূতাৰ আৰু ধাতুৰ কাৰ্য কৰাত দক্ষতাসম্পন্ন। নীলা, বেঙুনীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰে ফুল বছা কৰ্ম, আৰু কাপোৰ বোৱা কাৰ্য কৰে। তেওঁলোকে সকলো প্রকাৰৰ শিল্পকাৰ্য কৰে, আৰু তেওঁলোক শিল্পিসুলভ নক্সাকাৰ।
In Other Versions
Exodus 35 in the ANGEFD
Exodus 35 in the ANTPNG2D
Exodus 35 in the AS21
Exodus 35 in the BAGH
Exodus 35 in the BBPNG
Exodus 35 in the BBT1E
Exodus 35 in the BDS
Exodus 35 in the BEV
Exodus 35 in the BHAD
Exodus 35 in the BIB
Exodus 35 in the BLPT
Exodus 35 in the BNT
Exodus 35 in the BNTABOOT
Exodus 35 in the BNTLV
Exodus 35 in the BOATCB
Exodus 35 in the BOATCB2
Exodus 35 in the BOBCV
Exodus 35 in the BOCNT
Exodus 35 in the BOECS
Exodus 35 in the BOGWICC
Exodus 35 in the BOHCB
Exodus 35 in the BOHCV
Exodus 35 in the BOHLNT
Exodus 35 in the BOHNTLTAL
Exodus 35 in the BOICB
Exodus 35 in the BOILNTAP
Exodus 35 in the BOITCV
Exodus 35 in the BOKCV
Exodus 35 in the BOKCV2
Exodus 35 in the BOKHWOG
Exodus 35 in the BOKSSV
Exodus 35 in the BOLCB
Exodus 35 in the BOLCB2
Exodus 35 in the BOMCV
Exodus 35 in the BONAV
Exodus 35 in the BONCB
Exodus 35 in the BONLT
Exodus 35 in the BONUT2
Exodus 35 in the BOPLNT
Exodus 35 in the BOSCB
Exodus 35 in the BOSNC
Exodus 35 in the BOTLNT
Exodus 35 in the BOVCB
Exodus 35 in the BOYCB
Exodus 35 in the BPBB
Exodus 35 in the BPH
Exodus 35 in the BSB
Exodus 35 in the CCB
Exodus 35 in the CUV
Exodus 35 in the CUVS
Exodus 35 in the DBT
Exodus 35 in the DGDNT
Exodus 35 in the DHNT
Exodus 35 in the DNT
Exodus 35 in the ELBE
Exodus 35 in the EMTV
Exodus 35 in the ESV
Exodus 35 in the FBV
Exodus 35 in the FEB
Exodus 35 in the GGMNT
Exodus 35 in the GNT
Exodus 35 in the HARY
Exodus 35 in the HNT
Exodus 35 in the IRVB
Exodus 35 in the IRVG
Exodus 35 in the IRVH
Exodus 35 in the IRVK
Exodus 35 in the IRVM
Exodus 35 in the IRVM2
Exodus 35 in the IRVO
Exodus 35 in the IRVP
Exodus 35 in the IRVT
Exodus 35 in the IRVT2
Exodus 35 in the IRVU
Exodus 35 in the ISVN
Exodus 35 in the JSNT
Exodus 35 in the KAPI
Exodus 35 in the KBT1ETNIK
Exodus 35 in the KBV
Exodus 35 in the KJV
Exodus 35 in the KNFD
Exodus 35 in the LBA
Exodus 35 in the LBLA
Exodus 35 in the LNT
Exodus 35 in the LSV
Exodus 35 in the MAAL
Exodus 35 in the MBV
Exodus 35 in the MBV2
Exodus 35 in the MHNT
Exodus 35 in the MKNFD
Exodus 35 in the MNG
Exodus 35 in the MNT
Exodus 35 in the MNT2
Exodus 35 in the MRS1T
Exodus 35 in the NAA
Exodus 35 in the NASB
Exodus 35 in the NBLA
Exodus 35 in the NBS
Exodus 35 in the NBVTP
Exodus 35 in the NET2
Exodus 35 in the NIV11
Exodus 35 in the NNT
Exodus 35 in the NNT2
Exodus 35 in the NNT3
Exodus 35 in the PDDPT
Exodus 35 in the PFNT
Exodus 35 in the RMNT
Exodus 35 in the SBIAS
Exodus 35 in the SBIBS
Exodus 35 in the SBIBS2
Exodus 35 in the SBICS
Exodus 35 in the SBIDS
Exodus 35 in the SBIGS
Exodus 35 in the SBIHS
Exodus 35 in the SBIIS
Exodus 35 in the SBIIS2
Exodus 35 in the SBIIS3
Exodus 35 in the SBIKS
Exodus 35 in the SBIKS2
Exodus 35 in the SBIMS
Exodus 35 in the SBIOS
Exodus 35 in the SBIPS
Exodus 35 in the SBISS
Exodus 35 in the SBITS
Exodus 35 in the SBITS2
Exodus 35 in the SBITS3
Exodus 35 in the SBITS4
Exodus 35 in the SBIUS
Exodus 35 in the SBIVS
Exodus 35 in the SBT
Exodus 35 in the SBT1E
Exodus 35 in the SCHL
Exodus 35 in the SNT
Exodus 35 in the SUSU
Exodus 35 in the SUSU2
Exodus 35 in the SYNO
Exodus 35 in the TBIAOTANT
Exodus 35 in the TBT1E
Exodus 35 in the TBT1E2
Exodus 35 in the TFTIP
Exodus 35 in the TFTU
Exodus 35 in the TGNTATF3T
Exodus 35 in the THAI
Exodus 35 in the TNFD
Exodus 35 in the TNT
Exodus 35 in the TNTIK
Exodus 35 in the TNTIL
Exodus 35 in the TNTIN
Exodus 35 in the TNTIP
Exodus 35 in the TNTIZ
Exodus 35 in the TOMA
Exodus 35 in the TTENT
Exodus 35 in the UBG
Exodus 35 in the UGV
Exodus 35 in the UGV2
Exodus 35 in the UGV3
Exodus 35 in the VBL
Exodus 35 in the VDCC
Exodus 35 in the YALU
Exodus 35 in the YAPE
Exodus 35 in the YBVTP
Exodus 35 in the ZBP