Ezekiel 26 (IRVA)

1 পিছত আমাৰ নিৰ্বাসনৰ একাদশ বছৰত মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2 “হে মনুষ্য সন্তান, তূৰে যিৰূচালেমৰ অহিতে ক’লে, ‘ভাল হৈছে! লোকসকলৰ দুৱাৰবোৰ ভগ্ন হ’ল! সেয়ে মোলৈ মুকলি হ’ল; সেই নগৰ নষ্ট হোৱাৰ কাৰণে মই পৰিপূৰ্ণ হ’ম!’ 3 এই হেতুকে প্ৰভু যিহোৱাই এই কথা কৈছে: ‘হে তূৰ, চোৱা! মই তোমাৰ বিপক্ষ; সমুদ্ৰই নিজৰ ঢৌৱে উটুওৱাদি মই তোমাৰ বিৰুদ্ধে অনেক জাতিক তুলিম! 4 তেওঁলোকে তূৰৰ গড়বোৰ নষ্ট কৰিব আৰু তাৰ ওখ ঘৰবোৰ ভাঙি পেলাব। আৰু মই তাৰ পৰা ধূলি পৰিষ্কাৰ কৰি পেলাই তাক শুদা শিলত পৰিণত কৰিম। 5 সেই নগৰ সমুদ্ৰৰ মাজত জাল মেলি দিয়া ঠাই হ’ব; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইয়াক ক’লো, আৰু নগৰ জাতিবোৰলৈ লুটদ্ৰব্যস্বৰূপ হ’ব। 6 আৰু গাৱেঁভূঁয়ে থকা তাৰ জীয়াৰীসকলক তৰোৱালেৰে বধ কৰা হ’ব; তাতে মই যে যিহোৱা তাক তেওঁলোকে জানিব। 7 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! ঘোঁৰা, ৰথ, অশ্বাৰোহী, সৈন্যদল আৰু অনেক লোকে সৈতে উত্তৰৰ পৰা মই ৰাজাধিৰাজ বাবিলৰ ৰজা নবূখদনেচৰক তূৰৰ বিৰুদ্ধে আনিম! 8 তেওঁ গাৱেঁভূঁয়ে থকা তোমাৰ জীসকলক তৰোৱালেৰে বধ কৰিব, তোমাৰ অহিতে কোঁঠ সাজিব। তোমাৰ বিৰুদ্ধে হাদাম বান্ধিব আৰু তোমাৰ অহিতে ঢাল পাতিব! 9 আৰু তেওঁ তোমাৰ গড়ৰ অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিব আৰু কুঠাৰেৰে তোমাৰ ওখ ঘৰবোৰ ভাঙিব! 10 তেওঁৰ অধিক ঘোঁৰাবোৰেৰে সৈতে তোমাক সেইবোৰৰ ধুলিয়ে ঢাকিব! মানুহে গড় ভাঙি নগৰত সোমোৱাদি তেওঁ তোমাৰ নগৰৰ দুৱাৰত সোমোৱা কালত অশ্বাৰোহী, গাড়ী আৰু ৰথৰ শব্দত তোমাৰ গড়বোৰ লৰিব। 11 তেওঁ নিজৰ ঘোঁৰাবোৰৰ খোৰাৰে তোমাৰ আটাইবোৰ আলি গচকিব; তেওঁ তৰোৱালেৰে তোমাৰ প্ৰজাসকলক বধ কৰিব, আৰু তোমাৰ শক্তিশালী স্তম্ভবোৰ মাটিৰ লগত সমান হ’ব। 12 শত্রুবোৰে তোমাৰ সম্পত্তি লুট কৰিব আৰু তোমাৰ বাণিজ্যদ্ৰব্য কাঢ়ি নিব! তেওঁলোকে তোমাৰ গড় ভাঙি পেলাব, তোমাৰ মনোহৰ ঘৰবোৰ বিনষ্ট কৰিব, আৰু তোমাৰ শিল, কাঠ, ধূলি জল সমূহৰ মাজত পেলাব। 13 মই তোমাৰ গীতৰ শব্দ নাইকিয়া কৰিম; তোমাৰ বীণাৰ স্বৰ আৰু শুনা নাযাব। 14 আৰু মই তোমাক শুদা শিলত পৰিণত কৰিম; তুমি জাল মেলা ঠাই হ’বা; তোমাক আৰু সজা নাযাব’!” কিয়নো প্ৰভু যিহোৱাই কৈছে, মই যিহোৱাই ইয়াকে ক’লোঁ! 15 “প্ৰভু যিহোৱাই তূৰক এইদৰে কৈছে: যেতিয়া খুন হোৱাবোৰে কেঁকাব, যেতিয়া তোমাৰ মাজত হত্যা হ’ব, তেতিয়া তোমাৰ পতনৰ শব্দত দ্বীপবোৰ নকঁপিব নে? 16 সেই সময়ত সমুদ্ৰৰ আটাই অধিপতিয়ে নিজৰ নিজৰ সিংহাসনৰ পৰা নামি নিজ নিজ ৰাজবস্ত্ৰ ত্যাগ কৰিব, নিজ নিজ কাৰচিপি বন কৰা কাপোৰ, সোলোকাই পেলাব, ত্ৰাসৰূপ বস্ত্ৰ পিন্ধিব, মাটিত বহিব, বিস্ময় মানিব। 17 আৰু তেওঁলোক তোমাৰ অৰ্থে বিলাপ কৰিবলৈ ধৰি তোমাক ক’ব,যি নগৰীয়ে সাগৰ-নিবাসীসকলত নিজৰ ভয় লগাইছিল, সমুদ্ৰ-ব্যৱসায়ী নিজ নিবাসীসকলে সৈতে সমুদ্ৰত পৰাক্ৰমী আৰু বিখ্যাত সেই নগৰী যি তুমি, কেনে বিনষ্ট থ’লো! 18 তোমাৰ পতনৰ দিনত দ্বীপবোৰ কঁপিব, এনে কি তুমি লুপ্ত বোৱাত সমুদ্ৰত থকা দ্বীপবোৰ বিহ্বল হ’ব। 19 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: নিবাসীশূণ্য নগৰবোৰৰ দৰে যেতিয়া মই তোমাক উচ্ছন্ন নগৰী কৰিম, যেতিয়া মই তোমাৰ ওপৰলৈ অগাধ জল সমূহ আনিম, আৰু মহাজল সমূহে তোমাক ঢাকিব, 20 তেতিয়া তুমি বাসস্থান নহ’বৰ বাবে, মই তোমাক গাতলৈ নমাসকলৰ সৈতে আগৰ কালৰ লোকসকলৰ ওচৰলৈ নমাম আৰু পৃথিৱীৰ তল ভাগত, আগৰ কালৰ পৰা উচ্ছন্ন হোৱা ঠাইবোৰত, গাতলৈ নামিব লগাবোৰৰ লগত বাস কৰাম, আৰু মই জীৱিত লোকৰ দেশত গৌৰৱ স্থাপন কৰিম। 21 মই তোমাক ত্ৰাসৰ বিষয় কৰিম; তুমি আৰু নহ’বা; তোমাক বিচাৰিলেও আৰু কেতিয়াও পোৱা নাযাব।” এয়ে প্ৰভু যিহোৱাৰ বচন!

In Other Versions

Ezekiel 26 in the ANGEFD

Ezekiel 26 in the ANTPNG2D

Ezekiel 26 in the AS21

Ezekiel 26 in the BAGH

Ezekiel 26 in the BBPNG

Ezekiel 26 in the BBT1E

Ezekiel 26 in the BDS

Ezekiel 26 in the BEV

Ezekiel 26 in the BHAD

Ezekiel 26 in the BIB

Ezekiel 26 in the BLPT

Ezekiel 26 in the BNT

Ezekiel 26 in the BNTABOOT

Ezekiel 26 in the BNTLV

Ezekiel 26 in the BOATCB

Ezekiel 26 in the BOATCB2

Ezekiel 26 in the BOBCV

Ezekiel 26 in the BOCNT

Ezekiel 26 in the BOECS

Ezekiel 26 in the BOGWICC

Ezekiel 26 in the BOHCB

Ezekiel 26 in the BOHCV

Ezekiel 26 in the BOHLNT

Ezekiel 26 in the BOHNTLTAL

Ezekiel 26 in the BOICB

Ezekiel 26 in the BOILNTAP

Ezekiel 26 in the BOITCV

Ezekiel 26 in the BOKCV

Ezekiel 26 in the BOKCV2

Ezekiel 26 in the BOKHWOG

Ezekiel 26 in the BOKSSV

Ezekiel 26 in the BOLCB

Ezekiel 26 in the BOLCB2

Ezekiel 26 in the BOMCV

Ezekiel 26 in the BONAV

Ezekiel 26 in the BONCB

Ezekiel 26 in the BONLT

Ezekiel 26 in the BONUT2

Ezekiel 26 in the BOPLNT

Ezekiel 26 in the BOSCB

Ezekiel 26 in the BOSNC

Ezekiel 26 in the BOTLNT

Ezekiel 26 in the BOVCB

Ezekiel 26 in the BOYCB

Ezekiel 26 in the BPBB

Ezekiel 26 in the BPH

Ezekiel 26 in the BSB

Ezekiel 26 in the CCB

Ezekiel 26 in the CUV

Ezekiel 26 in the CUVS

Ezekiel 26 in the DBT

Ezekiel 26 in the DGDNT

Ezekiel 26 in the DHNT

Ezekiel 26 in the DNT

Ezekiel 26 in the ELBE

Ezekiel 26 in the EMTV

Ezekiel 26 in the ESV

Ezekiel 26 in the FBV

Ezekiel 26 in the FEB

Ezekiel 26 in the GGMNT

Ezekiel 26 in the GNT

Ezekiel 26 in the HARY

Ezekiel 26 in the HNT

Ezekiel 26 in the IRVB

Ezekiel 26 in the IRVG

Ezekiel 26 in the IRVH

Ezekiel 26 in the IRVK

Ezekiel 26 in the IRVM

Ezekiel 26 in the IRVM2

Ezekiel 26 in the IRVO

Ezekiel 26 in the IRVP

Ezekiel 26 in the IRVT

Ezekiel 26 in the IRVT2

Ezekiel 26 in the IRVU

Ezekiel 26 in the ISVN

Ezekiel 26 in the JSNT

Ezekiel 26 in the KAPI

Ezekiel 26 in the KBT1ETNIK

Ezekiel 26 in the KBV

Ezekiel 26 in the KJV

Ezekiel 26 in the KNFD

Ezekiel 26 in the LBA

Ezekiel 26 in the LBLA

Ezekiel 26 in the LNT

Ezekiel 26 in the LSV

Ezekiel 26 in the MAAL

Ezekiel 26 in the MBV

Ezekiel 26 in the MBV2

Ezekiel 26 in the MHNT

Ezekiel 26 in the MKNFD

Ezekiel 26 in the MNG

Ezekiel 26 in the MNT

Ezekiel 26 in the MNT2

Ezekiel 26 in the MRS1T

Ezekiel 26 in the NAA

Ezekiel 26 in the NASB

Ezekiel 26 in the NBLA

Ezekiel 26 in the NBS

Ezekiel 26 in the NBVTP

Ezekiel 26 in the NET2

Ezekiel 26 in the NIV11

Ezekiel 26 in the NNT

Ezekiel 26 in the NNT2

Ezekiel 26 in the NNT3

Ezekiel 26 in the PDDPT

Ezekiel 26 in the PFNT

Ezekiel 26 in the RMNT

Ezekiel 26 in the SBIAS

Ezekiel 26 in the SBIBS

Ezekiel 26 in the SBIBS2

Ezekiel 26 in the SBICS

Ezekiel 26 in the SBIDS

Ezekiel 26 in the SBIGS

Ezekiel 26 in the SBIHS

Ezekiel 26 in the SBIIS

Ezekiel 26 in the SBIIS2

Ezekiel 26 in the SBIIS3

Ezekiel 26 in the SBIKS

Ezekiel 26 in the SBIKS2

Ezekiel 26 in the SBIMS

Ezekiel 26 in the SBIOS

Ezekiel 26 in the SBIPS

Ezekiel 26 in the SBISS

Ezekiel 26 in the SBITS

Ezekiel 26 in the SBITS2

Ezekiel 26 in the SBITS3

Ezekiel 26 in the SBITS4

Ezekiel 26 in the SBIUS

Ezekiel 26 in the SBIVS

Ezekiel 26 in the SBT

Ezekiel 26 in the SBT1E

Ezekiel 26 in the SCHL

Ezekiel 26 in the SNT

Ezekiel 26 in the SUSU

Ezekiel 26 in the SUSU2

Ezekiel 26 in the SYNO

Ezekiel 26 in the TBIAOTANT

Ezekiel 26 in the TBT1E

Ezekiel 26 in the TBT1E2

Ezekiel 26 in the TFTIP

Ezekiel 26 in the TFTU

Ezekiel 26 in the TGNTATF3T

Ezekiel 26 in the THAI

Ezekiel 26 in the TNFD

Ezekiel 26 in the TNT

Ezekiel 26 in the TNTIK

Ezekiel 26 in the TNTIL

Ezekiel 26 in the TNTIN

Ezekiel 26 in the TNTIP

Ezekiel 26 in the TNTIZ

Ezekiel 26 in the TOMA

Ezekiel 26 in the TTENT

Ezekiel 26 in the UBG

Ezekiel 26 in the UGV

Ezekiel 26 in the UGV2

Ezekiel 26 in the UGV3

Ezekiel 26 in the VBL

Ezekiel 26 in the VDCC

Ezekiel 26 in the YALU

Ezekiel 26 in the YAPE

Ezekiel 26 in the YBVTP

Ezekiel 26 in the ZBP