Isaiah 14 (IRVA)

1 যিহোৱাই যাকোবক দয়া কৰিব; ইস্ৰায়েলক পুনৰায় মনোনীত কৰিব, আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই যাকোবৰ বংশত সংযুক্ত হ’ব। 2 আৰু দেশবাসীয়ে তেওঁলোকক লৈ গৈ তেওঁলোকৰ নিজৰ ঠাইত থ’ব। তাৰ পাছত ইস্ৰায়েল বংশৰ লোকসকলে তেওঁলোকক যিহোৱাৰ দেশলৈ দাস দাসীৰ দৰে লৈ যাব। তেওঁলোকক বন্দী কৰা লোকসকলক তেওঁলোকে বন্দী কৰিব, আৰু তেওঁলোকক উপদ্ৰৱ কৰা লোকসকলৰ ওপৰত তেওঁলোকে শাসন কৰিব। 3 সেই দিনা দুখ, কষ্ট, আৰু কঠিন বন্দীত্বত থাকি কাম কৰিবলৈ বাধ্য হোৱাৰ পৰা যিহোৱাই তোমালোকক জিৰণী দিব। 4 তোমালোকে বাবিলৰ ৰজাৰ বিৰুদ্ধে বিদ্রূপৰ গীত গাবা,উপদ্ৰৱ কৰা সকলৰ কেনেকৈ অন্ত হ’ল, গর্ব্বেৰে কৰা উত্তেজনাৰ অন্ত হ’ল! 5 যিহোৱাই দুষ্টবোৰৰ লাঠি, আৰু সেই শাসনকর্তা সকলৰ ৰাজদণ্ড ভাঙিব, 6 যাৰ দ্বাৰাই অবিৰাম ভাৱে ভুকুৱাত ক্রোধেৰে লোকসকল প্রভাৱিত হৈছিল,দেশবাসীসকলক খঙেৰে আক্রমন কৰি শাসন কৰাত অনিয়ন্ত্রিত হৈছিল। 7 সমস্ত পৃথিৱী শান্ত আৰু সুস্থিৰ হৈ আছে; তেওঁলোকে গীতেৰে সৈতে উৎসৱ পালন কৰিছে; 8 এনে কি, দেবদাৰু আৰু লিবানোনৰ এৰচ গছবোৰেও আনন্দ কৰিছে,সিহঁতে কৈছে, ‘তুমি পতিত হোৱাৰ পৰা আমাক কাটিবলৈ কোনো খৰিকটীয়া আহা নাই।’ 9 তুমি যেতিয়া সেই ঠাইলৈ গৈছিলা, তেতিয়া তোমাক সাক্ষাৎ কৰিবলৈ চিয়োল অধঃস্থানৰ পৰা উৎসুক হৈছে;পৃথিৱীৰ সকলো ৰজাসকল আৰু মৃতবোৰ তোমাৰ বাবে উঠিছে,দেশবোৰৰ সকলো ৰজাক নিজৰ সিংহাসনৰ পৰা উঠাইছে। 10 তেওঁলোক সকলোৱে তোমাৰ সৈতে কথা পাতি ক’ব,‘তুমিও আমাৰ দৰে দুৰ্ব্বল হৈছা,তুমি আমাৰ দৰেই হৈছা। 11 তোমাৰ আড়ম্বৰ আৰু তোমাৰ নেবল যন্ত্ৰৰ বাদ্য চিয়োললৈ নমোৱা হ’ল,তোমাৰ চাৰিওফালে পোকবোৰ সিঁচৰিত হ’ল, আৰু কেঁচুবোৰে তোমাক ঢাকিলে।’ 12 তুমি আকাশ মণ্ডল, নক্ষত্র, আৰু প্ৰভাতীয় তৰাৰ পৰা কেনেকৈ পৰিলা!দেশবোৰক জয় কৰা জন যি তুমি বিছিন্ন হৈ মাটিত কেনেকৈ পৰিলা! 13 তুমি তোমাৰ মনতে কৈছিলা, ‘মই স্বৰ্গলৈ উঠিম,ঈশ্বৰৰ তৰাবোৰৰ ওপৰত মই মোৰ সিংহাসন উন্নত কৰিম;আৰু মই উত্তৰ দিশৰ অন্তভাগত সভা বহা পাহাৰত বহিম। 14 মই মেঘবোৰতকৈয়ো ওখ ঠাইত উঠিম; মই নিজকে সৰ্ব্বোপৰি জনাৰ তুল্য কৰিম।’ 15 তথাপি তোমাক এতিয়া চিয়োলৰ গাতৰ অন্তভাগলৈকে নমোৱা হ’ল। 16 তোমালৈ স্থিৰ হৈ দৃষ্টি কৰা সকল তোমাৰ বিষয়ে বিবেচনা কৰিব,তেওঁলোকে ক’ব, ‘পৃথিৱীখন কঁপোৱা, আৰু ৰাজ্যবোৰক জোকাৰা মানুহ জন সেই জনেই নে?’ 17 পৃথিৱীখনক মৰুপ্রান্ত স্বৰূপ কৰা, নগৰবোৰ উচ্ছন্ন কৰা, আৰু বন্দীসকলক ঘৰলৈ যাবলৈ নিদিয়া জন সেই জনেই নে? 18 দেশবোৰৰ সকলো ৰজা,তেওঁলোকৰ সকলোৱে নিজৰ মৈদামত সন্মানেৰে শুইছে। 19 কিন্তু ডালবোৰ কাটি পেলোৱাৰ দৰে তোমাক মৈদামৰ পৰা নিক্ষেপ কৰা হৈছে,শিলৰ গাতলৈ নিয়া আৰু তৰোৱালেৰে খোচা মৃতলোকে বস্ত্রৰ দৰে তোমাক ঢাকি ধৰিছে। 20 মৃত দেহ গচকাৰ দৰে, তুমি তেওঁলোকৰ সৈতে কেতিয়াও মৈদামত যোগ দিয়া নহ’বা;কাৰণ তুমি তোমাৰ দেশ ধ্বংস কৰিলা, নিজৰ লোকসকলক বধ কৰা জন তুমিয়ে;অন্যায়কাৰী সকলৰ পুত্রৰ নাম পুনৰ উল্লেখ কৰা নহ’ব। 21 তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ বাবে, তেওঁলোকৰ সন্তান সকলক বধ কৰিবলৈ প্রস্তুত হোৱা,সেয়ে তেওঁলোকে উঠি নাহিব, আৰু পৃথিৱীখন অধিকাৰ কৰিছে, আৰু সমগ্র পৃথিৱীত নগৰেৰে পৰিপূৰ্ণ হৈছে। 22 বাহিনীসকলৰ যিহোৱাই কৈছে, “মই তেওঁলোকৰ বিৰুদ্ধে উঠিম”বাবিলৰ নাম, বংশধৰ, আৰু ভাবী বংশ উছন্ন কৰিম” এইয়ে যিহোৱাৰ ঘোষণা। 23 মই তেওঁক ফেঁচাৰ বাসস্থানলৈ, আৰু পুখুৰীৰ পানীলৈ লৈ যাম,আৰু মই তেওঁক সৰ্বনাশৰ বাঢ়নিৰে সাৰি পেলাম” বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, 24 বাহিনীসকলৰ যিহোৱাই শপত কৰি কৈছে, “নিশ্চয়ে,মই সঙ্কল্প কৰাৰ দৰে, এইটো মোলৈ ঘটিব; আৰু মই অভিপ্রায় কৰাৰ দৰে সেয়ে হ’ব; 25 মই মোৰ দেশত অচুৰক ভাঙিম, আৰু মোৰ পৰ্বতৰ ওপৰত ভৰিৰে গচকিম।তেতিয়া তেওঁলোকৰ পৰা তেওঁৰ যুঁৱলী আঁতৰাব আৰু তেওঁলোকৰ কান্ধৰ পৰা তেওঁৰ ভাৰ দূৰ কৰা হ’ব।” 26 সমগ্র পৃথিৱী বাবে স্থিৰ কৰা অভিপ্রায় এয়ে, আৰু সকলো দেশৰ ওপৰত উঠা হাত এয়ে। 27 কাৰণ বাহিনীসকলৰ যিহোৱাই এয়ে পৰিকল্পনা কৰিলে; তেওঁক কোনে বাধা দিব পাৰে? তেওঁৰ হাত দাঙিব; আৰু কোনে তাক তললৈ কৰিব পাৰিব? 28 ৰজা আহজৰ মৃত্যু হোৱাৰ বছৰত এই ঘোষণা হৈছিল। 29 হে পলেষ্টিয়া, তোমালোকক প্ৰহাৰ কৰা দণ্ডডাল ভগা দেখি তোমালোকে আনন্দ নকৰিবা।কাৰণ সাপৰ গাতৰ পৰা এটা বিষাক্ত সাপ বাহিৰ ওলাব, আৰু তাৰ পোৱালিবোৰ অগ্নিসদৃশ উৰণীয়া সাপ হ’ব। 30 দৰিদ্ৰসকলৰ প্রথমে জন্মাই খাব, আৰু অভাবগ্রস্ত সকলে সুৰক্ষাৰ বাবে শুই পৰিব।আকালৰ দ্বাৰাই মই তোমাৰ মূল নষ্ট কৰিম, আৰু তোমাৰ অৱশিষ্ট ভাগক বধ কৰা হ’ব। 31 হে পলেষ্টিয়াৰ দুৱাৰ গৰ্জন কৰা, আৰু হে নগৰ ক্রন্দন কৰা, তুমি দ্রৱ হৈ শেষ হৈ যাবা।কাৰণ উত্তৰ দিশৰ পৰা ধুঁৱাৰ দৰে ডাৱৰ আহিব, আৰু তেওঁৰ শ্রেণীত এজনো পথভ্রষ্ট নাথাকিব। 32 তেনেহলে দেশৰ বাৰ্ত্তাবহক সকলক কেনেকৈ উত্তৰ দিব?সেয়ে যিহোৱাই চিয়োনক সংস্থাপন কৰিলে, আৰু তেওঁৰ লোকসকলৰ নিপীড়িতসকলক আশ্রয়স্থান বিচাৰি দিব।

In Other Versions

Isaiah 14 in the ANGEFD

Isaiah 14 in the ANTPNG2D

Isaiah 14 in the AS21

Isaiah 14 in the BAGH

Isaiah 14 in the BBPNG

Isaiah 14 in the BBT1E

Isaiah 14 in the BDS

Isaiah 14 in the BEV

Isaiah 14 in the BHAD

Isaiah 14 in the BIB

Isaiah 14 in the BLPT

Isaiah 14 in the BNT

Isaiah 14 in the BNTABOOT

Isaiah 14 in the BNTLV

Isaiah 14 in the BOATCB

Isaiah 14 in the BOATCB2

Isaiah 14 in the BOBCV

Isaiah 14 in the BOCNT

Isaiah 14 in the BOECS

Isaiah 14 in the BOGWICC

Isaiah 14 in the BOHCB

Isaiah 14 in the BOHCV

Isaiah 14 in the BOHLNT

Isaiah 14 in the BOHNTLTAL

Isaiah 14 in the BOICB

Isaiah 14 in the BOILNTAP

Isaiah 14 in the BOITCV

Isaiah 14 in the BOKCV

Isaiah 14 in the BOKCV2

Isaiah 14 in the BOKHWOG

Isaiah 14 in the BOKSSV

Isaiah 14 in the BOLCB

Isaiah 14 in the BOLCB2

Isaiah 14 in the BOMCV

Isaiah 14 in the BONAV

Isaiah 14 in the BONCB

Isaiah 14 in the BONLT

Isaiah 14 in the BONUT2

Isaiah 14 in the BOPLNT

Isaiah 14 in the BOSCB

Isaiah 14 in the BOSNC

Isaiah 14 in the BOTLNT

Isaiah 14 in the BOVCB

Isaiah 14 in the BOYCB

Isaiah 14 in the BPBB

Isaiah 14 in the BPH

Isaiah 14 in the BSB

Isaiah 14 in the CCB

Isaiah 14 in the CUV

Isaiah 14 in the CUVS

Isaiah 14 in the DBT

Isaiah 14 in the DGDNT

Isaiah 14 in the DHNT

Isaiah 14 in the DNT

Isaiah 14 in the ELBE

Isaiah 14 in the EMTV

Isaiah 14 in the ESV

Isaiah 14 in the FBV

Isaiah 14 in the FEB

Isaiah 14 in the GGMNT

Isaiah 14 in the GNT

Isaiah 14 in the HARY

Isaiah 14 in the HNT

Isaiah 14 in the IRVB

Isaiah 14 in the IRVG

Isaiah 14 in the IRVH

Isaiah 14 in the IRVK

Isaiah 14 in the IRVM

Isaiah 14 in the IRVM2

Isaiah 14 in the IRVO

Isaiah 14 in the IRVP

Isaiah 14 in the IRVT

Isaiah 14 in the IRVT2

Isaiah 14 in the IRVU

Isaiah 14 in the ISVN

Isaiah 14 in the JSNT

Isaiah 14 in the KAPI

Isaiah 14 in the KBT1ETNIK

Isaiah 14 in the KBV

Isaiah 14 in the KJV

Isaiah 14 in the KNFD

Isaiah 14 in the LBA

Isaiah 14 in the LBLA

Isaiah 14 in the LNT

Isaiah 14 in the LSV

Isaiah 14 in the MAAL

Isaiah 14 in the MBV

Isaiah 14 in the MBV2

Isaiah 14 in the MHNT

Isaiah 14 in the MKNFD

Isaiah 14 in the MNG

Isaiah 14 in the MNT

Isaiah 14 in the MNT2

Isaiah 14 in the MRS1T

Isaiah 14 in the NAA

Isaiah 14 in the NASB

Isaiah 14 in the NBLA

Isaiah 14 in the NBS

Isaiah 14 in the NBVTP

Isaiah 14 in the NET2

Isaiah 14 in the NIV11

Isaiah 14 in the NNT

Isaiah 14 in the NNT2

Isaiah 14 in the NNT3

Isaiah 14 in the PDDPT

Isaiah 14 in the PFNT

Isaiah 14 in the RMNT

Isaiah 14 in the SBIAS

Isaiah 14 in the SBIBS

Isaiah 14 in the SBIBS2

Isaiah 14 in the SBICS

Isaiah 14 in the SBIDS

Isaiah 14 in the SBIGS

Isaiah 14 in the SBIHS

Isaiah 14 in the SBIIS

Isaiah 14 in the SBIIS2

Isaiah 14 in the SBIIS3

Isaiah 14 in the SBIKS

Isaiah 14 in the SBIKS2

Isaiah 14 in the SBIMS

Isaiah 14 in the SBIOS

Isaiah 14 in the SBIPS

Isaiah 14 in the SBISS

Isaiah 14 in the SBITS

Isaiah 14 in the SBITS2

Isaiah 14 in the SBITS3

Isaiah 14 in the SBITS4

Isaiah 14 in the SBIUS

Isaiah 14 in the SBIVS

Isaiah 14 in the SBT

Isaiah 14 in the SBT1E

Isaiah 14 in the SCHL

Isaiah 14 in the SNT

Isaiah 14 in the SUSU

Isaiah 14 in the SUSU2

Isaiah 14 in the SYNO

Isaiah 14 in the TBIAOTANT

Isaiah 14 in the TBT1E

Isaiah 14 in the TBT1E2

Isaiah 14 in the TFTIP

Isaiah 14 in the TFTU

Isaiah 14 in the TGNTATF3T

Isaiah 14 in the THAI

Isaiah 14 in the TNFD

Isaiah 14 in the TNT

Isaiah 14 in the TNTIK

Isaiah 14 in the TNTIL

Isaiah 14 in the TNTIN

Isaiah 14 in the TNTIP

Isaiah 14 in the TNTIZ

Isaiah 14 in the TOMA

Isaiah 14 in the TTENT

Isaiah 14 in the UBG

Isaiah 14 in the UGV

Isaiah 14 in the UGV2

Isaiah 14 in the UGV3

Isaiah 14 in the VBL

Isaiah 14 in the VDCC

Isaiah 14 in the YALU

Isaiah 14 in the YAPE

Isaiah 14 in the YBVTP

Isaiah 14 in the ZBP