Isaiah 42 (IRVA)

1 সৌৱা চোৱা, মোৰ দাস, মই তেওঁক ধৰি ৰাখিছোঁ; মোৰ মনোনীত লোকত, মোৰ আত্মাই সন্তুষ্ট হৈছে;মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ; তেওঁ দেশবাসীসকলৰ মাজত ন্যায় বিচাৰ কৰিব। 2 তেওঁ নাকান্দিব অথবা নিচিঞঁৰিব, আৰু নিজৰ মাত পথত শুনাকৈ নক’ব। 3 তেওঁ থেতেলা নল নাভাঙিব, ধোঁৱাই থকা শলিতাও নুনুমাব;কিন্তু তেওঁ সত্যতাৰে ন্যায় বিচাৰ কৰিব। 4 তেওঁ পৃথিবীত ন্যায় বিচাৰ স্থাপন নকৰালৈকেদুৰ্ব্বল কি নিৰুৎসাহ নহ’ব;আৰু দ্বীপবোৰে তেওঁৰ বিধানৰ বাবে অপেক্ষা কৰিব। 5 যিজনাই আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেইজনাই পৃথিৱী আৰু তাত উৎপন্ন হোৱা সকলোকে দলিচা পৰাৰ দৰে পাৰিলে, আৰু জীৱন দিলে;যি জনাই লোকসকলক নিশ্বাস দিলে জীয়াই থকা সকলক প্রাণ দিলে,সেই ঈশ্বৰ যিহোৱা কোৱা কথা এই, 6 মই তোমাক ধাৰ্মিকতালৈ মাতিলো, আৰু তোমাৰ হাত ধৰি ৰাখিম,মই লোকসকলৰ নিয়ম স্থাপকৰূপে, দেশবাসীসকলৰ দ্বীপ্তি স্বৰূপে তোমাক নিযুক্ত কৰিম। 7 অন্ধ লোকসকলৰ চকু মুকলি কৰিবলৈ, বন্দীশালৰ পৰা বন্দীসকলক মুক্ত কৰিবলৈ,আৰু কাৰাগাৰৰ অন্ধকাৰত বহি থকা সকলক তাৰ পৰা আনিবলৈ। 8 মই যিহোৱা, এয়ে মোৰ নাম;আৰু মই মোৰ গৌৰৱ আনক, বা মোৰ প্ৰশংসা কটা মুৰ্ত্তিবোৰক নিদিওঁ। 9 চোৱা, আগৰ কথা ফলিয়ালেএতিয়া নতুন বিষয় মই প্ৰকাশ কৰোঁ;সেইবোৰ সিদ্ধ নহওঁতেই সেইবোৰৰ বিষয়ে মই তোমালোকক কওঁ।” 10 হে সমুদ্ৰৰ ভিতৰত থকাসকল আৰু তাত থকা সকলোবোৰ, হে দ্বীপবোৰ আৰু তাৰ নিবাসীসকলতোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা, আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসাৰ গান কৰা। 11 মৰুভূমি আৰু তাৰ নগৰবোৰে কান্দক, কেদৰে বসতি কৰা গাওঁবোৰে উচ্চধ্বনি কৰক;চেলা-নিবাসীসকল গান কৰক, পৰ্ব্বতৰ টিঙৰ পৰা জয় ধ্বনি কৰক। 12 তেওঁলোকে যিহোৱাৰ গৌৰৱ স্বীকাৰ কৰক, আৰু দ্বীপবোৰৰ মাজত তেওঁৰ প্ৰশংসা কৰক। 13 যিহোৱা বীৰৰ দৰে ওলাই আহিব; তেওঁ যুদ্ধাৰুৰ দৰে নিজৰ উৎসাহ বঢ়াব; তেওঁ জয় ধ্বনি কৰিব,এনে কি, মহা ধ্বনি কৰিব; তেওঁ শত্রুবোৰৰ বিৰুদ্ধে পৰাক্রমী কাৰ্য প্রদৰ্শন কৰিব। 14 মই বহু সময়ৰ বাবে নিজম দি থাকিলোঁ, এতিয়াও মই মোখ বন্ধ কৰিম,কিন্তু এতিয়া মই প্ৰসৱ কৰা তিৰোতাৰ দৰে চিঞৰিম, একেবাৰে নেথাম আৰু ঘনকৈ উশাহ ল’ম। 15 মই পৰ্ব্বত আৰু পাহাৰবোৰ ধ্বংস কৰিম, আৰু সেই বোৰৰ ওপৰত থকা সকলো গছ গছনি শুকুৱাম;আৰু মই নৈ বোৰ দ্বীপত পৰিনত কৰিম, আৰু জলাশয়বোৰ শুকুৱাম। 16 মই অন্ধসকলক তেওঁলোকে নজনা বাটেদি লৈ যাম, তেওঁলোকে নজনা পথেদি তেওঁলোকক লৈ যাম;মই তেওঁলোকৰ আগত আন্ধাৰক পোহৰ কৰিম, আৰু বেঁকাবেঁকি ঠাই পোন কৰিম।এইবোৰ কাৰ্য মই কৰিম; আৰু সেইবোৰ মই পৰিত্যাগ নকৰিম। 17 যিসকলে কটা প্ৰতিমাবোৰত বিশ্বাস কৰে, আৰু যিসকলে সাঁচত ঢলা মুৰ্ত্তিবোৰক কয়, “তোমালোক আমাৰ ঈশ্বৰ,”সেই আটাইলোক সকলে বিমুখ হৈ সম্পূৰ্ণকৈ লাজ্জিত হ’ব। 18 হে কলাসকল শুনা; হে অন্ধসকল চকু মেলা তাতে দেখা পাবা। 19 কিন্তু মোৰ দাসৰ দৰে অন্ধ কোন? আৰু মই পঠোৱা দূতৰ দৰে কলা কোন?মোৰে সৈতে শান্তিৰে থকা লোকৰ দৰে অন্ধ কোন? যিহোৱাৰ দাসৰ দৰে অন্ধ কোন? 20 তুমি অনেক বিষয় দেখিছা, কিন্তু হৃদয়ঙ্গম নকৰা; কাণ মুকলি আছে, কিন্তু তেওঁ নুশুনে। 21 যিহোৱাই নিজৰ ধাৰ্মিকতালৈ চাই, ব্যৱস্থাক মহৎ আৰু আদৰণীয় কৰিবলৈ সন্তুষ্ট হ’ল। 22 কিন্তু এই লোকসকল ডকাইত আৰু লুট কৰি নিয়া লোক,তেওঁলোক সকলোৱেই গাতত ধৰা পৰিল, আৰু বন্দীশালত বন্দী কৰা হ’ল;তেওঁলোকক লুট কৰা হ’ল, কিন্তু তেওঁলোকক কোনেও উদ্ধাৰ কৰিব নোৱাৰে; আৰু কোনেও নকয় “ওভোটাই দিয়া” বুলি। 23 তোমাৰ মাজত কোনে এই কথা শুনিব? আৰু কোনে শুনি ভবিষ্যত কালৰ বাবে শুনিব? 24 কোনে যাকোবক লোট আৰু কোনে ইস্ৰায়েলক ডকাইতৰ হাতত সমৰ্পণ কৰিলে?যি জনাৰ বিৰুদ্ধে আমি পাপ কৰিলোঁ, আৰু যিজনাৰ পথত লোকসকলে চলিবলৈ অমান্তি হ’ল,আৰু যিজনাৰ ব্যৱস্থালৈ লোকসকলে কাণ নিদিলে, সেই যিহোৱাই নহয় নে? 25 সেই বাবে তেওঁ তাৰ ওপৰত নিজৰ ক্ৰোধাগ্নি আৰু যুদ্ধৰ প্ৰচণ্ডতা বৰষালে;তাতে সেয়ে চাৰিওফালে জ্বলি উঠিল, তথাপিও তেওঁলোকে উপলব্ধি নকৰিলে; সেয়ে তেওঁলোকক পুৰিলে, তথাপি তেওঁলোকে হৃদেয়েৰে গ্রহণ নকৰিলে।

In Other Versions

Isaiah 42 in the ANGEFD

Isaiah 42 in the ANTPNG2D

Isaiah 42 in the AS21

Isaiah 42 in the BAGH

Isaiah 42 in the BBPNG

Isaiah 42 in the BBT1E

Isaiah 42 in the BDS

Isaiah 42 in the BEV

Isaiah 42 in the BHAD

Isaiah 42 in the BIB

Isaiah 42 in the BLPT

Isaiah 42 in the BNT

Isaiah 42 in the BNTABOOT

Isaiah 42 in the BNTLV

Isaiah 42 in the BOATCB

Isaiah 42 in the BOATCB2

Isaiah 42 in the BOBCV

Isaiah 42 in the BOCNT

Isaiah 42 in the BOECS

Isaiah 42 in the BOGWICC

Isaiah 42 in the BOHCB

Isaiah 42 in the BOHCV

Isaiah 42 in the BOHLNT

Isaiah 42 in the BOHNTLTAL

Isaiah 42 in the BOICB

Isaiah 42 in the BOILNTAP

Isaiah 42 in the BOITCV

Isaiah 42 in the BOKCV

Isaiah 42 in the BOKCV2

Isaiah 42 in the BOKHWOG

Isaiah 42 in the BOKSSV

Isaiah 42 in the BOLCB

Isaiah 42 in the BOLCB2

Isaiah 42 in the BOMCV

Isaiah 42 in the BONAV

Isaiah 42 in the BONCB

Isaiah 42 in the BONLT

Isaiah 42 in the BONUT2

Isaiah 42 in the BOPLNT

Isaiah 42 in the BOSCB

Isaiah 42 in the BOSNC

Isaiah 42 in the BOTLNT

Isaiah 42 in the BOVCB

Isaiah 42 in the BOYCB

Isaiah 42 in the BPBB

Isaiah 42 in the BPH

Isaiah 42 in the BSB

Isaiah 42 in the CCB

Isaiah 42 in the CUV

Isaiah 42 in the CUVS

Isaiah 42 in the DBT

Isaiah 42 in the DGDNT

Isaiah 42 in the DHNT

Isaiah 42 in the DNT

Isaiah 42 in the ELBE

Isaiah 42 in the EMTV

Isaiah 42 in the ESV

Isaiah 42 in the FBV

Isaiah 42 in the FEB

Isaiah 42 in the GGMNT

Isaiah 42 in the GNT

Isaiah 42 in the HARY

Isaiah 42 in the HNT

Isaiah 42 in the IRVB

Isaiah 42 in the IRVG

Isaiah 42 in the IRVH

Isaiah 42 in the IRVK

Isaiah 42 in the IRVM

Isaiah 42 in the IRVM2

Isaiah 42 in the IRVO

Isaiah 42 in the IRVP

Isaiah 42 in the IRVT

Isaiah 42 in the IRVT2

Isaiah 42 in the IRVU

Isaiah 42 in the ISVN

Isaiah 42 in the JSNT

Isaiah 42 in the KAPI

Isaiah 42 in the KBT1ETNIK

Isaiah 42 in the KBV

Isaiah 42 in the KJV

Isaiah 42 in the KNFD

Isaiah 42 in the LBA

Isaiah 42 in the LBLA

Isaiah 42 in the LNT

Isaiah 42 in the LSV

Isaiah 42 in the MAAL

Isaiah 42 in the MBV

Isaiah 42 in the MBV2

Isaiah 42 in the MHNT

Isaiah 42 in the MKNFD

Isaiah 42 in the MNG

Isaiah 42 in the MNT

Isaiah 42 in the MNT2

Isaiah 42 in the MRS1T

Isaiah 42 in the NAA

Isaiah 42 in the NASB

Isaiah 42 in the NBLA

Isaiah 42 in the NBS

Isaiah 42 in the NBVTP

Isaiah 42 in the NET2

Isaiah 42 in the NIV11

Isaiah 42 in the NNT

Isaiah 42 in the NNT2

Isaiah 42 in the NNT3

Isaiah 42 in the PDDPT

Isaiah 42 in the PFNT

Isaiah 42 in the RMNT

Isaiah 42 in the SBIAS

Isaiah 42 in the SBIBS

Isaiah 42 in the SBIBS2

Isaiah 42 in the SBICS

Isaiah 42 in the SBIDS

Isaiah 42 in the SBIGS

Isaiah 42 in the SBIHS

Isaiah 42 in the SBIIS

Isaiah 42 in the SBIIS2

Isaiah 42 in the SBIIS3

Isaiah 42 in the SBIKS

Isaiah 42 in the SBIKS2

Isaiah 42 in the SBIMS

Isaiah 42 in the SBIOS

Isaiah 42 in the SBIPS

Isaiah 42 in the SBISS

Isaiah 42 in the SBITS

Isaiah 42 in the SBITS2

Isaiah 42 in the SBITS3

Isaiah 42 in the SBITS4

Isaiah 42 in the SBIUS

Isaiah 42 in the SBIVS

Isaiah 42 in the SBT

Isaiah 42 in the SBT1E

Isaiah 42 in the SCHL

Isaiah 42 in the SNT

Isaiah 42 in the SUSU

Isaiah 42 in the SUSU2

Isaiah 42 in the SYNO

Isaiah 42 in the TBIAOTANT

Isaiah 42 in the TBT1E

Isaiah 42 in the TBT1E2

Isaiah 42 in the TFTIP

Isaiah 42 in the TFTU

Isaiah 42 in the TGNTATF3T

Isaiah 42 in the THAI

Isaiah 42 in the TNFD

Isaiah 42 in the TNT

Isaiah 42 in the TNTIK

Isaiah 42 in the TNTIL

Isaiah 42 in the TNTIN

Isaiah 42 in the TNTIP

Isaiah 42 in the TNTIZ

Isaiah 42 in the TOMA

Isaiah 42 in the TTENT

Isaiah 42 in the UBG

Isaiah 42 in the UGV

Isaiah 42 in the UGV2

Isaiah 42 in the UGV3

Isaiah 42 in the VBL

Isaiah 42 in the VDCC

Isaiah 42 in the YALU

Isaiah 42 in the YAPE

Isaiah 42 in the YBVTP

Isaiah 42 in the ZBP