John 2 (IRVA)
1 তিন দিনৰ দিনা গালীল প্ৰদেশৰ কান্না নগৰত এখন বিয়া হৈছিল আৰু যীচুৰ মাক তাত আছিল। 2 সেই বিয়ালৈ যীচু আৰু তেওঁৰ শিষ্য সকলকো নিমন্ত্ৰণ কৰা হৈছিল। 3 পাছত যেতিয়া দ্ৰাক্ষাৰস শেষ হৈ আহিল, তেতিয়া যীচুৰ মাকে আহি যীচুক ক’লে, “তেওঁলোকৰ দ্ৰাক্ষাৰস শেষ হ’ল।” 4 যীচুৱে তেওঁক ক’লে, “হে নাৰী, এই কথাত মোৰ সৈতে কি কাম? মোৰ এতিয়াও সময় হোৱা নাই।” 5 তেওঁৰ মাকে দাস সকলক ক’লে, “এওঁ তোমালোকক যিহকে কয়, তাকে কৰিবাহঁক।” 6 সেই ঠাইতে ইহুদী সকলৰ ৰীতি অনুসাৰে শুচি হবৰ কাৰণে পাথৰৰ ছয়টা পানী থোৱা শিলৰ পাত্র আছিল। সেইবোৰৰ প্রত্যেকতে প্ৰায় আশীৰ পৰা এশ বিশ লিটাৰ পানী ধৰে। 7 যীচুৱে দাসবোৰক ক’লে, “এই পাত্রকেইটাত পানী ভৰাই দিয়া।” দাসবোৰে তেতিয়া সেই পাত্রকেইটাৰ কাণলৈকে পূৰ্ণ কৰি পানী ভৰাই দিলে। 8 তাৰ পাছত যীচুৱে সিহঁতক ক’লে, “এতিয়া তাৰ পৰা অলপ উলিয়াই ভোজৰ অধিকাৰীৰ ওচৰলৈ লৈ যোৱা।” তাতে দাসবোৰে সেইদৰে কৰিলে। 9 ভোজৰ অধিকাৰীয়ে পানীৰ পৰা হোৱা সেই দ্ৰাক্ষাৰস চাকি চালে; কিন্তু সেই ৰস ক’ৰ পৰা আহিল, তেওঁ নাজানিলে। যি দাসবোৰে পানী তুলিছিল, সিহঁতেহে জানিলে। তেতিয়া ভোজৰ অধিকাৰীয়ে দৰাক মাতি ক’লে, 10 “সাধাৰণতে সকলো মানুহে প্রথমে উত্তম দ্ৰাক্ষাৰস পৰিবেশন কৰে আৰু অতিথি সকলে সেয়া ইচ্ছামতে খোৱাৰ পাছত, তেওঁলোকক আগতকৈ নিম্নমানৰ দ্রাক্ষাৰস পৰিবেশন কৰে। কিন্তু তোমালোকে হ’লে এতিয়ালৈকে উত্তম দ্ৰাক্ষাৰস ৰাখি থৈছা।” 11 গালীল প্ৰদেশৰ কান্না নগৰত এই প্রথম আচৰিত চিনৰ কার্য কৰি যীচুৱে নিজৰ মহিমা প্রকাশ কৰিলে। তাতে তেওঁৰ শিষ্য সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে। 12 তাৰ পাছত যীচুৱে তেওঁৰ মাক, ভায়েকহঁত আৰু শিষ্য সকলৰ সৈতে কফৰনাহূমলৈ গ’ল আৰু তাতে তেওঁলোক কিছুদিন থাকিল। 13 ইহুদী সকলৰ নিস্তাৰ-পৰ্ব পালনৰ সময় ওচৰ হোৱাত যীচু যিৰূচালেমলৈ গ’ল। 14 তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোক সকলে ষাঁড়-গৰু, মেৰ, কপৌ চৰাই বেচি আছে আৰু ধন সলোৱা লোক সকলো তাত বহি আছে। 15 তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে ষাঁড়-গৰু, মেৰবোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে। 16 যি সকলে পাৰচৰাই বেচিছিল, তেওঁলোকক ক’লে, “ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।” 17 ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: “তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।” 18 তেতিয়া ইহুদী নেতা সকলে যীচুক সুধিলে, “এইবোৰ আচৰিত কাৰ্য কৰিবলৈ তুমি যে অধিকাৰ পাইছা, তাৰে কি প্রমাণ তুমি আমাক দেখুৱাব পাৰিবা?” 19 যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনি দিনত তাক তুলি ধৰিম।” 20 তেতিয়া ইহুদী সকলে ক’লে, “এই মন্দিৰ নির্ম্মাণ কৰোঁতে ছয়চল্লিশ বছৰ লাগিছিল আৰু তুমি তাক তিন দিনতে তুলিবা নে?” 21 কিন্তু যীচুৱে মন্দিৰ বুলি নিজৰ দেহ-মন্দিৰৰ বিষয়লৈহে সেই কথা কৈছিল। 22 সেয়ে, পাছত যেতিয়া যীচুক মৃত লোকৰ মাজৰ পৰা তোলা হ’ল, তেতিয়া তেওঁৰ শিষ্য সকলৰ মনত পৰিল যে তেওঁ এই কথাই কৈছিল। তেতিয়া তেওঁলোকে ধৰ্মশাস্ত্ৰৰ কথাত আৰু যীচুৰ এই কথাত বিশ্বাস কৰিলে। 23 নিস্তাৰ-পৰ্বৰ সময়ত যিৰূচালেমত থাকোতে যীচুৱে যিবোৰ আচৰিত কাম কৰি চিন দেখুৱালে, সেইবোৰ দেখি বহু মানুহে তেওঁৰ নামত বিশ্বাস কৰিলে। 24 কিন্তু যীচুৱে হ’লে তেওঁলোকৰ ওপৰত নিজে কোনো বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলো লোককে জানিছিল। 25 মানুহৰ সম্পর্কে কোনো লোকৰ সাক্ষ্যৰ প্ৰয়োজন তেওঁৰ নাছিল; কিয়নো মানুহৰ অন্তৰত কি আছে, তেওঁ নিজে তাক জানিছিল।
In Other Versions
John 2 in the ANGEFD
John 2 in the ANTPNG2D
John 2 in the AS21
John 2 in the BAGH
John 2 in the BBPNG
John 2 in the BBT1E
John 2 in the BDS
John 2 in the BEV
John 2 in the BHAD
John 2 in the BIB
John 2 in the BLPT
John 2 in the BNT
John 2 in the BNTABOOT
John 2 in the BNTLV
John 2 in the BOATCB
John 2 in the BOATCB2
John 2 in the BOBCV
John 2 in the BOCNT
John 2 in the BOECS
John 2 in the BOGWICC
John 2 in the BOHCB
John 2 in the BOHCV
John 2 in the BOHLNT
John 2 in the BOHNTLTAL
John 2 in the BOICB
John 2 in the BOILNTAP
John 2 in the BOITCV
John 2 in the BOKCV
John 2 in the BOKCV2
John 2 in the BOKHWOG
John 2 in the BOKSSV
John 2 in the BOLCB
John 2 in the BOLCB2
John 2 in the BOMCV
John 2 in the BONAV
John 2 in the BONCB
John 2 in the BONLT
John 2 in the BONUT2
John 2 in the BOPLNT
John 2 in the BOSCB
John 2 in the BOSNC
John 2 in the BOTLNT
John 2 in the BOVCB
John 2 in the BOYCB
John 2 in the BPBB
John 2 in the BPH
John 2 in the BSB
John 2 in the CCB
John 2 in the CUV
John 2 in the CUVS
John 2 in the DBT
John 2 in the DGDNT
John 2 in the DHNT
John 2 in the DNT
John 2 in the ELBE
John 2 in the EMTV
John 2 in the ESV
John 2 in the FBV
John 2 in the FEB
John 2 in the GGMNT
John 2 in the GNT
John 2 in the HARY
John 2 in the HNT
John 2 in the IRVB
John 2 in the IRVG
John 2 in the IRVH
John 2 in the IRVK
John 2 in the IRVM
John 2 in the IRVM2
John 2 in the IRVO
John 2 in the IRVP
John 2 in the IRVT
John 2 in the IRVT2
John 2 in the IRVU
John 2 in the ISVN
John 2 in the JSNT
John 2 in the KAPI
John 2 in the KBT1ETNIK
John 2 in the KBV
John 2 in the KJV
John 2 in the KNFD
John 2 in the LBA
John 2 in the LBLA
John 2 in the LNT
John 2 in the LSV
John 2 in the MAAL
John 2 in the MBV
John 2 in the MBV2
John 2 in the MHNT
John 2 in the MKNFD
John 2 in the MNG
John 2 in the MNT
John 2 in the MNT2
John 2 in the MRS1T
John 2 in the NAA
John 2 in the NASB
John 2 in the NBLA
John 2 in the NBS
John 2 in the NBVTP
John 2 in the NET2
John 2 in the NIV11
John 2 in the NNT
John 2 in the NNT2
John 2 in the NNT3
John 2 in the PDDPT
John 2 in the PFNT
John 2 in the RMNT
John 2 in the SBIAS
John 2 in the SBIBS
John 2 in the SBIBS2
John 2 in the SBICS
John 2 in the SBIDS
John 2 in the SBIGS
John 2 in the SBIHS
John 2 in the SBIIS
John 2 in the SBIIS2
John 2 in the SBIIS3
John 2 in the SBIKS
John 2 in the SBIKS2
John 2 in the SBIMS
John 2 in the SBIOS
John 2 in the SBIPS
John 2 in the SBISS
John 2 in the SBITS
John 2 in the SBITS2
John 2 in the SBITS3
John 2 in the SBITS4
John 2 in the SBIUS
John 2 in the SBIVS
John 2 in the SBT
John 2 in the SBT1E
John 2 in the SCHL
John 2 in the SNT
John 2 in the SUSU
John 2 in the SUSU2
John 2 in the SYNO
John 2 in the TBIAOTANT
John 2 in the TBT1E
John 2 in the TBT1E2
John 2 in the TFTIP
John 2 in the TFTU
John 2 in the TGNTATF3T
John 2 in the THAI
John 2 in the TNFD
John 2 in the TNT
John 2 in the TNTIK
John 2 in the TNTIL
John 2 in the TNTIN
John 2 in the TNTIP
John 2 in the TNTIZ
John 2 in the TOMA
John 2 in the TTENT
John 2 in the UBG
John 2 in the UGV
John 2 in the UGV2
John 2 in the UGV3
John 2 in the VBL
John 2 in the VDCC
John 2 in the YALU
John 2 in the YAPE
John 2 in the YBVTP
John 2 in the ZBP