Job 25 (IRVA)
1 তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে, 2 প্ৰভুত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে;তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে। 3 তেওঁৰ বাহিনীসকলৰ সংখ্যা আছে নে?আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়? 4 তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে?আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে? 5 চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়,আৰু তৰাবোৰো নিৰ্ম্মল নহয়। 6 তেনেহলে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়!আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়!