Matthew 19 (IRVA)

1 এইবোৰ কথা কোৱাৰ অন্তত যীচু গালীল প্ৰদেশৰ পৰা যৰ্দ্দনৰ সিপাৰে থকা যিহুদীয়াৰ সীমালৈ আহিল৷ 2 মানুহৰ বৃহৎ দল এটাও তেওঁৰ পাছে পাছে আহিবলৈ ধৰিলে আৰু তেওঁ সেই লোক সকলক সুস্থ কৰিলে। 3 সেই সময়ত কেইজনমান ফৰীচীয়ে আহি যীচুক পৰীক্ষা কৰিবৰ কাৰণে সুধিলে, “কোনো লোকৰ পক্ষে যি কোনো কাৰণত পত্নীক ত্যাগ কৰাটো বিধান সন্মত হয় নে?” 4 তাতে যীচুৱে উত্তৰ দি ক’লে, “আৰম্ভণীতে সৃষ্টিকৰ্তাই যে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি স্ৰজন কৰিলে, সেই বিষয়ে অাপোনালোকে জানো পঢ়া নাই? 5 তাৰ পাছত ঈশ্বৰে আকৌ কৈছিল, ‘এই হেতুকে মানুহে নিজৰ পিতৃ-মাতৃক এৰি, নিজৰ স্ত্ৰীত আসক্ত হৈ এক দেহ হ’ব’? 6 তেওঁলোক এতিয়া দুজন নহয়, কিন্তু দুয়ো এক দেহ হ’ল। এতেকে ঈশ্বৰে যি জনক একেলগে যোগ কৰিছে, মানুহে তেওঁক বিয়োগ নকৰক।” 7 তেতিয়া ফৰীচী সকলে তেওঁক সুধিলে, “তেনেহলে মোচিয়ে কিয় ত্যাগ-পত্ৰ দি ভার্যাক এৰিবলৈ আজ্ঞা দিছে”? 8 যীচুৱে তেওঁলোকক ক’লে, “অাপোনালোকৰ কঠোৰ মনৰ কাৰণে মোচিয়ে নিজৰ ভার্যাক ত্যাগ কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; অাৰম্ভণীতে কিন্তু এনেকুৱা নাছিল। 9 সেয়ে, মই অাপোনালোকক কওঁ, যদি কোনো মানুহে ব্যভিচাৰৰ বাহিৰে আন কোনো কাৰণত ভার্যাক ত্যাগ কৰি অন্যক বিয়া কৰায়, তেনেহলে সেই জনে ব্যভিচাৰ কৰে আৰু কোনোৱে যদি পৰিত্যক্ত হোৱা সেই ভার্যাক বিয়া কৰায়, তেনেহলে তেৱোঁ ব্যভিচাৰ কৰে।” 10 তেতিয়া শিষ্য সকলে যীচুক ক’লে, “যদি নিজৰ ভার্যাৰ সৈতে এজন পুৰুষৰ সম্পর্ক এনেকুৱাই হয়, তেনেহলে বিয়া নকৰোঁৱাই ভাল”। 11 যীচুৱে তেওঁলোকক ক’লে, “সকলোৱে এই শিক্ষা মানি লব নোৱাৰে, কেৱল যি সকলক সেই ক্ষমতা দিয়া হৈছে, তেওঁলোকেহে এই বিষয় মানি লব পাৰে। 12 কোনোৱে মাকৰ গৰ্ভৰ পৰাই নপুংসক হৈ জন্ম পাইছে; আন কাৰোবাক মানুহেই নপুংসক কৰিছে; পুণৰ এনে কোনো কোনো লোক আছে যি সকলে স্বৰ্গৰাজ্যৰ কাৰণে নিজকে নিজে নপুংসক কৰিছে। যি জনে এই শিক্ষা গ্রহণ কৰিব পাৰে, তেওঁ গ্ৰহণ কৰক।” 13 তাৰ পাছত লোক সকলে সৰু সৰু ল’ৰা ছোৱালীবোৰক যীচুৰ কাষলৈ লৈ আহিল যাতে শিশু সকলৰ ওপৰত হাত ৰাখি তেওঁ প্ৰাৰ্থনা কৰে; কিন্তু যীচুৰ শিষ্য সকলে তেওঁলোকক ডবিয়াব ধৰিলে। 14 তেতিয়া যীচুৱে ক’লে, “শিশুবোৰক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা; কিয়নো স্বৰ্গৰাজ্য এওঁলোকৰ নিচিনা লোক সকলৰ বাবেহে।” 15 ইয়াৰ পাছত তেওঁ শিশু সকলৰ ওপৰত নিজৰ হাত ৰাখিলে৷ পাছত সেই ঠাইৰ পৰা তেওঁ আতৰি গ’ল। 16 এদিন এজন যুৱকে যীচুৰ ওচৰলৈ আহি সুধিলে, “হে গুৰু, অনন্ত জীৱন পাবৰ কাৰণে মই কি সৎ কৰ্ম কৰিব লাগিব”? 17 যীচুৱে তেওঁক ক’লে, “সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ইচ্ছা কৰা, তেনেহলে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।” 18 মানুহ জনে তেওঁক সুধিলে, “কোনবোৰ আজ্ঞা”? যীচুৱে ক’লে, “নৰ-বধ নকৰিবা; ব্যভিচাৰ নকৰিবা; চুৰ নকৰিবা; 19 মিছা সাক্ষ্য নিদিবা; নিজৰ পিতৃ-মাতৃক সন্মান কৰা; আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা”। 20 সেই যুৱক জনে তেতিয়া তেওঁক ক’লে, “মইতো এই সকলোবোৰ পালন কৰি আহিছোঁ; এতিয়া মোৰ কি কৰিবলৈ বাকী আছে”? 21 যীচুৱে তেওঁক ক’লে, “যদি তুমি নিখুঁত হবলৈ ইচ্ছা কৰা, তেনেহলে যোৱা; তোমাৰ সৰ্ব্বস্ব বেচা আৰু দৰিদ্ৰ সকলক দান কৰা, তাতে স্বৰ্গত তোমাৰ ধন হব৷ তাৰ পাছত আহা, মোৰ অনুকাৰী হোৱা”। 22 এই কথা শুনি যুৱক জন অতি দুঃখিত হৈ গুচি গ’ল; কিয়নো তেওঁৰ বহুত ধন-সম্পত্তি আছিল। 23 তেতিয়া যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, ধনী লোকৰ বাবে স্বৰ্গৰাজ্যত প্রৱেশ কৰা কঠিন। 24 পুনৰায় মই তোমালোকক কওঁ, ধনী ব্যক্তিৰ কাৰণে ঈশ্বৰৰ ৰাজ্যত সোমোৱাতকৈ বৰং বেজীৰ বিন্ধায়েদি উট সোমোৱা উজু।” 25 এই কথা শুনি শিষ্য সকলে অতিশয় বিস্মিত হৈ ক’লে, “তেনেহলে পৰিত্ৰাণ পোৱা কাৰ সম্ভৱ?” 26 যীচুৱে তেওঁলোকলৈ চাই ক’লে, “ই মানুহৰ পক্ষে অসম্ভৱ ঠিকেই, কিন্তু ঈশ্বৰৰ পক্ষে সকলো সম্ভৱ।” 27 তেতিয়া পিতৰে উত্তৰ দি তেওঁক ক’লে, “চাওক, আমি সকলোকে এৰি আপোনাৰ পাছত আহিছোঁ, তেনেহলে আমি পাম নে?” 28 যীচুৱে তেওঁলোকক ক’লে, “মই সঁচাকৈ তোমালোকক কওঁ, তোমালোক যি সকল মোৰ অনুগামী হ’লা, নতুন সৃষ্টিৰ সময়ত যেতিয়া মানুহৰ পুত্ৰ নিজৰ প্ৰতাপেৰে সিংহাসনত বহিব, তেতিয়া তোমালোকেও বাৰ খন সিংহাসনত বহিবা আৰু ইস্ৰায়েলৰ বাৰ ফৈদৰ সোধ-বিচাৰ কৰিবা। 29 যি কোনোৱে মোৰ নামৰ কাৰণে নিজৰ ঘৰ, ভাই, ভনী, পিতৃ, মাতৃ, সন্তান, বা মাটিকে এৰে, তেওঁ তাৰ এশ গুণ বেচি পাব আৰু অনন্ত জীৱনৰো অধিকাৰী হব। 30 যি সকল এতিয়া প্রথমত আছে, তেওঁলোকৰ মাজৰ অনেক পাছ হ’ব, আৰু যি সকল শেষত আছে, তেওঁলোকৰ মাজৰ বহু লোক আগ হ’ব।”

In Other Versions

Matthew 19 in the ANGEFD

Matthew 19 in the ANTPNG2D

Matthew 19 in the AS21

Matthew 19 in the BAGH

Matthew 19 in the BBPNG

Matthew 19 in the BBT1E

Matthew 19 in the BDS

Matthew 19 in the BEV

Matthew 19 in the BHAD

Matthew 19 in the BIB

Matthew 19 in the BLPT

Matthew 19 in the BNT

Matthew 19 in the BNTABOOT

Matthew 19 in the BNTLV

Matthew 19 in the BOATCB

Matthew 19 in the BOATCB2

Matthew 19 in the BOBCV

Matthew 19 in the BOCNT

Matthew 19 in the BOECS

Matthew 19 in the BOGWICC

Matthew 19 in the BOHCB

Matthew 19 in the BOHCV

Matthew 19 in the BOHLNT

Matthew 19 in the BOHNTLTAL

Matthew 19 in the BOICB

Matthew 19 in the BOILNTAP

Matthew 19 in the BOITCV

Matthew 19 in the BOKCV

Matthew 19 in the BOKCV2

Matthew 19 in the BOKHWOG

Matthew 19 in the BOKSSV

Matthew 19 in the BOLCB

Matthew 19 in the BOLCB2

Matthew 19 in the BOMCV

Matthew 19 in the BONAV

Matthew 19 in the BONCB

Matthew 19 in the BONLT

Matthew 19 in the BONUT2

Matthew 19 in the BOPLNT

Matthew 19 in the BOSCB

Matthew 19 in the BOSNC

Matthew 19 in the BOTLNT

Matthew 19 in the BOVCB

Matthew 19 in the BOYCB

Matthew 19 in the BPBB

Matthew 19 in the BPH

Matthew 19 in the BSB

Matthew 19 in the CCB

Matthew 19 in the CUV

Matthew 19 in the CUVS

Matthew 19 in the DBT

Matthew 19 in the DGDNT

Matthew 19 in the DHNT

Matthew 19 in the DNT

Matthew 19 in the ELBE

Matthew 19 in the EMTV

Matthew 19 in the ESV

Matthew 19 in the FBV

Matthew 19 in the FEB

Matthew 19 in the GGMNT

Matthew 19 in the GNT

Matthew 19 in the HARY

Matthew 19 in the HNT

Matthew 19 in the IRVB

Matthew 19 in the IRVG

Matthew 19 in the IRVH

Matthew 19 in the IRVK

Matthew 19 in the IRVM

Matthew 19 in the IRVM2

Matthew 19 in the IRVO

Matthew 19 in the IRVP

Matthew 19 in the IRVT

Matthew 19 in the IRVT2

Matthew 19 in the IRVU

Matthew 19 in the ISVN

Matthew 19 in the JSNT

Matthew 19 in the KAPI

Matthew 19 in the KBT1ETNIK

Matthew 19 in the KBV

Matthew 19 in the KJV

Matthew 19 in the KNFD

Matthew 19 in the LBA

Matthew 19 in the LBLA

Matthew 19 in the LNT

Matthew 19 in the LSV

Matthew 19 in the MAAL

Matthew 19 in the MBV

Matthew 19 in the MBV2

Matthew 19 in the MHNT

Matthew 19 in the MKNFD

Matthew 19 in the MNG

Matthew 19 in the MNT

Matthew 19 in the MNT2

Matthew 19 in the MRS1T

Matthew 19 in the NAA

Matthew 19 in the NASB

Matthew 19 in the NBLA

Matthew 19 in the NBS

Matthew 19 in the NBVTP

Matthew 19 in the NET2

Matthew 19 in the NIV11

Matthew 19 in the NNT

Matthew 19 in the NNT2

Matthew 19 in the NNT3

Matthew 19 in the PDDPT

Matthew 19 in the PFNT

Matthew 19 in the RMNT

Matthew 19 in the SBIAS

Matthew 19 in the SBIBS

Matthew 19 in the SBIBS2

Matthew 19 in the SBICS

Matthew 19 in the SBIDS

Matthew 19 in the SBIGS

Matthew 19 in the SBIHS

Matthew 19 in the SBIIS

Matthew 19 in the SBIIS2

Matthew 19 in the SBIIS3

Matthew 19 in the SBIKS

Matthew 19 in the SBIKS2

Matthew 19 in the SBIMS

Matthew 19 in the SBIOS

Matthew 19 in the SBIPS

Matthew 19 in the SBISS

Matthew 19 in the SBITS

Matthew 19 in the SBITS2

Matthew 19 in the SBITS3

Matthew 19 in the SBITS4

Matthew 19 in the SBIUS

Matthew 19 in the SBIVS

Matthew 19 in the SBT

Matthew 19 in the SBT1E

Matthew 19 in the SCHL

Matthew 19 in the SNT

Matthew 19 in the SUSU

Matthew 19 in the SUSU2

Matthew 19 in the SYNO

Matthew 19 in the TBIAOTANT

Matthew 19 in the TBT1E

Matthew 19 in the TBT1E2

Matthew 19 in the TFTIP

Matthew 19 in the TFTU

Matthew 19 in the TGNTATF3T

Matthew 19 in the THAI

Matthew 19 in the TNFD

Matthew 19 in the TNT

Matthew 19 in the TNTIK

Matthew 19 in the TNTIL

Matthew 19 in the TNTIN

Matthew 19 in the TNTIP

Matthew 19 in the TNTIZ

Matthew 19 in the TOMA

Matthew 19 in the TTENT

Matthew 19 in the UBG

Matthew 19 in the UGV

Matthew 19 in the UGV2

Matthew 19 in the UGV3

Matthew 19 in the VBL

Matthew 19 in the VDCC

Matthew 19 in the YALU

Matthew 19 in the YAPE

Matthew 19 in the YBVTP

Matthew 19 in the ZBP