Psalms 101 (IRVA)
1 মই দয়া আৰু ন্যায় বিচাৰৰ গীত গাম;হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম। 2 মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম;তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা?মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম। 3 মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম;বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ,সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব। 4 কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব;দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব। 5 যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে,তেওঁক মই উচ্ছন্ন কৰিম;গর্বিত দৃষ্টি আৰু অহংকাৰী মনৰ লোকক মই সহ্য নকৰিম। 6 দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব;তেওঁলোকে মোৰ সৈতে বাস কৰিব।যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব। 7 ছলনাকাৰীবোৰ মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব;মিথ্যাবাদীবোৰ মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব। 8 প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম;যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।