Psalms 133 (IRVA)
1 ই কেনে উত্তম আৰু কেনে আনন্দময় হয়,যেতিয়া স্বজাতীয় লোকে একেলগে ঐক্যতাৰে বাস কৰে! 2 তেওঁলোক মূৰত ঢলা বহুমূল্য তেলৰ নিচিনা,যি তললৈ দাঢ়িলৈকৈ নামি আহে,হাৰোণৰেই দাঢ়িৰ ওপৰেদি নামি গৈতেওঁৰ বস্ত্ৰৰ ডিঙিলৈকে বৈ আহিল! 3 সেয়ে হৰ্মোণ পর্বতৰ নিয়ৰৰ নিচিনা,যি চিয়োনৰ পৰ্বতমালাৰ ওপৰলৈ নামি আহিল;কিয়নো তাত যিহোৱাই তেওঁৰ আশীৰ্ব্বাদৰ ৰায় দিলে,অনন্ত কালৰ নিমিত্তে জীৱনৰ ৰায় দিলে।