Psalms 82 (IRVA)
1 ঈশ্বৰ তেওঁৰ স্বর্গীয় সভাৰ মাজত থিয় হৈছে;দেৱতাবোৰৰ সেই সভাত তেৱেঁই বিচাৰ কৰে। 2 “কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা) 3 তোমালোকে দৰিদ্ৰ আৰু অনাথসকলৰ প্রতি ন্যায় বিচাৰ কৰা;দুখী আৰু দীনহীনৰ ন্যায্য অধিকাৰ ৰক্ষা কৰা। 4 দুখীয়া আৰু কঙালক বচোৱা;দুষ্টবোৰৰ হাতৰ পৰা তেওঁলোকক মুক্ত কৰা।” 5 তেওঁলোকৰ জ্ঞান আৰু বিচাৰ-বুদ্ধি বুলি একো নাই;চাৰিওফালে অন্ধকাৰতে তেওঁলোক ফুৰে;পৃথিবীৰ আটাই ভিত্তিমূলবোৰ কঁপি উঠিছে। 6 মই ক’লো, “তোমালোকেই দেৱতাবোৰ;তোমালোক সকলোৱেই সৰ্ব্বোপৰি জনাৰ সন্তান। 7 কিন্তু তথাপিও তোমালোক মনুষ্যৰ দৰে মৰিবা;অধিপতিসকলৰ এজনৰ দৰেই তোমালোকৰ পতন হ’ব।” 8 হে ঈশ্বৰ, তুমি উঠা, পৃথিবীৰ বিচাৰ কৰা;কিয়নো সমুদায় জাতি তোমাৰ অধিকাৰত আছে।