Romans 12 (IRVA)
1 এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা। 2 আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷ 3 কিয়নো মোক দিয়া অনুগ্ৰহৰ দ্বাৰাই মই আপোনালোকৰ প্ৰত্যেক জনক কওঁ যে, উপযুক্ত বিবেচনাতকৈ কোনেও নিজকে বৰ বুলি বিবেচনা নকৰক; কিন্তু ঈশ্বৰে যাক যি পৰিমাণে বিশ্বাস দিলে, তেওঁ সেই অনুসাৰে নিজৰ বিষয়ে গভীৰ মনেৰে বিবেচনা কৰক। 4 কাৰণ আমাৰ এই শৰীৰত যেনেকৈ অনেক অঙ্গ-প্ৰত্যঙ্গ আছে, অথচ সেই সকলো অঙ্গ-প্ৰত্যঙ্গৰ একে ৰূপৰ কাৰ্য নহয়, 5 তেনেকৈ আমিও অনেক হৈ খ্ৰীষ্টত এক দেহ হওঁ আৰু প্ৰতিজনে পৰস্পৰ অঙ্গ-প্ৰত্যঙ্গ হৈ আছোঁ। 6 কিন্তু আমাক দিয়া অনুগ্ৰহৰ দৰে, আমি পৃথক পৃথক অনুগ্ৰহৰ বৰ প্ৰাপ্ত হৈছোঁ৷ সেই বৰ যদি ভাববাণী হয়, তেনেহলে বিশ্বাসৰ পৰিমাণেৰে সেয়া কওঁহক৷ 7 যদি পৰিচৰ্যাৰ বৰ হয়, তেনেহলে পৰিচৰ্যাতে থাকোহক; বা শিক্ষা দিওঁতাই শিক্ষা দিয়া কাৰ্যত থাকোহক৷ 8 উদগাওঁতাই উদগোৱা কাৰ্যত থাকক; দান দিওঁতাই দানশীলতাৰে দান কৰক; শাসন কৰা জনে যত্নেৰে শাসন কৰক; দয়া কৰা জনে হৰ্ষিত মনেৰে দয়া কৰক। 9 প্ৰেম অকল্পিত হওক। যি মন্দ, তাক ঘিণ কৰক; যি উত্তম, তাত আসক্ত হওক৷ 10 ভাতৃ-প্ৰেমত পৰস্পৰ স্নেহশীল হওক; আৰু সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হওক৷ 11 যত্নত এলেহুৱা নহ’ব; আত্মাত উৎসাহী হওক; প্ৰভুৰ সেৱাকৰ্ম কৰক৷ 12 আশাত আনন্দ কৰক; ক্লেশত সহনীয় হওক; প্ৰাৰ্থনাত লাগি থাকক; 13 পবিত্ৰ লোক সকলৰ অভাৱ দূৰ কৰা কথাত, তেওঁলোকৰ সহভাগী হওক; অতিথি-সেৱাত আসক্ত হওক। 14 যি সকলে আপোনালোকক তাড়না কৰে, তেওঁলোকক আশীৰ্বাদ কৰক; শাও নিদি আশীৰ্বাদ কৰক। 15 যি সকলে আনন্দ কৰে, তেওঁলোকে সৈতে আনন্দ কৰক; যি সকলে ক্ৰন্দন কৰে, তেওঁলোকে সৈতে ক্ৰন্দন কৰক। 16 আপোনালোকৰ পৰস্পৰৰ ভাব একে হওক। বৰ বৰ বিষয়বোৰ চিন্তা নকৰি, সামান্য লোকৰ দৰে চলক৷ নিজৰ নিজৰ মনত জ্ঞানী নহব। 17 অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷ 18 যদি হ’ব পাৰে, তেনেহলে আপোনালোকৰ সাধ্য অনুসাৰে সকলো মানুহৰ সৈতে শান্তিৰে থাকক। 19 হে প্ৰিয় সকল, আপোনালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিব, কিন্তু ঈশ্বৰৰ ক্ৰোধলৈ ঠাই থ’ব; কিয়নো এনেদৰে লিখা আছে, প্ৰভুৱে কৈছে, “প্ৰতিকাৰ কৰা মোৰ কৰ্ম; মইহে প্ৰতিফল দিম।” 20 “কিন্তু যদি তোমাৰ শত্ৰুৰ ভোক লাগে, তেনেহলে তেওঁক ভোজন কৰোঁৱা;যদি তেওঁৰ পিয়াহ লাগে, তেনেহলে জল পান কৰোঁৱা;তেনে কৰিলে তেওঁৰ মূৰত জ্বলি থকা আঙঠা দ’ম কৰি থবা”। 21 কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ভাল কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।
In Other Versions
Romans 12 in the ANGEFD
Romans 12 in the ANTPNG2D
Romans 12 in the AS21
Romans 12 in the BAGH
Romans 12 in the BBPNG
Romans 12 in the BBT1E
Romans 12 in the BDS
Romans 12 in the BEV
Romans 12 in the BHAD
Romans 12 in the BIB
Romans 12 in the BLPT
Romans 12 in the BNT
Romans 12 in the BNTABOOT
Romans 12 in the BNTLV
Romans 12 in the BOATCB
Romans 12 in the BOATCB2
Romans 12 in the BOBCV
Romans 12 in the BOCNT
Romans 12 in the BOECS
Romans 12 in the BOGWICC
Romans 12 in the BOHCB
Romans 12 in the BOHCV
Romans 12 in the BOHLNT
Romans 12 in the BOHNTLTAL
Romans 12 in the BOICB
Romans 12 in the BOILNTAP
Romans 12 in the BOITCV
Romans 12 in the BOKCV
Romans 12 in the BOKCV2
Romans 12 in the BOKHWOG
Romans 12 in the BOKSSV
Romans 12 in the BOLCB
Romans 12 in the BOLCB2
Romans 12 in the BOMCV
Romans 12 in the BONAV
Romans 12 in the BONCB
Romans 12 in the BONLT
Romans 12 in the BONUT2
Romans 12 in the BOPLNT
Romans 12 in the BOSCB
Romans 12 in the BOSNC
Romans 12 in the BOTLNT
Romans 12 in the BOVCB
Romans 12 in the BOYCB
Romans 12 in the BPBB
Romans 12 in the BPH
Romans 12 in the BSB
Romans 12 in the CCB
Romans 12 in the CUV
Romans 12 in the CUVS
Romans 12 in the DBT
Romans 12 in the DGDNT
Romans 12 in the DHNT
Romans 12 in the DNT
Romans 12 in the ELBE
Romans 12 in the EMTV
Romans 12 in the ESV
Romans 12 in the FBV
Romans 12 in the FEB
Romans 12 in the GGMNT
Romans 12 in the GNT
Romans 12 in the HARY
Romans 12 in the HNT
Romans 12 in the IRVB
Romans 12 in the IRVG
Romans 12 in the IRVH
Romans 12 in the IRVK
Romans 12 in the IRVM
Romans 12 in the IRVM2
Romans 12 in the IRVO
Romans 12 in the IRVP
Romans 12 in the IRVT
Romans 12 in the IRVT2
Romans 12 in the IRVU
Romans 12 in the ISVN
Romans 12 in the JSNT
Romans 12 in the KAPI
Romans 12 in the KBT1ETNIK
Romans 12 in the KBV
Romans 12 in the KJV
Romans 12 in the KNFD
Romans 12 in the LBA
Romans 12 in the LBLA
Romans 12 in the LNT
Romans 12 in the LSV
Romans 12 in the MAAL
Romans 12 in the MBV
Romans 12 in the MBV2
Romans 12 in the MHNT
Romans 12 in the MKNFD
Romans 12 in the MNG
Romans 12 in the MNT
Romans 12 in the MNT2
Romans 12 in the MRS1T
Romans 12 in the NAA
Romans 12 in the NASB
Romans 12 in the NBLA
Romans 12 in the NBS
Romans 12 in the NBVTP
Romans 12 in the NET2
Romans 12 in the NIV11
Romans 12 in the NNT
Romans 12 in the NNT2
Romans 12 in the NNT3
Romans 12 in the PDDPT
Romans 12 in the PFNT
Romans 12 in the RMNT
Romans 12 in the SBIAS
Romans 12 in the SBIBS
Romans 12 in the SBIBS2
Romans 12 in the SBICS
Romans 12 in the SBIDS
Romans 12 in the SBIGS
Romans 12 in the SBIHS
Romans 12 in the SBIIS
Romans 12 in the SBIIS2
Romans 12 in the SBIIS3
Romans 12 in the SBIKS
Romans 12 in the SBIKS2
Romans 12 in the SBIMS
Romans 12 in the SBIOS
Romans 12 in the SBIPS
Romans 12 in the SBISS
Romans 12 in the SBITS
Romans 12 in the SBITS2
Romans 12 in the SBITS3
Romans 12 in the SBITS4
Romans 12 in the SBIUS
Romans 12 in the SBIVS
Romans 12 in the SBT
Romans 12 in the SBT1E
Romans 12 in the SCHL
Romans 12 in the SNT
Romans 12 in the SUSU
Romans 12 in the SUSU2
Romans 12 in the SYNO
Romans 12 in the TBIAOTANT
Romans 12 in the TBT1E
Romans 12 in the TBT1E2
Romans 12 in the TFTIP
Romans 12 in the TFTU
Romans 12 in the TGNTATF3T
Romans 12 in the THAI
Romans 12 in the TNFD
Romans 12 in the TNT
Romans 12 in the TNTIK
Romans 12 in the TNTIL
Romans 12 in the TNTIN
Romans 12 in the TNTIP
Romans 12 in the TNTIZ
Romans 12 in the TOMA
Romans 12 in the TTENT
Romans 12 in the UBG
Romans 12 in the UGV
Romans 12 in the UGV2
Romans 12 in the UGV3
Romans 12 in the VBL
Romans 12 in the VDCC
Romans 12 in the YALU
Romans 12 in the YAPE
Romans 12 in the YBVTP
Romans 12 in the ZBP