Romans 14 (IRVA)

1 যি জন বিশ্বাসত দূৰ্বল, তেওঁক বিচাৰ নকৰি আপোনালোকে গ্ৰহণ কৰক; কিন্তু বিভিন্ন মত, বিবাদ, বা সোধ-বিচাৰ কৰিবৰ অৰ্থে নহয়। 2 কোনো এজনৰ সকলো বস্তু খাবলৈ বিশ্বাস আছে; কিন্তু আনহাতে যি জন দূৰ্বল, তেওঁ কেৱল শাক-পাচলিহে খায়। 3 যি জন লোকে সকলো খায়, তেওঁ নোখোৱা জনক হেয়জ্ঞান নকৰক আৰু যি জনে নাখায়, তেওঁ খোৱা জনৰ বিচাৰ নকৰক; কিয়নো ঈশ্বৰে তেওঁক গ্ৰহণ কৰিলে। 4 অাপুনি লোকৰ দাসৰ যে বিচাৰ কৰিছে, অাপুনি নো কোন? তেওঁ নিজ প্ৰভুৰ আগত হয় থিৰে থাকে নাইবা পৰে; কিন্তু তেওঁক থিৰ কৰা যাব; কিয়নো প্ৰভুৱে তেওঁক থিৰ কৰিব পাৰে। 5 কোনো এজনে যদি এটা দিনক আন দিনতকৈ অধিক মান্য কৰে; আনহাতে কোনোৱে সকলো দিনকে সমানে মান্য কৰে, কিন্তু প্ৰতিজনে নিজ নিজ মন বিশ্ৱাসত দৃঢ় কৰি ৰাখক। 6 যি জনে বিশেষ দিন মানে, তেওঁ প্ৰভুৰ উদ্দেশ্যে সেইদিন মানক; যি জনে খায়, তেওঁ প্ৰভুৰ উদ্দেশ্যে খাওক; কিয়নো তেওঁ ঈশ্বৰৰ ধন্যবাদ কৰে৷ যি জনে নাখায়, তেৱোঁ প্ৰভুৰ উদ্দেশ্যে নাখাওঁক; আৰু ঈশ্বৰৰ ধন্যবাদ কৰক। 7 কিয়নো আমাৰ কোনেও নিজৰ কাৰণে জীয়াই নাথাকো আৰু কোনেও নিজৰ কাৰণে নমৰো। 8 কিয়নো যদি আমি জীয়াই থাকো, তেনেহলে প্ৰভুৰ উদ্দেশ্যে জীওঁ; আৰু যদি মৰোঁ, তেনেহলে প্ৰভুৰ উদ্দেশ্যেই মৰোঁ; এই কাৰণে যদিও জীওঁ বা মৰোঁ, আমি প্ৰভুৰেই হৈ আছোঁ। 9 কিয়নো মৃত্যু হোৱা সকলৰ আৰু জীৱিত সকলৰ প্ৰভু হ’বলৈ, খ্ৰীষ্ট মৰিল আৰু জীয়াই উঠিল। 10 কিন্তু আপুনি কিয় নিজৰ ভায়েৰাৰ সোধ-বিচাৰ কৰিছে? আপোনাৰ ভায়েৰাক নো কিয় হেয়জ্ঞান কৰিছে? কিয়নো আমি সকলোৱে ঈশ্বৰৰ বিচাৰৰ আসনৰ আগত থিয় হ’ম। 11 কাৰণ এনেকৈ লিখা আছে, প্ৰভুৱে কৈছে,“মোৰ জীৱনৰে শপত, প্ৰভুৱে যে কৈছে, সকলোৱে মোৰ আগত আঁঠু ল’ব,আৰু প্ৰত্যেক জিভাই ঈশ্বৰৰ গৌৰৱ কৰিব।” 12 এনেদৰে আমি প্ৰতিজনে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাব দিব লাগিব। 13 এই কাৰণে আমি কেতিয়াও পৰস্পৰৰ সোধ-বিচাৰ নকৰিম; কিন্তু ইয়াৰ পৰিৱর্তে আপোনালোকে এই বিচাৰ কৰক, কোনেও যেন নিজ ভাইৰ আগত বিপত্তিজনক বস্তু বা ফান্দ পাতি নাৰাখে। 14 স্বভাৱতে কোনো বস্তু যে অশুচি নহয়, ইয়াক মই জানো আৰু প্ৰভু যীচুত দৃঢ় বিশ্বাস কৰোঁ; কিন্তু যি জনে যি বস্তু অশুচি বুলি জ্ঞান কৰে, তেওঁলৈ সেই বস্তু অশুচি হয়। 15 কিয়নো আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই যদি আপোনাৰ ভাই দুঃখিত হয়, তেনেহলে আপুনি প্ৰেম আচৰণ কৰা নহ’ল। যি জনৰ কাৰণে খ্ৰীষ্ট মৰিল, সেই জনক আপোনাৰ খোৱা বস্তুৰ দ্বাৰাই বিনষ্ট নকৰিব। 16 এতেকে আপোনালোকৰ ভাল কর্মবোৰ আন লোকৰ ঠাট্টা নিন্দাৰ কাৰণ হবলৈ নিদিব; 17 কিয়নো ভোজন বা পান কৰাই ঈশ্বৰৰ ৰাজ্য নহয়; কিন্তু ধাৰ্মিকতা, শান্তি আৰু পবিত্ৰ আত্মাৰ আনন্দ, এইবোৰহে ঈশ্বৰৰ ৰাজ্যৰ সাৰ। 18 কাৰণ এই বিষয়ত যি জনে খ্ৰীষ্টৰ সেৱাকৰ্ম কৰে, তেওঁ ঈশ্বৰৰ গ্ৰহণকাৰী আৰু ব্যক্তি সকলৰ আগতো পৰীক্ষাসিদ্ধ। 19 এতেকে শান্তিজনক আৰু পৰস্পৰৰ উন্নতি সাধক যি যি আছে, সেইবোৰহে অনুসৰণ কৰোঁ আহক। 20 খোৱা বস্তুৰ কাৰণে ঈশ্বৰৰ কৰ্ম বিনষ্ট নকৰিব। সকলো বস্তু শুচি; তথাপি যি মানুহে যি ভোজন কৰিলে তেওঁলৈ বিঘিনি জন্মে, সেইটোৱেই তেওঁলৈ মন্দ। 21 মঙহ খোৱা বা দ্ৰাক্ষাৰস পান কৰা বা আন যি কাৰ্যৰ দ্বাৰাই আপোনাৰ ভায়েৰাই দোষী হয়, সেইবোৰ নকৰাই উচিত। 22 আপোনাৰ যি নির্দিষ্ট বিশ্বাসবোৰ আছে, সেইবোৰ আপোনাৰ আৰু ঈশ্বৰৰ মাজত ৰাখক। যি জনে যি বিষয়ক যোগ্য জ্ঞান কৰে, সেই বিষয়ত নিজৰ বিচাৰ নকৰা জন ধন্য। 23 কিন্তু সংশয় কৰা জনে যদি খায়, তেনেহলে তেওঁক দোষী কৰা হ’ল; কিয়নো সেয়ে বিশ্বাসমূলক নহয়; আৰু যি যি বিশ্বাসমূলক নহয়, সেই সকলোৱেই পাপ।

In Other Versions

Romans 14 in the ANGEFD

Romans 14 in the ANTPNG2D

Romans 14 in the AS21

Romans 14 in the BAGH

Romans 14 in the BBPNG

Romans 14 in the BBT1E

Romans 14 in the BDS

Romans 14 in the BEV

Romans 14 in the BHAD

Romans 14 in the BIB

Romans 14 in the BLPT

Romans 14 in the BNT

Romans 14 in the BNTABOOT

Romans 14 in the BNTLV

Romans 14 in the BOATCB

Romans 14 in the BOATCB2

Romans 14 in the BOBCV

Romans 14 in the BOCNT

Romans 14 in the BOECS

Romans 14 in the BOGWICC

Romans 14 in the BOHCB

Romans 14 in the BOHCV

Romans 14 in the BOHLNT

Romans 14 in the BOHNTLTAL

Romans 14 in the BOICB

Romans 14 in the BOILNTAP

Romans 14 in the BOITCV

Romans 14 in the BOKCV

Romans 14 in the BOKCV2

Romans 14 in the BOKHWOG

Romans 14 in the BOKSSV

Romans 14 in the BOLCB

Romans 14 in the BOLCB2

Romans 14 in the BOMCV

Romans 14 in the BONAV

Romans 14 in the BONCB

Romans 14 in the BONLT

Romans 14 in the BONUT2

Romans 14 in the BOPLNT

Romans 14 in the BOSCB

Romans 14 in the BOSNC

Romans 14 in the BOTLNT

Romans 14 in the BOVCB

Romans 14 in the BOYCB

Romans 14 in the BPBB

Romans 14 in the BPH

Romans 14 in the BSB

Romans 14 in the CCB

Romans 14 in the CUV

Romans 14 in the CUVS

Romans 14 in the DBT

Romans 14 in the DGDNT

Romans 14 in the DHNT

Romans 14 in the DNT

Romans 14 in the ELBE

Romans 14 in the EMTV

Romans 14 in the ESV

Romans 14 in the FBV

Romans 14 in the FEB

Romans 14 in the GGMNT

Romans 14 in the GNT

Romans 14 in the HARY

Romans 14 in the HNT

Romans 14 in the IRVB

Romans 14 in the IRVG

Romans 14 in the IRVH

Romans 14 in the IRVK

Romans 14 in the IRVM

Romans 14 in the IRVM2

Romans 14 in the IRVO

Romans 14 in the IRVP

Romans 14 in the IRVT

Romans 14 in the IRVT2

Romans 14 in the IRVU

Romans 14 in the ISVN

Romans 14 in the JSNT

Romans 14 in the KAPI

Romans 14 in the KBT1ETNIK

Romans 14 in the KBV

Romans 14 in the KJV

Romans 14 in the KNFD

Romans 14 in the LBA

Romans 14 in the LBLA

Romans 14 in the LNT

Romans 14 in the LSV

Romans 14 in the MAAL

Romans 14 in the MBV

Romans 14 in the MBV2

Romans 14 in the MHNT

Romans 14 in the MKNFD

Romans 14 in the MNG

Romans 14 in the MNT

Romans 14 in the MNT2

Romans 14 in the MRS1T

Romans 14 in the NAA

Romans 14 in the NASB

Romans 14 in the NBLA

Romans 14 in the NBS

Romans 14 in the NBVTP

Romans 14 in the NET2

Romans 14 in the NIV11

Romans 14 in the NNT

Romans 14 in the NNT2

Romans 14 in the NNT3

Romans 14 in the PDDPT

Romans 14 in the PFNT

Romans 14 in the RMNT

Romans 14 in the SBIAS

Romans 14 in the SBIBS

Romans 14 in the SBIBS2

Romans 14 in the SBICS

Romans 14 in the SBIDS

Romans 14 in the SBIGS

Romans 14 in the SBIHS

Romans 14 in the SBIIS

Romans 14 in the SBIIS2

Romans 14 in the SBIIS3

Romans 14 in the SBIKS

Romans 14 in the SBIKS2

Romans 14 in the SBIMS

Romans 14 in the SBIOS

Romans 14 in the SBIPS

Romans 14 in the SBISS

Romans 14 in the SBITS

Romans 14 in the SBITS2

Romans 14 in the SBITS3

Romans 14 in the SBITS4

Romans 14 in the SBIUS

Romans 14 in the SBIVS

Romans 14 in the SBT

Romans 14 in the SBT1E

Romans 14 in the SCHL

Romans 14 in the SNT

Romans 14 in the SUSU

Romans 14 in the SUSU2

Romans 14 in the SYNO

Romans 14 in the TBIAOTANT

Romans 14 in the TBT1E

Romans 14 in the TBT1E2

Romans 14 in the TFTIP

Romans 14 in the TFTU

Romans 14 in the TGNTATF3T

Romans 14 in the THAI

Romans 14 in the TNFD

Romans 14 in the TNT

Romans 14 in the TNTIK

Romans 14 in the TNTIL

Romans 14 in the TNTIN

Romans 14 in the TNTIP

Romans 14 in the TNTIZ

Romans 14 in the TOMA

Romans 14 in the TTENT

Romans 14 in the UBG

Romans 14 in the UGV

Romans 14 in the UGV2

Romans 14 in the UGV3

Romans 14 in the VBL

Romans 14 in the VDCC

Romans 14 in the YALU

Romans 14 in the YAPE

Romans 14 in the YBVTP

Romans 14 in the ZBP