Ephesians 4 (IRVA)
        
        
          1 এতেকে প্ৰভুত বন্দীয়াৰ যি মই; মই আপোনালোকক এই মিনতি কৰোঁ যে, ঈশ্বৰে যি আমন্ত্রণেৰে আপোনালোকক আমন্ত্রিত কৰিলে; সেই আমন্ত্ৰণৰ যোগ্য আচৰণ কৰি জীৱন-যাপন কৰক। 2 আপোনালোকে সকলো সময়তে অতি নম্ৰভাৱে, মৃদুতাৰে আৰু সহিষ্ণুতাৰে প্ৰেমত থাকি পৰস্পৰক গ্ৰহণ কৰক। 3 শান্তিৰ বন্ধনত থাকি আত্মাৰ ঐক্য ৰাখিবলৈ যত্নৱান হওক।  4 শৰীৰ এক আৰু আত্মাও এক; ঠিক সেইদৰে আপোনালোক সকলো এক আমন্ত্রণৰ আশাৰ কাৰণে আমন্ত্ৰিত হ’ল৷ 5 এজনেই প্ৰভু, এক বিশ্বাস, এক বাপ্তিস্ম আৰু 6 এজনেই ঈশ্বৰ, যি জন সকলোৰে পিতৃ; তেওঁ সকলোৰে ওপৰত, সকলোতে ব্যাপ্ত আৰু সকলোৰে অন্তৰত আছে।  7 খ্ৰীষ্টই যি পৰিমাণৰ বৰ দান আমাৰ কাৰণে ৰাখিছে, সেই পৰিমাণ অনুসাৰে আমাক প্ৰতিজনকে দান কৰিছে। 8 শাস্ত্রত লিখাৰ দৰে,তেওঁ ওপৰলৈ উঠিল,বন্দীয়াৰ সকলক বন্দী কৰি নিলে,আৰু লোক সকলক নানা বৰ দান দিলে।  9 যেতিয়া কোৱা হৈছে, “তেওঁ ওপৰলৈ উঠিল” ইয়াৰ অর্থ কি? এই কথাত এইটোৱে বুজা নাযায় নে, যে তেওঁ পৃথিৱীৰ তল ভাগলৈও নামিছিল? 10 যি জন নামিছিল, তেওঁ সেই একেই ব্যক্তি; যি জনে সকলো পূর্ণ কৰিবৰ কাৰণে আকাশতকৈ বহুত ওপৰলৈ উঠিল।  11 সেই খ্ৰীষ্টই লোক সকলক এইৰূপে বৰ দান দিলে; কিছুমানক পাঁচনি, কিছুমানক ভাৱবাদী, কিছুমানক শুভবার্তা প্ৰচাৰক, কিছুমানক পালক আৰু শিক্ষক হবলৈ ক্ষমতা দিলে। 12 ঈশ্বৰৰ পবিত্ৰ লোক সকলক প্রস্তুত কৰিবৰ বাবে পৰিচর্যাৰ কার্য কৰিবলৈ আৰু খ্ৰীষ্টৰ শৰীৰ বৃদ্ধি কৰিবলৈ তেওঁ এই সকলো বৰ দান দিলে। 13 যেতিয়ালৈকে আমি সকলোৱে ঈশ্বৰৰ পুত্ৰ বিষয়ক বিশ্বাসৰ আৰু জ্ঞানৰ ঐক্যতাত এক নহও আৰু সম্পূর্ণ সিদ্ধতা অর্থাৎ খ্ৰীষ্টৰ নিচিনাকৈ সম্পূর্ণ সিদ্ধ নহওঁ, তেতিয়ালৈকে আমি কার্য কৰি বৃদ্ধি পাই থাকিম।  14 তেতিয়া পুণৰ আমি শিশুৰ নিচিনা হৈ নাথাকো। ভ্রান্তিজনক প্রৱঞ্চনাৰ ধূর্ততাত মানুহৰ ছলনাৰ দ্বাৰা ভুল শিক্ষা পাই বতাহত ঢলং-পলং হৈ ইফালে সিফালে নিয়া নহওঁ। 15 কিন্তু প্ৰেমৰ সৈতে সত্য কথা কম আৰু সকলোভাৱে যি খ্ৰীষ্ট মূৰ স্বৰূপ, তেওঁৰ উদ্দেশ্যে সকলো বিষয়ত আমি বৃদ্ধি পাম। 16 মানুহৰ শৰীৰৰ অঙ্গবোৰ যেনেদৰে একেলগে যুক্ত হৈ থাকে আৰু সেইবোৰে কৰণীয় কার্য সাধন কৰি গোটেই শৰীৰৰ বৃদ্ধি কৰে, সেইদৰে খ্ৰীষ্টৰ পৰা উৎপন্ন হোৱা সকলো বিশ্বাসী, খ্ৰীষ্টৰ শৰীৰত সংযুক্ত আৰু সংলগ্ন হৈ পৰস্পৰৰ সৈতে প্ৰেমত একত্ৰিত হৈ বৃদ্ধি সাধন কৰে। কিয়নো শৰীৰৰ অঙ্গ-প্রত্যঙ্গ পৰস্পৰৰ ওপৰত নির্ভৰশীল।  17 এতেকে প্ৰভু যীচুৰ হৈ মই দৃঢ়ভাৱে কওঁ যে, বিশ্বাস নকৰা অনা-ইহুদী লোক সকলৰ দৰে আপোনালোকে জীৱন-যাপন নকৰিব। কিয়নো তেওঁলোকৰ মনৰ চিন্তা অসাৰ। 18 কিয়নো ভাল-বেয়া বিষয়ত তেওঁলোকৰ হৃদয় অন্ধকাৰময় আছিল। তেওঁলোকে হৃদয়েৰে কঠিনতাৰ কাৰণে তেওঁৰ বার্তা শুনিবলৈ নিবিচাৰে আৰু সেই বাবেই যীচুৱে আমাক দিয়া অনন্ত জীৱনৰ পৰা তেওঁলোক বঞ্চিত হৈ থাকে। 19 তেওঁলোকৰ বিবেক অসাৰ হৈছে; তেওঁলোক সকলো প্রকাৰৰ লোভত পৰি অশুচি কর্মবোৰত লিপ্ত হৈ কামনাৰ হাতত নিজক শোধাই দিছে।  20 কিন্তু আপোনালোক হলে খ্ৰীষ্টৰ বিষয়ে এইবোৰ শিক্ষা পোৱা নাই; 21 আপোনালোকে তেওঁৰ বিষয়ে শুনিছে আৰু যীচুত থকা সত্যতাৰ বিষয়েও শিক্ষা পালে, 22 আপোনালোকে প্ৰৱঞ্চনাপূর্ণ অভিলাষত নষ্ট হোৱা পুৰাতন পুৰুষ অৰ্থাৎ পূর্বকালৰ জীৱন-যাপনৰ বন্ধন সোলোকাই থবলৈ শিক্ষা পালে। 23 সেই শিক্ষা অনুসাৰে আপোনালোক যেন নিজৰ নিজৰ মনৰ আত্মাত পুনৰায় নতুন হৈ উঠি, 24 সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক যেন পিন্ধিব পাৰে।  25 সেয়ে, আপোনালোকে মিছা এৰি, প্ৰতিজনে নিজ নিজ ওচৰ চুবুৰীয়াই সৈতে সত্য আলাপ কৰক; কিয়নো আমি ইজনে সিজনৰ অঙ্গ- প্ৰত্যঙ্গ হৈ আছোঁ। 26 ক্ৰুদ্ধ হৈ তাৰ প্ৰভাৱত পাপ নকৰিব; বেলি মাৰ নৌ যাওঁতেই আপোনালোকৰ কোপ শান্ত হওক; 27 আপোনালোকে চয়তানক সুযোগ নিদিব।  28 যি জনে চুৰ কৰে, তেওঁ পুনৰ চুৰ নকৰক; কিন্তু অভাৱত পৰা লোকক দান কৰিবলৈ সমৰ্থ হবৰ কাৰণে, নিজ হাতেৰে সৎ ব্যৱসায়ত পৰিশ্ৰম কৰক। 29 আপোনালোকৰ মুখৰ পৰা কোনো বেয়া কথা নোলাওক, কিন্তু শুনা সকলক অনুগ্ৰহ দান কৰিবলৈ ভাল কথা কওক। 30 মুক্তি দিনৰ অর্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত আপোনালোকক মোহৰ মৰা হল, তেওঁক অসন্তুষ্ট নকৰিব।  31 সকলো কটুবাক্য, খং, ক্ৰোধ, দ্বন্দ-কাজিয়া, নিন্দা আটাই হিংসাৰে সৈতে এই সকলো আপোনালোকৰ পৰা দূৰ হওক। 32 পৰস্পৰৰ প্ৰতি স্নেহশীল হওক আৰু কোমল চিত্তৰ লোক হওক; ঈশ্বৰে আপোনালোকক যেনেকৈ খ্ৰীষ্টত ক্ষমা কৰিলে, তেনেকৈ আপোনালোকেও পৰস্পৰে ক্ষমা কৰক।
        
        
          In Other Versions
        
        
  
    Ephesians 4 in the ANGEFD
  
  
    Ephesians 4 in the ANTPNG2D
  
  
    Ephesians 4 in the AS21
  
  
    Ephesians 4 in the BAGH
  
  
    Ephesians 4 in the BBPNG
  
  
    Ephesians 4 in the BBT1E
  
  
    Ephesians 4 in the BDS
  
  
    Ephesians 4 in the BEV
  
  
    Ephesians 4 in the BHAD
  
  
    Ephesians 4 in the BIB
  
  
    Ephesians 4 in the BLPT
  
  
    Ephesians 4 in the BNT
  
  
    Ephesians 4 in the BNTABOOT
  
  
    Ephesians 4 in the BNTLV
  
  
    Ephesians 4 in the BOATCB
  
  
    Ephesians 4 in the BOATCB2
  
  
    Ephesians 4 in the BOBCV
  
  
    Ephesians 4 in the BOCNT
  
  
    Ephesians 4 in the BOECS
  
  
    Ephesians 4 in the BOGWICC
  
  
    Ephesians 4 in the BOHCB
  
  
    Ephesians 4 in the BOHCV
  
  
    Ephesians 4 in the BOHLNT
  
  
    Ephesians 4 in the BOHNTLTAL
  
  
    Ephesians 4 in the BOICB
  
  
    Ephesians 4 in the BOILNTAP
  
  
    Ephesians 4 in the BOITCV
  
  
    Ephesians 4 in the BOKCV
  
  
    Ephesians 4 in the BOKCV2
  
  
    Ephesians 4 in the BOKHWOG
  
  
    Ephesians 4 in the BOKSSV
  
  
    Ephesians 4 in the BOLCB
  
  
    Ephesians 4 in the BOLCB2
  
  
    Ephesians 4 in the BOMCV
  
  
    Ephesians 4 in the BONAV
  
  
    Ephesians 4 in the BONCB
  
  
    Ephesians 4 in the BONLT
  
  
    Ephesians 4 in the BONUT2
  
  
    Ephesians 4 in the BOPLNT
  
  
    Ephesians 4 in the BOSCB
  
  
    Ephesians 4 in the BOSNC
  
  
    Ephesians 4 in the BOTLNT
  
  
    Ephesians 4 in the BOVCB
  
  
    Ephesians 4 in the BOYCB
  
  
    Ephesians 4 in the BPBB
  
  
    Ephesians 4 in the BPH
  
  
    Ephesians 4 in the BSB
  
  
    Ephesians 4 in the CCB
  
  
    Ephesians 4 in the CUV
  
  
    Ephesians 4 in the CUVS
  
  
    Ephesians 4 in the DBT
  
  
    Ephesians 4 in the DGDNT
  
  
    Ephesians 4 in the DHNT
  
  
    Ephesians 4 in the DNT
  
  
    Ephesians 4 in the ELBE
  
  
    Ephesians 4 in the EMTV
  
  
    Ephesians 4 in the ESV
  
  
    Ephesians 4 in the FBV
  
  
    Ephesians 4 in the FEB
  
  
    Ephesians 4 in the GGMNT
  
  
    Ephesians 4 in the GNT
  
  
    Ephesians 4 in the HARY
  
  
    Ephesians 4 in the HNT
  
  
    Ephesians 4 in the IRVB
  
  
    Ephesians 4 in the IRVG
  
  
    Ephesians 4 in the IRVH
  
  
    Ephesians 4 in the IRVK
  
  
    Ephesians 4 in the IRVM
  
  
    Ephesians 4 in the IRVM2
  
  
    Ephesians 4 in the IRVO
  
  
    Ephesians 4 in the IRVP
  
  
    Ephesians 4 in the IRVT
  
  
    Ephesians 4 in the IRVT2
  
  
    Ephesians 4 in the IRVU
  
  
    Ephesians 4 in the ISVN
  
  
    Ephesians 4 in the JSNT
  
  
    Ephesians 4 in the KAPI
  
  
    Ephesians 4 in the KBT1ETNIK
  
  
    Ephesians 4 in the KBV
  
  
    Ephesians 4 in the KJV
  
  
    Ephesians 4 in the KNFD
  
  
    Ephesians 4 in the LBA
  
  
    Ephesians 4 in the LBLA
  
  
    Ephesians 4 in the LNT
  
  
    Ephesians 4 in the LSV
  
  
    Ephesians 4 in the MAAL
  
  
    Ephesians 4 in the MBV
  
  
    Ephesians 4 in the MBV2
  
  
    Ephesians 4 in the MHNT
  
  
    Ephesians 4 in the MKNFD
  
  
    Ephesians 4 in the MNG
  
  
    Ephesians 4 in the MNT
  
  
    Ephesians 4 in the MNT2
  
  
    Ephesians 4 in the MRS1T
  
  
    Ephesians 4 in the NAA
  
  
    Ephesians 4 in the NASB
  
  
    Ephesians 4 in the NBLA
  
  
    Ephesians 4 in the NBS
  
  
    Ephesians 4 in the NBVTP
  
  
    Ephesians 4 in the NET2
  
  
    Ephesians 4 in the NIV11
  
  
    Ephesians 4 in the NNT
  
  
    Ephesians 4 in the NNT2
  
  
    Ephesians 4 in the NNT3
  
  
    Ephesians 4 in the PDDPT
  
  
    Ephesians 4 in the PFNT
  
  
    Ephesians 4 in the RMNT
  
  
    Ephesians 4 in the SBIAS
  
  
    Ephesians 4 in the SBIBS
  
  
    Ephesians 4 in the SBIBS2
  
  
    Ephesians 4 in the SBICS
  
  
    Ephesians 4 in the SBIDS
  
  
    Ephesians 4 in the SBIGS
  
  
    Ephesians 4 in the SBIHS
  
  
    Ephesians 4 in the SBIIS
  
  
    Ephesians 4 in the SBIIS2
  
  
    Ephesians 4 in the SBIIS3
  
  
    Ephesians 4 in the SBIKS
  
  
    Ephesians 4 in the SBIKS2
  
  
    Ephesians 4 in the SBIMS
  
  
    Ephesians 4 in the SBIOS
  
  
    Ephesians 4 in the SBIPS
  
  
    Ephesians 4 in the SBISS
  
  
    Ephesians 4 in the SBITS
  
  
    Ephesians 4 in the SBITS2
  
  
    Ephesians 4 in the SBITS3
  
  
    Ephesians 4 in the SBITS4
  
  
    Ephesians 4 in the SBIUS
  
  
    Ephesians 4 in the SBIVS
  
  
    Ephesians 4 in the SBT
  
  
    Ephesians 4 in the SBT1E
  
  
    Ephesians 4 in the SCHL
  
  
    Ephesians 4 in the SNT
  
  
    Ephesians 4 in the SUSU
  
  
    Ephesians 4 in the SUSU2
  
  
    Ephesians 4 in the SYNO
  
  
    Ephesians 4 in the TBIAOTANT
  
  
    Ephesians 4 in the TBT1E
  
  
    Ephesians 4 in the TBT1E2
  
  
    Ephesians 4 in the TFTIP
  
  
    Ephesians 4 in the TFTU
  
  
    Ephesians 4 in the TGNTATF3T
  
  
    Ephesians 4 in the THAI
  
  
    Ephesians 4 in the TNFD
  
  
    Ephesians 4 in the TNT
  
  
    Ephesians 4 in the TNTIK
  
  
    Ephesians 4 in the TNTIL
  
  
    Ephesians 4 in the TNTIN
  
  
    Ephesians 4 in the TNTIP
  
  
    Ephesians 4 in the TNTIZ
  
  
    Ephesians 4 in the TOMA
  
  
    Ephesians 4 in the TTENT
  
  
    Ephesians 4 in the UBG
  
  
    Ephesians 4 in the UGV
  
  
    Ephesians 4 in the UGV2
  
  
    Ephesians 4 in the UGV3
  
  
    Ephesians 4 in the VBL
  
  
    Ephesians 4 in the VDCC
  
  
    Ephesians 4 in the YALU
  
  
    Ephesians 4 in the YAPE
  
  
    Ephesians 4 in the YBVTP
  
  
    Ephesians 4 in the ZBP