Hebrews 12 (IRVA)

1 এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে বেৰি থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক, 2 আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে হেয়জ্ঞান কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল। 3 এতেকে আপোনালোকে যেন নিজ নিজ প্ৰাণৰ ক্লান্তিত ক্লান্ত নহব, এই কাৰণে যি জনে নিজৰ বিৰুদ্ধে কৰা পাপী সকলৰ এনে প্ৰতিবাদ সহন কৰিছিল, তেওঁলৈ মনোযোগ কৰোঁ আহক। 4 আপোনালোকে পাপৰ লগত যুদ্ধ কৰি এতিয়াও তেজ বোৱালৈকে প্ৰতিৰোধ কৰা নাই; 5 আৰু যি আশ্বাসৰ বাণীয়ে, পুত্ৰ বুলি আপোনালোকৰ লগত কথা-বাৰ্ত্তা কৰিছে, বোলে-“হে মোৰ পুত্ৰ প্ৰভুৰশাসন হেয়জ্ঞাননকৰিবা, আৰু তেওঁৰপৰা অনুযোগ পালেক্লান্ত নহবা”; 6 কিয়নো প্ৰভুৱে যাক প্ৰেম কৰে, তেওঁক শাস্তি দিয়ে, আৰু তেওঁ গ্ৰহন কৰা প্ৰতিজন পুত্ৰক কোবায়; এই কথা আপোনালোকে পাহৰিলে। 7 আপোনালোকে যি সহন কৰি আছে, সেয়ে আপোনালোকৰ শাসনৰ অৰ্থে, ঈশ্বৰে পুত্ৰ সকলৰ প্ৰতি যেনেকৈ, তেনেকৈ আপোনালোকৰ প্ৰতিও ব্যৱহাৰ কৰি আছে; কিয়নো পিতৃয়ে শাস্তি নিদিয়া এনে কোন পুত্ৰ আছে? 8 কিন্তু সকলোৱে যি শাসনৰ সহভাগী হ’ল, আপোনালোকে যদি তাৰ ভাগী নহয়, তেনেহলে আপোনালোক জাৰজহে পুত্ৰ নহয়। 9 ইয়াৰ বাহিৰেও আমাৰ মাংসিক পিতৃ সকল শাসনকৰ্তা আছিল, আৰু আমি তেওঁলোকক সমাদৰ কৰিছিলোঁ; পাছত তাতকৈ, যি জন আত্মা সমূহৰ পিতৃ, তেওঁৰ বশীভূত হৈ জীৱন-ধাৰণ নকৰিম নে? 10 তেওঁলোকে হ’লে, যেনেকৈ উচিত দেখিছিল, তেনেকৈ অলপ দিনৰ কাৰণে শাস্তি দিছিল; কিন্তু তেওঁ হ’লে আমাৰ হিতৰ কাৰণে, অৰ্থাৎ আমি যেন তেওঁৰ পবিত্ৰতাৰ ভাগী হওঁ, তাৰ কাৰণে শাস্তি দিছে। 11 সকলো শাস্তি উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে। 12 এই কাৰণে আপোনালোকে ওলমি পৰা হাত আৰু জঠৰ আঁঠু পোন কৰক; 13 আৰু খোৰাই যেন বিপথগামী নহয়, বৰং সুস্থ হয়, এই কাৰণে নিজ নিজ ভৰি লৈ, পোন বাট কৰক। 14 সকলোৱে সহিত ঐক্য, আৰু যি পবিত্ৰতাৰ অবিহনে কোনেও প্ৰভুৰ দৰ্শন নাপাব, সেই পবিত্ৰতাকো খেদি যাওঁক; 15 পাছত জানো কোনোৱে ঈশ্বৰৰ অনুগ্ৰহবিহীন হয়, বা কোনো তিতাৰ মূল ওলাই আপোনালোকৰ বিঘিনি জন্মোৱাত, তাৰ দ্বাৰাই অধিক ভাগ অশুচি হৈ যায়; 16 বা এসাঁজ আহাৰৰ কাৰণে নিজ জ্যেষ্ঠাধিকাৰ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে দৃষ্টি ৰাখিবা। 17 কিয়নো আপোনালোকে জানে যে, এচৌৱে পাছত সেই আশীৰ্বাদৰ অধিকাৰী হ’বৰ বাবে ইচ্ছা কৰিলে আৰু চকুলোৰে সযত্নে বিচাৰিলতো, অগ্ৰাহ্য হ’ল, কাৰণ তেওঁ মন-পালটন কৰিবলৈ ঠাই নাপালে। 18 কিয়নো স্পৰ্শনীয় আৰু অগ্নিৰে প্ৰজ্বলিত পৰ্বত ক’লা বৰণীয়া মেঘ, আন্ধাৰ, ধুমুহা, বতাহ, তুৰীৰ ধ্বনি, আৰু বাক্যৰ শব্দ, এইবোৰৰ ওচৰলৈ আপোনালোক অহা নাই; 19 সেই মাত শুনা লোক সকলে এই প্ৰাৰ্থনা কৰিলে যে, তেওঁলোকক যেন পুনৰ কোনো বাক্য কোৱা নহয়; 20 কিয়নো কোনো পশুৱেও যদি সেই পৰ্বত স্পৰ্শ কৰে, তেনেহলে তাক শিল দলিয়াই মৰা হ’ব, এই আজ্ঞা তেওঁলোকে সহিব নোৱাৰিলে, 21 আৰু সেই দৰ্শন এনে ভয়ঙ্কৰ যে, মোচিয়ে কৈছিল, মই বৰ ভয় পাই কঁপি আছোঁ; 22 কিন্তু চিয়োন পৰ্বত, জীৱনময় ঈশ্বৰৰ নগৰ, স্বৰ্গীয় যিৰূচালেম, আৰু তাত দহ হাজাৰ স্বৰ্গৰ দূতে গুণ-কীৰ্তন কৰে৷ 23 স্বৰ্গত নাম লিখা প্ৰথমে জন্ম পোৱা সকলৰ মহাসভা আৰু মণ্ডলী, সকলোৰে বিচাৰকৰ্তা ঈশ্বৰ, সিদ্ধ হোৱা ধাৰ্মিক লোক সকলৰ আত্মা সমূহ, 24 নতুন নিয়মৰ মধ্যস্থ যীচু, আৰু হেবলতকৈ অতি উত্তম কথা কওঁতা শান্তি কৰা তেজ, এই সকলোৰ ওচৰলৈ অাপোনালোক আহিল। 25 সাৱধান, বাক্য কওঁতা জনক আপোনালোকে অগ্ৰাহ্য নকৰিব, কিয়নো যি জনে পৃথিৱীত আদেশ দিছিল সেই জনক অগ্ৰাহ্য কৰা সকলেই যদি নাসাৰিল, তেনেহলে যি জনে স্বৰ্গৰ পৰাই আদেশ দিলে, তেওঁৰ কৰা বিমুখ হলে আমি যে নাসাৰিম; এই কথা কিমান অধিক গুণে নিশ্চয়! 26 তেতিয়া তেওঁৰ ধ্বনিয়ে পৃথিৱী লৰাইছিল; কিন্তু এতিয়া তেওঁ প্ৰতিজ্ঞা কৰিলে, বোলে, আৰু এবাৰ মই কেৱল পৃথিৱী লৰাম, এনে নহয় আকাশকো লৰাম। 27 ইয়াতে, ‘আৰু এবাৰ’, এই শব্দই, অলৰ বস্তুবোৰ থাকিবৰ কাৰণে, নিৰ্ম্মিত বস্তুৰ দৰে লৰোৱা বস্তুবোৰ দূৰ কৰা বুজাইছে। 28 এই হেতুকে আমি অলৰ ৰাজ্যৰ অধিকাৰী হোৱাত, আহা, যি অনুগ্ৰহৰ দ্বাৰাই আমি ভক্তি আৰু ভয়েৰে সন্তোষজনক ৰূপত ঈশ্বৰৰ আৰাধনা কৰিব পাৰোঁ, সেই অনুগ্ৰহ গ্ৰহন কৰি লওঁহক; 29 কিয়নো আমাৰ ঈশ্বৰ গ্ৰাসকাৰী অগ্নিস্বৰূপ।

In Other Versions

Hebrews 12 in the ANGEFD

Hebrews 12 in the ANTPNG2D

Hebrews 12 in the AS21

Hebrews 12 in the BAGH

Hebrews 12 in the BBPNG

Hebrews 12 in the BBT1E

Hebrews 12 in the BDS

Hebrews 12 in the BEV

Hebrews 12 in the BHAD

Hebrews 12 in the BIB

Hebrews 12 in the BLPT

Hebrews 12 in the BNT

Hebrews 12 in the BNTABOOT

Hebrews 12 in the BNTLV

Hebrews 12 in the BOATCB

Hebrews 12 in the BOATCB2

Hebrews 12 in the BOBCV

Hebrews 12 in the BOCNT

Hebrews 12 in the BOECS

Hebrews 12 in the BOGWICC

Hebrews 12 in the BOHCB

Hebrews 12 in the BOHCV

Hebrews 12 in the BOHLNT

Hebrews 12 in the BOHNTLTAL

Hebrews 12 in the BOICB

Hebrews 12 in the BOILNTAP

Hebrews 12 in the BOITCV

Hebrews 12 in the BOKCV

Hebrews 12 in the BOKCV2

Hebrews 12 in the BOKHWOG

Hebrews 12 in the BOKSSV

Hebrews 12 in the BOLCB

Hebrews 12 in the BOLCB2

Hebrews 12 in the BOMCV

Hebrews 12 in the BONAV

Hebrews 12 in the BONCB

Hebrews 12 in the BONLT

Hebrews 12 in the BONUT2

Hebrews 12 in the BOPLNT

Hebrews 12 in the BOSCB

Hebrews 12 in the BOSNC

Hebrews 12 in the BOTLNT

Hebrews 12 in the BOVCB

Hebrews 12 in the BOYCB

Hebrews 12 in the BPBB

Hebrews 12 in the BPH

Hebrews 12 in the BSB

Hebrews 12 in the CCB

Hebrews 12 in the CUV

Hebrews 12 in the CUVS

Hebrews 12 in the DBT

Hebrews 12 in the DGDNT

Hebrews 12 in the DHNT

Hebrews 12 in the DNT

Hebrews 12 in the ELBE

Hebrews 12 in the EMTV

Hebrews 12 in the ESV

Hebrews 12 in the FBV

Hebrews 12 in the FEB

Hebrews 12 in the GGMNT

Hebrews 12 in the GNT

Hebrews 12 in the HARY

Hebrews 12 in the HNT

Hebrews 12 in the IRVB

Hebrews 12 in the IRVG

Hebrews 12 in the IRVH

Hebrews 12 in the IRVK

Hebrews 12 in the IRVM

Hebrews 12 in the IRVM2

Hebrews 12 in the IRVO

Hebrews 12 in the IRVP

Hebrews 12 in the IRVT

Hebrews 12 in the IRVT2

Hebrews 12 in the IRVU

Hebrews 12 in the ISVN

Hebrews 12 in the JSNT

Hebrews 12 in the KAPI

Hebrews 12 in the KBT1ETNIK

Hebrews 12 in the KBV

Hebrews 12 in the KJV

Hebrews 12 in the KNFD

Hebrews 12 in the LBA

Hebrews 12 in the LBLA

Hebrews 12 in the LNT

Hebrews 12 in the LSV

Hebrews 12 in the MAAL

Hebrews 12 in the MBV

Hebrews 12 in the MBV2

Hebrews 12 in the MHNT

Hebrews 12 in the MKNFD

Hebrews 12 in the MNG

Hebrews 12 in the MNT

Hebrews 12 in the MNT2

Hebrews 12 in the MRS1T

Hebrews 12 in the NAA

Hebrews 12 in the NASB

Hebrews 12 in the NBLA

Hebrews 12 in the NBS

Hebrews 12 in the NBVTP

Hebrews 12 in the NET2

Hebrews 12 in the NIV11

Hebrews 12 in the NNT

Hebrews 12 in the NNT2

Hebrews 12 in the NNT3

Hebrews 12 in the PDDPT

Hebrews 12 in the PFNT

Hebrews 12 in the RMNT

Hebrews 12 in the SBIAS

Hebrews 12 in the SBIBS

Hebrews 12 in the SBIBS2

Hebrews 12 in the SBICS

Hebrews 12 in the SBIDS

Hebrews 12 in the SBIGS

Hebrews 12 in the SBIHS

Hebrews 12 in the SBIIS

Hebrews 12 in the SBIIS2

Hebrews 12 in the SBIIS3

Hebrews 12 in the SBIKS

Hebrews 12 in the SBIKS2

Hebrews 12 in the SBIMS

Hebrews 12 in the SBIOS

Hebrews 12 in the SBIPS

Hebrews 12 in the SBISS

Hebrews 12 in the SBITS

Hebrews 12 in the SBITS2

Hebrews 12 in the SBITS3

Hebrews 12 in the SBITS4

Hebrews 12 in the SBIUS

Hebrews 12 in the SBIVS

Hebrews 12 in the SBT

Hebrews 12 in the SBT1E

Hebrews 12 in the SCHL

Hebrews 12 in the SNT

Hebrews 12 in the SUSU

Hebrews 12 in the SUSU2

Hebrews 12 in the SYNO

Hebrews 12 in the TBIAOTANT

Hebrews 12 in the TBT1E

Hebrews 12 in the TBT1E2

Hebrews 12 in the TFTIP

Hebrews 12 in the TFTU

Hebrews 12 in the TGNTATF3T

Hebrews 12 in the THAI

Hebrews 12 in the TNFD

Hebrews 12 in the TNT

Hebrews 12 in the TNTIK

Hebrews 12 in the TNTIL

Hebrews 12 in the TNTIN

Hebrews 12 in the TNTIP

Hebrews 12 in the TNTIZ

Hebrews 12 in the TOMA

Hebrews 12 in the TTENT

Hebrews 12 in the UBG

Hebrews 12 in the UGV

Hebrews 12 in the UGV2

Hebrews 12 in the UGV3

Hebrews 12 in the VBL

Hebrews 12 in the VDCC

Hebrews 12 in the YALU

Hebrews 12 in the YAPE

Hebrews 12 in the YBVTP

Hebrews 12 in the ZBP