Jeremiah 13 (IRVA)
1 যিহোৱাই মোক এইদৰে ক’লে, “তুমি গৈ শণ সূতাৰে বোৱা কাপোৰৰ এগছ টঙালি কিনি তোমাৰ কঁকালত বান্ধা, তাক প্রথমে পানীত নিতিয়াবা।” 2 সেয়ে মই যিহোৱাৰ বাক্য অনুসাৰে এগছ টঙালি কিনি মোৰ কঁকালত বান্ধি ল’লোঁ। 3 তেতিয়া দ্ধিতীয়বাৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 4 বোলে, “তুমি যি টঙালি কিনিলা, আৰু তোমাৰ কঁকালত আছে, তাক লোৱা, আৰু উঠি ফৰাতলৈ যাত্রা কৰা আৰু শিলৰ ফাটত তাক লুকুৱাই ৰাখা।” 5 এইদৰে মই যিহোৱাৰ আজ্ঞা অনুসাৰে গৈ ফৰাতৰ কাষত তাক লুকুৱাই ৰাখিলোঁ। 6 বহু দিনৰ পাছত যিহোৱাই মোক ক’লে, “তুমি উঠি ফৰাতলৈ যোৱা। মই তাত লুকুৱাই ৰাখিবলৈ তোমাক আজ্ঞা দিয়া টঙালিগছ তাৰ পৰা আনাগৈ।” 7 তেতিয়া মই ফৰাতলৈ গৈ, মই লুকুৱাই থোৱা ঠাইৰ পৰা টঙালিগছ খানি উলিয়ালোঁ। কিন্তু চোৱা! সেই টঙালিগছ নষ্ট হ’ল; কোনো কাৰ্যৰ যোগ্য নাছিল। 8 তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ পুনৰ আহিল, বোলে, 9 “যিহোৱাই কৈছে: ‘এনেদৰেই মই যিহূদাৰ অহংকাৰ আৰু যিৰূচালেমৰ মহা অহংকাৰ নষ্ট কৰিম। 10 এই যি দুচৰিত্ৰৰ লোকসকলে মোৰ কথা শুনিবলৈ অমান্তি হৈ নিজ হৃদয়ৰ কঠিনতা অনুসাৰে চলে, আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰৰ আগত প্রণিপাত কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যায়, তেওঁলোক কোনো কাৰ্যৰ যোগ্য নোহোৱা এই টঙালি গছৰ নিচিনা হব। 11 কিয়নো যিহোৱাই কৈছে, মানুহৰ কঁকালত যেনেকৈ টঙালি লাগি থাকে, তেনেকৈ মই গোটেই ইস্ৰায়েল বংশক আৰু গোটেই যিহূদা বংশক মোৰ প্ৰজা, আৰু মোৰ কীৰ্ত্তি, প্ৰশংসা, আৰু ভুষণস্বৰূপ কৰিবৰ অৰ্থে নিজতে লগাই ৰাখিছিলোঁ; কিন্তু তেওঁলোকে মোৰ কথা নুশুনিলে।’ 12 এই হেতুকে তুমি তেওঁলোকক এই কথা ক’বই লাগিব: যে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এইদৰে কৈছে: “আটাইবোৰ মোট দ্ৰাক্ষাৰসেৰে পূৰ কৰা যাব।” তেওঁলোকে তোমাক ক’ব, ‘প্ৰত্যেক মোট যে দ্ৰাক্ষাৰসেৰে পূৰ কৰা যাব, তাক জানো আমি ভালকৈ নাজানো?’ 13 তেতিয়া তুমি তেওঁলোকক ক’বা, ‘যিহোৱাই এই কথা কৈছে: চোৱা, মই এই দেশ-নিবাসী আটাইকে, এনে কি, দায়ুদৰ সিংহাসনত বহোঁতা ৰজাসকলক, পুৰোহিতসকলক, ভাববাদীসকলক, আৰু যিৰূচালেম নিবাসী সকলোকে দ্ৰাক্ষাৰসেৰে পূৰ কৰি মতোৱাল কৰিম। 14 মই পৰস্পৰক, এনে কি, বাপেক-পুতেকহঁতক লগ লগাই খুন্দিয়া-খুন্দি কৰোৱাম; যিহোৱাৰ এইয়েই ঘোষণা যে - মই যে তেওঁলোকক নষ্ট নকৰিবৰ মনেৰে তেওঁলোকক মৰম, দয়া, কি অনুগ্ৰহ কৰিম, এনে নহ’ব। 15 তোমালোকে শুনা, কাণ দিয়া, অহংকাৰ নকৰিবা, কিয়নো যিহোৱাই কথা কৈছে। 16 তোমালোকৰ ঈশ্বৰ যিহোৱাই অন্ধকাৰ নৌ আনোতেই,অন্ধকাৰময় পৰ্ব্বতত তোমাৰ ভৰি উজুটি নৌ খাওঁতেই,আৰু তোমালোকে পোহৰলৈ বাট চোৱাত তেওঁ তাক মৃত্যুচ্ছায়াত পৰিবৰ্ত্তন নৌ কৰোঁতেই, আৰু তাক ঘোৰ অন্ধকাৰ নৌ কৰোঁতেই তেওঁক গৌৰৱাম্বিত কৰা। 17 কিন্তু তোমালোকে যদি তাক নুশুনা, তোমালোকৰ গৰ্ব্বৰ কাৰণে মোৰ মনে নিৰলে ক্ৰন্দন কৰিব।আৰু যিহোৱাৰ জাকক বন্দী কৰি নিয়াৰ বাবে মোৰ চকুৰ পৰা বহু অশ্রু ওলাব, আৰু পানীৰে ধাৰ বব। 18 তুমি ৰজা আৰু ৰাজমাক কোৱা, “নিজকে নম্র কৰা আৰু তোমালোক চাপৰত বহা,কিয়নো তোমালোকৰ শিৰোভুষণ, এনে কি, সুন্দৰ মুকুট খহি পৰিল। 19 দক্ষিণ অঞ্চলৰ নগৰবোৰ বন্ধ হ’ল, সেইবোৰ মেলি দিওঁতা কোনো নাই; গোটেই যিহূদাক দেশান্তৰলৈ নিয়া হ’ল, তাৰ সকলো লোককে নিয়া হ’ল। 20 তোমালোকে উত্তৰ দিশৰ পৰা অহা এই লোকসকলক চোৱা।তোমাক দিয়া সেই মেৰৰ জাকটি, তোমাৰ সুন্দৰ জাকটি ক’ত? 21 তুমি নিজে নিজৰ বিপক্ষে তোমাৰ বন্ধুসকলক শিক্ষা দিয়াত, যেতিয়া তেওঁ তোমাৰ ওপৰত সেই বন্ধুসকলক মূৰব্বী পাতিব?তেতিয়া তুমি কি কবা? প্ৰসৱকাৰিণীৰ বেদনাৰ দৰে বেদনাই তোমাক নধৰিব নে? 22 তেতিয়া হয়তো তুমি মনতে ক’বা, যে, “মোৰ এনে দশা কিয় ঘটিল?”তেন্তে শুনা, তোমাৰ অপৰাধ অধিক হোৱাত তোমাৰ বস্ত্ৰৰ আঁচল ওপৰলৈ তোলা হ’ল, আৰু তোমাক বলাৎকাৰ কৰা হ’ল। 23 কুচীয়া লোকে জানো নিজৰ ছাল, বা নাহৰফুটুকী বাঘে জানো নিজ গাৰ ফুটুকা-ফুটুকীবোৰ, সলনি কৰিব পাৰে?যদি পাৰে, তেন্তে কুকৰ্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকৰ্ম কৰা সম্ভৱ। 24 এই হেতুকে মই অৰণ্যৰ বতাহত উৰি যোৱা খেৰৰ নিচিনাকৈ তেওঁলোকক উৰুৱাই দিম। 25 যিহোৱাই কৈছে, এয়ে তোমাৰ নিৰূপিত ভাগ, মই তোমাক জুখি দিয়া অংশ;কিয়নো তুমি মোক পাহৰিলা, আৰু মিছাত বিশ্বাস কৰিলা। 26 সেই কাৰণে মইয়ো তুমি পিন্ধা কাপোৰৰ আঁচল মুখৰ ওপৰলৈকে দাঙিম; আৰু তোমাৰ লাজৰ ঠাই দেখা যাব। 27 চহৰৰ বাহিৰৰ পৰ্ব্বতত মই তোমাৰ ঘিণলগীয়া কাম, এনে কি, তোমাৰ ব্যভিচাৰকৰ্ম, তোমাৰ ঢেকঢেকনি, আৰু বেশ্যাবৃত্তিৰ কুকৰ্ম দেখিলোঁ,হে যিৰূচালেম তুমি সন্তাপৰ পাত্ৰী! তুমি শুচি হবলৈ ইচ্ছা নকৰা। তুমি এনে অৱস্থাত আৰু কিমান কাল থাকিবা?
In Other Versions
Jeremiah 13 in the ANGEFD
Jeremiah 13 in the ANTPNG2D
Jeremiah 13 in the AS21
Jeremiah 13 in the BAGH
Jeremiah 13 in the BBPNG
Jeremiah 13 in the BBT1E
Jeremiah 13 in the BDS
Jeremiah 13 in the BEV
Jeremiah 13 in the BHAD
Jeremiah 13 in the BIB
Jeremiah 13 in the BLPT
Jeremiah 13 in the BNT
Jeremiah 13 in the BNTABOOT
Jeremiah 13 in the BNTLV
Jeremiah 13 in the BOATCB
Jeremiah 13 in the BOATCB2
Jeremiah 13 in the BOBCV
Jeremiah 13 in the BOCNT
Jeremiah 13 in the BOECS
Jeremiah 13 in the BOGWICC
Jeremiah 13 in the BOHCB
Jeremiah 13 in the BOHCV
Jeremiah 13 in the BOHLNT
Jeremiah 13 in the BOHNTLTAL
Jeremiah 13 in the BOICB
Jeremiah 13 in the BOILNTAP
Jeremiah 13 in the BOITCV
Jeremiah 13 in the BOKCV
Jeremiah 13 in the BOKCV2
Jeremiah 13 in the BOKHWOG
Jeremiah 13 in the BOKSSV
Jeremiah 13 in the BOLCB
Jeremiah 13 in the BOLCB2
Jeremiah 13 in the BOMCV
Jeremiah 13 in the BONAV
Jeremiah 13 in the BONCB
Jeremiah 13 in the BONLT
Jeremiah 13 in the BONUT2
Jeremiah 13 in the BOPLNT
Jeremiah 13 in the BOSCB
Jeremiah 13 in the BOSNC
Jeremiah 13 in the BOTLNT
Jeremiah 13 in the BOVCB
Jeremiah 13 in the BOYCB
Jeremiah 13 in the BPBB
Jeremiah 13 in the BPH
Jeremiah 13 in the BSB
Jeremiah 13 in the CCB
Jeremiah 13 in the CUV
Jeremiah 13 in the CUVS
Jeremiah 13 in the DBT
Jeremiah 13 in the DGDNT
Jeremiah 13 in the DHNT
Jeremiah 13 in the DNT
Jeremiah 13 in the ELBE
Jeremiah 13 in the EMTV
Jeremiah 13 in the ESV
Jeremiah 13 in the FBV
Jeremiah 13 in the FEB
Jeremiah 13 in the GGMNT
Jeremiah 13 in the GNT
Jeremiah 13 in the HARY
Jeremiah 13 in the HNT
Jeremiah 13 in the IRVB
Jeremiah 13 in the IRVG
Jeremiah 13 in the IRVH
Jeremiah 13 in the IRVK
Jeremiah 13 in the IRVM
Jeremiah 13 in the IRVM2
Jeremiah 13 in the IRVO
Jeremiah 13 in the IRVP
Jeremiah 13 in the IRVT
Jeremiah 13 in the IRVT2
Jeremiah 13 in the IRVU
Jeremiah 13 in the ISVN
Jeremiah 13 in the JSNT
Jeremiah 13 in the KAPI
Jeremiah 13 in the KBT1ETNIK
Jeremiah 13 in the KBV
Jeremiah 13 in the KJV
Jeremiah 13 in the KNFD
Jeremiah 13 in the LBA
Jeremiah 13 in the LBLA
Jeremiah 13 in the LNT
Jeremiah 13 in the LSV
Jeremiah 13 in the MAAL
Jeremiah 13 in the MBV
Jeremiah 13 in the MBV2
Jeremiah 13 in the MHNT
Jeremiah 13 in the MKNFD
Jeremiah 13 in the MNG
Jeremiah 13 in the MNT
Jeremiah 13 in the MNT2
Jeremiah 13 in the MRS1T
Jeremiah 13 in the NAA
Jeremiah 13 in the NASB
Jeremiah 13 in the NBLA
Jeremiah 13 in the NBS
Jeremiah 13 in the NBVTP
Jeremiah 13 in the NET2
Jeremiah 13 in the NIV11
Jeremiah 13 in the NNT
Jeremiah 13 in the NNT2
Jeremiah 13 in the NNT3
Jeremiah 13 in the PDDPT
Jeremiah 13 in the PFNT
Jeremiah 13 in the RMNT
Jeremiah 13 in the SBIAS
Jeremiah 13 in the SBIBS
Jeremiah 13 in the SBIBS2
Jeremiah 13 in the SBICS
Jeremiah 13 in the SBIDS
Jeremiah 13 in the SBIGS
Jeremiah 13 in the SBIHS
Jeremiah 13 in the SBIIS
Jeremiah 13 in the SBIIS2
Jeremiah 13 in the SBIIS3
Jeremiah 13 in the SBIKS
Jeremiah 13 in the SBIKS2
Jeremiah 13 in the SBIMS
Jeremiah 13 in the SBIOS
Jeremiah 13 in the SBIPS
Jeremiah 13 in the SBISS
Jeremiah 13 in the SBITS
Jeremiah 13 in the SBITS2
Jeremiah 13 in the SBITS3
Jeremiah 13 in the SBITS4
Jeremiah 13 in the SBIUS
Jeremiah 13 in the SBIVS
Jeremiah 13 in the SBT
Jeremiah 13 in the SBT1E
Jeremiah 13 in the SCHL
Jeremiah 13 in the SNT
Jeremiah 13 in the SUSU
Jeremiah 13 in the SUSU2
Jeremiah 13 in the SYNO
Jeremiah 13 in the TBIAOTANT
Jeremiah 13 in the TBT1E
Jeremiah 13 in the TBT1E2
Jeremiah 13 in the TFTIP
Jeremiah 13 in the TFTU
Jeremiah 13 in the TGNTATF3T
Jeremiah 13 in the THAI
Jeremiah 13 in the TNFD
Jeremiah 13 in the TNT
Jeremiah 13 in the TNTIK
Jeremiah 13 in the TNTIL
Jeremiah 13 in the TNTIN
Jeremiah 13 in the TNTIP
Jeremiah 13 in the TNTIZ
Jeremiah 13 in the TOMA
Jeremiah 13 in the TTENT
Jeremiah 13 in the UBG
Jeremiah 13 in the UGV
Jeremiah 13 in the UGV2
Jeremiah 13 in the UGV3
Jeremiah 13 in the VBL
Jeremiah 13 in the VDCC
Jeremiah 13 in the YALU
Jeremiah 13 in the YAPE
Jeremiah 13 in the YBVTP
Jeremiah 13 in the ZBP