Psalms 11 (IRVA)
1 মই যিহোৱাতে আশ্ৰয় লৈছোঁ।তোমালোকে কেনেকৈ মোক ক’ব পাৰা,“পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?” 2 কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণেদুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে,তেওঁলোকে তাত কাঁড় লগাইছে। 3 যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়,তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব? 4 কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে;তেওঁৰ সিংহাসন স্বর্গতে আছে।তেওঁ মানুহলৈ চাই থাকে,তেওঁৰ চকুৱে মানুহক পৰীক্ষা কৰে। 5 যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে;কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে। 6 তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব;তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব। 7 যিহোৱা ধাৰ্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়;সৎ লোকে তেওঁৰ মুখ দেখা পাব।