Jeremiah 49 (IRVA)

1 অম্মোনৰ সন্তানসকলৰ বিষয়। যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ জানো পুত্ৰ নাই? তেওঁৰ উত্তৰাধিকাৰী জানো কোনো নাই? তেন্তে মিল্কমৰ মূর্তিৰ পূজা কৰাসকলে কিয় গাদক অধিকাৰ কৰিছে? আৰু তাৰ প্ৰজাবিলাকে কিয় গাদৰ নগৰবোৰত বাস কৰিছে? 2 এই নিমিত্তে, যিহোৱাই কৈছে, চোৱা, যিদিনা মই অম্মোনৰ সন্তানসকলৰ ৰব্বাৰ বিৰুদ্ধে যুদ্ধৰ ধ্বনি শুনাম, এনে দিন আহিছে; সেয়ে ভগ্নৰাশি হ’ব, আৰু তাৰ উপনগৰবোৰ জুইৰে পোৰা যাব; তেতিয়া যিহোৱাই কৈছে, ইস্ৰায়েলক অধিকাৰ কৰা-বিলাকক ইস্ৰায়েলে অধিকাৰ কৰিব। 3 হে হিচবোন, হাহাকাৰ কৰা, কিয়নো অয়ক বিনষ্ট কৰা হ’ল; হে ৰব্বাৰ জীয়াৰীবিলাক, চিঞৰি কান্দা, চট পিন্ধা, বিলাপ কৰি গড়ৰ কাষে কাষে ইফালে সিফালে লৰি ফুৰা; কিয়নো মিল্কম, তাৰ পুৰোহিতবিলাক, আৰু তাৰ প্ৰধান লোক-বিলাক একেলগে বন্দী অৱস্থালৈ যাব। 4 মোৰ ওচৰলৈ কোন আহিব পাৰে বুলি কৈ নিজ ধনত ভাৰসা কৰোঁতা হে বিপথগামিনী জীয়াৰী, তোমাৰ উপত্যকাবোৰত, তোমাৰ ৰক্তপ্ৰবাহী উপত্যকাটিত কিয় গৌৰৱ কৰিছা? 5 বাহিনীসকলৰ প্ৰভু যিহোৱাই কৈছে চোৱা, মই তোমাৰ চাৰিওফালে থকা আটাইৰে পৰা তোমালৈ ভয় উপস্থিত কৰিম; তোমালোক প্ৰতিজনক পোনে পোনে খেদাই দিয়া হ’ব আৰু পলৰীয়াক গোটাবলৈ কোনো নহ’ব। 6 কিন্তু, যিহোৱাই কৈছে, পাছত মই অম্মোনৰ সন্তানসকলৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম। 7 ইদোমৰ বিষয়। বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তৈমনত জানো আৰু জ্ঞান নাই? বুদ্ধিয়কবিলাকৰ পৰা জানো পৰামৰ্শ লোপ পালে? তেওঁবিলাকৰ জ্ঞান জানো নাইকিয়া হ’ল? 8 হে দদান-নিবাসীবিলাক, তোমালোক পলোৱা মুখ ঘূৰাই গভীৰ ঠাইত সোমাই বাস কৰা; কিয়নো মই এচৌৰ ওপৰলৈ তাৰ আপদ আৰু দণ্ড তাক দিয়াৰ সময় আনিম। 9 তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চপাওঁতাবিলাক আহিলে, সিহঁতে কিছু দ্ৰাক্ষাগুটি অৱশিষ্ট নাৰাখিব নে? ৰাতি চোৰ আহিলে, সিহঁতে প্ৰয়োজন মতে চুৰ কৰি ক্ষান্ত নহ’ব নে? 10 কিন্তু মই হ’লে এচৌক শূণ্য কৰিলোঁ আৰু তাৰ গোপনীয় ঠাইবোৰ মুকলি কৰিলোঁ, সি লুকাই থাকিব নোৱাৰিব; তাৰ বংশ, ভায়েকবিলাক আৰু ওচৰ-চুবুৰীয়াৰ বিনষ্ট হ’ল, আৰু সি লোপ পালে। 11 তোমাৰ পিতৃহীন সন্তানসকলক এৰা, ময়েই সিহঁতক জীয়াই ৰাখিম; আৰু তোমাৰ বিধৱাবিলাকে মোত ভাৰসা কৰক। 12 কিয়নো যিহোৱাই এই কথা কৈছে, চোৱা, পাত্ৰত পান কৰা যিবিলাকৰ স্বত্ব নাই, তেওঁবিলাকেই অৱশ্যে পান কৰিব; তেন্তে তুমি জানো সমূলি দণ্ড পাব নলগা লোক? তুমি দণ্ড নোপোৱাকৈ নাথাকিবা, তুমি অৱশ্যে পান কৰিবা। 13 কিয়নো যিহোৱাই কৈছে, মই মোৰ নাম লৈ এই শপত খাই কৈছোঁ যে, বস্ৰা আচৰিতৰ, ধিক্কাৰৰ, ধ্বংসৰ আৰু শাওৰ বিষয় হ’ব, আৰু তাৰ আটাই নগৰ চিৰকলীয়া ধ্বংসস্থান হ’ব। 14 মই যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু জাতিবিলাকৰ মাজলৈ এজন দূত পঠোৱা হ’ল, “তোমালোকে একেলগে গোট খাই তাৰ বিৰুদ্ধে যাত্ৰা কৰা, আৰু যুদ্ধ কৰিবৰ অৰ্থে উঠা”। 15 কিয়নো, চোৱা, মই তোমাক জাতিবিলাকৰ মাজত সৰু, আৰু মানুহৰ মাজত নীহ কৰিলোঁ। 16 হে শিলৰ খোৰোঙত বাস কৰা জন, হে পৰ্ব্বতৰ উচ্ছস্থানত থকা জন, তোমাৰ ভয়ানকতাৰ বিষয়ে হ’লে, তোমাৰ মনৰ অহঙ্কাৰে তোমাক প্ৰবঞ্চনা কৰিলে; যিহোৱাই কৈছে, তুমি কুৰৰ পখীৰ নিচিনাকৈ ওখত তোমাৰ বাহ সাজিলেও, মই তাৰ পৰা তোমাক নমাই আনিম। 17 ইদোম বিস্ময়ৰ বিষয় হ’ব; তাৰ ওচৰেদি অহা-যোৱা কৰা প্ৰতিজনে বিস্ময় মানিব আৰু তালৈ ঘটা আটাই উৎপাত দেখি ইচ ইচ কৰিব। 18 যিহোৱাই কৈছে, চদোম, ঘমোৰা, আৰু তাৰ ওচৰৰ নগৰ কেইখন নষ্ট হোৱাৰ সময়ৰ নিচিনাকৈ কোনো মানুহে তাত বাস নকৰিব, কোনো মানুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব। 19 চোৱা, যৰ্দ্দনৰ শোভাস্থানৰ পৰা সিংহ উঠি অহাৰ নিচিনাকৈ তেওঁ চিৰস্থায়ী চৰণীয়া ঠাইৰ বিৰুদ্ধে আহিব; কিন্তু মই চকুৰ পচাৰতে তেওঁক তাৰ পৰা লৰুৱাম আৰু মই তাৰ ওপৰত মোৰ মনোনীত জনক নিযুক্ত কৰিম; কাৰণ মোৰ নিচিনা কোন আছে? আৰু মোৰ নিমিত্তে কোনে সময় নিৰূপণ কৰিব? আৰু মোৰ আগত তিষ্ঠিব পৰা কোন ৰখীয়া আছে? 20 এই হেতুকে, যিহোৱাই ইদোমৰ বিৰুদ্ধে কৰা মন্ত্ৰণা, আৰু তৈমন-নিবাসীবিলাকৰ অহিতে কৰা অভিপ্ৰায়বোৰ তোমালোকে শুনা; অৱশ্যে জাকৰ সৰুবোৰেও সিহঁতক টানি লৈ যাব, অৱশ্যে সিহঁতৰ চৰণীয়া ঠায়ে সিহঁতৰ বিষয়ে বিস্ময় মানিব। 21 সিহঁতৰ পতনৰ শব্দত পৃথিৱী কঁপিছে; সিহঁতৰ চিঞৰৰ শব্দ চূফ সাগৰলৈকে শুনা গৈছে। 22 চোৱা, তেওঁ কুৰৰ পখীৰ নিচিনাকৈ উড়ি আহিব, আৰু বস্ৰাৰ অহিতে নিজ ডেউকা মেলিব, আৰু সেই দিনা ইদোমৰ বীৰবিলাকৰ হৃদয় প্ৰসৱবেদনা পোৱা তিৰোতাৰ হৃদয়ৰ নিচিনা হ’ব। 23 দম্মেচকৰ বিষয়। হমাৎ আৰু অৰ্পদে লাজ পালে; কিয়নো সিহঁতে অমঙ্গলৰ বাৰ্ত্তা শুনি দ্ৰৱ হৈ গৈছে; সাগৰ খনত শোক দেখা গৈছে, সেয়ে স্থিৰ হ’ব নোৱাৰে। 24 দম্মেচক দুৰ্ব্বল হৈ পৰিল, সি পলাবলৈ ঘূৰিল আৰু কম্পনে তাক ধৰিলে, প্ৰসৱকাৰিনী তিৰোতাৰ নিচিনাকৈ যাতনা আৰু বেদনাই তাক আক্ৰমণ কৰিলে। 25 প্ৰশংসাৰ নগৰ, মোৰ আনন্দৰ নগৰ কিয় পৰিত্যক্ত নহ’ল? 26 এতেকে, বাহিনীসকলৰ যিহোৱাই কৈছে, তাৰ ডেকাবিলাক তাৰ চকবোৰত পতিত হ’ব, আৰু আটাই যুদ্ধাৰুবিলাকক সেই দিনা নিস্তব্ধ কৰা হ’ব। 27 আৰু মই দম্মেচকৰ গড়ৰ ভিতৰত জুই লগাম; সেয়ে বিন-হদদৰ অট্টালিকাবোৰ গ্ৰাস কৰিব। 28 বাবিলৰ ৰজা নবূখদনেচৰে প্ৰহাৰ কৰা কেদৰৰ আৰু হাচোৰীয়া ৰাজ্যবোৰৰ বিষয়। যিহোৱাই এই কথা কৈছে, তোমালোকে উঠি কেদৰলৈ যোৱা, আৰু পূৱদেশীয় সন্তানসকলক বিনষ্ট কৰা। 29 শত্ৰুৱে সিহঁতৰ তম্বু আৰু পশুৰ জাকবোৰ লৈ যাব, আৰু সিহঁতৰ আঁৰ কাপোৰ আদি আটাই বস্তু আৰু উটবোৰ নিজৰ নিমিত্তে নিব, আৰু সিহঁতে শত্ৰুৰ কাৰণে চিঞৰিব, সকলো ফালে ত্ৰাস। 30 যিহোৱাই কৈছে, হে হাচোৰনিবাসীবিলাক, পলোৱা, দূৰলৈ ভ্ৰমণ কৰি গভীৰ ঠাইত বাস কৰা; কিয়নো বাবিলৰ ৰজা নবূখদনেচৰে তোমালোকৰ অহিতে মন্ত্ৰণা কৰিলে, আৰু তোমালোকৰ অহিতে কল্পনা স্থিৰ কৰিলে। 31 যিহোৱাই কৈছে, তোমালোক উঠা, নিৰ্ভয়ে আৰু নিশ্চিন্তে বাস কৰা, আৰু দুৱাৰ কি ডাং নথকা অকলেই বাস কৰা এটি জাতিৰ বিৰুদ্ধে তোমালোকে যাত্ৰা কৰা। 32 সিহঁতৰ উটবোৰ চিকাৰৰ বস্তু যেন হ’ব, আৰু সিহঁতৰ পশুসমূহ লুট দ্ৰব্য হ’ব। আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা আটাইবোৰকে মই সকলো ফালে বায়ুত উড়ুৱাই দিম; আৰু যিহোৱাই কৈছে, মই সিহঁতৰ সকলো ফালৰ পৰা সিহঁতলৈ আপদ আনিম। 33 হাচোৰ শিয়ালৰ বাসস্থান, চিৰকলীয়া ধ্বংস স্থান হ’ব; তাত কোনো মানুহ নাথাকিব, নাইবা কোনো মনুষ্য-সন্তানে তাৰ মাজত প্ৰবাস নকৰিব। 34 যিহূদাৰ ৰজা চিদিকিয়াৰ ৰাজত্বৰ আৰম্ভণত এলমৰ বিষয়ে যিৰিমিয়া ভাববাদীলৈ অহা যিহোৱাৰ বাক্য। 35 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, চোৱা, মই শক্তিৰ প্ৰধান অস্ত্ৰ এলমৰ ধনু ভাঙি পেলাম। 36 আৰু আকাশৰ চাৰি দিশৰ পৰা চাৰি বায়ু মই এলমৰ ওপৰলৈ বলোৱাম, আৰু সেই সকলো বায়ুত মই সিহঁতক উড়ুৱাই দিম; দূৰীকৃত এলমীয়াবিলাক যি জাতিৰ ওচৰলৈ নাযাব, এনে কোনো জাতি নহ’ব। 37 আৰু এলমৰ শত্ৰুবোৰৰ আগত, আৰু সিহঁতৰ প্ৰাণ বিচৰাবোৰৰ আগত মই সিহঁতক ব্যাকুল কৰিম; আৰু যিহোৱাই কৈছে মই সিহঁতৰ ওপৰলৈ অমঙ্গল, এনেকি মোৰ প্ৰচণ্ড ক্ৰোধ উপস্থিত কৰিম; আৰু সিহঁতক সংহাৰ নকৰালৈকে সিহঁতৰ পাছে পাছে মই তৰোৱাল পঠাম। 38 যিহোৱাই আৰু কৈছে, মই এলমত নিজ সিংহাসন স্থাপন কৰিম, আৰু তাৰ পৰা দণ্ডাজ্ঞা দি, ৰজা আৰু প্ৰধান লোকবিলাকক উচ্ছন্ন কৰিম। 39 কিন্তু, যিহোৱাই কৈছে, শেষকালত মই এলমৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।

In Other Versions

Jeremiah 49 in the ANGEFD

Jeremiah 49 in the ANTPNG2D

Jeremiah 49 in the AS21

Jeremiah 49 in the BAGH

Jeremiah 49 in the BBPNG

Jeremiah 49 in the BBT1E

Jeremiah 49 in the BDS

Jeremiah 49 in the BEV

Jeremiah 49 in the BHAD

Jeremiah 49 in the BIB

Jeremiah 49 in the BLPT

Jeremiah 49 in the BNT

Jeremiah 49 in the BNTABOOT

Jeremiah 49 in the BNTLV

Jeremiah 49 in the BOATCB

Jeremiah 49 in the BOATCB2

Jeremiah 49 in the BOBCV

Jeremiah 49 in the BOCNT

Jeremiah 49 in the BOECS

Jeremiah 49 in the BOGWICC

Jeremiah 49 in the BOHCB

Jeremiah 49 in the BOHCV

Jeremiah 49 in the BOHLNT

Jeremiah 49 in the BOHNTLTAL

Jeremiah 49 in the BOICB

Jeremiah 49 in the BOILNTAP

Jeremiah 49 in the BOITCV

Jeremiah 49 in the BOKCV

Jeremiah 49 in the BOKCV2

Jeremiah 49 in the BOKHWOG

Jeremiah 49 in the BOKSSV

Jeremiah 49 in the BOLCB

Jeremiah 49 in the BOLCB2

Jeremiah 49 in the BOMCV

Jeremiah 49 in the BONAV

Jeremiah 49 in the BONCB

Jeremiah 49 in the BONLT

Jeremiah 49 in the BONUT2

Jeremiah 49 in the BOPLNT

Jeremiah 49 in the BOSCB

Jeremiah 49 in the BOSNC

Jeremiah 49 in the BOTLNT

Jeremiah 49 in the BOVCB

Jeremiah 49 in the BOYCB

Jeremiah 49 in the BPBB

Jeremiah 49 in the BPH

Jeremiah 49 in the BSB

Jeremiah 49 in the CCB

Jeremiah 49 in the CUV

Jeremiah 49 in the CUVS

Jeremiah 49 in the DBT

Jeremiah 49 in the DGDNT

Jeremiah 49 in the DHNT

Jeremiah 49 in the DNT

Jeremiah 49 in the ELBE

Jeremiah 49 in the EMTV

Jeremiah 49 in the ESV

Jeremiah 49 in the FBV

Jeremiah 49 in the FEB

Jeremiah 49 in the GGMNT

Jeremiah 49 in the GNT

Jeremiah 49 in the HARY

Jeremiah 49 in the HNT

Jeremiah 49 in the IRVB

Jeremiah 49 in the IRVG

Jeremiah 49 in the IRVH

Jeremiah 49 in the IRVK

Jeremiah 49 in the IRVM

Jeremiah 49 in the IRVM2

Jeremiah 49 in the IRVO

Jeremiah 49 in the IRVP

Jeremiah 49 in the IRVT

Jeremiah 49 in the IRVT2

Jeremiah 49 in the IRVU

Jeremiah 49 in the ISVN

Jeremiah 49 in the JSNT

Jeremiah 49 in the KAPI

Jeremiah 49 in the KBT1ETNIK

Jeremiah 49 in the KBV

Jeremiah 49 in the KJV

Jeremiah 49 in the KNFD

Jeremiah 49 in the LBA

Jeremiah 49 in the LBLA

Jeremiah 49 in the LNT

Jeremiah 49 in the LSV

Jeremiah 49 in the MAAL

Jeremiah 49 in the MBV

Jeremiah 49 in the MBV2

Jeremiah 49 in the MHNT

Jeremiah 49 in the MKNFD

Jeremiah 49 in the MNG

Jeremiah 49 in the MNT

Jeremiah 49 in the MNT2

Jeremiah 49 in the MRS1T

Jeremiah 49 in the NAA

Jeremiah 49 in the NASB

Jeremiah 49 in the NBLA

Jeremiah 49 in the NBS

Jeremiah 49 in the NBVTP

Jeremiah 49 in the NET2

Jeremiah 49 in the NIV11

Jeremiah 49 in the NNT

Jeremiah 49 in the NNT2

Jeremiah 49 in the NNT3

Jeremiah 49 in the PDDPT

Jeremiah 49 in the PFNT

Jeremiah 49 in the RMNT

Jeremiah 49 in the SBIAS

Jeremiah 49 in the SBIBS

Jeremiah 49 in the SBIBS2

Jeremiah 49 in the SBICS

Jeremiah 49 in the SBIDS

Jeremiah 49 in the SBIGS

Jeremiah 49 in the SBIHS

Jeremiah 49 in the SBIIS

Jeremiah 49 in the SBIIS2

Jeremiah 49 in the SBIIS3

Jeremiah 49 in the SBIKS

Jeremiah 49 in the SBIKS2

Jeremiah 49 in the SBIMS

Jeremiah 49 in the SBIOS

Jeremiah 49 in the SBIPS

Jeremiah 49 in the SBISS

Jeremiah 49 in the SBITS

Jeremiah 49 in the SBITS2

Jeremiah 49 in the SBITS3

Jeremiah 49 in the SBITS4

Jeremiah 49 in the SBIUS

Jeremiah 49 in the SBIVS

Jeremiah 49 in the SBT

Jeremiah 49 in the SBT1E

Jeremiah 49 in the SCHL

Jeremiah 49 in the SNT

Jeremiah 49 in the SUSU

Jeremiah 49 in the SUSU2

Jeremiah 49 in the SYNO

Jeremiah 49 in the TBIAOTANT

Jeremiah 49 in the TBT1E

Jeremiah 49 in the TBT1E2

Jeremiah 49 in the TFTIP

Jeremiah 49 in the TFTU

Jeremiah 49 in the TGNTATF3T

Jeremiah 49 in the THAI

Jeremiah 49 in the TNFD

Jeremiah 49 in the TNT

Jeremiah 49 in the TNTIK

Jeremiah 49 in the TNTIL

Jeremiah 49 in the TNTIN

Jeremiah 49 in the TNTIP

Jeremiah 49 in the TNTIZ

Jeremiah 49 in the TOMA

Jeremiah 49 in the TTENT

Jeremiah 49 in the UBG

Jeremiah 49 in the UGV

Jeremiah 49 in the UGV2

Jeremiah 49 in the UGV3

Jeremiah 49 in the VBL

Jeremiah 49 in the VDCC

Jeremiah 49 in the YALU

Jeremiah 49 in the YAPE

Jeremiah 49 in the YBVTP

Jeremiah 49 in the ZBP